মূল:ফুচকা কাহিনী,লিখক-মানৱ মণ্ডল:ভাবানুবাদ-অঞ্জু মহন্ত
মণ্ডল পাৰাৰ মানৱ বাবু। তেওঁ প্ৰতিটো কথাতে ফুচকাৰ প্ৰসঙ্গ টানি আনে। যেনেকৈ সেইদিনা বটৰ তলত এজনী মহান লেখিকাৰ কবিতাৰ চৰ্চা হৈছিল আৰু মানৱ বাবুৱে কবিতাৰ প্ৰসঙ্গটো ঘূৰাই পকাই আকৌ ফুচকাৰ প্ৰসঙ্গ লৈ আহিল।
মই এদিন তেওঁক অকলে লগ পাই সুধিলোঁ,
: আচ্ছা মানৱদা, সদায়ে আন কথাৰ মাজতো ফুচকাক আনে কিয় কওকচোন? এই ফুচকাৰ লগত
আপোনাৰ সম্পৰ্কটোনো কি?
দাদাই ক’লে,
: মই বাৰে বাৰে ফুচকাৰ কথা কিয় কওঁ জান? এই ফুচকাক লৈ মোৰ জীৱনত এটা বৰ দুখৰ গল্প আছে।
কিছুবছৰৰ আগৰ কথা, তেতিয়া মই মনতে ঠিক কৰি লৈছিলোঁ যে, বিয়া যদি কৰাব লাগে মই বিয়া কৰিম কৰিস্মা কাপুৰক। এই এজনীয়েই নায়িকা যিজনী ডাঙৰ মানুহৰ ঘৰৰ ছোৱালী হৈয়ো চাকৰ-বাকৰ, কুলী আদিৰ দৰে সৰু সৰু মানুহৰ লগত বিয়া পাতে আৰু পৰিকল্পনা মতেই মই এখন ফুচকাৰ দোকান খুলিলোঁ তাইৰ ঘৰৰ সন্মুখত।
এদিন ফ্ৰিতে খুৱালোঁ, কাৰণ প্ৰপোজ কৰিব লাগিব যে। কেইদিনমান পিছত মজা পাই ফ্ৰিতে খুওৱাটো
বন্ধ কৰি দিলোঁ। কিন্তু বিপদে এইখিনিতেই লগ দিলে। কৰিস্মাই এদিন ভনীয়েক কৰিণাক লগত লৈ আহিল। Zero ফিগাৰ মেইনটেইন কৰি তাই ফুচকাতো নাখালেই, ওলোটাই কৰিস্মাৰ ফুচকা খোৱাটোও বন্ধ কৰি দিলে। সেইদিনাই মই তাইক অভিশাপ দিছিলোঁ। সেয়েহে বাপ্পেকে….. দুটাকৈ
ল’ৰা ছোৱালীৰ বাপেক, বুঢ়া দৰা এটা মিলিল তাইৰ আধাপোৰা কপালত।
☆ ★ ☆ ★ ☆
7:08 pm
ভাল লাগিল।