পবিত্ৰ দেউৰ গুপ্ত আখ্যান-অৰবিন্দ গোস্বামী
পবিত্ৰ শৰ্মা নামটো গাওঁখনৰ সকলোৰে পৰিচিত।ৰূপহী গাঁৱত পবিত্ৰ শৰ্মাক চিনি নোপোৱা মানুহ নাই।কেৱল ৰূপহী গাঁৱেই নে?চাৰিওকাষৰ দহোখন গাঁৱৰ মানুহে পবিত্ৰ শৰ্মাক চিনি পায়।ধূতী-পাঞ্জাৱী পৰিহিত পবিত্ৰ শৰ্মাই যেতিয়া কঁপালত চন্দনৰ তিলক লগাই চশমাযোৰ পিন্ধি পাশ্চাত্য সঙ্গীতৰ বাদ্য বজোৱাৰ দৰে চাইকেলখনৰ প্ৰতিটো অংশই মধুৰ ঝংকাৰ তুলি পাৰ হৈ যায়,বহু দূৰত থকা এজনেও ক’ব পাৰে যে সেয়া শৰ্মা দেউ পাৰ হৈ গৈছে।গাঁৱৰ সকাম নিকামত শৰ্মা পৰভু নহ’লে নচলে।সাত্বিক এনে দেউ আজিৰ যুগত বিৰল। পৰভুজনাৰ গুণাগুণ বহুত।ওচৰৰ দহোখন গাঁৱৰ মানুহে বছৰেকীয়া মঙলখন চোৱাবৰ বাবে শৰ্মা পৰভুৰ ওচৰলৈ আহে।ইয়াৰোপৰি বিয়াৰ দিন চোওৱা,ল’ৰা-ছোৱালীয়ে পঢ়িবলৈ ইচ্ছা নকৰিলে বিধান দিয়া,যান-বাহন ক্ৰয়ৰ শুভাশুভ বিচাৰ,বৰ্ষচক্ৰ বিচাৰ,শান্তি বিয়াৰ বিধান,যাগ-যজ্ঞ ইত্যাদি প্ৰায় সকলোবোৰ বিধি-বিধান দেউৰ কণ্ঠস্থ।গাঁৱৰ সাধাৰণ মানুহে বুজি নোপোৱা সংস্কৃত শ্লোক এভাগি মাতি যেতিয়া দেৱে অৰ্থ ভাঙি দিয়ে,গাঁৱৰ নদাই ভদায়ে মুখ মেলি একোডাল বুজি নাপাই মিছাতে মূৰটো দুপিয়াই মনে মনে কয় বোলে—-‘দেউৰ কণ্ঠত সাক্ষাৎ সৰস্বতীৰ বাস দেই!’
দেৱে শণিদেৱৰ কোপদৃষ্টিৰ কথা বাৰুকৈয়ে জানে।শণিৰ কোপত পৰিলে—-‘হস্তীৰো পিছলে পাৱ,সজ্জনৰো বুৰে নাও’—–কথাষাৰ যে সত্য হয়গৈ,সেয়া তেওঁ বহু মানুহক বুজনি দিয়ে।সেয়ে সকলোকে শণিৰ কোপদৃষ্টিৰপৰা ৰক্ষা পাবলৈ অনেকক অনেক বিধানো দিয়ে।পিছে অদৃষ্টৰ কিনো লীলাখেলা! এইবাৰ কোপিত শণিদেৱে হয়তো স্বয়ং পবিত্ৰ দেউৰ ঘৰৰ দুৱাৰদলিত ভৰি দিলেহি।
শৰ্মা দেউৰ গাইগৰুজনী দুদিন ধৰি অসুস্থ।খাবলৈ ব’বলৈ মন নকৰে।একেবাৰে চেৰেলা পৰি গৈছে।গাঁৱৰে গৰু ডাক্তৰ সুৰানন্দ চাবুকধৰাক মতাই অনাৰ বাহিৰে অন্য কোনো উপায়ো নাই।
সুৰানন্দই দিনত সকলো কাম ঠিকেই কৰি থাকে।গৰু-ছাগলীৰ ৰোগৰ উপযুক্ত পথ্যও দিব জানে।দিনটো মানুহজনৰ আহৰিয়েই নাই।কান্ধত জোলোঙা এটা লৈ গাঁৱৰ ইঘৰ সিঘৰকৈ ঘূৰি থাকে।এনেদৰে গৰু-ছাগলীৰ পথ্য দি থাকোঁতে কাৰোবাৰ ঘৰত ভাতসাজো মুকলি হয়।গতিকে দিনৰসাজৰ কথা চিন্তাই নাই।পিছে ৰাতি হোৱাৰ লগে লগেহে সুৰানন্দ চাবুকধৰাৰ প্ৰকৃত ৰূপ আৰু আনন্দখিনি দেখিবলৈ পোৱা যায়।আবেলি হোৱাৰ পিছতে চাবুকধৰা ডাক্তৰৰ বাৰে বাৰে বেলিটোলৈ চকু যায়।গধূলি হ’ল কি নহ’ল,তেওঁৰ ভৰি দুখনে স্বতঃস্ফূৰ্তভাৱে ৰমনী বাইৰ ঘাটিলৈ বুলি খোজ লয়।চিৰাচৰিতভাৱে তেওঁ কান্ধত ওলোমাই লৈ ফুৰা জোলোঙাটো ৰমনী বাইৰ ঘৰৰ পিছফালৰ টেবুলখনতে থৈ দমকলৰ পাৰ পায়গৈ আৰু চিঞৰ ধৰে——
: ঐ ৰমনী বাই!আছনে?ভলুকা নাই নেকি?
চাবুকধৰাৰ মাতটো শুনাৰ লগে লগে ৰমনী বাই য’তেই নাথাকক দৌৰি আহে কাৰণ চাবুকধৰা ডাক্তৰ সেই সময়ত তেওঁলোকৰ বাবে এজন ডাক্তৰ নহয়।তেওঁ সন্ধিয়াৰ অতিথি সাক্ষাৎ দামোদৰ।এই সন্ধিয়াৰ অতিথিজনেই সিহঁতৰ দৈনিক ক্ৰেতা,আশাৰ কেন্দ্ৰবিন্দু।এক্কেদিনাই ডাক্তৰে তিনিশ টকালৈকে গিলাৰ ৰেকৰ্ড আছে।
“দাদা গৈছো দেই ৰ’ব”…..বুলি সোলা ৰমনী বায়ে ষ্টিলৰ কাঁহী এখনত বটল এটা আৰু কিবা ভাজি অকণমান বনাই আনি দিয়েহি।আচলতে ৰমনীয়েও ডাক্তৰলৈ গধূলি হোৱাৰ আগতে কিবা ভাজি অকণ নবনোৱাকৈ নাথাকে।অলপ পিছতে ডাক্তৰৰ পৰম বান্ধৱ ভলুকা আহি পায়হি আৰু দুয়ো মিলি ৰমনীহঁতৰ ঘৰৰ পিছফালে জোনকত বহি দিনটোৰ অৱসাদ আঁতৰায়।অহা আহি থাকে যোৱা গৈ থাকে।ইয়াৰ মাজতে ৰমনীয়ে ভলুকাক আৰু গিলাৰ যে প্ৰয়োজন নাই সেই কথা বাৰে বাৰে সোঁৱৰাই থৈ যায়।
দুয়োৰে সভাভঙ্গ হোৱালৈ কেতিয়াবা ৰাতি এঘাৰ বাজেগৈ।
শৰ্মা দেউৰ নঙলাডাল খুলি ডাক্তৰে দেখিলে যে দেউ ৰ’দতে বহি আছে।দেখাতো আজি দেউক কিবা বেমাৰীৰ দৰে লাগিছে।ডাক্তৰে নঙলাডাল খোলাৰ পিছত চাইকেলখন ভিতৰলৈ সুমুৱাই সেইডাল বন্ধ কৰিয়েই দেউক পদূলি মুখৰপৰাই চিঞৰিলে………
: প্ৰভু!গা বেয়া নেকি?একেবাৰে দেখোন শুকাই-খীণাই গৈছে!
: নক’ব আৰু ডাক্তৰ বাবু!আজি তিনিদিন ধৰি পেটৰ অসুখ।পানীও নৰৈছে পেটত।কিবা খালেই কাপোৰ কানি খুলি দৌৰিবলগীয়া পৰিস্থিতি।কেতিয়াবা কাপোৰ-কানি খোলাৰো সৌভাগ্য নহয়।এইবাৰ কিজানি সিপুৰীহে পামগৈ।
: কৃষ্ণ! কৃষ্ণ!! দেউ,তেনে কথা নক’বচোন।সিপুৰীলৈ আমাৰ নিচিনা অধমবোৰহে যাব লাগে!আপোনাৰ নিচিনা সজ মানুহৰ পৃথিৱীত বহুত দৰকাৰ আছে।
: নহয় হে ডাক্তৰ বাবু!কোনোবা জনমৰ কিবা পাপৰ ফল চাগে এইবোৰ।নহ’লে ইমানখন যমৰ যাতনা ভোগোনে?
: বাৰু মই গৰুজনী চাই পথ্যভাগি দি লওঁ।তাৰ পিছত কথা হ’ম।
এইবুলি ডাক্তৰ বাবুৱে জোলোঙাটো লৈ গোহালিত সোমাল আৰু চাই চিতি প্ৰয়োজনীয় দৰৱ কাগজ এখনত লিখি দেউৰ হাতত দিলেহি।
: এইকেইটা দৰবৰ দোকানৰপৰা কিনি আনি গৰুজনীক খুৱাওক।তাই সোনকালে সুস্থ হৈ উঠিব,চিন্তা নকৰিব।
এইবুলি কৈ ডাক্তৰ বাবুৱে ওচৰতে থকা মূঢ়াটো টানি আনি বহিল।অলপ ইফালে সিফালে চাই ডাক্তৰ বাবুৱে দেউক সুধিলে…..
: গোঁসানী নাই নেকি?
: নাই।
: কোনফালে গ’ল বা!
: এহ! নক’ব আৰু! সিদিনা মোৰ লগত কথাৰ কটাকটি লাগি গ’লগৈ।
: ওৱা….গোঁসানী আকৌ ক’লৈ গ’লগৈ?
: আপুনি ক’লৈ যোৱা বুলি ভাবিছেনো?মাকৰ ঘৰলৈ গ’লগৈ।আৰুনো ক’লৈ যাব?
এনেতে ক’ডলী বায়ে নঙলাডাল খুলি সোমাই অহিল।
: বোলো দেউ গাটো ভাল পাইছেনে?ইচ..ইচ…ইচ…ইচ…মানুহজন একেবাৰে ক’লা পৰি গৈছে।দেখিছেনে বাৰু ডাক্তৰ বাবু,মানুহটোৰ এনেদৰে বেমাৰ হৈ থাকোঁতে সামান্য কথাতে কাজিয়া লাগি মানুহজনী ঘৰলৈ গুচি যাব লাগেনে?এতিয়া ঘৰলৈ গৈছে যদি ঠিকেই আছে বাৰু।গোঁসানীৰ যিহে চেহেৰা!পিলিঙা ডেকাকেইটাৰ চকুৰ চাৱনি দেখিলে মোৰ সিহঁতৰ চকু দুটা ফুটাই দিবলৈ মন যায়।ধুনীয়া হ’ল বুলিয়েই দেৱীহেন মানুহগৰাকীলৈ পাপীষ্ঠকেইটাই সেই দৃষ্টিৰে চাব লাগেনে?এই নগেনৰ পুতেক জহনীমৰাটো যে মোৰ দেখিবৰ মন নাযায়।সি আকৌ কিবা ঘমঘণ্টখন নলগালেই হ’ল।এতিয়া মানুহটোৰ যাওঁ থওঁ অৱস্থা হ’লে মুখত পানী এটুপি দিবলৈও মানুহ এটা নাই।ভাল যেনিবা মই এইখিনিতে আছো বুলি দেউৰ খবৰ খাতি লৈ আছো।
ক’ডলী বায়ে আৰু কিবাকিবি ক’বলৈ মুখখন মেলিছিল।পিছে ডাক্তৰে এইবাৰ মুখ পাতি ধৰিলে।
: হেৰৌ হেৰৌ বাঘেখাতী!তই অলপ মনে মনে থাকিবিনে?তোৰ সেইখন মুখনে কালী গোঁসানীৰ খড়্গখন! দেউক আৰু গোঁসানীক এনেদৰে ক’বলৈ তোৰ অলপো নেদেখাজনলৈ ভয় নালাগেনে?
: হ’ব বাৰু! আপুনি আকৌ টেপেককৈ মাত মাত দি নল’ব।আপুনি ৰমনী বাইৰ ঘৰৰপৰা ঘূৰি আহোঁতে কি ৰূপত ঘূৰি আহে,সেইখিনি মই ক’বলৈ যোৱা নাই নহয়!আৰু দেউকনো মই কি বেয়া কথা ক’লো?দেউ মোৰ পিতাইৰ নিচিনা।আপোন বুলি ভাবিহে ঘৰখন থানবান হোৱাটো দেখিলে গা পোৰে!
আৰু কিবাকিবি মুখৰ ভিতৰতে ভোৰভোৰাই ক’ডলী বায়ে বাৰাণ্ডাতে থকা তামোলৰ বঁটাটো লৈ মাটিতে লেপেটা কাঢ়ি বহি তামোল কাটিলে।দেৱে ডাক্তৰৰ মুখলৈ আৰু ডাক্তৰে দেউৰ মুখলৈ চালে।অলপ পিছতে ক’ডলী বায়ে তামোল দুখন কাটি নিজে এখন মুখত ভৰালে আৰু আনখন বঁটাতে লৈ ডাক্তৰক দি ক’লেহি…
: তামোল এখন খাই লওক।ময়ো দেউৰ খবৰ এটা কৰি যাওঁ বুলিহে আহিলো।মই আহোঁ,আপোনালোক বহক।
ক’ডলী বাই আঁতৰি নঙলামুখ পাৰ হোৱাই নাছিল।ডাক্তৰে মুখৰ ভিতৰতে ক’লে………
: এইজনী যে আৰু!ভগৱানে কি ধাতুৰে যে এইজনীক গঢ়িলে! ইম্মান চোৱা মুখ মই জীৱনত দেখা নাই!তাইৰ মুখৰ কথা নুশুনিলেনে?মুখ নহয় ঔ সেইখন!এক্কেবাৰে একুৰা জুই।এইক নিবলৈ অহা যমদূতো ভিৰাই দৌৰি পলাব লাগিব।যমদূতৰ ঘৈনীয়েকক এই কাৰ লগত যোৰা দিবগৈ ঠিক নাই।উঃ! ভাল বৰদৈচিলাজাক পাৰ হৈ গ’ল।
: নক’ব আৰু ডাক্তৰ বাবু!আমাৰ গোঁসানীয়েও এইক চকুপাৰি দেখিব নোৱাৰে।তেওঁলৈ অলপ ভয়ো কৰে।এইকেইদিন এই মোক জ্বলাই জ্বলাই মাৰিছে। মাইকী মানুহক বেয়াকৈ ক’বও নোৱাৰি।আৰু তাইক বেয়াকৈ ক’লে প্ৰত্যুত্তৰত যিখিনি ক’ব,মানুহ সিপুৰী পাবগৈ।আপুনি ঠিকেই কৈছে,মুখ নহয় একেবাৰে জুই।
: বাৰু দেউৰ পেটৰ সমস্যাটো কেতিয়াৰপৰা লাগিল?
: পৰহিৰপৰা।
: পিছে পথ্য কিবা লৈছেনে?
: নাই লোৱা এতিয়ালৈকে।
: পথ্য নল’লে আকৌ বেমাৰ কেনেকৈ ভাল হ’ব?পিছে আপোনাক মই ভাল পথ্য এটা দিব পাৰোঁ।
দেৱে চাবুকধৰা ডাক্তৰলৈ ঘোপাকৈ চাই কিছুপৰ ৰ’ল আৰু তাৰ পিছত ক’লে——
: এতিয়া মানে আপুনি মোক গৰু-ছাগলীৰ পথ্য খুৱাব।মই মানে চাৰিঠেঙীয়া।
: নহয় হে দেউ!ভুল বুজেনো কিয়! মই গাঁৱলীয়া পথ্য এভাগৰ কথাহে কৈছো।
: অ’ হয়নেকি?মই আকৌ ভয়েই খাইছিলো।পিছে কি পথ্যনো কওকচোন।
: পিছে আপুনি খাব জানো?
: পথ্য আকৌ কিয় নাখাম?
সুৰানন্দ ডাক্তৰে এইবাৰ অলপ ইফালে সিফালে চাই লাহেকৈ ক’লে—–
: সিভাগ ধৰিব লাগিব।
: সিভাগ মানে?
ডাক্তৰে আকৌ এবাৰ ইফালে সিফালে চোৰ স্বভাৱ থকা মেকুৰীৰ নিচিনাকৈ চাই ক’লে…..
: আপোনাৰ ভাষাৰ সুৰা আৰু আমাৰ ভাষাত মদ।
শৰ্মাদেৱে ডাক্তৰৰ মুখত এই কথা শুনি একেবাৰে গৰজি উঠিল।
: উঠক বুলিছো নহয়,উঠক।আপুনি মোক কি আপোনাৰ নিচিনা বুলি ভাবিছে নেকি?এই পবিত্ৰ দেউৰ পবিত্ৰতাত হাত দিয়া আৰু কালী গোসানীৰ খং জাগ্ৰত কৰা একে কথা।
ডাক্তৰে দেউৰ ধমক খাই লাহেকৈ থিয় হ’ল আৰু ক’লে..
: কিন্তু মই যদি কওঁ সুৰাক দৰৱ হিচাপে আপুনিও খায় বুলি!মই যদি প্ৰমাণ দি দিওঁ।
খঙৰ ভমকত দেউ এইবাৰ জাপ মাৰি থিয় হ’ল।
: খং নকৰিব….খং মানেই চাণ্ডাল।আপুনি বহক প্ৰভু ঈশ্বৰ…..বহক।মোৰ কথাখিনি ধৈৰ্য্যসহকাৰে শুনি আপুনি যদি ভাবে যে মই আপোনাক কিবা ভুল কথা কৈছো,আপুনি মোক খেদি দিব।
শৰ্মাদেৱে মনতে ভাবিলে…..
এই পবিত্ৰ শৰ্মাইতো কোনোকালে মদ মুখত দি পোৱা নাই আৰু আগলৈও নিদিয়ে।তেনেস্থলত ই কিনো ক’ব খুজিছে,সেয়া শুনাত আপত্তিনো কিহৰ।সেয়ে প্ৰভুৱে শান্ত হৈ আসন গ্ৰহণ কৰিলে।
ডাক্তৰে ইফালে সিফালে চাই ঘৰৰ বাহিৰৰ টেবুলখনতে পুৰণি কফ চিৰাপৰ বটল এটা দেখিলে।সেইটো আনি এইবাৰ ডাক্তৰ আকৌ দেউৰ ওচৰ পালেহি।বটলটোত লগাই থোৱা কাগজখিলালৈ আঙুলিয়াই ডাক্তৰে ক’লে..
: এইটো কি লিখা আছে,মোক পঢ়ি শুনাওকচোন।
: এলকহল…কিবা এটা পাৰ্চেণ্টেজো লিখা আছে।
: এতিয়া কওক—-এলকহল মানে মদ নহয় জানো?কিন্তু ইয়াত তাক দৰৱ হিচাপে ব্যৱহাৰ কৰিছে।সেয়ে কৈছো যে মই আপোনাক মদ খাবলৈ কোৱা নাই।মই কৈছো ইয়াক দৰৱ হিচাপে ব্যৱহাৰ কৰিবলৈ।আৰু এদিন এগিলাছ বা দুগিলাছ খালে আপুনি মোৰ নিচিনা মদাহী হৈ যাব নেকি?
শুনক।এই সুৰানন্দই ক’ব আপোনাক সুৰাৰ গুণাগুণ।
আপোনাৰ জ্বৰ হওক,কাহ হওক,বমি বমি ভাৱ হওক,গাৰ বিষ হওক,পেটৰ বিষ বা পেট চলা হওক ,মূৰৰ বিষ হওক…….দুগিলাছ খাই দিলে আপোনাৰ বেমাৰ খতম।ইমানখিনি গুণ আছে বাবেইতো ইয়াক দৰৱতো ব্যৱহাৰ কৰা হয়।
দেৱে কিছুপৰ তলকা মাৰি কথাটো চিন্তা কৰিলে….
: ইয়াৰ কথাত কিন্তু দম আছে।এইটো অতদিনে বেয়া বস্তু বুলি ভাবি আহিছিলো যদিও কিমান দৰৱৰ সৈতে ইয়াক নজনাকৈয়ে গিলি আছো ঠিক নাই।আৰু এদিন খালেইতো মানুহ মদাহী হৈ নাযায়।এনে এটা নাম পাবলৈও বহুদিন কষ্ট কৰিবলগা হয়।হঠাতে মানুহে মদাহী নামটো নাপায়।ইয়াৰ কথা মানি আজি দুঢোক পি খালেনো কি মহাভাৰতখন অশুদ্ধ হৈ যাব! তাতে এইকেইদিন কি নৰক যন্ত্ৰণাত ভুগি আছো,মইহে জানো!
এইবাৰ দেৱে অলপ নৰম হৈ মাত লগালে……
: পিছে এইবিধ ক’ত পায়নো?
ডাক্তৰে মূঢ়াটো দেউৰ ওচৰলৈ চপাই আনি লাহেকৈ ক’লে………
: ক’ত পায় সেয়া জানি আপুনি কি কৰিব?মুঠতে মই সন্ধিয়া ব্যৱস্থা কৰিম।আপুনি মাত্ৰ বুট কেইটামান পিঁয়াজ অলপ দি খৰখৰীয়াকৈ ভাজি ৰাখিব।
: কিন্তু ঘৰৰ ভিতৰত নহ’ব দেই!মোৰ চৈধ্য গোষ্ঠীয়ে এইবোৰ জীৱনত চুই পোৱা নাই।তাতে গোঁসাই ঘৰ,ভকতৰ ঘৰৰ কথা আছে।
: নালাগে ঘৰৰ ভিতৰত খাব।মই আপোনাক সন্ধিয়া আহি লৈ যামহি এঠাইলৈ।
: মানুহে গম পায় যদি!
: নাপায়।চিন্তা নকৰিব।এই চাবুকধৰাক বিশ্বাস কৰক।মই আপোনাক বিপদত পৰিবলৈ নিদিওঁ নহয়!পিছে আপোনাক কোনেও চিনি নোপোৱাকৈ এৰী চাদৰ এখন ঘোপ মাৰি ল’ব আৰু ধূতীখন কোঁচাই ল’ব।মোৰ চাইকেলখনতে দুয়োজন যাম।আপোনাৰ চাইকেলৰ আৱাজ গাঁওখনে চিনি পায়।সন্ধিয়া লাগি ভাগোতেই মই আহিম,আপুনি সাজু থাকিব।
ডাক্তৰ গ’লগৈ।সন্ধিয়া দেৱে কষ্ট কৰি বুট অলপ পিঁয়াজ দি ভালকৈ ভাজিলে।এনেতে ডাক্তৰ পালেহি।পূৰ্বনিৰ্দ্ধাৰিত পৰিকল্পনা অনুসৰি দেৱে এৰী চাদৰ এখন ঘোপ মাৰি লৈ ধূতী কোঁচাই ডাক্তৰৰ চাইকেলৰ পিছফালে বহি ল’লে।পাঞ্জাৱীৰ জেপত কাগজেৰে মেৰিওৱা বুটৰ ভাজি।কাৰো মুখত মাত নাই।
ডাক্তৰে ৰমনী বাইক আগতেই কৈ থৈছিল যে তেওঁৰ পুৰণি বন্ধু এজন আহিব আৰু সেয়ে সেইদিনা আছুটীয়াকৈ অলপ ঠাই লাগিব।আৰু সিহঁতৰ ভঁড়ালৰ পিছফালৰ মুক্তদ্বাৰ বৈঠক বহি থাকোঁতে তালৈ কোনো যাব নোৱাৰিব।বটল কঢ়িওৱা কামটোও সেইদিনা ডাক্তৰে নিজে কৰিব।মুঠতে কঠোৰ নিৰাপত্তা ব্যৱস্থা।
সভা আৰম্ভ হ’ল।প্ৰথম গিলাছ গিলি দেৱে এক্কেবাৰে ত্ৰিভুবন দেখি গ’ল।পাঁচ ছেকেণ্ডমানৰ ভিতৰতে মুখখন কিমান কিমান ডিগ্ৰী কোণত যে ভাঁজ ল’লে,দেৱে নিজেও ধৰিব নোৱাৰিলে।ইফালে ডাক্তৰে বুটভজা লৈ সাজু আছিল……..
: এইকেইটা চোবাই দিয়ক।একো নাই,প্ৰথমতে অলপ বেয়া লাগেই।
দেৱে লগে লগে বুটকেইটা মুখত ভৰাই দি কিছুপৰ পিছত শান্ত হৈ ক’লে…….
: অলপ বেয়া লাগে! ধেই!!কি গেলা বস্তু!!
: নাপায় নাপায় তেনেদৰে ক’ব।এতিয়া ই আপোনাৰ বাবে পথ্য।
: সেইটোও হয় বাৰু।
ইয়াৰ পিছৰ গিলাছ খাওঁতে দেৱে আগতকৈ অলপ কম কষ্ট পালে।
: হেৰি ডাক্তৰ বন্ধু….আৰু এগিলাছ দিয়ক।
: নালাগে প্ৰভু ঈশ্বৰ! আপোনাৰ হৈ গৈছে।ঘৰত থৈ আহোঁগৈ বলক।
: ধেই! এই দেউক তুমি চিনি পোৱা নাই।বহুত পাৱাৰ আছে এই দেউৰ।
: বাৰু পেটৰ বিষটোৰ কথা কওকচোন,কেনে পাইছে এতিয়া?
: খতম।একদম খতম।ঢালা….আৰু ঢালা….ঢালি থাকা।ই মোক বহুত জ্বলালে।এতিয়া মই ইয়াক জ্বলাম।জ্বলাই শেষ কৰি দিম।
: কাক জ্বলোৱাৰ কথা কৈছেনো প্ৰভু?
: এই পেটৰ বিষটোক।
ইয়াৰ পিছত মিহি মিহিকৈ দেউ আৰু ডাক্তৰৰ আলাপ চলি থাকিল,বটল আহি থাকিল।শেষত দুয়োৰে জেপৰ পইচা শেষ হৈয়ো চল্লিশ টকা বাকী লাগিল।অৱশেষত নিশা ১১ মান বজাত দুয়ো উঠিল।ৰমনী বায়েও আৰু বাকী নিদিওঁ বুলি ক’লে।ডাক্তৰে ৰমনী বায়ে নুশুনাকৈ গালি এজাউৰি পাৰি যাবলৈ ওলাল।ঢলং পলংকৈ দুয়ো বন্ধু নঙলাৰ মুখ পালেহি।দেউ ৰাস্তাতে তিনিবাৰমান পৰিল।ইফালে দেউক থৈ আহিব পৰাকৈ ডাক্তৰৰো শকতি নাই।
: এটা কাম কৰোঁ,চাইকেলখন মই লৈ যাওঁ।আপুনি খোজ কাঢ়িয়েই যাওক।
দেৱে অসংযত হৈ পৰা ধূতীখনৰ পোন্ধটো বৰ কষ্টৰে ভালদৰে খুচি লৈ ক’লে।
: চাইকেল চলাব পাৰিব জানো?
: ধেই! চাইকেল কি?মই এতিয়া জাহাজ,এৰোপ্লেন,ট্ৰাক,ট্ৰেক্টৰ সব চলাব পাৰিম।মাত্ৰ খোজ কাঢ়িবহে নোৱাৰোঁ।পেটৰ অসুখটোৱে অলপ দুৰ্বল কৰি দিলে যে!
: ঠিক আছে,এইখন লৈ যাওক।মই বাৰু খোজ কাঢ়িয়েই যাম।ৰাস্তাত কাকো নামাতিব দেই!
: ঠিক আছে।
এইবুলি কৈ দেৱে চাইকেলখন দাং খুৱাই ওলোটাফালে ঘূৰাই ল’লে।
ডাক্তৰে ক’লে…..
: ধেই!আপোনাৰ ঘৰ এইফালে নহয় নহয়।এইফালে আপোনাৰ গোসানীৰ ঘৰহে।চিধা শহুৰবাৰী পাবগৈ।আৰু তাত আপোনাক এনেকৈ দেখিলে সব খতম।
এইবুলি কৈ ডাক্তৰে দেউক চাইকেলখন আকৌ ঘূৰাই দি ক’লে—–
: এইফালে যাওক,ঘৰ পাই যাবগৈ।
: অ’…হয়নেকি?তুমি কিন্তু সাংঘাটিক দেই!
এইবুলি কৈ দেৱে চাইকেলখন লৈ পেডেলত ভৰি থৈ চাইকেলখনত গাৰ জোৰেৰে ঠেলা এটা মাৰি চিটত জাপ মাৰি উঠি বহোঁতেই অকণমান গৈয়েই চাইকেলনৰ সৈতে দেউ ৰাস্তাৰ কাষৰ পথাৰলৈ বাগৰি গ’ল।ইয়াৰ পিছত অলপ সময় কাৰো মাতবোল নাই।ডাক্তৰেও আৱাজটো অলপকৈ শুনিলে কিন্তু হঠাৎ কি ঘটিল একো ধৰিব নোৱাৰিলে।অলপপৰ চিন্তা কৰি ডাক্তৰে মাত লগালে….
: দেউ পৰিল নেকি?
ৰাস্তাৰ কাষৰ পথাৰৰপৰা মাত এটা ভাহি আহিল…..
: তাকেতো মই ভাবি আছো বহি বহি….মই পৰিলো নেকি?
কথা বিষম দেখি ডাক্তৰে মৰণক শৰণ দি ৰাস্তাৰ কাষলৈ নামি গ’ল।মৰণক শৰণ দি বুলি এইবাবেই ক’লো যে সেই সময়ত ডাক্তৰৰো নিজৰ ভৰিৰ খোজ বেঁকাবেকি হৈ আছিল।সোনকালে কেনেকৈ ঘৰ পাবগৈ পাৰি,তাকে চিন্তা কৰি আছিল ডাক্তৰে।কিছু সময় দুয়োৰে চাৰিপদ আৰু চতুৰ্ভুজৰ প্ৰচেষ্টাত চাইকেলেৰে সৈতে দুয়ো ৰাস্তাৰ ওপৰকৈ উঠিল।কোনে ক’ত দুখ পাইছে,কাৰ আঁঠু বা কিলাকুটিৰ ছাল ছিগিছে সেইবোৰলৈ তেওঁলোকৰ ভ্ৰুক্ষেপ নাই।দুয়ো ওপৰলৈ উঠিব যে পাৰিল,সেয়াই বহুত ডাঙৰ কথা।
অলপ খঙৰ সুৰত ডাক্তৰে ক’লে……
: ইমান আহল-বহল ৰাস্তাটো এৰি পথাৰলৈ পোনাইছিল যে!
: মই কেতিয়া পথাৰলৈ পোনাইছো?পথাৰখনহে মোৰ চাইকেলৰ সন্মুখলৈ আহিছে,মোৰ গাত কি দোষ?
: হয় বাৰু কথাটো।বাৰু সেইবোৰ বাদ দিয়ক।এতিয়া ঘৰলৈ পোনাওক।ময়ো ঘৰলৈ যাওঁগৈ।
: নোৱাৰিম বুজিছে।আপুনি চাইকেলখন পিছফালৰপৰা ধৰি দিব লাগিব।মই উঠি লৈ চিটত বহি ল’ব লাগিব।তাৰ পিছত আপুনি ঠেলা এটা মাৰি দিব।
: হ’ব বাৰু।উঠিক।মই ধৰি দিছো।
এইবুলি ডাক্তৰে চাইকেলখনৰ ষ্টেণ্ডডাল তুলি দুই ভৰিৰ ফাকত পিছচকাটো সুমুৱাই ক’লে…..
: উঠক প্ৰভু।
দেৱে কিবা প্ৰকাৰে জপিয়াই লফিয়াই উঠি চাইকেলৰ চিটত বহি হেণ্ডেলত ধৰি ক’লে…..
: মাৰক।
: ইচ ইচ প্ৰভু! কি কথা কয়?মই আপোনাকনো মাৰিব পাৰোঁনে?কিয় মাৰিম আপোনাক?আপুনি নমস্য ব্যক্তি,গুণী জ্ঞানী……আমি হ’লো অধম…..জ্ঞানশূণ্য…..
: ধেই! কি বলকি আছে,চাইকেলখন ঠেলা মাৰক।নহ’লে মই চাইকেলেৰে সৈতে আকৌ সৰি পৰিম।
ডাক্তৰে এইবাৰ লাহেকৈ ঠেলা মাৰি এৰি দিলে।……
গ’লনে…..গ’লগৈ।ইচ ৰাম! কিহৰ পাল্লাত যে পৰিল আজি তেওঁ!ভাগৰে জুগৰে ডাক্তৰে ঘৰলৈ খোজ ল’লে।
ইফালে দেৱে কিছুদূৰ ঢলং পলংকৈ হ’লেও চাইকেলখন ঠিকেই চলাই গ’ল।কিন্তু অলপ দূৰত গৈ সম্পূৰ্ণ এক পাক ৰাস্তাৰ ওপৰতে ঘূৰি আকৌ পৰি গ’ল।এতিয়া পিছফালৰপৰা ধৰি দিবলৈ ডাক্তৰো নাই।কেনেকৈ উঠিব চাইকেলত?তাতোকৈ ডাঙৰ চিন্তাটো হ’ল এইবাৰ ঘৰৰ দিশটো খেলিমেলি হৈ গ’ল।ঘৰটো বা কোনফালে আছিল!
কিবা এটা চিন্তা কৰি দেৱে চাইকেলখন দাঙি এইবাৰ ঘূৰাই ল’লে আৰু নিজৰ মুখৰ ভিতৰতে কৈ উঠিল…..
: হয়,এইটোৱেই সঠিক দিশ।
দেউ এইবাৰ আকৌ যেনে তেনে চাইকেলত উঠিল।এইবাৰ তেওঁ পূৰ্ণোদ্যমে পেডেল মাৰিলে।আনফালে ঢলং পলংকৈ ঘৰলৈ বুলি খোজ লোৱা ডাক্তৰে দেখিলে যে চাইকেল এখন পাৰ হৈ গৈছে।হঠাৎ তেওঁ ধৰিব পাৰিলে সেইজন দেউ।পিছে দেউ আকৌ ওলোটাফালে কিয় ঘূৰি আহিল বুলি তেওঁ দেউক চিঞৰ ধৰিলে।দেৱে ভাবিলে ইমান ৰাতিখন মোক চিঞৰা এইটো মানুহ নহয়।ই নিশ্চয় কিবা অশৰীৰি।কথাটো মনলৈ অহাৰ লগে লগে দেউৰ দেশী পানীয়ৰ নিচা কৰ্পূৰৰ দৰে উৰি গ’ল।গাৰ নোমবোৰ থিয় হৈ উঠিল।ৰোৱা বা পিছলৈ ঘূৰি চোৱাৰ কথাটো নাহেই।দেৱে এইবাৰ প্ৰাণটাকি পেডেল মাৰিবলৈ লাগিল।ডাক্তৰে দেউক যিমানে চিঞৰে দেৱে দুগুণ জোৰেৰে পেডেল মাৰে।
: হৰি হৰি হৰি হৰি!ৰাম ৰাম ৰাম ৰাম….হৰি হৰি ৰাম ৰাম….ৰাম হৰি হৰি ৰাম……..
এইবাৰ দেউৰ চাইকেলে ৰকেটৰ স্পিড ল’লে।ক’লৈ আহিছিল, ক’লৈ যাব দেৱে সকলো পাহৰিলে।বহুপৰ চাইকেল কোবাই ফোপনি ধৰাতহে দেৱে চিন্তা কৰিলে যে তেওঁ আচলতে ক’লৈ গৈ আছে।এনেতে দেৱে হঠাৎ শহুৰৰ ঘৰখন দেখা পালে।আগ পিছ নুগুণি দেৱে তালৈ সোমাই গৈ চোতালতে ভয়াৰ্ত চিঞৰ এটা মাৰি চোতালতে বাগৰি পৰিল।
পিছদিনা সাত মান বজাতহে দেউৰ চকু খোল খালে।
দেৱে চকু মেলিয়েই কথাবোৰ জুকিয়াই চিন্তা কৰিবলৈ লাগিল।আগদিনাৰ ঘটনাবোৰ তেওঁৰ মনলৈ অহাত মনত লজ্জাবোধ হ’ল।শহুৰ দেউতাহঁতে তেওঁৰ মুখত নিশ্চয় সুৰাৰ গোন্ধ পালে।পিছে তেওঁলোকে এইটোহে নাজানে যে তেওঁক ৰাতি ভূতেও পাইছিল।কি কৰিব তেওঁ এতিয়া!কেনেকৈ মুখামুখি হ’ব সকলোৰে সৈতে।শহুৰৰ ঘৰৰ চোতালত আহি পোৱালৈকে কথাখিনি তেওঁৰ মনত আছে,পিছৰখিনি কিন্তু একো মনত নাই।তেওঁ মনতে ভাবিলে……
: ছেঃ! বৰ লাজৰ কথা হ’ল।কি কৰা যায় এতিয়া!
এনেদৰে ভাবি গুণি থাকোঁতেই তেওঁ গোসানীৰ কান্দোন শুনিবলৈ পালে।
: অ’ মোৰ মানুহটোৱে মোক ইমান ভাল পায় বুলি মই জনাই নাছিলো।মই গুচি অহাৰ দুখতে মানুহটোৱে ইমান মদ খাব লাগেনে?কি ভুল কৰিলো মই!!
খং উঠি শহুৰ দেউতাই তাইক ধমক দিলেহি…….
: চিঞৰি চিঞৰি মানুহক জনাইছ যে জোঁৱায়ে মদ খাইছে বুলি! যাঃ ইয়াৰপৰা।তোৰ কাৰণে তেওঁ মদ খাইছে বুলি তোক কোনে ক’লে?হেৰা!আমাৰ এই আধাপাগলী জনীক স্বম্ভালা।নহ’লে এই এতিয়া গোটেই গাওঁখনকে জনাব।
মাকে ধমকি এটা মাৰি গোসানীক আঁতৰাই নিলে।
লাজ মান কাটি কৰি অলপ সময়ৰ পিছত দেউ উঠি মুখ হাত ধুলে।শহুৰে জোঁৱাইক জুহালৰপৰাই মাত লগালে..
: জোঁৱাই,ইয়ালৈকে আহা।
দেউ জুহাললৈ গৈ বহোঁ নবহোঁকৈ শহুৰ দেউতাৰ ওচৰতে বহিল।শাহুমায়ে চাহ পিঠা আনি দি গ’লহি।কিছুপৰ তলকা মাৰি শহুৰ দেউতাই আৰম্ভ কৰিলে।
: বাৰু যি হ’ল হ’ল।এতিয়া মই কি কওঁ সেয়া ভালদৰে শুনা।যিখিনি সঁচা,সেইখিনি মোক কোৱা।আচলতে কি হৈছিল?কেনেকৈ তুমি নিষিদ্ধ বস্তু এটা মুখত দিলা ?আৰু সমাজত কোনেও গম নাপালেও তুমি প্ৰায়াশ্চিত্তভাগ ইয়াতে কৰিব লাগিব।সমাজত কথাষাৰ ওলালে দণ্ড ভৰিব লাগিব।পিছৰ চিন্তাখিনি মই তেতিয়াহে কৰিব পাৰিম,যেতিয়া তুমি মোক সঁচা কথাখিনি ক’বা।
উপায়বিহীন হৈ দেৱে শহুৰ দেউতাক সমস্ত বৃত্তান্ত শুনালে।শহুৰ দেউতাই ক’লে…..
: জোঁৱাই!সেইভাগ আমাৰ বাবে নিষিদ্ধ দ্ৰব্য।কোনো কোনো জাতি-জনগোষ্ঠীৰ বাবে ইয়াৰ সেৱনৰ বিধি আছে।প্ৰস্তুত প্ৰণালীৰো বিধি আছে।তেওঁলোকৰ বাবে ই দৰৱৰ দৰে কাম কৰে।এইবিধ আমাৰ তেজে কিন্তু ল’ব নোৱাৰে।সকলো বস্তু সীমিত আৰু পৰিমিত হিচাপত গ্ৰহণ কৰিলে সিয়েই দৰৱ।অত্যধিক সকলো বেয়া।খুব কম সংখ্যক মানুহেহে নীতি নিয়মৰ মাজত থাকি ইয়াক গ্ৰহণ কৰে আৰু তেওঁলোকৰ ইয়াৰপৰা উপকাৰো হয়।দুষ্টৰ সঙ্গত পৰিলে দুৰ্গতি হ’বই।এতিয়া তুমি ফুল,তুলসী পাতকে আদি কৰি প্ৰায়াশ্চিত্তৰ বস্তুকেইটা যোগাৰ কৰা।মই গাটো তিয়াই আহোঁগৈ।
শহুৰ দেউতাৰ পৰামৰ্শমতেই দেৱে সকলোখিনি কৰি আবেলিলৈ পত্নীক লৈ ঘৰলৈ উভতিল।দেৱে ঘৰ পোৱাৰ আগতে এটা কথা বৰকৈ ভয় খাই আছিল যে ক’ডলী বায়ে কথাটো গম পালে কি হ’ব!পিছে তেনে একো নহ’ল।দেউৰ এই গুপ্ত আখ্যান গুপ্ত হৈয়েই থাকিল।এতিয়া দেৱে ডাক্তৰক দেখিলে হাতত যি থাকে তাকে লৈ খেদা ধৰে।কোনেই নাজানে যে ডাক্তৰক দেখিলে দেৱে কিয় মহাকালৰ ৰূপ লয়।ডাক্তৰেও সেই গুপ্ত আখ্যান কোনোদিন কাৰো আগত বেকত নকৰিলে।আনৰ সন্মানত আঘাত নকৰা,কাকো অপমান নকৰা ইত্যাদি সজ গুণবোৰ ডাক্তৰৰো আছে।পিছে চাইকেলখনহে ডাক্তৰে ঘূৰাই নাপালে।
এদিন দেউৰ শহুৰৰ ঘৰৰ সন্মুখেদি যাওঁতে শহুৰ দেউতাই তেওঁক মাতি আনি বহিবলৈ দি ক’লে……
: তোমাৰ বস্তুকেইপদমান আছে,লৈ যোৱা।
ডাক্তৰে প্ৰথমে একো বুজি পোৱা নাছিল।অলপ পিছত দেউৰ শহুৰ দেউতাকে চাইকেলৰ টায়াৰ এটা,ৰিং এটা,হেণ্ডেল এডাল,টিলিঙা এটা, চাৰি পাঁচডালমান স্পক আৰু বলগুটি তিনিটা আনি ডাক্তৰৰ সন্মুখতে পেলাই দি ক’লে…….
: সিদিনা জোঁৱাই আমাৰ ঘৰ আহি পোৱালৈ তোমাৰ চাইকেলখনৰ এইকেইটা সম্পত্তিয়েই বাকী আছিলগৈ।তোমাৰ সম্পত্তি তুমি লৈ যোৱা আৰু আমাৰ জোঁৱাইৰফালে মূৰ তুলিও নাচাবা।
☆ ★ ☆ ★ ☆