ফটাঢোল

প্ৰেমৰ চেলেঞ্জ-হৃষিকেশ ডেকা

চৰিত্ৰ :

 

মালতী:- লখিমী হাজৰিকা

সাগৰিকা:- ডলি তালুকদাৰ

অবিনাশ:- দিগন্ত কুমাৰ ভট্টাচাৰ্য

ৰঞ্জন:- সঞ্জীৱ ভট্টাচাৰ্য

সোণেশ্বৰ:- হেমন্ত কাকতি

খৰ্গেশ্বৰ:- ৰামানুজ গোস্বামী

অবিনাশৰ মাক:- কাবেৰী মহন্ত

অবিনাশৰ দেউতাক:-ৰঞ্জিত কুমাৰ শৰ্মা

 

প্ৰথম দৃশ্য:

 

দ্ৰোণ কেমেৰাৰে গুৱাহাটী মহানগৰীৰ দৃশ্য দেখুৱাব। বিভিন্ন ধৰণৰ গাড়ী অহা-যোৱা কৰি থাকিব। সেই মহানগৰীত দুজনী ছোৱালীক ক্লজআপত দেখুৱাব। দুয়ো কথা পাতি আহি থকা দেখুৱাব।

মালতী:- ঐ কচোন, এই গুৱাহাটীত থাকি তোৰ অনুভৱ কেনেকুৱা। ঘৰলৈ মনত পৰেনে নপৰে তোৰ।

সাগৰিকা:- এ নক’বি….., ইয়াত থাকিলে ঘৰলৈ যাবলৈ মন নাযায়, ঘৰলৈ গ’লে ইয়ালৈ আহিবলৈ মন নাযায়।

মালতী:- কিয়

সাগৰিকা:- ক’ব নোৱাৰোঁ, 

মালতী:- (এখন শ্বপিং মল দেখুৱাই কয়)ঐ এইখনত সোমাই যাওঁ ব’ল।

সাগৰিকা:- মোৰ কিন্তু পইচা নাই।

মালতী:- প্ৰথমে যাওঁ বল। পইচাৰ কথা পিছত।

দুয়ো শ্বপিং মলত প্ৰৱেশ কৰে। তাতেই সেইফালৰ পৰা এজন ডেকা লৰা ওলাই আহে আৰু সাগৰিকাৰ লগত খুন্দা খুন্দি লাগে। 

সাগৰিকা:- হেৰৌ, চকু দুটা এনেই ওলমাই লৈছে নেকি হে আপুনি? নে আপুনি চকুৰে নেদেখে?

অবিনাশ:- চৰী, বেয়া নাপাব। 

সাগৰিকা:- কি চৰী, চৰী বুলি ক’লে সকলো শেষ হৈ বুলি ভাবিছে নেকি?

মালতী:- ঐ, হ’ব দে। 

সাগৰিকা:- তই মনে মনে থাক। (অবিনাশৰ ফালে চাই কয়) আপোনালোকৰ দৰে এনেকুৱা মানুহৰ বাবে ছোৱালীবোৰ ৰাস্তাত ওলাব নোৱাৰা হৈ গৈছে। 

অবিনাশ:- আপুনি কথাটো ভুল বুজিছে। মই নেদেখা বাবেহে…..

সাগৰিকা আৰু মালতী তাৰ পৰা আঁতৰি যায় আৰু অবিনাশে কিছুসময় ৰৈ তাত কিবা চিন্তা কৰি থকা দেখা যায়।

দ্বিতীয় দৃশ্য : 

 

গাঁৱলীয়া পৰিবেশ। চাৰিওফালে ধাননি পথাৰ। তাৰ মাজেৰে এটা সৰু আলিবাট। পথাৰত ধান কাটি থকা দেখুৱাব। সেই আলিবাটেৰে দুজন বয়সীয়াল ব্যক্তি কথা পাতি বজাৰলৈ গৈ থাকে। এজন ডেকা ল’ৰা পথাৰত বহি কাণত হেডফোন লৈ কথা পাতি থকা দেখুৱায়।

সোণেশ্বৰ:- আগৰ দিনবোৰেই ভাল আছিল। এতিয়া সেই আগৰ দিনবোৰ নোহোৱা হৈ গ’ল। এই মোবাইলবোৰে শেষ কৰি দিলে। আমি মোবাইল চলাবই নাজানোঁ।

:- কি কৰিব। এই মোবাইলটোৱে বহুত ক্ষতি কৰিছে। সেইজনক চাওকচোন। এইফালে মানুহ গৈছেনে গৰু গৈছে একো গমেই পোৱা নাই।

সোণেশ্বৰ:- কি ক’ব। একো ক’ব নোৱাৰোঁ। মোৰ ছোৱালীজনীয়ে সিদিনা মেট্ৰিক পাছ কৰিয়েই মোক যিটোহে দাবী কৰিলে নহয় ….

:- কি 

সোণেশ্বৰ:- কি হ’ব, এইটো জানেই নহয়।

:- অ’, 

সোণেশ্বৰ:- নিদিয়ালৈ নামানে। সেইদিনা মোৰ পৰা বাইছহাজাৰ টকা লৈ গৈ আনিলে নহয়।

:- ইমান টকা কিয় দিব লাগে!

সোণেশ্বৰ:- নিদিলে নামানে নহয়। নিদিয়া বাবে দুদিনমান ভাতেই নোখোৱা হৈছে বুজিছে। 

:- যিমানেই দিনবোৰ আগুৱাই গৈ আছে আমাৰো বিপদহে হৈছে যেন পাওঁ। 

সোণেশ্বৰ:- তাকেই হে। মোবাইল নে কি কয় সেইটোত কোনে ফোন কৰে ক’বই নোৱাৰোঁ। যিটোহে ইংলিছত আহে। 

সিফালৰ পৰা ইৰিক্সা এখনত সাগৰিকা আহে। হঠাতে তেওঁৰ দেউতাক সোণেশ্বৰক লগ পাই। হাতত মোবাইলটো থাকে আৰু কাণত ব্লু টুথ হেডফোন ওলমি থাকে। 

সাগৰিকা:- দেউতা ক’ৰবালৈ যোৱা নেকি?

সোণেশ্বৰ:- হয় মাজনী। অলপ বজাৰৰ পৰা আহোঁ। হঠাতে খবৰ নিদিয়াকৈ আহিলি যে।

সাগৰিকা:- এহ নক’ব দেউতা, মোৰ লগৰ ৰূমমেটজনী আজি ঘৰলৈ গুচি গ’ল। মাকৰ অসুখ। গতিকে মোৰ তাত অকলে থাকি ভাল নালাগিব বুলি ময়ো হঠাতে গুচি আহিলোঁ।

সোণেশ্বৰ :- ভালেই কৰিলি। যা ঘৰলৈ যা। 

সাগৰিকা:- (মোবাইলত ফোন আহে, ফোনটো ৰিচিভ কৰি কাণত নোলোৱাকৈ কিবা কৈ থাকে) দেউতা মই গৈ থাকোঁ। 

সোণেশ্বৰ:- অঁ যা মাজনী। কাণত সেইডাল কি ওলমাই লৈছা অ’।

সাগৰিকা:- এইবোৰ তুমি নাজানিবা দেউতা। দেউতা মই গৈ থাকোঁ।

সাগৰিকা ইৰিক্সাত গুচি যায়।

সোণেশ্বৰ:- দেখিলে এইবোৰ কি আমি নজনাই হ’লোঁ।

:- তাকেই….

তৃতীয় দৃশ্য :

 

অবিনাশৰ ঘৰৰ দৃশ্য দেখুৱায়। দেউতাকে বাহিৰত এখন বাতৰি কাকত পঢ়ি থাকে। মাকে চাহ লৈ আহে।

অবিনাশৰ মাক:- বজাৰলৈ যাব লাগিছিল।

দেউতাক:- কিয় 

মাক:- মাছ নহ’লে মাংস অকণমান আনিব লাগিছিল। 

দেউতাক:- কিয়……

মাক:-কি যে হ’ব নহয়। মোৰ ল’ৰা আহিছে ইমানদিনৰ মূৰত। গতিকে তাৰ লগত একেলগে এসাঁজ ভাত ভালদৰে খাওঁ বুলি ভাবিছোঁ। 

দেউতাক:- সি ক’ত গ’ল হে।

মাক:- ডেকা ল’ৰা, অকণমান বাহিৰলৈ ওলাই গৈছে। 

দেউতাক:- যাওক দিয়া। ইমানদিনৰ মূৰত আহিছে। 

মাক:- তাকেই, মেট্ৰিক পৰীক্ষা পাছ কৰিলে। ভাল কলেজত ছিট পাইছে। কিন্তু সি কাষত নাথাকিলেও বেয়া লাগে। 

হঠাতে অবিনাশ আহি ঘৰ সোমায়।

অবিনাশ:- মা, কাআলৈ যাব লাগিব মই। 

মাক:- কি, সেইদিনা আহিলি, যাবৰ হ’লেই নে!

অবিনাশ:- কি কোৱা মা…. কলেজত ক্লাছ সম্পূৰ্ণ হৈ আছে। যদি নাযাওঁ মোৰেই ক্ষতি হ’ব দিয়াচোন।

দেউতাক:- কাইলৈ কেতিয়া যাবি।

অবিনাশ:- ৰাতিপুৱাই যাম বুলি ভাবিছোঁ দেউতা।

মাক:- কি ক’ম, তই নাথাকিলেও ঘৰখন খালী খালী লাগে অ’। 

দেউতাক:- হেৰা, তোমালোক দুজনে কথা পতা। মই যাওঁ দিয়া বজাৰলৈ। মোনাখন অনা।

মাক:- ৰৱ, আনিছোঁ। 

চতুৰ্থ দৃশ্য :

কলেজ চৌহদ। কলেজৰ ছাত্ৰ/ছাত্ৰীবোৰ অহা যোৱা কৰি থকা দেখা যায়। কলেজত সাগৰিকা আৰু মালতী প্ৰৱেশ কৰা দেখুওৱা হয়। 

সাগৰিকা:- ঐ শুনচোন, আজি এঠাইলৈ যাব লাগিব।

মালতী:- ক’লৈ

সাগৰিকা:- বজাৰলৈ যাম।

মালতী:- তই যে সদায় বজাৰলৈ গৈ থাক। এদিন বজাৰলৈ গৈ গোটেইখিনি উঠাই লৈ আহিবি। 

সাগৰিকা:- হ’ব, বেছি কথা ক’ব নালাগে।

(মালতীয়ে অবিনাশক দেখা পায়।)

মালতী:- ঐ চাচোন, 

সাগৰিকাই খং কৰি আঁতৰি যায়। 

এইফালে অবিনাশ আৰু ৰঞ্জন কলেজৰ পৰা ওলাই আহি থকা দেখুৱায়।

ৰঞ্জন:- ঐ, ব’ল কেণ্টিনত কিবা এটা খাই লওঁ।

অবিনাশ:- খাব পাৰি। 

ৰঞ্জন:- ব’ল তেনেহ’লে।

দুয়ো কেণ্টিনৰ ফালে আগুৱাই যায় আৰু কেণ্টিনত খালী থকা চকীদুখনত বহি লয়। 

অবিনাশ:- এটা কথা ক’ব খুজিছিলোঁ।

ৰঞ্জন:- কি কচোন

অবিনাশ:- তই সাগৰিকাক কেতিয়াৰ পৰা চিনি পাৱ।

ৰঞ্জন:- কিয় সুধিলি।

অবিনাশ:- তাইক মোৰ বহুত ভাল লাগে অ’।

ৰঞ্জন:- সঁচা, চিন্তা নকৰিবি। 

অবিনাশ:- অহা 25 তাৰিখে আমাৰ এই কলেজত তৰ্ক প্ৰতিযোগিতা আছে নহয় জানোঁ। মই তাত অংশগ্ৰহণ কৰি দেখুৱাই দিম বুলি ভাবিছোঁ। 

ৰঞ্জন:- তই, অংশগ্ৰহণ কৰিবি নেকি। তায়ো কৰিব। মজ্জা হ’ব। খাটাং তই বিজয়ী হৈ আহিবি আৰু তাত বিজয়ী হ’লে নেচনেল লেভেলত ছিলেকশ্যন পাবি।

অবিনাশ:- উম, মোৰ মনত এটা চেলেঞ্জ আহিছে। 

ৰঞ্জন:- বুজিছোঁ, তোৰ কিজানি তাইৰ লগত আগতেই কিবা এখন বিশ্বযুদ্ধ লগা যেন পাওঁ চাগে। 

অবিনাশ:- তেনেকুৱাই, আৰু যুদ্ধত নামিছোঁ যেতিয়া জয়ী হ’বই লাগিব।

ৰঞ্জন:- চিন্তা নকৰিবি। মই যিখিনি পাৰোঁ সহায় কৰিম।

পঞ্চম দৃশ্য :

সাগৰিকা আৰু মালতীৰ ভাড়াঘৰৰ ৰূম। দুয়োজনী নিজৰ নিজৰ কামত ব্যস্ত।

মালতী:- ঐ, এটা কথা কওঁ।

সাগৰিকা:- কচোন….

মালতী:- খং নকৰাটো….

সাগৰিকা:- (হাতত থকা বস্তুখিনি ঠেকেছা মাৰি থয়) ক যদি ক, নকৱ যদি বাদ দে। মই লাগি থকা ছোৱালী নহয়। মই অলপ বেলেগ।

মালতী:- ঐ শুনচোন

সাগৰিকা:- মোৰ সময় নাই। সোনকালে ক….

মালতী:- এই অবিনাশ…..

সাগৰিকা:- (তেওঁৰ নাম শুনাৰ লগে লগে খং ভাব এটা দেখা যায়) আকৌ তাৰ কথা….

মালতী:- নকওঁ দে। ব’ল ভাত খাওঁ।

ইফালে ৰঞ্জন আৰু অবিনাশৰ ভাড়াঘৰৰ দৃশ্য দেখুওৱা হয়।

ৰঞ্জন:- ঐ বন্ধু, 

অবিনাশ:- কি কচোন ৰঞ্জন

ৰঞ্জন:- প্ৰেমত জিকিবলৈ হ’লে অলপ কষ্ট কৰিব লাগিব। হাৰি হাৰি জিকাৰ সমান মজ্জা নাই, বুজিলি। 

অবিনাশ:- হ’ব, তই মোক বুজাব নালাগে। ময়ো বহুকেইখন তেনেকুৱা উপন্যাস পঢ়িছোঁ ভাই।

ৰঞ্জন:- আৰে, কি কোৱা বন্ধু। 

অবিনাশ:- হ’ব দে বাদ দে এইবোৰ। 25 তাৰিখে দেখুৱাই দিম। তায়ো অংশগ্ৰহণ কৰিব নহয়। 

ৰঞ্জন:- উম তাই নিশ্চয় কৰিব। কিন্তু এটা কথা তাইক তই হৰুৱাব লাগিব। কৈ থ’লোঁ আগতেই।

অবিনাশ:- দেখা পাবি। কেৱল সেই তাৰিখটোলৈ অপেক্ষা কৰিলেই হ’ল।

ষষ্ঠ দৃশ্য :

কলেজ চৌহদ আকৰ্ষণীয় অনুষ্ঠান কিছুমান চলি আছে। কলেজীয়া ল’ৰা ছোৱালীবোৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। কিছুসময় পিছত এই তৰ্ক প্ৰতিযোগীতাখন আৰম্ভ হোৱা দেখা যায়। এফালে সাগৰিকা আনফালে অবিনাশ তৰ্ক প্ৰতিযোগিতাৰ বিষয় বাচি দিয়া অনুসৰি যুক্তি দি থাকে। 

অবিনাশ:- চাওক বিচাৰক মহোদয়, মোৰ মতে বিজ্ঞান মানৱ সমাজৰ বাবে আশীৰ্বাদ, ই কেতিয়াও অভিশাপ হ’ব নোৱাৰে। কিয়নো, বিজ্ঞানৰ ফলত আমি কিছুমান অত্যাধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰি আমি কম সময়তে আৰু কম কষ্টৰ দ্বাৰা বহুত কাম কৰিব পাৰোঁ। এতিয়া ট্ৰেক্টৰৰ দ্বাৰা অতি কম সময়তে আমি বহুখিনি মাটি চহাব পাৰোঁ, গাড়ী মটৰৰ দ্বাৰা অতি কম সময়তে আমি বহু দূৰ দূৰণীলৈ যাব পাৰোঁ। গতি মোৰ মতে বিজ্ঞান মানৱ সমাজৰ বাবে আশীৰ্বাদ ই কেতিয়াও অভিশাপ হ’ব নোৱাৰে।

সাগৰিকা:- চাওক বিচাৰক মহোদয়, বিজ্ঞান মানৱ সমাজৰ বাবে কেতিয়াও আশীৰ্বাদ হ’ব নোৱাৰে ই অভিশাপ। কিয়নো বিজ্ঞানৰ ফলত আমাৰ এই পৃথিৱীখন প্ৰদূষণ হ’ব ধৰিছে। কল-কাৰখানাৰ পৰা ওলোৱা ধোঁৱাই মানুহৰ বিভিন্ন বেমাৰ আজাৰৰ সৃষ্টি কৰিছে। যাৰ ফলত আজিৰ এই মানৱ সমাজ এক ধ্বংসৰ ফালে গতি কৰিছে।

অবিনাশ:- বিচাৰক মহোদয়, বিজ্ঞানৰ ফলত মানৱ সমাজক বিভিন্ন বেমাৰ আজাৰৰ সৃষ্টি কৰিছে এইটো সঁচা, কিন্তু এই বেমাৰ আজাৰবোৰ বিজ্ঞানৰ ফলত আজিকালি অত্যাধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰি চিকিৎসা কৰা সম্ভৱ হৈছে। 

সাগৰিকা:- বিচাৰক মহোদয়, অত্যাধুনিক যন্ত্ৰ পাতি ব্যৱহাৰ কৰি চিকিৎসা কৰিছে যদিও, বিজ্ঞানৰ ফলত যান-বাহন, কল-কাৰখানা আদিৰ ধোঁৱাই বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰিছে। 

(এনেদৰে সাগৰিকা আৰু অবিনাশে যুক্তি দি গৈ থাকে। অবিনাশৰ যুক্তি সাগৰিকাই কাটে আকৌ সাগৰিকাৰ যুক্তি অবিনাশে কাটে। এটা সময়ত তেওঁলোকৰ সময় শেষ হয়। কিছুসময় পিছত বিচাৰক মহোদয় নিজ আসনৰ পৰা থিয় হৈ কয়)

বিচাৰক:- আজিৰ এই তৰ্ক প্ৰতিযোগিতাখনত দুয়ো ভালেই প্ৰদৰ্শণ কৰিছে। অবিনাশে সুন্দৰ যুক্তি আগবঢ়াইছে , আৰু সাগৰিকায়ো ভাল যুক্তি ভাল যুক্তি দিছে। ইয়াত কোনোবা এজন বিজয়ী নহ’লে নাভাবিবা যে মই ভাল ফলাফল দেখুৱাব নোৱাৰিলোঁ। তোমালোকে আকৌ বিভিন্ন ঠাইত মই অংশগ্ৰহণ কৰিবা বুলি আশা কৰিলোঁ। আজিৰ এই প্ৰতিযোগিতাত মই অবিনাশ হাজৰিকাক বিজয়ী বুলি ঘোষণা কৰিলোঁ।

সপ্তম দৃশ্য :

সাগৰিকা ৰূমলৈ আহি বিছনাত বেগটো দলিয়াই থয় আৰু মুখত খং ভাৱ এটা দেখা যায়। 

মালতী:- ঐ, মই কৈছিলোঁ তোক। তই মোৰ কথা নুশুনিলি। এতিয়া কি ক’ম মই। 

সাগৰিকা:-(খঙেৰে) তই মনে মনে থাকিবিনে ? নে মই ইয়াৰ পৰা ওলাই যাম। 

মালতী:-  খঙেৰে সকলো কাম সমাধান নহয়। অলপ ধৈৰ্য্য ধৰচোন। এটা কথা জান সি তোক বহুত ভাল পায়।

সাগৰিকা:- ঐ তাৰ কথা মোৰ আগত কেতিয়াও উচ্চাৰণ নকৰিবি। 

মালতী:- ঐ গধূলি অকণমান টাউনৰ ফালে ওলাই যাম দেই। মনটো ভাল লাগিব। দে এতিয়া ফ্ৰেছ হৈ ল।

(গধূলি দুয়ো টাউনৰ ফালে ওলাই আহে। )

মালতী:- ঐ চাচোন। এই শ্বপিং মলত কিবা অফাৰ দিছে দেখোন। বল যাওঁ তালৈ। 

(দুয়ো সোমাই যায়)

সাগৰিকা:- ঐ সোনকালে ঘৰলৈ যাওঁ ব’ল। মোৰ ভাল লগা নাই।

মালতী:- কিয়। কি হ’ল তোৰ।

সাগৰিকা:- সেইবোৰ পিছত ক’ম ব’ল। (দুয়ো ওলাই আহে,)

আহোঁতে ৰাতি হয়। দুজন মাতাল যুৱকে তেওঁলোকক বাটত আগভেটি ধৰে। সাগৰিকা আৰু মালতীয়ে ভয় খায়। সেই সময়তে অবিনাশে বাইকেৰে আহি উপস্থিত হোৱাত এখন প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হ’ল। অবিনাশৰ লগত সিহঁত দুয়ো টিকিব নোৱাৰি পলাই যাবলৈ বাধ্য হয় আৰু তাৰ পৰা অবিনাশে দুয়োকে ৰূমলৈ লৈ আহে।

অষ্টম দৃশ্য :

 

সাগৰিকা আৰু মালতী ৰূমৰ দৃশ্য। সাগৰিকাই মন মাৰি থাকে। 

মালতী:- চিন্তা কৰি কি লাভ হ’ব। মই তোক আগতেই কৈছিলোঁ। গতিকে এতিয়া এইবোৰ ভাবি একো লাভ নাই। হোৱাবোৰ হৈ গ’ল।  ঐ শুনিছনে নাই।

সাগৰিকা:- মই আজি নিজেই অনুতপ্ত। মই নিজেই আজি অনুভৱ কৰিছোঁ। আচলতে মই যেনেকুৱা ভাবিছিলোঁ সি চাগে তেনেকুৱা নহয়। 

মালতী:- হ’ব দে বাদ দে এইবোৰ।

সাগৰিকা:- ঐ , শুনচোন। 

মালতী:- হ’ব দে এইবোৰ ভাবি থাকিব নালাগে।

সাগৰিকা:- তই মোক এবাৰ তাৰ কাষলৈ লৈ ব’ল ঐ। 

মালতী:- হ’ব দে। এতিয়া ৰেষ্ট ল।

পিছদিনাখন  মালতী আৰু সাগৰিকা অবিনাশৰ ৰূমলৈ যায়। কলিং বেলটো বজাই দিয়াত অবিনাশে দুৱাৰখন খুলি দিয়াত অবিনাশে সাগৰিকাক দেখা পাই আচৰিত হৈ পৰে। 

অবিনাশ:- সাগৰিকা, 

সাগৰিকা:- মই তোমাক ভুল বুজি আছিলোঁ। মোক ক্ষমা কৰি দিয়া। মই তোমাক বহুত ভাল পাওঁ। 

কিছুবছৰ পিছত তেওঁলোকৰ বিয়াখন ধুমধামেৰে হোৱা দেখুৱায়।

 

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *