লটিঘটি-ধীৰাজ কুমাৰ বায়ন
হঠাতে কলিং বেলটো টিং টং কৈ বাজি উঠিল। শ্ৰীমতীয়ে লৰালৰিকৈ গৈ দুৱাৰখন খুলি দেখে যে তালুকদাৰদা আহিছে। মিচিকিয়া হাঁহিৰে সম্ভাষণ জনাই ক’লে,
: আহক আহক তালুকদাৰ দা।
তালুকদাৰেও আসন গ্ৰহণ কৰি সুধিলে,
: মাষ্টৰ আছেনে?
: আছে ৰ’ব আপোনাৰ মাষ্টৰ, মাতি দিছোঁ।
শ্ৰীমতীৰ মুখত তালুকদাৰ নামটো শুনি ব্ৰেকফাষ্টৰ অৱশিষ্ট খোৱা বস্তুখিনি একেবাৰতে মুখত সুমুৱাই মুখখন ফুটবলৰ নিচিনাকৈ ফুলাই কোনোমতে চোবাবলৈ চেষ্টা কৰি কৰি মাষ্টৰ আহি ড্ৰইং ৰূম পালেহি। মাষ্টৰক অহা দেখি শ্ৰীমতীয়ে ক’লে,
: দাদা, আপুনি অহাত মই বৰ ৰক্ষা পৰিলোঁ, নহ’লে আজি দেওবাৰ, আপোনাৰ বন্ধুৰতো স্কুল বন্ধ সেয়ে ৰাতিপুৱাৰ পৰায়ে মোক জোকাবলৈ আৰম্ভ কৰিছিল। বাৰু, আপোনালোক দুই বন্ধু কথা পাতক, মই অকণমান ৰান্ধনি ঘৰলৈ যাওঁ।
মাষ্টৰেও বন্ধু তালুকদাৰক কিবা ক’বলৈ ওলাওঁতে উ উ বুলি শব্দহে ওলাল। তালুকদাৰেও হাঁহি হাঁহি- “আগতে মুখৰ খোৱা বস্তুখিনি গিলি লোৱা, নহ’লে গাঁঠি লাগিলে সৰ্বনাশ হ’ব। এনেকৈনো আৰু সৰু ল’ৰা ছোৱালীৰ নিচিনাকৈ মুখত কোনোবাই বস্তু ভৰায় নে”- বুলি কৈ হাঁহিবলৈ ধৰিলে।
: তোমালোকৰ স্কুলত বোলে কোনোবা এজন নতুন কৈ মাষ্টৰ আহিছে, উচ্চাৰণ বিলাক বোলে বেলেগকৈ কৰে। হয় নেকি মাষ্টৰ?
তালুকদাৰে সুধিলে।
: নাজানো দেই। মই ভালদৰে কথায়ে পাতিব পৰা নাই ৰ’বা। পিচে তুমিনো কেনেকৈ জানিলা?
: আমাৰ বাবা প্ৰবিনক বোলে নতুন মাষ্টৰজনে- ফ্ৰবিন বুলি মাতি ‘থোৰ ফেনটো ফাটিছে’- বুলি দেখুৱাই দিছিল। বাবাই চাৰৰ কথা শুনি হাঁহি ৰাখিব নোৱাৰি সুধিছিল,
: চাৰ আপুনি ‘প’ টোক যে ‘ফ’ বুলি কৈছে। ‘ফ’ টোক তেতিয়া হ’লেনো কি বুলি কয়?
তেতিয়া মাষ্টৰজনে ক’লে,
: ফ(প) টো ‘ফ’ য়ে হয় আৰু ‘ফ’ টো ‘ফ’ য়েই। ফ(প) আৰু ফ একে খেনেকে (কেনেকে) হ’ব!
: এ…..কি ক’বাহে বন্ধু। কিছুমানে তেনেকৈয়ে কয় চাগে। কালি আকৌ স্কুলত যিটোহে ঘটনা ঘটিছিল- বুলি ক’বলৈহে পালে লগে লগে তালুকদাৰে সুধিলে,
: কোৱাচোন কোৱা কি ঘটিছিল।
তেতিয়া মাষ্টৰে ক’লে,
: কালি আমাৰ স্কুলত আৰু এগৰাকী নতুন বাইদেৱে জইন কৰিছিল। তেখেতে ক্লাছত গৈ হাজিৰা কৰিবলৈ ধৰাত ছাত্ৰবোৰে ‘উপস্থিত’ বুলি কোৱাৰ মাজতে এজনে উপস্থিত বুলি উচ্চাৰণ কৰিব নোৱাৰি টোটলাই ‘মুকতিত’ বুলি কোৱা শুনিছিল যদিও বাইদেউৱে ল’ৰাটোৰ ফালে চাই মিচিকিয়া হাঁহি এটা মাৰি একো নকৈ হাজিৰা কৰা শেষ কৰিছিল।
বাইদেউৱে প্ৰথম দিন বাবে চিনাকি পৰ্ব আৰম্ভ কৰি- ‘হাই মই নিৰু’- বুলি কৈ ছাত্ৰবোৰকো নাম ক’বলৈ ক’লে।
তেতিয়া ছাত্ৰবোৰেও ক’বলৈ আৰম্ভ কৰিলে, হাই মই গোবিন্দ, হাই মই ৰবেন।
(এইপিনে নন্তে “হ” ক’ব নোৱাৰে। হ টোক “গ” বুলি কয় )
নন্তে ক’লে,
: গাই মই নন্তে।
ল’ৰা ছোৱালীখিনিয়ে নন্তে টোটলে কোৱা কথা শুনি খিলখিলাই হাঁহিবলৈ ধৰিলে।
ল’ৰা ছোৱালীবিলাকৰ হাঁহি শুনি বাইদেউ অলপ লাজ পোৱা যেন অনুভব কৰিলে আৰু বাইদেউৰ খঙে একেবাৰে চুলিৰ আগ পালেগৈ। খঙতে ৰঙা চিঙা পৰি গ’ল। লগে লগে চিঞৰাৰ নিচিনাকৈ ক’লে,
: কি অভদ্ৰ ল’ৰাহে তুমি। মোক তুমি ‘গাই’ বুলি কোৱাৰ সাহস ক’ত পালা?
নন্তেই ক’লে,
: বাইদেউ আপুনি নিজেই দেখোন মোক ‘গাই’ বুলি কৈছে। সেয়ে ময়ো ‘গাই’ বুলি কৈছোঁ।
তোমাক ‘গাই’ বুলি ক’বলৈ কোনে শিকাইছে বুলি বাইদেউৱে চিঞৰি সুধিলে। বেচেৰী বাইদেউৰ খঙতে একেবাৰে চকু পানী ওলাওঁ ওলাওঁ অৱস্থা।
তেতিয়া নন্তেই ক’লে,
: আমাক হেড চাৰে নতুন চাৰ বা বাইদেউ আহিলে ‘গাই’ বুলি কৈ নামটো ক’বলৈ কৈছে, বুলি ক’লে।
এইবাৰ আকৌ বাইদেউৰ হেড চাৰৰ ওপৰতহে আৰু বেছিকৈ খং উঠিল। লগে লগে বাইদেউৰ দুচকুৰে চকুপানী নিগৰিবলৈ ধৰিলেই।
সেইখিনি সময়তে হেড চাৰে নতুন বাইদেউৱে কেনেকৈনো ক্লাছ কৰি আছে চাবলৈ আহিছিল।
হেড চাৰে আকৌ, ‘ক’ ক’ব নোৱাৰে ‘ক’ টোক ‘হ’ বুলি কয়। কিযে এক বিৰম্বনা।
বাইদেউক কান্দি থকা দেখি হেডচাৰে সুধিলে,
: বাইদেউ আপুনি এনেকৈ হাঁহিছে কিয়?
জ্বলা জুইত ঘিঁ ঢলাৰ নিচিনা বাইদেউৰ খঙে চুলিৰ আগ পালেগৈ। ক’তে মৰোঁ বুলি মনতে কৈ বাইদেউৱে খঙতে কিৰমিৰাই উঠি হুক হুকাই চিঞৰি কান্দিবলৈ ধৰিলে।
এইপিনে ওচৰৰ ৰূমৰ পৰা হেড চাৰৰ কথা শুনি ধৰ্মেন্দ্ৰ চাৰে আহি গোটেই ঘটনাটো উপভোগ কৰি মনে মনে হাঁহিত পেট ফাটো ফাটো অৱস্থা হ’ল। বেচেৰা ধৰ্মেন্দ্ৰ চাৰে হ’ল বুলিনো ‘হাঁহিছে’ৰ গুমৰটো হেড চাৰৰ সন্মুখত বাইদেউকনো কয় কেনেকৈ!
নিৰুপায় হৈ ৰৈ থকাৰ বাহিৰে একো গত্যন্তৰ নাই। ধৰ্মেন্দ্ৰ চাৰে ক’ব নোৱাৰি উচপিচাবলৈ ধৰিলে।
হেড চাৰেও আচৰিত হৈ ক’লে,
: বাইদেউ আপুনি ছাত্ৰৰ সন্মুখত এনেকে ইমান জোৰত হাঁহিব নাপায় নহয়। ওচৰৰ মানুহে শুনিলে হি ভাবিব। প্লিজ বাইদেউ আপুনি ইমান শব্দ কৰি হাঁহা বন্ধ কৰক বুলি বুজাই চাৰে অফিচ ৰূমলৈ গুচি গ’ল।
ধৰ্মেন্দ্ৰ চাৰে পিছ পিনে ঘূৰি হেড চাৰে কিমান দূৰ গৈ পালেগৈ তাকে লক্ষ্য কৰি আছিল। হেড চাৰে গৈ যেতিয়া অফিচ ৰূমত প্ৰৱেশ কৰিলে ধৰ্মেন্দ্ৰ চাৰে লগে লগে কান্দি থকা নতুন বাইদেউৰ ওচৰলৈ মিচিক মাচাক কৈ হাঁহি হাঁহি আগবাঢ়ি আহিল। “হাঁহিছে” কোৱাৰ ৰহস্য ফাদিল কৰিবলৈ। কিন্তু “বাইদেউ” ক’বলৈ গৈ ধৰ্মেন্দ্ৰ চাৰে এইবাৰ আকৌ বা.. বা.. কৈ চকু একেবাৰে সৰু হৈ আধা মুদা অৱস্থা। মুখখন ক্ৰমান্বয়ে জোঙা হৈ চিকাৰ মুখখনৰ দৰে দীঘল হৈ গৈছে। তথাপিও ধৰ্মেন্দ্ৰ চাৰে বা..বা.. কৈয়ে থাকিল। ‘বা’-ৰ পিছৰখিনি নোলায় হে নোলায়। যেনিবা গাড়ী গাঁতত ফচি চকা কেইটা ঘূৰি আছে। ড্ৰাইভাৰেও এক্সেলেৰেটৰ দবাই চেষ্টা কৰাৰ নিচিনাকৈ আমাৰ ধৰ্মেন্দ্ৰ চাৰেও প্ৰবল চেষ্টা অব্যাহত ৰাখিল বা- ৰ পিছৰখিনি কোৱাৰ বাবে। গাড়ীৰ চকা স্পিডত ঘূৰিলে যেনেকৈ ধোঁৱা ওলাই ‘ভউউত’ কৈ শব্দ কৰি গাঁতৰ পৰা ওলাই আহে। একেদৰে আমাৰ ধৰ্মেন্দ্ৰ চাৰৰ মুখৰ পৰা প্ৰায় এক মিনিটমান পিছত ‘ইদেউ’ বুলি কোনোমতে ওলাল। বাইদেউ শব্দটো ক’ব পাৰি বিশ্ব জয় কৰাৰ নিচিনা অনুভবেৰে বাইদেউৰ পিনে চালে। লগে লগে হেড চাৰৰ “হাঁহিছে” কোৱাৰ ৰহস্য বাইদেউৰ আগত ভেদ কৰিলে। বহু সময়ৰ পৰা অপেক্ষাৰত ধৰ্মেন্দ্ৰ চাৰে কথাখিনি ক’ব পাৰি, পেটৰ ভিতৰত জমা হৈ থকা গেছখিনি গুল গুলাই থকা অৱস্থাৰ পৰা যেন তেওঁ ক’বলৈ পাই ৰক্ষা পাৰিলে।
নতুন বাইদেউগৰাকীয়েও চাকৰিৰ প্ৰথম দিনাই ‘একচে বৰকৈ এক’ নমুনা দেখি মুখ মেলি দিলে। আজি ৰাতিপুৱা কাৰ মুখ যে দেখিছিল চিন্তা কৰিলে। হে ভগৱান , “অপৰাধ বিনাষণ, তযু নামে নাৰায়ণ” মোক আৰু লটিঘটিখন নকৰিবা প্ৰভু। কিহৰ পাল্লাত পৰিলোঁ ঔ আজি! ইমান সময় টোটলাৰ নমুনা শুনি উশাহ নোলোৱাতে ভূতৰ ওপৰত দানব অহাৰ দৰে আহিল এই খোনা (বকৰা)টো। ইয়াৰ পিছত বা আৰু কোন আহে ….. !
☆ ★ ☆ ★ ☆