ফটাঢোল

খাহী মাংসৰ আঞ্জা-অসমী গগৈ বৰুৱা

: হেৰা, ক’ত আছাহে?

: ইয়াতে আছোঁ।

: এইফালে আহাচোন।

: কি হ’ল কওক,

: ভাত ৰান্ধিলা নেকি?

: নাই ৰন্ধা। আপুনি ৰ’বলৈ কৈছিল।

: কেতিয়া?

: বজাৰলৈ যাওঁতে

: অ’… 

: কওক কিয় মাতিছিল,

: খাহী মাংস আনিছোঁ।

: ইমান গৰমত?

: একো নহয়, গৰমে গৰম কাটে।

: আপোনাৰো যে কথা!

: আজি মাংস মই ৰান্ধিম

: আপুনি ৰান্ধিব!

: ব’লা ব’লা পাকঘৰলৈ ব’লা।

: হেৰি, আগেয়ে কাপোৰ সলাই মুখ হাত ধুই লওক,

: ঠিক আছে। তুমি তেতিয়ালৈকে মাংস ধুই আদা নহৰু পিচি থোৱাচোন।

: হ’ব।

: কেৰাহি, হেতা, পিঁয়াজ, আদা, নহৰু সৱ সাজু… বঢ়িয়া।

: আৰু কিবা লাগে যদি কওক, নহ’লে মই বেলেগ কাম কৰিমগৈ,

: ৰ’বা ৰ’বা, চোৱা আৰু শিকাচোন মোৰ পৰা।

: আপোনাৰ পৰা শিকিম?

: চাই থাকা, কাঁহী চেলেকি খাবা।

: হ’ব বাৰু,

: হেৰা মাংসখিনি অলপ মঠি দিয়া, মই চুলে হাতখন গোন্ধাই থাকিব।

: মঠিলোঁ।

: মছলা কি কি দিলা বাৰু?

: জিৰা আৰু ধনীয়াগুৰি

: আদা নহৰু পিচা?

: দুচামুচ দিছোঁ।

: তুমি জানা দেই

: আজিহে গম পালে নেকি?

: হাঃ হাঃ… মিঠাতেল অলপ দিলা?

: দিলোঁ। কেৰাহিটো পাতক আকৌ,

: শুকান জলকীয়া দুটা দিয়া,

: কটা পিঁয়াজখিনিৰ কাষতে আছে।

: বঢ়িয়া।

: বাকী মছলা চছলা বিলাক সোঁকাষে আছে।

: হেৰা তেজপাত ক’ত, তেজপাত?

: অ’… চাওঁগৈ ৰ’ব। তেজপাত নাছিলেই ,

: তেজপাত নথকা ঘৰ! কি আচৰিত!

: কি নো ডাঙৰ কথা, নাথাকিলে নিদিলেই হ’ল।

: কি আচৰিত কথা কৈছা হে? তেজপাত নোহোৱাকৈ মাংস ৰন্ধাৰ কথা ভাবিবই নোৱাৰি।

: পাছত পেলাইহে দিয়া হয়

: হ’লেও তেজপাত লাগিবই

: মোৰ কিন্তু কথাটো বৰ বেয়া লাগে

: কি কথা?

: এই যে কামটো হৈ যোৱাত পাছত তেজপাতবোৰ পেলাই দিয়া হয়!

: কি যে কথাবোৰ ভাবি থাকা নহয় তুমি!

: কথাবোৰ কেতিয়াবা নিজৰ লগতো মিলি যায় যে!

: থোৱা হে, কেঁচা জলকীয়া দুটা কাটি দিয়া আকৌ,

: তাতে আছে, কাটি লওক

: তুমি কাটি দিয়া

: লওক

: মাংসত দিবলৈ অমিতা আনিছিলোঁ, মোনাতে আছে।

: এইটো লওক

: কাটি দিয়া আকৌ। মোক খজুৱাব।

: হেৰি, আপোনাক যোগাৰ ধৰি থাকোঁতে  বেলা যাব দেখোন মোৰ,

: এনেয়ে মাংস খাবলৈ পাবা নেকি?

: আমি মানে মাংস খাই পোৱাই নাই!

: ৰ’বাহে, ইমান কথা কৈ থাকিলে কেনেকৈ ৰান্ধোঁ?

: কথা মানে মইহে কৈ আছোঁ?

: তুমি মোলৈ চাহ একাপকে বাকা, ভাগৰ লাগি গৈছে।

: মাংস ৰান্ধিলেও ভাগৰ লাগে?

: চাহ দিবানে?

: দিছোঁ।

: মই অলপ বহোঁগৈ, তুমি আঞ্জাখন চাবা। 

: হ’ব বাৰু,

: হ’ব বাৰু নহয়, লাগি ধৰিলে শেষ আৰু, মোৰ ইমান কষ্ট অথলে যাব।

: হয় হয়, আপুনি আজি এদিনতে বহুত কষ্ট কৰিছে।

:…

☆ ★ ☆ ★ ☆

3 Comments

  • ভাল লাগিল৷

    Reply
  • বন্দিতা জৈন

    ভাল লাগিল

    Reply
  • লক্ষ্মী প্ৰভা

    গোকাট সচাঁ কথা ৰে গল্প টো সুন্দৰ কৈ লিখিছে দেই।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *