ফটাঢোল

উমাপতি সৰ্বকৰ্তা-পংকজ কুমাৰ নেওগ

চাওঁতে চাওঁতে অৱসৰ লোৱাৰ সময় পালেহি; ভাৱ হয় মাত্ৰ সেইদিনাখনহে যেন চাকৰিত যোগদান দিছিলোঁ। এয়াই হ’ল গতিশীল সময়ৰ অগ্ৰগতি – এখন্তেকো কাৰো বাবে ৰ’বলৈ সময় নাই। মোৰ নামত থকা মাটি ডোখৰত সৰুকৈ ঘৰ এটা বনাই পেলাম বুলি ভাবি আছিলোঁ। মাটি ডোখৰ দেউতাই মোৰ নামত থৈ যোৱা, চহৰৰ পৰা কিছু আঁতৰত। ভাবিছিলোঁ অৱসৰ পোৱাৰ পিছতেই ঘৰটো বনাবলৈ আৰম্ভ কৰিম যাতে ভাড়া ঘৰত বেছিদিন থাকিব নালাগে। পিচে কথাতে কয় “ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি”। মাটিৰ যাৱতীয় কাগজ-পত্ৰবোৰ লৈ ঘৰ সজাৰ অনুমোদন বিচাৰি আবেদন পত্ৰখন এচ,ডি,চিৰ অফিচত জমা দিয়াৰ লগে লগেই বিষম বেমেজালিখন আৰম্ভ হ’ল। এচ,ডি,চি অফিচৰ বৰবাবু নিত্য বসুমতাৰীয়ে ফাইল এটা খুচৰি চাই জনালে যে মোৰ মাটিখিনি হেনো গোলমলীয়া, আৰু এজন গৰাকী ওলাইছে! কথাষাৰ শুনি মূৰটো আচন্দ্ৰাই কৰা যেন লাগিল। ইমান বছৰৰ আগেয়ে দেউতাই মোৰ নামত থৈ যোৱা মাটিখিনিত কেনেকৈ আৰু ক’ৰ পৰা আৰু এজন গৰাকী ওলাল ভাবি হায়ৰাণ হ’লোঁ। বসুমতাৰীৰ মতে মোৰ সমস্যা গম্ভীৰেই, সমাধান কৰিবলৈ যথেষ্ট সময় লাগিব। সিটো পক্ষকো জাননী দি তেওঁলোকৰ কাগজ পত্ৰ পৰীক্ষা কৰিব লাগিব। দৰকাৰ হ’লে চহৰৰ ক’ৰ্টতো দুয়োপক্ষ হাজিৰ হ’ব লাগিব। মাটিডোখৰ সম্পৰ্কীয় যিমানখিনি নথি-পত্ৰ আছিল সকলোবোৰ ওচৰৰ দোকান এখনত ফটোকপি কৰি আনি নিত্য বসুমতাৰীৰ হাতত গতালোঁ। তেখেতে মোক অভয় আৰু শান্তনা দিলে। 

 “হাজৰিকা, বেছি চিন্তা নকৰিব, আপোনাৰ সমস্যাৰ সমাধান হ’বই। এনে ধৰণৰ ‘কেচ্’ আমি নোপোৱা নহয় কেৱল অলপ সময় ল’ব পাৰে। আপোনাৰ দেউতাই আপোনাক সঁপি থৈ যোৱা মাটিৰ দলিলবোৰ নিৰ্ভেজাল যেনেই লাগিছে, গতিকে নিশ্চিন্তে থাকক। মই আছোঁৱেই নহয় ! পিচে, আপোনাৰ এই কামটোত অফিচৰ সহযোগী সকলকো মোৰ ফলীয়া কৰি ৰাখিব লাগিব- হেঃ হেঃ হেঃ, কথাটো ধৰিব পাৰিছেই চাগে!” 

কথাটো ভালকৈয়ে বুজি পালোঁ। এটা গ্ৰহণযোগ্য পৰিমাণ বসুমতাৰীৰ হাতত গুজি থৈ লাহে লাহে ঘৰমুৱা হ’লোঁ। 

সঁচাকৈয়ে বৰ হতাশ হৈ পৰিছিলোঁ। ঘটনাটোৰ দুমাহ মানৰ পিছতেই অৱসৰ পালোঁ। অফিচৰ কাষতে ভাড়াঘৰ এটা খালী হোৱাত আমি তাতেই মূৰ সুমুৱাই ল’লোঁ। মাটি ডোখৰৰ লেঠাটো মৰিলে এই ভাড়াঘৰৰ পৰাই নতুন ঘৰটোৰ কাম-কাজবোৰ চোৱা-চিতা কৰিব পৰা যাব, দুয়োটা ঘৰৰ মাজত ব্যৱধান বেছি নহয়। ল’ৰা-ছোৱালীহাল বাহিৰত পঢ়ি আছে; সিহঁতেও চাগে দেউতাকে নতুন ঘৰটো সজাই অঁটাবলৈ ঠেং দাঙি ৰৈ আছে। অৱশ্যে ভাড়া ঘৰটোও ইমান সৰু নহয়, বন্ধত ঘৰলৈ আহিলে এইটো ঘৰতো আৰামেৰে থাকিব পাৰিব। হ’লেও সিহঁতহালৰ নিজৰ নতুন ঘৰটোত থাকিবলৈ বৰ হাবিয়াস। ছোৱালীজনীয়ে মোক আগতেই কাণ চোৱাই থৈছে – ঘৰটোৰ শোৱনি কোঠা বা ‘বেড-ৰূম’ কেইটা হৈ উঠিলে তাইক যেন মই খবৰ দিওঁ; তাই যেনে-তেনে এবাৰ আহি নিজ পচন্দৰ ‘বেড-ৰূম’টো বুক কৰি যাবহি যাতে ককায়েকে পিছত দখল দিব নোৱাৰে ! 

মাজে সময়ে নিত্য বসুমতাৰীলৈ ফোন কৰি মোৰ ‘কেচ্’-টোৰ খবৰ লওঁ। বসুমতাৰীয়েও সকলোবোৰ আদ্যোপান্ত দিয়ে, মোৰ ফাইল কাৰ টেবুলত, কাৰ চহী পেণ্ডিং হৈ আছে, পৰৱৰ্তী পৰ্যায়ত কি হ’ব, সিটো পক্ষই ‘কেচ্’-টো জিকিবলৈ কি কি কৰিছে ইত্যাদি। ‘কেচ্’-টোৰ খাতিৰত দুবাৰ ডি,চিৰ অফিচতো হাজিৰ হ’ব লগীয়া হ’ল। দুবাৰমান নিত্য বসুমতাৰীয়েও মাতি পঠিয়ালে, তেখেতক বোলে আৰু  ‘খাৰ-বাৰুদ’ৰ আৱশ্যক, সিটো পক্ষৰ পৰাও জোৰদাৰ প্ৰতিযোগিতা চলিছে! মোৰ উপায় নোহোৱা হ’ল; এনে কেকোঁৰা চেপাত পৰিলোঁ যে ঘৰ বনোৱাৰ ৰঙীণ সপোন লাহে লাহে বিৱৰ্ণ হৈ অদৃশ্য হ’বলৈ ওলাল। এচ্,ডি,চি অফিচলৈ তাঁত-বাতি আৰম্ভ হ’ল কিন্তু সমস্যাৰ ওৰ নপৰিল। কোনো কামেই যেন আগ নবঢ়া হ’ল।  নিত্য বসুমতাৰী আৰু তেওঁৰ সঙ্গীবৃন্দই মোক কেৱল আশ্বাসৰ বাণী শুনায়েই মূৰ পোলোকা দিবলৈ ধৰিলে। 

এনে এদিন  বিফল আবেলি বেদনা-গধুৰ মন এটাৰে এচ্,ডি,চি অফিচৰ পৰা ঘৰলৈ উভতিবলৈ লৈছোঁ; কিছুদূৰ খোজ কাঢ়ি গৈ ঘৰৰ পিনে যোৱা লাইন বাছখন ধৰিব পাৰিম। এনেতে বাটৰ কাষৰ পাণ দোকান এখনৰ পৰা মুখত পাণ এখন ভৰাই ‘দেউ’ বা ‘পূজাৰী’ নিচিনা ডেকা এজনে মাত লগালে – 

: দাদা, এচ,ডি,চি অফিচৰ পৰা আহিল যেন পাওঁ? 

মই লাহেকৈ মূৰটো জোকাৰি হয়ভৰ দিলোঁ।  

: নিশ্চয় এচ,ডি,চি অফিচত আপোনাৰ কিবা দৰকাৰী কাম হৈ উঠাগৈ নাই, নহয় নে বাৰু ? মই বহুত দিন ধৰি আপোনাক লক্ষ্য কৰি আছোঁ ! এচ,ডি,চি অফিচলৈ অহা-যোৱা কৰি আপোনাৰ স্বাস্থ্যটো তেনেই পৰি আহিছে; আপোনাৰ ছামৰাৰ চেণ্ডেলযোৰো ছিগোঁ ছিগোঁ! দাদা, এই বয়সত ইমান কষ্ট কিয়নো কৰিছে? আপুনি এচ,ডি,চি অফিচলৈ বহুত দিন অহা-যোৱা কৰিলে কিন্তু কেতিয়াবা আমাৰ অফিচতো ভুমুকি এটা মৰাৰ কথা ভাবিছেনে?  

মানুহজনৰ কথা শুনি এইবাৰ মোৰ আচৰিত হোৱাৰ পাল –

: আপোনালোকৰ অফিচ মানে? আৰু মইনো আপোনালোকৰ অফিচলৈ কিয় যাব লাগে?

জৰ্দাপাণ চোবাই থকা সেই ‘পূজাৰী’ৰ নিচিনা লোকজনে মুখৰ পৰা এসোপামান পিক্ পেলাই পুনৰ আৰম্ভ কৰিলে,   

: দাদা, এই গলিটোৰে অলপ আগুৱাই গ’লেই সোঁ-ফালে আমাৰ অফিচটো দেখা পাব। আপুনি বাৰু এচ,ডি,চি অফিচৰ সমুখত ডাঙৰকৈ লগাই থোৱা অসমীয়া ফলকখন মন কৰিছেনে? কি লিখা আছে বাৰু তাত? “উপ-প্ৰতি সমাহৰ্তাৰ কাৰ্যালয়”। ‘চাব্ ডেপুটি কালেক্টৰ’ বা ‘এচ,ডি,চি’ৰ অসমীয়া তৰ্জমা হ’ল ‘উপ-প্ৰতি সমাহৰ্তা’। আমাৰ  কাৰ্যালয়ৰ নাম হ’ল ‘উমাপতি সৰ্বকৰ্তা’ৰ কাৰ্যালয় অৰ্থাৎ ভগৱান সদাশিৱ বা উমাপতিৰ মন্দিৰ। উপ-প্ৰতি সমাহৰ্তাৰ কাৰ্যালয়ত ব্যক্তিগত কাম থকা সকলো লোকেই পোন প্ৰথমে আমাৰ ‘বচ’ক সেৱা জনাই পূজা এভাগ দি যায়হি। আমাৰ ‘বচ’ সন্তুষ্ট হ’লেহে সিজনা ‘বচ’ সন্তুষ্ট; আমাৰ গৰাকীয়েই হ’ল ‘সৰ্বকৰ্তা’।

মই কিবা এটা কওঁ বুলি মুখ মেলোঁতেই জৰ্দা-পাণৰ চেকা লগা দন্ত দুপাৰি বিকশিত কৰি তেখেতে পুনৰ আৰম্ভ কৰিলে –

: দাদা, মহাদেৱে বেলগছৰ তলত বহি ধ্যান কৰি থাকোঁতে তেখেতৰ শিৰত দৈবাৎ বেলপাত এটা সৰি পৰাত কেনেকৈ তেখেতে তুষ্ট হৈ দোষীকো বৰদান দিছিল সেই কাহিনীটো নিশ্চয় আপুনি জানে। ভোলানাথ সদায় অলপতে তুষ্ট। আপুনি মাত্ৰ এবাৰ মন্দিৰলৈ আহি ‘উমাপতি সৰ্বকৰ্তা’ৰ নামত পূজা এভাগ আগবঢ়াওক, দেখিব ‘উপ-প্ৰতি সমাহৰ্তা’ কাৰ্যালয়ৰ সকলো পৰি থকা কাম আপোনা-আপুনি সমাধান হৈ গৈছে।

ইতিমধ্যে ঘৰৰ ফালে যাবলগীয়া লাইন বাছখন আহি পোৱাত মই লৰালৰিকৈ পিছফালে উঠি খালী চিট এটাত বহি পৰিলোঁ। কিছুপৰৰ পাছত বাছখন চলিবলৈ আৰম্ভ কৰা দেখি সেই ‘পূজাৰী’ৰ নিচিনা মানুহজনে মোলৈ হাত জোকাৰি আকৌ এটা চিঞৰ মাৰিলে – 

: দাদা, মোৰ নাম ৰত্নেশ্বৰ শৰ্মা; শিৱ মন্দিৰটোতে থাকোঁ, কেতিয়াবা আহিলে লগ ধৰিব। 

সেইদিনা ৰাতি পূজাৰীজনৰ কথাবোৰেই ভাবিলোঁ। মাটি ডোখৰৰ ‘কেচ’ চলোৱাৰ নামত, এচ,ডি,চি অফিচলৈ অহা-যোৱা কৰা আৰু বিশেষকৈ নিত্য বসুমতাৰী আৰু তেওঁৰ সঙ্গীবৃন্দৰ আপ্যায়নৰ হকে এটা শকত অংকই ইতিমধ্যে শৰাধ কৰা হৈছে; ‘উমাপতি সৰ্বকৰ্তা’ৰ মন্দিৰত পূজা এভাগ ভালকৈ আগবঢ়াবলৈ কেইটানো পইচা খৰচ হ’ব ? পূজা ভাগ আগবঢ়াব পাৰিলে নিজৰ মনটোও মুকলি মুকলি লাগিব। এইবোৰ কথা ভাবি-গুণি দুদিন মানৰ পাছত পুৱাতেই গা-পা ধুই  লঘোণীয়া পেটেৰে ঘৰৰ পৰা ওলালোঁ।  ঘৰৰ সমুখতে ৰোৱা বাছখনত উঠি একে কোবেই এচ,ডি,চি অফিচৰ বাছ আস্থানত নামিলোঁহি। এইবাৰ মোৰ দিশ সলনি হ’ল, ৰত্নেশ্বৰ শৰ্মাই দেখুওৱা মতে শিৱ মন্দিৰ থকা বাটটোৰে পোনালোঁ আৰু পাঁচ মিনিট মানতে মন্দিৰটো পালোঁগৈ। তেতিয়ালৈকে মন্দিৰৰ আশে-পাশে পূজাৰ সামগ্ৰী বেছা দোকানবোৰ খুলিছে। পূজা-সামগ্ৰীৰ ডাঙৰ ভাৰ এটা  লৈ মন্দিৰত প্ৰৱেশ কৰিলোঁ। পূজা দিবলৈ অহা ভক্তৰ সংখ্যা লাহে লাহে বাঢ়ি আহিছিল। অলপ ইফালে-সিফালে ডিঙি মেলি চাওঁতেই ৰত্নেশ্বৰ শৰ্মাক দেখা পালোঁ আৰু এটা হাঁহিৰে মোক নমস্কাৰ জনাই আথে-বেথে মন্দিৰৰ ভিতৰলৈ আগুৱাই নিলে। যথেষ্ট সময় লৈ খুব ভালকৈয়ে পূজা এভাগ আগবঢ়ালোঁ; পূজাৰ অন্তত ওচৰৰ মিঠাই দোকানৰ পৰা কেইবা পেকেটো মিঠাই আনিবলৈ দি মন্দিৰলৈ অহা সকলো ভক্তকে মিঠাই বিলালোঁ। আহিবৰ সময়ত ৰত্নেশ্বৰ শৰ্মাৰো ‘দিল খুশ্’ কৰি এটা শকত অঙ্ক হাতত গুজি থৈ আহিলোঁ। সকলোবোৰ সুকলমে হৈ যোৱাৰ পাছত মনটো সঁচাকৈয়ে ফৰকাল লাগিল।

কেইদিনমান পাছৰ কথা। ঘৰৰ ওচৰৰ বৃহস্পতিবৰীয়া হাটখনৰ পৰা অলপ বজাৰ সমাৰ কৰি আহি ঘৰ আহি সোমাইছোঁহি। শ্ৰীমতীক চাহ একাপ দিবলৈ কৈ বাৰাণ্ডাৰ চিলিং ফেনখনৰ তলতে বহি দৈনিক বাতৰি কাকতখন চাবলৈ লৈছোঁ। বাতৰি কাকতখন অলপ লুটিয়াই বগৰাই চাই আৰু চাহকাপ শেষ কৰি গাটো ধুবলৈ যাম। ঠিক তেনে সময়তে কাষৰ টেবুলখনত থোৱা মোবাইল ফোনটো বাজি উঠিল, দেখিলোঁ নিত্য বসুমতাৰীয়ে ফোন কৰিছে। “হেল্ল” বুলি মাত দিয়াৰ লগে লগে সিফালৰ পৰা বসুমতাৰীৰ মাতটো ভাঁহি আহিল, 

“কংগ্ৰেছুলেশ্যনচ হাজৰিকা, আপোনাৰ ফাইলটো ‘পাছ’ হৈ গ’ল; এচ,ডি,চি চাৰে চহী কৰি দিলে। আপোনাৰ মাটিডোখৰৰ ‘ক্লিয়েৰেন্স চাৰ্টিফিকেট’খন আমাৰ অফিচৰ পৰা লৈ যাব পাৰে। এতিয়া মাটি ডোখৰত আপুনি কেতিয়া ঘৰৰ খুঁটা পুতি ভূমি পূজা পাতে সেইয়া আপোনাৰ কথা, আমাক পিচে মিঠাই খুৱাবলৈ নাপাহৰিব দেই!”

বসুমতাৰীয়ে ফোনটো থোৱাৰ পাছত কিছু সময়লৈ মোৰ মুখখন এক ইঞ্চিমান মেল খাই থাকিল ! সম্বিত ঘূৰাই পোৱাৰ লগে লগে চকু দুটা মুদি আৰু হাত দুখন মূৰৰ ওপৰলৈ নি কৰযোৰে নেদেখাজনলৈ প্ৰণাম এটা জনালোঁ। পোন প্ৰথমবাৰৰ বাবে মোৰ মুখৰ পৰা ডাঙৰকৈ জয়ধ্বনি ওলাল –“জয়, উমাপতি সৰ্বকৰ্তা” !

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *