ফটাঢোল

বৰুৱানীৰ বিলৈ-উৰ্ব্বশী ভাগৱতী 

বৰুৱানী আৰু জীয়েক যেন ইজনী সিজনীৰ কাৰ্বন কপি। ইমান মিল মানে দুয়োৰে চেহেৰাৰ। অচিনাকী মানুহে প্ৰায়েই ভুল কৰে বায়েক ভনীয়েক বুলি। ছোৱালীজনীও মাকৰ সমানেই ওখ। আমাৰ বৰুৱানীও আকৌ কম নহয় দেই, নিজকে ফিট ৰাখিবলৈ ডায়েটিং, জিম সকলো কৰে। অৱশ্যে নশলাগিও নোৱাৰি দেই, যথেষ্ট ধুনীয়া মানুহগৰাকী।মাক জীয়েকক বায়েক ভনীয়েক বুলিলে আকৌ বেছিকৈ বুকু ফুলে বৰুৱাদাৰ। তথাপি মানুহটো অলপ চিপচ। বুকু ফুলিলেও বৰুৱানীয়ে জিমৰ নামত পইচা এগাল খৰচ কৰাটো মুঠেই সহ্য নহয় মানুহটোৰ। বৰুৱানীক মানা কৰিবলৈও ভয় লাগে তেওঁৰ টেলেকা চাৱনী মনলৈ আহিলে। বাৰু যি হওক, ছোৱালীয়েও লগৰমখাৰ আগত খুউব জহায়, মোৰ মা অমুক, মোৰ মা ভুচুক। মোৰ মাৰ ফিগাৰ কি ধুনীয়া দেখিছ। ময়ো পাইছোঁ জিনেটিকেলি… ইত্যাদি ইত্যাদি। লগৰমখাৰ কাণ পকে শুনি শুনি। কোনোবা এজনীয়ে এদিন কৈয়েই দিলে, 

“ঐ তোক চাবলৈ আহি মাৰকে পচন্দ নকৰিলেই ৰক্ষা!”…

হয় দেই, দিনবোৰ গৈ থাকিল। বৰুৱানীৰ ছোৱালী স্কুল এৰি কলেজ পাছ কৰি ইউনিভাৰ্ছিটিও পালেগৈ। বৰুৱা দা আৰু বৰুৱানীয়ে লাহে লাহে জীয়েকৰ বিয়াৰ কথা ভাবিবলৈ আৰম্ভ কৰিছে আৰু! তেনেকুৱা সময়তে কাণত পৰিল, জীয়েক বোলে কাৰোবাৰ প্ৰেমত মছগুল। ভয়তে তত নাইকীয়া হ’ল বৰুৱানীৰ। সেইৰাতি টোপনিয়েই নাহিল তেওঁৰ। পুৱাই বৰুৱাৰ মিঠা টোপনি ভাঙি লাল চাহ একাপ খুৱাই নিজেও‌ খাই লৈ ধুমধামকৈ গুৱাহাটীলৈ যাত্ৰা কৰিলে। জীয়েকক খবৰো দিয়া নাই। খং এটাও উঠি আছে বৰুৱানীৰ তাইৰ ওপৰত।

সোণাপুৰ পাওঁতেই বৰুৱাদাৰ পেট পকাই উঠিল ভোকত। অৱশ্যে বৰুৱানীৰো ভোক নলগা নহয়। চিন্তা সোপা কাটি কৰি দুয়ো সোমাই পৰিল ধাবা এখনত।বৰুৱানীয়ে মুখখন ধুই আহোঁ বুলি চিধাই ৱাচৰূমলৈ পোনালে। এইফালে বৰুৱাদাই বিভিন্ন খোৱা বস্তু  অৰ্ডাৰ দিয়াত লাগিল।এই ক্ষেত্ৰত চিপচামি নকৰে তেওঁ। মানে মানুহটোৱে খাই ভাল পায়। বৰুৱানীয়ে মুখখন ধুইছে আৰু। হঠাৎ ঘটিল নহয় অঘটনটো। কথা নাই বতৰা নাই কোনোবা এটাই পিছফালৰ পৰা  বাহুদুটাত ধৰিলে নহয় তেওঁৰ। লগতে কথা,  

“ইমান ধুনীয়া চাৰপ্ৰাইজ এটা দিলা যে আজি। মই ভবাই নাছিলো ঘৰৰ পৰা ঘূৰি আহোঁতে তোমাক সোণাপুৰত লগ পাম বুলি। লাভ ইউ জান”!

…ছিঃ ছিঃ কোন ঔ এইপাত বুলি চিঞৰ এটা মাৰি উফাল মাৰি আঁতৰি গ’ল বৰুৱানী। লগতে উদ্যত হ’ল চেণ্ডেল খুলিবলৈ। 

“আই এম চ’ চৰি আণ্টি…মোৰ হ’ব লগীয়া পত্নী একদম আপোনাৰ দৰে পিছফালৰ পৰা। মই তেওঁ বুলিহে ভাবি…ইছ ৰাম, আই এম এস্কট্ৰিমলি চৰি আণ্টি, প্লিজ”…

ডেকা ল’ৰাটোৰ ভদ্ৰতাসূচক কথা বতৰা শুনি বৰুৱানীয়ে আৰু একো নকৈ ওলাই আহিল। এটা সময়ত খাই বৈ আকৌ যাত্ৰা আৰম্ভ কৰিলে তেওঁলোকে।

: মাজনী, এইবোৰ কি শুনিছোঁ আমি…

: মা, মা শুনা, অলপ বহি লোৱাচোন প্ৰথম। মই তোমালোকক‌ ক’বলৈ ওলাইছিলোঁয়েই কথাটো। ইমানো বেয়া ল’ৰা নহয় মা। ভাল কোম্পানী এটাৰ ইঞ্জিনিয়াৰ তেওঁ। ইয়াতেই থাকে। দুদিনৰ বাবে ঘৰলৈ গৈছিল আজি আহি পাবহি। মই মাতি দিম। তোমালোকে নিজেই কথা বতৰা পাতি ল’বা। হ’ব!…

অলপ যেন উশাহ ল’লে বৰুৱানীয়ে।

সন্ধিয়া জীয়েকক লৈ দুয়ো ওলাল চহৰৰ নামী ৰেষ্টুৰেণ্ট এখনলৈ। ল’ৰাটোও বোলে তালৈকে‌ আহিব। তিনিও বহি লৈ কফিৰ কাপত চুমুক দিছে। ল’ৰা অহাই নাই এতিয়াও। হঠাৎ জীয়েকলৈ কাৰোবাৰ ফোন অহাত উঠি গ’ল তাই।অলপ পিছতে কোনোবা এজনক জীয়েকৰ পিছে পিছে অহা দেখিলে বৰুৱাদা আৰু বৰুৱানীয়ে। 

: মা, পাপা, এয়া অম্লান”…

হে হৰি, কোনোমতে বৰুৱানীৰ মুখৰ পৰা কফি ওলাই নপৰিল। চকু টেলেকা হ’ল ল’ৰাটো ওৰফে অম্লানৰো। বৰুৱা দা আকৌ উঠি হেণ্ডছেক কৰাত লাগিল হ’বলগীয়া জোঁৱাৱেকৰ সৈতে। ইফালে জোঁৱাই কোনোমতে থিয় দি আছে।বৰুৱানীৰো মুখখন ৰঙা।

: কি হ’ল মা…

: তোৰ অম্লানকে সোধ…

অম্লানেও লাহেকৈ তাইক বাহিৰলৈ মাতি নি গোটেই ঘটনা বুজালে। হাঁহিত থাকিব পৰা নাই জীয়েকে। জীয়েকৰ হাঁহি দেখি আৰু খং উঠিল বৰুৱানীৰ।

: অ’ মা,  মোক লগৰ এজনীয়ে কলেজত এবাৰ কৈছিল, তোক চাবলৈ আহি মাৰকে পচন্দ কৰিব চাবি বুলি… 

বুলি সমস্ত ঘটনাৱলী ক’লে তাই, কেনেকৈ সোণাপুৰৰ ধাবাত তাই বুলি মাককে পিছফালৰ পৰা বাহুত ধৰিছিল অম্লানে। এইবাৰ হাঁহিত ফাটি পৰিল চাৰিওটা। বৰুৱাদাই এইবাৰ অৱশ্যে চাঞ্চ পাই কৈয়েই পেলালে, সেইবাবেই কওঁ বুজিছা, এই জিম-ছিমবোৰ বাদ দিবলৈ।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *