আও হৰি, আও ৰাম-ধীৰাজ কুমাৰ বায়ন
এদিন নগেনে বন্ধু খগেনক ফুৰিবলৈ যাবলৈ লগ ধৰিলে। কথামতেই কাম। পিছদিনা দুয়ো বন্ধু পুৱা ৭মান বজাত গাড়ীত উঠিল।
দুপৰীয়া প্ৰায় ১.৩০ মান বজাত ফুৰিবলৈ যোৱা মানুহজনৰ ঘৰত উপস্থিত হ’ল। তেওঁলোকক দেখা পাই গৃহস্থই আঁঠুলৈ সেৱা ল’লে। খগেনেও ভক্তি ভাৱৰ পৰিৱেশটো দেখি ভাল পালে আৰু মানুহ ঘৰৰ প্ৰতি এটা শ্ৰদ্ধাৰ ভাৱ উপজিল।
এইপিনে পুৱাই ঘৰত যি চাহকাপৰ লগত দুখন বিস্কুত খাইছিল। তাৰ পিছত পানী এটোপালো পেটত পৰা নাই। অৱশ্যে খাবলৈ সময়ো পোৱা নাছিল। সেয়ে খগেনৰ ভোকতে অৱস্থা কাহিল। ভোক লগাটো স্বাভাৱিক দিয়কচোন।
খগেনে কথা পাতি আছে যদিও নজৰ কিন্তু পাকঘৰৰ পিনেহে আছিল। কেতিয়া প্লেটত সজাই লৈ আহিব….
এনেতে গৃহস্থৰ মানুহগৰাকীয়ে বাণবাতি ভৰ্তি কৰি খমখমীয়া ম’হৰ দৈ, চিৰা লৈ আহিল। ভোকতে পেট কলমলাই থকা খগেনৰো খোৱা বস্তুখিনি দেখা পাই প্ৰাণ পোৱা যেন পালে। নগেনে খগেনৰ অৱস্থাটো দেখা পাই হাতেৰে অকণমান ৰ’বলৈ ইংগিতো দিলে। খগেনৰ কাৰো পিনে চোৱাৰ যেন সময় নাই। সকলোখিনি যেন একেবাৰে গো-গ্ৰাসে গিলিহে পেলাব। তৎক্ষণাত বাতিটোৰ পৰা চামুচেৰে দৈ চিৰা লৈ মুখত ভৰাইছে।
তেনেতে গৃহস্থৰ আইগৰাকীয়ে আঁঠু লৈ প্ৰাৰ্থনা আৰম্ভ কৰিলে।
বেছেৰা খগেনে মুখত ভৰোৱা দৈ চিৰাখিনিক লৈ মহা সমস্যাত পৰিল। না খাব পাৰে, না গিলিব পাৰে। নোচোবোৱাকে আকৌ গিলিবও নোৱাৰা হৈছে। সেয়ে মুখৰ বস্তু মুখতেই ৰাখি প্ৰাৰ্থনা কৰিব খোজোঁতে উ উ শব্দহে ওলাল। সেয়ে উপায় নাপাই লাজ লাজকে বাতিটো থৈ চকু বন্ধ কৰি হাতযোৰ কৰিলে। প্ৰাৰ্থনা শেষ হোৱাত খগেনে চকু মেলি মূৰটো উঠাইছেহে মাথো…
এইপিনে বন্ধু নগেনে খাদ্য বস্তুখিনি ভগৱানক আগবঢ়াই দিওঁতে থওঁতে কিবা যদি অপৰাধ হৈছে। সমস্ত অপৰাধ মাৰ্জনা কৰি বুলি আৰম্ভ কৰি নেৰেহে নেৰে …
হে কৃষ্ণ প্ৰভূ ,মোৰ ভোকত প্ৰাণ বায়ু উৰি উৰি যাওঁ অৱস্থা। মুখৰ দৈ, চিৰাখিনি গিলিবও পৰা নাই। কি যে এক বিড়ম্বনাত আছোঁ সেয়া মই আৰু ভগৱানেহে জানো। ই বেটাই আজিহে ইমান দীঘলীয়া কৰিব লাগেনে বুলি তাৰ পেটে পেটে খঙো উঠিল। চিৰাখিনিৰ কাৰণে বেচেৰাটোৱে একো ক’বও নোৱাৰা হৈছে। ধেৎতেৰিকা, কেতিয়া নগেনে শেষ কৰিব তাৰ অপেক্ষাত খগেনে উচপিচাই সেৱালৈ ৰৈ থাকিল।
অৱশেষত যেতিয়া সকলোৱে আও হৰি আও ৰাম বুলি প্ৰাৰ্থনা সমাপ্ত কৰিলে, তেতিয়া ভোকত অস্থিৰ হৈ থকা খগেনে মুখৰ দৈ চিৰাখিনি কোনোৰকমে দৌৰাদৌৰি কৰি চোবাই গিলিহে জীৱনটো ঘূৰাই পোৱা যেন অনুভৱ হ’ল।
এই পিনে ঘৰৰ বোৱাৰীজনীয়ে চাহকাপ লৈ আহিল।
হে প্ৰভু, আকৌ! এইবাৰ বা আৰু কিমান সময় লয়! অকণমান পিছত আহিব নোৱাৰিলানে। কমচেকম বাতিৰ চিৰাখিনিটো শেষ কৰিব দিয়া বুলি মনতে ভাবিলে….
পিচে বোৱাৰীজনীয়ে চাহকাপ থৈ সেৱা এটা লৈয়ে শেষ কৰিলে।
এইবাৰ খগেনে আৰু কোনোবা আহিব পাৰে বুলি কিছু সময় নোখোৱাকৈয়ে ৰৈ থাকিল। পিছত লাহেকে প্ৰভু গ্ৰহণ কৰিব পাৰোঁনে বুলি অনুমতি লৈ বোলে কৃষ্ণ কৃষ্ণ…
☆ ★ ☆ ★ ☆
10:34 pm
বৰ ভাল লাগিল পঢ়ি