ফটাঢোল

ফ্ৰীজাতাংক-ৰঞ্জু হালৈ মুনি

এই ফ্ৰীজ বোলা বস্তুবিধৰ লগত মোৰ বেছি ৰাহি-যোৰা নাহে।ৰাহি যোৰা নাই মানে মোৰ লগত নিমিলে। মোৰ লগত মেটচ নকৰে।ঠাণ্ডা বস্তু খালে মোৰ টনচিল উঠে। গৰমৰ দিনত শীতল পানীয় খালেও ৰ’দত দিহে খাওঁ। মানে বটলটো কিনি আনি ৰ’দত দি থৈ গৰম হ’লেহে খাওঁ। দোকানত খালেও ফ্ৰীজৰ ভিতৰত থোৱাটো নাখাওঁ। দোকানীয়ে ফ্ৰিজৰ পৰা উলিয়াই দিলেও মই গালত লগাই থওঁ। গালখন ঠাণ্ডা পৰি থাকে। পইচা দি কিনা বস্তু যে। মাজতে বান্ধৱীজনীয়ে নতুনকৈ কিনা সিহঁ‌তৰ ফ্ৰিজটোৰ পানী খুৱাবলৈ বৰকৈ চেষ্টা কৰিলে। পিছে নোৱাৰিলে বিফল হ’ল।

: অলপ খাই চাচোন ভাল লাগিব।

গৰমৰ দিনত ফেন ওলাই থকা বটলটো উলিয়াই কেৰজেৰ কৰে। মিহিকৈ ফ্ৰীজ থকা লেবেলটোও দিয়ে।

: ইচ, আমি যেন ফ্ৰীজ কিনিবহে নোৱাৰোঁ। ফ্ৰীজত থোৱা পানী যদি চৌব্বিশ ঘণ্টা গৰম হৈ থাকিলহেঁতেন তেনেহ’লে মই এটা কিয় দুটা ফ্ৰীজ কিনিলোহেঁতেন।

তাই নুশুনাকৈ মুখৰ ভিতৰতে কওঁ। লেবেল কি তাইহে দিব পাৰে?

: এইবোৰ খাই বেমাৰসোপা গোটাই লোৱাত নাই দেই। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বোলে আধা মানুহৰ ফ্ৰীজৰ পানী খায়েই জ্বৰ হয়। যিটো জ্বৰৰ ঔষধ ক’তোৱেই নাই।

মুখ মেলি চাই থাকে তাই। ক’ৰনাৰ সময়ত ফোন কৰিও পৰামৰ্শ দিওঁ।

: ফ্ৰীজৰ পানী বেছিকৈ নাখাবি ক’ৰনাৰ ইয়ো এটা মূল কাৰণ।

মানে টানিটুনি ফ্ৰীজটোক মাজত লৈ কথা নক’লে নহয়েই।তাইৰ মনত ফ্ৰীজক লৈ এটা ভয় ভাব সোমাই গ’ল।

ফ্ৰীজক লৈ ভয়টো লাগি থকাৰ সময়তেই গ’লোঁ মাহীহঁ‌তৰ ঘৰলৈ। ছেপ্তেম্বৰ মাহ আছিল সম্ভৱত:। অলপ ঠাণ্ডা, অলপ গৰম মিশ্ৰিত বতৰ। চহৰৰ মানুহক আকৌ ফ্ৰীজটো লাগেই।পাচলিবোৰ নষ্ট হৈ যায় নহ’লে। মাহীয়ে দিনতেই মোক দেখুৱাইছে ফ্ৰীজটো।

: চা মুনি আমাৰ ফ্ৰীজটো দুখলপীয়া।

: অ’ বিল্ডিং টাইপ।

: নহয় অ’ বৰফখিনি ওপৰত আছে এয়া চা।

এইবুলি ফ্ৰীজটোৰ প্ৰথম মহলাৰ দৰ্জাখন খুলি দিলে। এসোপা ধোঁৱা মোৰ গালৈ ওফৰি আহিল। জীৱনত প্ৰথম দুমহলীয়া ফ্ৰীজ দেখিছোঁ। মোৰ ৰাপ নোহোৱা বস্তুটোৰ প্ৰতি আকৰ্ষণো নাই।

: ইয়াৰ ভিতৰত জুই আছে নেকি?

: কিয়?

মোৰ প্ৰশ্নত মাহী আচৰিত হ’ল।

: ধোঁৱা ওলাইছে যে কিয়?

: বৰফৰ ধোঁৱা ওলায়েই।

বৰফৰ ধোঁৱা ওলোৱা আজিহে দেখিলোঁ। ফ্ৰীজটোৰ দৰ্জাখন ধমকৈ বন্ধ কৰি থৈ দিলোঁ।

ৰাতি মই ফ্ৰীজটোৰ কাষৰ বিছনাখনতেই থাকিলোঁ। এইবাৰহে এইবাৰ। মাহীয়ে পুৱা খাবলৈ ৰাতিৰসাঁজত ৰন্ধা কুকুৰাৰ মাংস, ভজা মাছ আদি ফ্ৰীজটোত মোৰ হাতেৰে ভৰাই থৈছিল।

ক্ৰমে নিশা গভীৰৰ পৰা গভীৰ হৈ গৈ আছিল। হঠাৎ ফ্ৰীজটোৰ পৰা কুকুৰাই ডাক দিবলৈ ধৰিলে,

: মনে মনে কণী পাৰি থাক ইমান চিঞৰিব নালাগে বুলি বেডকভাৰখন মূৰে গায়ে টানি ল’লোঁ। তেতিয়ালৈ মই ঘৰত থকা বুলি ভাবিছোঁ।

: মুনি সপোন দেখিছ নেকি?

মাহীয়ে চিঞৰি আছে।

অলপ পিছত দেখিলোঁ এজাক ৰৌ মাছ মোৰ বিছনাৰ চাৰিওফালে সাঁতুৰি আছে।

: কালি ৰাতিপুৱা বৰশী বাম।

: অ’ মুনি উঠি পানী অলপ খাই ল। তোক আজি কিহে পালে জানো।

মাহীয়ে আকৌ সিটো ৰূমৰ পৰা চিঞৰিছে।

অলপ পিছত দেখিলোঁ একুৰা জুই ফ্ৰীজটোৰ পৰা মোৰ ফালে ওলাই আহিছে। আহি আহি মোৰ বিছনাৰ কাষ পাওঁ পাওঁ। কোনোবাই ফায়াৰ ব্ৰিগেডক খবৰ দিছে। ঘৰ ঘৰ শব্দৰ মেচিন চলিছে।

“জুই, জুই” বুলি যিমানে চিঞৰিব চেষ্টা কৰিছোঁ সিমানে মোৰ মাতটো নোলোৱা হৈ আহিছে। মই চিঞৰিব চেষ্টা কৰিছোঁ।মোৰ মাতটো উলিয়াব পৰা নাই। আকৌ চিঞৰিছোঁ। নাই  জুইকুৰা মোৰ ওচৰ চাপি আহিছে।

: ঐ মুনি কি হৈছে তোৰ?

: জুই মাহী,বিৰাট জুই।

: ধেই ক’ত জুই?

: ফ্ৰীজৰ পৰা জুই আহিছে। কেনেকুৱা শব্দ হৈ আছে।

: ফ্ৰীজ চলি থাকিলে অলপ শব্দ হৈ থাকে।

ভালকৈ উঠি বহি শুনিলোঁ হয় সেইয়া ফ্ৰীজটো চলি থকা শব্দ।

আজি ফ্ৰীজে আতংক সৃষ্টি কৰাৰ আগতেই ফ্ৰীজে মোক জ্বলা-কলা খুৱাইছিল। ফ্ৰীজক লৈ মোৰ কোনো আকৰ্ষণ নাই। ফ্ৰীজ মই ভাল নাপাওঁ। অৱশ্যে মোৰ ভালপোৱা বা বেয়া পোৱাই ফ্ৰীজৰ জনপ্ৰিয়তা লাঘৱ কৰিব নোৱাৰে। বৰ্তমান যি পৰিস্থিতি আহি পৰিছে ফ্ৰীজ বনোৱা কম্পেনীবোৰ বন্ধ কৰি দিব লাগে। এনেও বৰ বিশেষ কামৰ বস্তু নহয় এই ফ্ৰীজটো।শুনামতে বহু যুৱকে যৌতুকত ফ্ৰিজ নানিবলৈ স্পষ্টভাবে কৈ দিছে। লাগিলে কিনি দিম বুলিও কৈছে। এটা ফ্ৰীজতকৈ নিজৰ জীৱনৰ মূল্য অধিক। ফ্ৰীজৰ সলনি নকইনাক থাপনা লগত লৈ যোৱাৰ মত পোষণ কৰিছে বহু অবিবাহিত যুৱকে।তাৰ লগতে ভগৱানৰ দুকপি মান ফটোও লগত লৈ যোৱাটো তেওঁ‌লোকে বিচাৰে। যাতে নকইনাই ফেচবুক, হুৱাটচ এপত ব্যস্ত থকাতকৈ ভগৱানক আৰধনা কৰি সময় অতিবাহিত কৰিব পাৰে। নতুনকৈ বিয়া পাতিম বুলি ভবা বহুতো যুৱকে বোলে নিজৰ ঘৰৰ ফ্ৰীজবোৰ বিক্ৰীও কৰি দিছে। এতিয়া চাৰিওফালে কেৱল ফ্ৰীজৰ আতংক। জলাতংকতকৈও ভয়াৱহ ফ্ৰীজাতংক, যাৰ কোনো চিকিৎসা নাই।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *