হিতাধিকাৰী-ধনজিৎ বৰুৱা
পুৱাতে ফিটিং বাপু সন্ধ্যা আকৌ মিটিং
তিনিটামান কাৰ্ডৰ চাউলৰ দোকানত আছে ছেটিং
আঁচনি আৰু লোন
নাচনী আৰু ধুন
জীৱনটোত ফুটনিৰ আখৈ সমাজৰ কৰে ৰেটিং।
*বাল্য ক্ৰীড়া
পিৰপিৰালে নহয় পিৰিতি অভিজ্ঞতাই শিকায়
এৰিবলৈ শিকিলেহে পিৰিতিবোৰে শিপায়
সময়ৰ কষটি শিল
সমস্যাৰ ঔ কিল
যুগে যুগে হোৱা জীৱনবোধে মানুহক জীপায়।
*বিলৈ জীৱৰ
গৰ্বৰ বেলুনত উঠি তেওঁৰা গম্বুজ গৈ পালে
গম্বুজৰ ওপৰতহে জোঙত বেলুনে খোঁচ খালে
নামি আহিল ধৰফৰাই
অনুভৱে বুকু ফৰফৰাই
গচকি যোৱাবোৰলৈ চাই কাকূতি ঘোষা গালে।
*জানো পাই নামবোৰ কোনে থ’লে।
পটি অঁকা বাঘক যদি ঢেঁকীয়াপতীয়া বোলে
জেব্রাটোক পতীয়াঘোঁৰা বুলি নাম দিলেও চলে
মাছ গিলাটোক মাছৰোকা
টোকা নিলিখাক বাঢ়ৈটোকা
আলিত নথকাটোক আকৌ বৰালি বুলিহে ক’লে
☆ ★ ☆ ★ ☆
6:40 am
সুন্দৰ