আপদীয়া পদ্য-স্বপ্নালী কলিতা
বৰানী বাইদেউৰ কথা বৰ বৰ
ধাৰতেই চলি থাকে কৰি দাম-দৰ
কথা পানী নসৰকা
দিয়ে হ’লে ডকাহকা
ধাৰ দিওঁতাই খুজি খুজি দিয়ে পৰ।
দিনৰ পাছত মাহ, বছৰ আহিল
পুৰণা কেছেটটো বাজিয়েই থাকিল
নিদিয়াকৈ ক’ত যাম
তোৰ টকা কিয় খাম
শুনি শুনি তিতা-কেঁহা সকলো লাগিল।
সেয়েহে টকাৰ কথা নেভাবোঁয়েই বুলি
চিন্তাৰ কাপোৰসাজ পেলালোঁ যে খুলি
কাণত ধৰিলোঁ টানি
ধাৰ দি নকৰোঁ হানি
বাহাদুৰ ধৰুৱাই পকাবহে চুলি।
এতিয়া বাইদেউৰ ফিল্ড পিছে নাই
আপোন মানুহো তেওঁৰ শেষ হৈ যায়
খোজে বুলি ধন ধাৰে
সকলোৱে লৰ ধৰে
তথাপিও ফুটনিটো নকমিল পায়।
☆ ★ ☆ ★ ☆