ফটাঢোল

সাহিত্য সভাৰ ভূত-ৰাস্না বৰা

আজিকালি সাহিত্য প্ৰেমত হাবুদাবু খাই একেবাৰে কাহিল শইকীয়ানী। সাহিত্য সভাৰ বিষয়ববীয়া হোৱাৰ মৰ খক এটাই লভিছে মানুহজনীক। এনেয়ে দুই চাৰিটা গল্প-কবিতা তেওঁ নিলিখা নহয়। লাইক কমেণ্টো পাই সৰহকৈয়ে পিছে সেইবোৰ এপাচি শাকত এটা জালুকৰ লেখীয়াহে। এইকেইদিন লগৰ কেইজনীমানে উচটাই আছে বোলে উপন্যাস এখন লিখক, মানুহজনৰ টকা-পইচা আছেই যেতিয়া প্ৰকাশ কৰিবলৈ দিগদাৰেই নাই। হয়তো, ভাবি চাব পাৰি। কাজেই এক পেকেট এ ফৰ চাইজৰ কাগজ আৰু এক ডজন জেল পেন আনি লিখিবলৈ বহিল পিছে কেইশাৰীমান লিখিয়েই মনঃপুত নোহোৱাত কাটিকুটি আকৌ নতুন পাত এখিলাত আৰম্ভ। কিন্তু মনলৈ ভাল প্লট নাহেইচোন। এইদৰেই এসপ্তাহমানত ফটা কাগজৰ দম হ’লগৈ কামত নাহিল। লগৰজনীয়ে বোলে অলপ ফুৰি-চাকি আহিলে ধুনীয়া ধুনীয়া প্লট পাই যাবি। কথামতেই কাম। 

ইমাৰজেন্সি টিকেট কাটি পুৰীৰ সাগৰৰ পাৰ, নানান ধুনীয়া ধুনীয়া পৰ্যটন ক্ষেত্ৰ, কলিকতাৰ ভিক্টোৰিয়া হল, কালীঘাট, বেলুৰ মঠৰ শান্ত পৰিবেশ লগতে ঘোঁৰা বাগীতো উঠি কিমান যে ঠাই ঘূৰিলে অন্ত নাই। দিল খুচ হৈ গল। এইবাৰ উপন্যাস পেইডা হ’বই হ’ব। বিশেষকৈ ছিলকা হ্ৰদত নৌকা বিহাৰ কৰি থাকোঁতে প্ৰকৃতিৰ বিনন্দীয়া ৰূপত কাহিনী একেবাৰে চপচপীয়া হৈ পাৰ ভাঙি পৰিছিল। মণি-মুকুতাৰ বেপাৰী, নাৱৰীয়া কিমান যে চৰিত্ৰৰ অগাদেৱা চকুৰ আগত। ধেৎটেৰি মণি-মুকুতা কিনাৰ ধান্দাত সিহঁতৰ জীৱন কাহিনী বিচৰাই নহ’ল নহয়। বাদ দে নিজে নিজে কিবাকিবি লগাই দিলেই হ’ল।

ঘৰলৈ ঘূৰি আহি কিছুদিন উৰিষ্যা, কলকাতাত কৰা বজাৰৰ কাপোৰ-কানি মণি-মুকুতা নিজৰ মানুহ বন্ধু-বান্ধৱীক বিলাই থাকোঁতেই এসপ্তাহৰ ওপৰ গ’ল। নাই নহ’ব, লিখিবলৈ আৰম্ভ কৰাই ভাল। এইবাৰ কাগজ-কলম বাদ দি মোবাইলৰ নোট পেদত লিখিবলৈ ল’লে। লিখে দিলিত কৰে। এইদৰে অকণমান আগবাঢ়িছিলহে এনেতে আহিল এজন বোলে খুৰীদেউ এই বয়সত মোবাইলত লিখি চকু বেয়া কৰিব খুজিছে নেকি? উপন্যাস লিখা কৰিছে যদি লেপটপ এটা লৈ লওক। ময়েই আহি শিকাই দিম নহয় চলাবলৈ। শইকীয়ানীয়ে বোলে কথাটো হয়েইচোন। পিছে ফুৰি চাকি আহি ইমানবোৰ টকা খৰচ কৰি মানুহটোক লেপটপৰ কথা কেনেকৈ কয় এইটো চিন্তাতে উপন্যাসৰ কাহিনী পলাই ফাট মাৰিলে। দিনে-নিশাই মানুহজনক কাণ গেলাই দিছে কিন্তু তেওঁৰ জনা আছে নিজৰ ইমান বছৰৰ সহধৰ্মীনিক। মানুহজনীয়ে যে এটা কামত একেৰাহে লাগি থকাৰ ধৈৰ্য নাই তেওঁ জানে। গতিকে এইবাৰ লেপটপৰ নামত পইচা খৰছ কৰাত নাই। কিন্তু মানুহজনীৰ ৰাতি দিন এটাই চিন্তা। খাৱন-শুৱন নাইকীয়া একেবাৰে।

কিছুদিন যোৱাৰ পাছত কামত দিলে। গিৰীয়েকে অতীষ্ঠ হৈয়েই হওক বা মৰমতেই হওক ভাল কোম্পেনীৰ লেপটপ এটা আনি দিলে। ইমান যে ফূৰ্তি। খুলিয়েই কী পেদত হাত দি খটখটকৈ লিখিবলৈ আৰম্ভ কৰিলেই নহয়। এনেতে মানুহজন ধমধমাই  উঠিল বোলে পগলা হ’লি নেকি এই মাজ ৰাতিখন যে মোৰ টপা মূৰটোত এইদৰে খটখটকৈ চৰায়ে খুটিয়া দি যে খুটিয়াই আছ। কাইলৈৰ পৰা মই ড্ৰয়িং ৰূমৰ চোফাতে শুম, নোৱাৰি আৰু এই মূৰ্খ চবৰ পৰা, ৰহ! কালিলৈ মই তোৰ সাহিত্য সভাৰ ভূত খেদিম। চকুকেইটা মোহাৰি মানুহজনীয়ে বোলে ধেৎটেৰি মানে এইটো লেপটপৰ সপোনহে আছিল।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *