ৰসৰচনা-কৰবী দেৱী
কেৰেপাৰ ঘৈণীয়েৰৰ যোৱা-থোৱা অৱস্থা। কোনোমতেহে জীৱটো কেলঢোপ কেলঢোপ কৰি আছে। গাঁৱৰ মানুহে খবৰ ল’বলৈ আহি কেৰেপাইক অনেক দিহা পৰামৰ্শ দিবলৈ ধৰিলে।
যিয়ে যেনেকৈ পৰামৰ্শ দিছে কেৰেপায়ে তেনেকৈয়ে মানি গৈছে। হওতেতো দুখ লাগেই, কোনেনো নিজৰ ঘৈণীজনীক বাৰু এই সংসাৰৰ পৰা বিদায় দিব পাৰে! পিচে বেচেৰীয়ে যেনেকৈহে লেলাত ভূঞ্জি আছে, সেইবোৰ সহিবলৈও দেখোন বৰ কষ্ট। সেয়ে কেৰেপায়ে সকলো নীতি নিয়ম পালন কৰিছে। গ্ৰাহ গজেন্দ্ৰ পাঠৰ পৰা ধৰি কিমান যে কি কৰিছে কেৰেপায়ে। অথচ দেখোন মানুহজনীক যমে নিনিয়ে হে নিনিয়ে। অৱশেষত কেৰেপাৰ মনত থকা পুৰণা সন্দেহটোৱে উক দিলে। কেৰেপাৰ চাৰিটা সন্তানৰ ভিতৰত নুমলীয়া সন্তানটো সম্পূৰ্ণ বেলেগ। কিবা আচহুৱা। মুনীয়া। সেয়ে কেৰেপাৰ মনত গুপুতে সন্দেহ এটা আছিলেই বাৰুকৈ।
অৱশেষত কেৰেপাই ভাবিয়েই ল’লে নিশ্চয় ঘৈণীয়েকৰ কিবা গোলমাল আছিল। হয়তো কেৰেপাৰ আঁৰে আঁৰে কাৰোবাৰ লগত গোপন সম্পৰ্ক ৰাখিছিল। কোৱা হয়, মৰাৰ আগত হেনো পাপবোৰ সৈ কাঢ়িব লাগে। ঘৈণীয়েকৰো নিশ্চয় একেই গতি। সেয়ে চাগে বেচেৰীয়ে মুক্তি পোৱা নাই।
দীৰ্ঘদিনীয়া সন্দেহটো দূৰ কৰিবলৈকে কেৰেপাই ঘৈণীয়েৰৰ গালে মুখে হাত বুলাই আলসুৱা মাতেৰে সুধিলে,
: কেতেকী অ’….. বৰ কষ্ট হৈছে ন তোৰ? কিন্তু কি কৰিবি? বিধিৰ বিধান এয়া সকলো। বাৰু কেতেকী, আজি অন্ততঃ তই অকণো লুকঢাক নকৰাকৈ এটা সঁচা কথা কচোন, আমাৰ যে নুমলীয়া পোটো কিয় বাৰু দেখিবলৈ বেলেগ। ককায়েকহঁতৰ লগত দেখোন মুঠেই নিমিলে। কেনেবাকৈ সেইটো বেলেগৰ ফালৰ নেকি…….?
কেৰেপাইৰ কথাত ঘৈণীয়েকে সকাহ পাই ক’লে,
: মৰাৰ আগতে সঁচা কথাটো সৈ কাঢ়ি যাম বুলিয়েই লেলাই আছোঁ। কিন্তু সাহস কৰিব পৰা নাছিলোঁ। আজি আৰু লুকঢাক নকৰোঁ।
আচলতে সেই নুমলীয়াটোহে আপোনাৰ। বাকী তিনিটা সন্তানেই ….
হঠাতে যেন আকাশখন খহি পৰিল। মুহূৰ্ততে কোঠাটোত যমদূতৰ প্ৰবেশ হ’ল। পিচে কেতেকী নহয়, ঘৈণীয়েকৰ কথা শুনি কেৰেপাইহে আগতেই যমৰ লগত গুচি গ’ল…..!
☆ ★ ☆ ★ ☆