ফটাঢোল

কমলাটেঙাৰ বতৰত-আৰমান হাজৰিকা 

সৰুকালৰ কথাবোৰ মনত পৰিলে, আনৰ কেনে লাগে নেজানোঁ; মই পিছে নিজেই মোৰ এই আদহীয়া বয়সৰ মনটোৰেই, সেইটো বয়সলৈ ওভতি গৈ নুমলীগড় চাহ বাগিচাৰ নতুন বাবু লাইনৰ চুবুৰীটোত বীৰদৰ্পে দপদপাই থকা, নোদোকা কলাফুল ওলোৱাকৈ হাফপেন্ট পিন্ধা, থুপুকা ল’ৰা এটাই সেই তেতিয়াই কৰা কাণ্ড-কাৰখানা কিছুমান, ল’ৰাটোৰ পিছে পিছে ঘূৰি-ফুৰি চাই থকা যেন লাগে। এতিয়া সেইবোৰ চাই হাঁহি উঠে (কেতিয়াবা খঙো উঠে) যদিও ল’ৰাটো কিন্তু তাৰ নিজৰ কামত মচগুল! ময়ো তাৰ পিছে পিছে তাৰ কথা-কাণ্ড চাই মচগুল হৈ থাকোঁ।

বছৰৰ এই সময়ৰ ‘বাটে পোৱালী মেলা’ বতৰত, আমাৰ তেতিয়া মনবোৰো বান্ধি ৰাখিব নোৱাৰা সময়। ঘৰত মায়ে পুৱা- গধূলি কৰা হুকুম জাৰীৰ বাবেহে দেহাটোক আনি পঢ়া মেজৰ কাষত বহুৱাই থওঁ। ইতিমধ্যে পঢ়ি পঢ়ি মুখস্থ যেন হৈ থকা সাহিত্য, নেওঁতা, ভূগোল, সাধাৰণ জ্ঞানৰ পাঠবোৰ মাৰ কাণত অহৰহকৈ পৰি থকাকৈ আওৰাই থাকোঁ যদিও মনটোৱে পিছে ওমলা ঘৰৰ চোতালখনত এভুমুকি মাৰি আহি মোকো তালৈ লৈ যাবলৈ ভাকুট-কুটাই থাকেহি। কাণ দুখনকো এফালে মাৰ আখলৰ খুটুং খাটাং শব্দবোৰ শুনি শুনি সঠিক বতৰাটো মোৰ মগজুত যথাযথকৈ পহুচাই দিব পৰাকৈ কামত লগাই ৰাখোঁ। চকুকেইটা কিতাপৰ পাততকৈ সৰহ সময় চুবুৰিৰ আলিটোত হে থাকেগৈ। কোনোবা এটাই ফলি-পুথি সামৰি বাজলৈ ওলালেই, তাৰেই গইনা দি আমিও বাজ ওলাবলৈ খোপনি এটা পাওঁ। মায়ে—“আহ তহঁতে জলপান খাহি’—বুলি চিঞৰটো মাৰিলেই, অতিপাত ‘কামত চিজিল’ ল’ৰাৰ দৰে, কিতাপকেইখন আকৌ যাতে  মাৰ এটামান হেঁচুকনিত বাহিৰ ওলাব নোৱাৰে, তেনেকৈ স্কুলৰ কিতাপ বহী নিয়া মোনাটোত আঁটি আঁটি ভৰাই, কিতাপৰ মোনাটো ঠাইতে থৈ, “লোকে বোলে সৰস্বতী, আমি বোলো আই! কিবা যদি পাহৰোঁ, দিবা সোৱঁৰাই…” বুলি, স্কুলৰ লগৰবোৰৰ মুখেৰে শুনা ‘প্ৰমাণী মন্ত্ৰ এষাৰ’ মুখেৰে বিৰবিৰকৈ গাই, ‘আই সৰস্বতী’কো ‘তেলমালিচ’ অকণ কৰি দিনটোলৈ এদনীয়াকৈ উঠি যাওঁ।

ওমলাঘৰত গোটেই কেইটা গোট খোৱাৰ পিছতহে সিদ্ধান্ত হয়, আজিৰ এই অনাগত সময়খিনি কেনেকৈ খেদিব পাৰি। সঁচৰাচৰ টাংগুটি, টেঙাবল আদিয়েই আমাৰ মন পছন্দৰ যদিও ছোৱালীহঁতৰ অলপ আপত্তি। সিহঁতৰ মতে, উপেন-কি-বাইস্কুল কৰি গোটেইখিনি দুভাগ হৈ হৈ  দাৰিয়াবান্ধা বা এদিম চেদিম বাই খেলিলেহে সিহঁতে খেলিব। আমি তেতিয়া খেলবোৰকো লিঙ্গভেদকৈ ভগাই লৈছিলোঁ। কইনা-দৰা, চেংগুটি, কড়ি (কৰবী গুটি দুফালকৈ লোৱা) আদি খেলবোৰ ছোৱালীৰ খেল। হাইগুডু, টেঙাবল আদি সন্দেহাতীতভাবে ল’ৰা খেল। এই দাৰিয়াবান্ধা, এদিম-চেদিম বাই আদি যদিও উভয়লিঙ্গী খেল, তথাপিও আমাৰ দেখোন এইবোৰ খেলত দেহা শাঁত নপৰেই। গতিকে সাধাৰণতেই গৈ থৈ, টাংগুটিতে সকলোৰে খোপনিটো ৰয়গৈ। 

সেইদিনাও টাংগুটিৰ বাবে ‘ডাক ৰে ডাক’ কৰি, গোটেইখিনি দুভাগ হৈ, খেলখন আৰম্ভ কৰিবৰ সময়তে প্ৰদীপ আৰু ৰাতুলে মোক চকুৰ ইঙ্গিতেৰে একাষৰীয়াকৈ মাতিলে। মই সিহঁতৰ চেও-ভাও দেখিয়েই গম পালোঁ যে দুয়োটাই কিবা এটা বিশেষ পাঙিছে। কিন্তু ভাওনাৰ মহামন্ত্ৰীয়ে দূতক ক’বৰ দৰে, “ইটি কথা অতিকে গুপুত!..”

গতিকে ময়ো হাতৰ টাংডাল সিহঁতৰ ওচৰলৈ দলিয়াই, সেইডাল বোটলাৰ অচিলাৰে সিহঁতৰ কাষ পালোঁগৈ।  সিহঁতে মোৰ কাণত পৰা নপৰাকৈ ক’লে, 

“কমলাবাৰীলৈ যাবি নেকি? কমলা খাওঁগৈ ব’ল।”

এই কমলাবাৰী মাজুলীৰ কমলাবাৰী-সত্ৰ নহয় দেই। নুমলীগড়ৰপৰা চাৰি কিলোমিটাৰ উত্তৰ পশ্চিমে পাহাৰ লাইন নামে খ্যাত ৰাষ্ট্ৰীয় পথেৰে গৈ, লৱনঘাটৰপৰা কাৰ্বি পাহাৰৰফালে পশ্চিমলৈ আকৌ তিনি কিলোমিটাৰ পাহাৰীয়া ৰাস্তাইদি সোমাই গ’লে দে’থৰ নামে ঠাইৰ পাহাৰকেইটাতহে আছে সেই কমলাবাৰী। প্ৰস্তাৱটো যে লোভনীয়, সেইটোত সন্দেহ নাই। কিন্তু ঘৰত গম পাব লাগিলে যাবলৈটো নিদিয়েই, বৰঞ্চ আকৌ ঘৰলৈ মতাই নি ল.সা.গু, গ.সা.উ.ৰ অঙ্ক কৰিবলৈ লগাই দি গোটেই অভিযানটোৰ কণ-কঠীয়াকে মাৰি পেলাব। গতিকে সঁচাকৈয়ে ‘ইটি কথা অতিকে গুপুত!’

মই চকুৰে যিটো ইচাৰা কৰিলোঁ, সিহঁতে বুজিলে যে ইমান দূৰ বাট যাবলৈ হ’লে চাইকেলৰ যোগাৰ কেনেকৈ হ’ব। সিহঁতেও টিপতে ক’লে সিহঁত দুইটাৰে ঘৰত আজি বাপেকহঁতৰ চাইকেল দুখন আছে। ৰাতুল আৰু প্ৰদীপ দুয়োটাৰে বাপেকৰ আজি কলঘৰত কাম, বাগিচালৈ নেযায়। গতিকে অন্ততঃ এক বজালৈকে চাইকেল দুইখন এনেই থাকিব। প্ৰদীপে চাইকেল ওপৰত চলাব পাৰে। মই আৰু ৰাতুলে দুয়োটাই তলতহে চাইকেল চলাব পাৰোঁ, গতিকে আমি দুয়োটাই আধা আধা বাট ‘ডবল’কৈ চলাব লাগিব। সেইখিনিলৈকে কথাবোৰ খাজে-খাপে মিলি গ’ল। এতিয়া কথা হ’ল, ওমলা ঘৰৰ পৰা ছত্ৰভঙ্গ কেনেকৈ দিব পৰা যায়। বিশেষকৈ বুবু, ভনীহঁতৰ নিচিনা সেই ফুকলীয়া কেইটাক কথাবোৰৰ ফুট দিব নোৱাৰি। সিহঁতে গম পাব লাগিলে, মুহূৰ্ততে দেও-দোপাল পাৰি গোটেইখন ৰৌজাল-বৌজাল কৰিব। গতিকে তিনিওটাই তিনি ভাগে ছত্ৰভঙ্গ দি বাবু ক্লাবৰ আগতে লগ হ’মগৈ বুলি ফন্দি পাতি ললোঁ। ইতিমধ্যে প্ৰদীপে—-“মোক দেউতাই গৰুদানা সিজাবলৈ কৈ থৈ গৈছে, মই যাওঁ দেই”—- বুলি ফালৰি কাটিলেই। ৰাতুলেও ছেগ বুজি—- “মোক নিমখ আনিবলৈ দিছিলে; দহ পইচাটো জেপতে আছে”—–বুলি সিও ফান কাটিলে। মইহে হেবাংটোৰ নিচিনাকৈ ৰৈ থাকিলোঁ। গতিকে ক্ষন্তেকতে ময়ো—-“ঐ মোৰ খাজনা দিবলৈ লাগিছে’ মই ফটকৈ খাজনাটো দি আহোঁগৈ দেই”—–বুলি বৰপানী চোৱাৰ অচিলাৰে ওমলাঘৰ এৰিলোঁ। তাৰ পিছত আকৌ ঘৰত গৈ মুখ দেখা দিবগৈ নোৱাৰি। তিনিওটা গৈ বাবু ক্লাবৰ ওচৰতে লগ হলোঁ। তাৰ পৰা আমাৰ কমলাবাৰীলৈ গৈ কমলাখোৱাৰ অভিযান আৰম্ভ হৈ গ’ল।

দে’থৰৰ কমলাৰ কথা বৰকৈ অইনত নুশুনোঁ যদিও জনাই জানে, এইকেইটা কমলা বৰ ডাঙৰ ডাঙৰ আৰু বৰ সোৱাদ লগা। তেতিয়া দেওবাৰে পুৱাতে কাৰ্বি বুঢ়া কেইজন মানে পিঠিত হোৰা কঢ়িয়াই নুমলীগড়ৰ দেওবৰীয়া বজাৰত বেচিবলৈ, হোৰা-হোৰে কমলা আনে। মূল দেওবৰীয়া বজাৰখন গৈ পোৱাৰ আগতেই আমাৰ চুবুৰীৰ আলিটোৰ মূৰতে পিঠিত হোৰা লৈ অহা কোনোবা এজনকে আব্বাই ক’ (ককাই) বুলি কৈ ৰখাই লৈ কমলা দৰায়। গোটে দহ পইচা। টকাৰ কিন্তু এঘাৰটা। আব্বাই হোৰাৰপৰা এটা লৈ মোক খাবলৈ দি টেঙা নে মিঠা সোধে। দুটকাৰ কমলা লোৱাৰ পিছত ক’ই মোক এটা কমলা তেওঁৰ ফালৰ পৰা দিয়ে। গতিকে দুটকাৰ মুঠ চৌব্বিশটা কমলা। এতিয়া কাৰোবাৰ অ‍াগত সেইবোৰ ক’লে— “কথা সাজিবলৈ ঠাই নেপালি”— বুলি ধৰি লৈ পিঠিতে ‘ঢাম ঢাম’কৈ ঢকিয়াবহে!

আমি গৈ গৈ নুমলীগড়ৰ বাবাথান আৰু দেও পৰ্বত পাৰ হৈ, লৱনঘাটৰ পৰা কাৰ্বি পাহাৰলৈ যোৱা আলিটোৱেদি সোমাই গ’লোঁ। কেঁচা আলিটোৱেদি মাজে মাজে চাইকেলখন পিৰপিৰকৈ এঢলীয়া আলিটোত এৰি দিব পাৰি। আকৌ পাহাৰৰ হেলনীয়াত উঠিবলৈ হ’লে তিনিওটাই চাইকেলৰ পৰা নামি চাইকেল ঠেলি ঠেলি ওপৰলৈ উঠোঁ। 

এঠাইত গৈ পালোঁগৈ কালিয়নী নৈৰ পাহাৰীয়া সুঁতি এটা। সুঁতিটোৰ ওপৰৰ কাঠৰ দলংখন যোৱাটো বাৰিষাত পাহাৰীয়া বৰষুণৰ বানে উটুৱাই নিলে। নৈখনত আঠুৱনীয়া পানী। গাড়ী-মটৰৰ নামত শিল কঢ়িওৱা ট্ৰাকবোৰ, নৈখনৰ পানীয়েদিয়ে চলাই পাৰ হৈ যায়। মানুহবোৰে নৈৰ পানী গচকিয়েই পাৰ হয়। নৈৰ তলিখন গোটেই সৰু ডাঙৰ ঘূৰণীয়া ঘূৰণীয়া নানা ৰঙৰ শিলেৰে ভৰা। আমি তাতে নামি নৈৰ খৰকৈ বৈ থকা পানী ঘোদালি ঘোদালিয়ই এপৰমান খেদালোঁ। কিছু পৰৰ পিছতহে আমি তিনিওটাই আলচিলোঁ যে এতিয়া এনেকৈ পানী খেলি থাকিলে ইয়াৰপৰাই ওভতিবৰে সময় হ’বগৈ। আজি আৰু কমলা খোৱা নহ’বগৈ। গতিকে কমলাবাৰীৰপৰা ওভতিবৰ পৰতে যদি সময় হয়, তেতিয়া আকৌ অলপপৰ ইয়াতে পানী খেলিমহি। এই বুলি নিজৰ বুকুত শিল থৈ সজোৰে মনটো বান্ধি আকৌ আমাৰ লক্ষ্যলৈ বুলি চাইকেল চলাই দিলোঁ। 

তাৰ পিছৰছোৱা পথ কমলাবাৰীলৈকে গোটেই ছোৱা চৌপাশে অকল শিলাময় পাহাৰবোৰহে আছে। পাহাৰৰ নামনিয়ে নামনিয়ে এফালে এই নৈখনৰ দাঁতিয়ে দাঁতিয়ে কিছু দূৰ যোৱাৰ পিছতে আদহীয়া কাৰ্বি মানুহ এজনে আমাক বাট আগচি ধৰি সুধিলে,

“ক’ত যাৱ তহঁত কেইটা?”

হাতত কাৰ্বি দাখন লৈ টমাল চাচি থকা মানুহটোৱে হাবিতলীয়া বাটটোতে তেনেকৈ  আগচি ধৰি, ভাং খোৱা যেন ৰঙা ৰঙা চকুকেইটাৰে টেলেকাকৈ চাই কথা সোধাৰ গ’তটোতে আমাৰ তিনিওটাৰে ‘হাগিম নে মুতিম’ যেন লাগি গ’ল। পিছে, তেনেবোৰ সময়তে ইহঁত দুয়োটাৰে ভৰষা মোৰ ওপৰতে। ময়ো সেইখিনি সময়ত মুঠেই ভয় নোখোৱা যেন দেখুৱাই নিৰ্বিকাৰ ভাৱে ক’লোঁ, 

“টেনিচন দাদাই নিজেই আমাক মাতিছিলে। সেই কাৰণেহে আহিছোঁ। নহলে আমাৰ আহিবলৈ কোনো দৰকাৰ নাই।”

কথাটো “অশ্বত্থামা হত….” ৰ দৰেই অৰ্ধসত্য! টেনিচন দাদাই মাজে সময়ে আব্বাৰ লগত কিবাকিবি কথা পাতিবলৈ আমাৰ ঘৰলৈ আহে। তেনেকৈ কথা-বতৰা পাতি থকাৰ মাজতে মই মায়ে বাকি দিয়া চাহটোপা দিবলৈ আহোঁতে টেনিচনদাই আব্বাক তেওঁলোকৰ দে’থৰৰ ঘৰলৈ এবাৰ ফুৰি আহিবলৈ বুলি মতা মই নিজেই শুনিছিলোঁ। গতিকে ‘আৰ ছিগা চুলি, তাৰ ছিগা চুলি, তাৰে বান্ধো নেঘেৰী-খোপা’! দৰৱে বঢ়িয়া কাম দিলে। গতিকে সেই ৰঙাচকুৱা আদহীয়া মানুহজনে অলপ আগতে আমাৰ পিলাই চমকাই দিয়া দা খনেৰেই টোঁৱাই মেলি, টেনিচন দাৰ ঘৰটোলৈ কোনফালে যাব পাৰি দেখুৱাইহে দিলে। 

তাৰ পিছৰপৰাই পাহাৰ কেইটাৰ ওপৰলৈ যিমানে চকু পৰিল, আমি দেখিয়েই তেনেই ‘উলাহৰ মাদলী’ হৈ পৰিলোঁ। পাহাৰৰ একো-একোটা টিলা কমলাবুলীয়া ৰঙেৰে তলৰপৰা ওপৰলৈকে চানি ধৰা দেখি, আমাৰ নিজৰে ‘কি কৰোঁ, কি নকৰোঁ’ লাগিল। চাইকেল তলতে থৈ আমি পাহাৰৰ এঢলীয়াছোৱা যিমান পাৰি খৰকৈ গৈ গৈ আমি যেন পাহাৰৰ গোটেই কমলাগছবোৰৰ তলিখন হে এবাৰ গৰকি আহিমগৈ এনে লাগিল। গছৰ ডালবোৰ কমলাৰ ভৰত দোঁ খাই দোঁ খাই পৰিছে।গছৰ তলত পৰি থকা, তলসৰা কমলাবোৰত আমাৰ চকুৱে মুঠেই মন নভৰায়। আমি নিজে গছৰপৰা ছিঙিহে কমলা খাম। কোনোটো কমলালৈ হাত মেলি যদিহে ওপৰৰ বাকলিখনত সামান্য আঁচ এদালো দেখিছোঁ, তেনে সেইটো এৰি অইন এটালৈহে হাত মেলোঁ। তেনেকৈ তিনিটামান কমলাটেঙা খোৱাৰ পিছত, পেটলৈ আৰু এফুটাও কমলা নোসোমোৱা অৱস্থা হ’ল। মুখৰ আগতে, গোটেই পাহাৰ ঢাকি থোৱাকৈ লমা-লমে কমলা লাগি দোঁ খাই থকা কমলাৰ গছ। আমাক ছিঙিবলৈ হাক দিওঁতাও কোনো নাই। তেনেস্থলত আমাৰ পেটত আৰু কমলা ঠাহি ঠাহি সুমুৱাবলৈ ঠাই নাই। তিনিওটাৰে ‘পেটে আঁটে, চকুৱে নাঁটে’ অৱস্থা। 

শেষত ঠিৰাং কৰিলোঁ, অলপমান কমলা টেঙা ঘৰলৈ লৈ যাওঁ। অন্ততঃ, এনেকৈ মনে মনে ঘৰত নোকোৱাকৈ কমলাবাৰীলৈ অহাৰ যি দায় লাগিব, হাতত কমলা দেখিলে হয়তো পাবলগীয়া শাস্তি কিছু লাঘৱ হোৱাৰ সম্ভাৱনা আছে। পিছে কমলা নিওঁ কেনেকৈ! এবাৰ ভাবিলোঁ কিবা লতাজাতীয় ৰছী এডালকৈ গোটাই তাতে যি কেইটা পাৰোঁ সি লওঁ। সেইটোও কোনো কামৰ কাম বুলি পৰিগণিত নহ’ল। গতিকে বিকল্প ভাবিবলগীয়া হ’ল। সেইখিনি সময়ত মোৰ মগজুৱে উলিয়াবও পাৰে বিভিন্ন বুদ্ধি। তৎক্ষনাত পিন্ধি থকা চোলাটো খুলি, বনিয়ন চোলাটো গাৰপৰা সোলোকাই লৈ তাৰ তলতে টানকৈ আঁটিমাৰি গাঁঠি এটা দি ললোঁ। এতিয়া বনিয়নৰ হাতৰ বিন্ধা দুটাত ধৰিলেই বনিয়নটোৱেই এটা মোনাৰ কাম কৰিব। তাৰপিছত ৰবলৈ নাই। বাচি বিচাৰি পোন্ধৰটা মানকৈ কমলাটেঙা একো একোটা বনিয়নৰে সজা মোনাত সোমাল।

তেতিয়া হে আমাৰ মাজত কোনোবা এটাই উলিয়ালে যে

 “সময় বাৰু এতিয়া কিমান হ’ল!”

তাৰ পিছৰছোৱা তেনেই খৰ। এনেয়েও ‘ঘৰমুৱা খোজ দীঘল’ বুলি কথা এষাৰ আছেই। তাতে তাৰ লগতে আমি বাগিচাৰ ‘বাৰ বজা’ মানে, ভাৰতীয় সময় ‘এঘাৰ বজা’ৰ ভিতৰত ওভতি আহি  ঘৰত কোনেও ফুট পাব নোৱাৰাকৈ ঘৰ পোৱাহি কথা। তেতিয়া অন্ততঃ আমি ইমান আঁতৰলৈ গ’লোঁগৈ বুলি ‘চোভা’ কৰিব পৰাকৈ কোনেও সুৰুঙা উলিয়াব নোৱাৰিলেহেঁতেন! কিন্তু, এতিয়া যে বাগিচাৰ বাৰ বাজিবলৈ বাকী নাই সেইটো আমি তিনিওটাই নিজেই ন দি কব পৰা হৈছোঁ। তাৰ লগতে ‘হাঁহ চোৰৰ মূৰত পাখি’ৰ দৰে এই ভালুকৰ সাঙী যেন বনিয়নৰ মোনাত কমলাটেঙা কেইটা।গতিকে কপালক ধিয়াই, যিমানখিনি ভগৱানৰ নাম জানো মনেৰে গোটেইখিনি অ‍াওঁৰাই আওঁৰাই চাইকেল দুখন হনুমানে গন্ধমাদনলৈ উৰাদি উৰুৱাই পঠিয়ালোঁ। পৰি মৰিকৈ চাইকেলৰ পেদেল মৰা, লগতে ঘৰত গৈ হ’ব পৰা পৰিস্থিতিটোৰ সম্ভাব্য ভয়ঙ্কৰ পৰিবেশৰ দৰে ‘নিৰানন্দ জনক’ মানসিক অৱস্থা এটাৰ সৈতে ভাগৰত বুকুৰ ধপধপনি নিজেই শুনা হলোঁ। 

আমাৰ চুবুৰীটো সোমাই দেখিলোঁ, চুবুৰীলৈ সোমোৱাৰ সন্মুখতে আব্বাহঁতকে ধৰি গোটেই বাপেকহঁতৰ এটা জুম। কিছু আতঁৰলৈ মাকহঁতৰ এটা জুম! তাৰ পিছৰ খিনি আমাৰ কপালত কি আছে, সেইটো সহজেই অনুমেয়। তাতে গেলাতে টেঙা যেনকৈ গুনীনদাৰ ভালৰি লগোৱা কথা, “হেৰৌ সেইটো ৰাস্তাত পকা ধান খাবলৈ অহা হাতীৰ জাক এটা কেবাদিনো মানুহে লগ পাইছে। তহঁতক পোৱা হ’লে হাতীজাকৰ দঁতালটোৱে নেফানেফ কৰিলেহেঁতেন। ইফালে বাবাথানৰ আৰু দেওপৰ্বতৰ মাজতে পোৱালী মাইকী বাঘিনী এজনীয়ে পোৱালী লৈ ৰাস্তা পাৰ হোৱা কেবাটাও মানুহে পাই আহিছে। তহঁতৰ নো ইমান কমলাৰ খক লাগিলে নে!”……

অলপ পৰৰ পিছত প্ৰদীপহঁতৰ পিছ চোতালৰপৰা “আই ঐ, …… দে’তা ঐ ……., আজিৰপৰা নেযাওঁ ঐ …..” চিঞৰ, আৰু ৰাতুল হঁতৰ পিছ চোতালৰপৰা “অ’ ববা, ববা ঔ …….  মই বিদ্যা কৈছোঁ. ….. মই শপত কৈছোঁ ……” কৈ মৰা আৰ্তনাদৰ চিঞৰ ভাহি আহিছিল। মোক তেতিয়ালৈকে ভিতৰলৈ তলব কৰা হোৱা নাছিল। মই ভয়তে পেপুৱা লগা মনটোতে ভাবিছিলোঁ, মাজে-সময়ে যে বাতৰি কাকতত আমাৰ বয়সীয়া ল’ৰা একোটাহঁতৰ ফটো এখন দি, ওপৰত ‘নিৰুদ্দেশ’ আৰু ল’ৰাটোৰ নাম, গাৰ বৰণ ইত্যাদি লিখি থোৱা পিন্ধনত হাফ পেন্ট আৰু সেউজীয়া চোলা পিন্ধা ল’ৰা একোটাহঁত হেৰাল…. ইত্যাদি ইত্যাদি  বুলি যে বিজ্ঞাপন একোটা ওলায়।খবৰ দিওঁতাজনক উপযুক্ত মাননী দিয়া হ’ব বুলি লিখি, তলত আকৌ লিখে যে, ” ….., তুমি য’তে আছা, তুৰন্তে ঘৰলৈ ওভতি আহাঁ। তোমাৰ চিন্তাত তোমাৰ মা শয্যাগত …..”

…..সেই ল’ৰাবোৰেও চাগে মোৰ সেই সময়ৰ মানসিক অৱস্থাটোৰ সময়তে ঘৰৰ পৰা পলায়।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *