ফটালিমাৰিক-ধনজিৎ বৰুৱা
(১)
অহেতুক ভয় খাইছিলোঁ চন দুহেজাৰ বাৰত
যদি পৃথিৱী ডুবে পানীত ওলামগৈ নে পাৰত
টিকটৰ যিহে দাম
আমিবোৰে ক’ত পাম
মিছাতে থকা দিনকেইটা পৰি ৰ’ম ধাৰত।
(২)
টেঙা তেতেলীৰ বাকলিত হিৰৌ হিৰৌইন
এডবোৰত আমি পাগল তাতেই পাওঁ চিন
ডম্বৰুৰ মাতত বৰফ চানপাপৰি
পপিনচ মেংগ’বাইট বগৰীগুড়ি
নাপাওঁ আৰু সেই নব্বৈ দশকৰ দিন
☆ ★ ☆ ★ ☆
8:46 pm
বঢ়িয়া৷