অপদ্য-শ্ৰীৰাজু কুমাৰ নাথ
সোঁহাতৰ তাৰ কামেই নাই
বাওঁহাতখনো খৰা,
অজুহাতৰ আকৌ বল বেচি
কাম ফাঁকি ফুকা মৰা।
আনৰ সদায়ে অহিত চিন্তি ফুৰে
ঈশ্বৰে নিদিয়ে ভাল,
আশা কৰে সি বিলৰ ডাঙৰ মাছ
হাতে ফটা লাঙী জাল।
ধন টকাই সৰ্বস্ব জীৱন বুলি
সমাজলৈ দিলে পিঠি,
বিধিৰ বিপাকত সকলো হেৰাল
ঘৰ ভেঁটি গ’ল উঠি।
জীয়াই থাকোঁতেই মানুহক চিনা
মৰাৰ পাছত লাভ নাই,
মৰম বুটলিব নোৱাৰিলে ক’ব সৱে
ই মৰিল ভাল হ’ল পায়।
☆ ★ ☆ ★ ☆