ফটাঢোল

ফটাপ্ৰশ্ন আৰু ফটহুকাইৰ উত্তৰ

১। নিতাশ্ৰী নেওগ- 

আই হেভ এ গভীৰ প্ৰশ্ন, পইচাৰ এজোপা গছ থকা হ’লে সেই গছজোপা মানুহে কিহেৰে কিনিলেহেঁতেন ?

উত্তৰঃ- কোনেও নিকিনিলেহেঁতেন, গছৰ পাতৰ দৰে উৱদানিকৈ পোৱা বস্তু কোনেও নিকিনে।

২।  অজান অনুভৱ বৰা-

এইযে বিয়াৰ সময়ত কইনাজনীক বিউটিছিয়ান আনি অপ্সৰাৰ দৰে সজাই থোৱাৰ পৰিৱৰ্তে দৰাটোক যে কলীয়া কৰি থয়, এয়া বাৰু পুৰুষৰ প্ৰতি অপমান নহয় নে ?

উত্তৰঃ- নহয়। আচলতে পুৰুষজনক এটা শিক্ষা দিয়া হয়, যে আজিৰ পৰা বেটা তই নিজৰ কথা পাহৰি, পত্নীৰ বাবেই সকলো ধন টকা পইচা খৰছ কৰিব লাগিব।

৩। দিম্পল কলিতা

মই ভাবিছোঁ যে মই বিয়া নকৰাওঁ, বিয়া হ’মহে, গতিকে বিয়াৰ দিনা মই বাৰু ধুতি পিন্ধিম নে পাটৰ সাজ পিন্ধি উৰণী ল’ম ?

উত্তৰঃ- যিগৰাকীলৈ বিয়া হোৱাৰ মন, তেওঁ‌ৰ মন পচন্দৰ পিন্ধিলেই হ’ল।

 ৪। উপাসনা শিৱম

 বৰফৰ গলনাংক যদি শূন্য ডিগ্রী চেলচিয়াচ। হৃদয় গলিবলৈ কিমান ডিগ্রী উষ্ণতাৰ প্ৰয়োজন? 

উত্তৰঃ- দুচকুৰ উষ্ণতা, যাক চেলচিয়াছত জুখিব নোৱাৰি।

 ৫। চিদানন্দ বৰা

এই যে কয় কুকুৰে কাঁইট নোখোৱা অৱস্থা কৰা বুলি, কুকুৰে ছাগলী নোখোৱা অৱস্থা কৰাৰ কিবা ব্যৱস্থা আছে নেকি?

উত্তৰঃ- আছে, পিছে নিয়মটো অলপ ভিতৰপকীয়া, সমজুৱাকৈ কব নোৱাৰি।

৬। ভাস্কৰজ্যোতি দাস

কোন ড্ৰাইভাৰক লাইচেন্স নালাগে?

উত্তৰঃ- স্ক্ৰু ড্ৰাইভাৰ আৰু ইলেক্ট্ৰিক স্কুটি ড্ৰাইভাৰক।

৭। ভাস্কৰজ্যোতি দা

যদি আপোনাৰ কোঠাত মম, লেম্প আৰু চাকি তিনিওটাই আছে তেন্তে প্ৰথমে কোনটো জ্বলাব?

উত্তৰঃ – এইকেইটাৰ একো নজ্বলাও যদিহে দিনৰ কথা হয়। যদি ৰাতি হয় তেনে প্ৰথমতে মোবাইল টৰ্চটো জ্বলাই চাৰ্জ লাইটটো জ্বলাম। চাৰ্জ লাইটৰ পোহৰত চুইছ বৰ্ডখন বিচাৰি ৰূমটোৰ সৱ লাইট জ্বলাম। তাৰ পাছত সেই লাইটৰ পোহৰত জুইশলাটো বিছাৰি, সেইটো জ্বলাম প্ৰথমতে।

☆★☆★☆

One comment

  • ডলী

    প্ৰশ্ন চাই উত্তৰ। সুন্দৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *