আজলী নবৌ-মাতু কুকুৰাচোৱা
তেনেই সৰল নবৌজনী, নিকা অন্তৰৰ বৌজনীয়ে বাহিৰৰ জটিলতা বুজিও নাপায় আৰু ভাবিও নাথাকে। নিজস্বভাৱে থাকি ভালপোৱা নবৌজনীয়ে সেইবাবে সমস্ত পৃথিৱীখনকেই সৰল বুলিয়েই ভাবে। পাৰে যদি সহায় কৰে, নোৱাৰিলেও মাত দিয়ে সাহস দিয়ে।
আলফুলীয়া অনুভৱবোৰে তলমলাই থাকে মানুহজনীৰ হৃদয়খন। নাথাকিবনো কিয় ফুলক ভালপোৱা মানুহ তেওঁ। কাঁইটক একাষৰীয়া কৰি ফুলৰ সুবাস বুটলিব জানে। নবৌৰ মুখত ধুনীয়া ধুনীয়া কথাবোৰ শুনি তেওঁক শুভাকাংক্ষীসকলে হাতত কলমটো ল’বলৈ অনুপ্ৰেৰণা যোগালে। কিতাপ পঢ়ি ভালপোৱা মানুহজনীয়েও কলমক সাৰথি কৰি ল’বলৈ সৰহপৰ নালাগিল। শব্দ আৰু ভাবৰ সংযোজনে সোণত সুৱগা চৰালে লেখনিসমূহত। দুই-এটা নতুনকৈ খোলা ফেচবুকত আপলোড কৰিলে। লাহে লাহে তেখেতৰ লেখাবোৰেও ফেচবুকত সমাদৰ লাভ কৰি পাঠকক মোহিত কৰি তুলিলে। ফ্ৰেইণ্ডৰ সংখ্যাও বাঢ়ি আহিল। জনা-বুজা মানুহ তেওঁ। ভালদৰে চাই-চিতি দুই-চাৰিজনক নিজৰ বন্ধুৰ তালিকাত স্থান দিলে। তেনেদৰেই চলি থাকিল দিনবোৰ। লিখা-মেলা বাহিৰে তেওঁ ঘৰৰ কামৰ পৰা আজৰি হৈ কেতিয়াবা এখন-দুখন ফটো আপলোড কৰাৰ বাহিৰে ফেচবুকত দিবলৈ তেওঁৰ সময় নাথাকে। গৃহস্থালি আৰু ল’ৰা-ছোৱালীৰ কথাই আগস্থান পোৱাৰ মানুহৰ সময় এনেও তাকৰ হয়।
এদিন নবৌৰ এখন মিটিং আছিল। মিটিঙৰ শেষত সকলোৱে মিলি ফটো চেশ্যন কৰিলে। লগৰসকলে মত দিলে বোলে, ‘ফটোবোৰ ফেচবুকত দিবা দেই। আমাকো টেগ কৰি দিবা।’ নবৌৱেও শলাগি থ’লে। পিচে ঘৰলৈ আহি লগে লগে সময়হে মিলাব নোৱাৰিলে। হ’লেও দুদিনৰ পাছত তেওঁ মিটিঙৰ উদ্দেশ্য সাৱলীলভাৱে উপস্থাপন কৰি সিদিনাৰ ফটোবোৰ আপলোড কৰিলে। তাৰ মাজৰে ফটো এখন চাই এজন জ্যেষ্ঠ সুহৃদে মন্তব্য দিলে,
“আপুনি দিয়া ফটোত সেয়া অমুকী নেকি বাৰু?
প্ৰত্যুত্তৰত তেওঁ ক’লে–
“হয় দাদা । তেঁৱেই হয়।”
তাৰপাছত আকৌ তেখেতে মন্তব্যতে তেওঁলোক বৰ্তমান ক’ত থাকে, তেওঁৰ দেউতাকৰ স্বাস্থ্য ইত্যাদি ধৰণৰ পৰিয়ালৰ বিষয়ে ইটো-সিটো কথা সুধিবলৈ ধৰিলে । তাকে দেখি বৌয়ে ক’লে –
: দাদা, মই আপোনাক মেছেঞ্জাৰতে সকলো জনাম দেই।
পিচে পিছদিনাহে হঠাৎ নবৌৰ মনলৈ আহিল কমেণ্টৰ কথা। ছেঃ ভদ্ৰভাৱে সুধিছিল মানুহজনে। বৰ অহংকাৰী বুলি ভাবিছে চাগে দেই তেখেতে মোক! সৰলমনা বৌজনীৰ নিজৰ ওপৰতে খং উঠিল। ইমান পাহৰিব লাগেনে বাৰু কথাবোৰ বুলি লৰালৰিকৈ মেছেঞ্জাৰটো খুলি মানুহজনৰ নামটো চাৰ্চ কৰি –
“হয় হয় তেখেতেই। আপুনি চিনি পাই নেকি”…
বুলি ফটোত থকা মানুহগৰাকীৰ বিষয়ে সবিশেষ জনালে আৰু লগতে-
“বেয়া নাপাব দেই মই ব্যস্ত আছিলোঁ বাবে আপোনাৰ উত্তৰ দিয়াত পলম হ’ল”-
বুলিও মেছেজ এটাও দি থৈ আহিল। পিচে এইবাৰ মানুহজনে লগে লগে চাই থৈ দিলে। একো উত্তৰেই নিদিলে।
তেনেকৈয়ে দুদিন পাৰ হ’ল। কিন্তু কাকো বেয়া নোপোৱা আজলী নবৌৰ এইবাৰ বেয়া লাগিল। হেৰৌ লগে লগে উত্তৰ নিদিলোঁ বুলিয়েনো এনেকৈ ব্যৱহাৰ কৰিব লাগেনে! মনটো সেমেকি আহিল তেওঁৰ। পিচে কথাখিনি কয়নো কাক? আবেলিলৈ এফালৰ পৰা আহি থাকোঁতে বাৰাণ্ডাতে বহি কিতাপ এখন পঢ়ি থকা বৌক মাত এষাৰ দিওঁতে তেওঁ ওলাই আহিল। দুয়োজনীয়ে ৰৈ ইটো সিটো কথা পাতোঁতে ওলাল বৌৰ মনত দুখ পোৱা কথাষাৰ। মই বৌৰ কথা জানো।
“চাওঁচোন মেছেজটো”
বুলি কোৱাত তেওঁ দেখুৱালে। মই হাঁহিত ৰ’ব নোৱাৰা দেখি
“ভূতে পালে নেকি? কি মৰিবলৈ হাঁহিছ”
বুলি মোলৈ চালে। মই তেওঁক মেছেজকেইটা দেখুৱালতহে উৰহী গছৰ ওৰ বাহিৰ হ’ল। বৌৰ লিষ্টত একে নামৰ দুজন মানুহ আছিল। তেওঁক প্ৰশ্ন সুধিলে এজনে আৰু বৌৱে উত্তৰ দিলে ইজনক। তেখেতে চাগে একো বুজিয়েই নাপালে। উত্তৰনো ক’ৰ পৰা দিয়ে।
“ধেই মোক কি বুলি ভাবিছে বাৰু?”
এইবাৰ বৌৰ মনত দোষী ভাবৰ সৃষ্টি হ’ল।
“এহ্ জানিব ভুলতে হ’ল বুলি। আৰু আপুনি নেদেখিলে নেকি দুইজনৰ দেখোন প্ৰফাইলৰ ফটোও বেলেগ। এজনে লংপেণ্ট পিন্ধি আছে আৰু আনজনে কালি প্ৰফাইল সলনি কৰিছে।”
কাৰণ দুয়োজন মোৰ লিষ্টত আছে বাবে ময়ো জানো। মোৰ কথা শুনি বৌৱে বোলে-
“এহ্ ভাদ মাহ বুলি লংপেণ্ট খুলি ধুতি পিন্ধি ফটো দিছে বুলিহে ভাবিলোঁ…”
কথাটো পুৰণি হ’ল। আমিও পাহৰিলোঁ দুয়োজনীয়ে। তাৰ কিছুদিনৰ পাছত বৌৰ এটা অপাৰেশ্যন হ’ল। হাস্পতালৰ পৰা অহাৰ পাছত নিয়মানুসাৰে চাৰি ঘণ্টাৰ মূৰে মূৰে আজলী নবৌৱে ঔষধ ল’ব লাগে। সেই অনুপাতে এটা টেবলেটৰ সময় নিশা বাৰ বজাত পৰে। টোপনি আহে বুলি বৌৰ মৰভয়। এনেয়ো বৌ ভয়াপী।
“অই তই নুশুবি দেই, বাৰটা বজাত মই টেবলেট খাব লাগিব ফোন কৰি দিবি মোক।”
দুটা ঘৰৰ সিপাৰৰ পৰা আজলী নবৌৰ ফোন মোলৈ।
“হ’ব বাৰু, মই মনত পেলাই দিম।”
তেতিয়া সময় এঘাৰ বাজিবৰ হ’ল।
ঠাণ্ডা দিন। নিজম-নিমাত সকলো ফালে। ফোনটো থৈয়ে বৌৱে মোলৈ মেছেঞ্জাৰত মেচেজ এটা দিলে। কিনো দিছে বুলি খুলি চাই দেখিলোঁ, এজাক অন্তৰ ফু-ফুৰাই উৰি গৈছে! সেইটো দিব মই নাজানো তেতিয়ালৈকে। দেখি ইমান ভাল লাগিলে যে ময়ো শিকাই দিবলৈ খাতনি ধৰি মেচেজ কৰিলোঁ –
“কেনেকৈ দিয়ে শিকাই দিয়ক মোক।”
“ৰহ ময়ো আজিহে শিকিছোঁ।”
বুলি বহুত সময় মাত-বোল নাই।
“কি হ’ল, কওক আকৌ।”
অধৈৰ্য হৈ পুনৰ মেচেজ কৰিলোঁ।
“এই চেচ্!”
এইবাৰ তেওঁ মেচেজ এৰি ফোন কৰিলে। ভয়াৰ্ত মাত।
: কি হ’ল?
মোৰো ভয় লাগিছে কি বা হ’ল?
: কি হ’ল?
হাজাৰটা প্ৰশ্ন মনত লৈ পুনৰ সুধিলোঁ।
: তোলৈ দিয়া “দিল”সোপা কোনোবা ল’ৰা এটালৈ গ’ল।
: কালৈ?
: চিনি নাপাওঁ, তোলৈ পঠিয়াবলৈ লওঁতে ক’ত আঙুলি পৰিলে গমেই নাপালোঁ! আই অ’ বেছি ডাঙৰ ল’ৰা নহয়। মোক কি বুলি ভাবিব এতিয়া?
বৌ ধৰফৰাই উঠিল।
: এহ্ একো নহয় ছ’ৰী বুলি মেচেজ এটা দি দিয়ক।
: দিমেই যেনিবা মোক এই ৰাতিখন কালৈ দিছোঁ বুলি নাভাবিব নেকি জহনীজাতি।
মই বোলো,
: মোৰ ল’ৰাটোলৈ দিছিলোঁ তোমাৰ তাতে ভুলতে সোমালে দেই বোপাই বুলি লিখি দিয়ক। শ্ৰদ্ধাত গদগদ হৈ পৰিব।
তেনেকৈয়ে দিয়াত ল’ৰাটোৱেও
“একো নাই হৈ যায় কেতিয়াবা”-
বুলি কথাটো মোখনি মাৰিলে।
ইমানবোৰ কৰিও বাৰটা নাবাজেহে নাবাজে। কিছু সময়ৰ পাছত বৌৱে আকৌ ফোন কৰিলে –
: অই টোপনি গ’লি নেকি?
: নাই যোৱা।
: কথা এটা শুন আকৌ।
: কি?
: তোৰ কৃষ্ণচূড়া ফুল গছ দেখিলে কেনেকুৱা লাগে?
: ভাল লাগে, কিয়?
আচৰিত হৈ সুধিলোঁ এইবাৰ।
: মোৰ কেনেকুৱা লাগে জান?
: কেনেকুৱা লাগেনো আপোনাৰ?
: সেই যে চতিয়না গছৰ গোন্ধত হাঁহ পোৱালিবোৰ ধপধপাই মৰে, তেনেকুৱাকৈ ধপধপাই মৰিম যেন লাগে।
বৌৰ কথা শুনি হাঁহিত মই ৰ’ব নোৱাৰি ডাঙৰকৈ হাঁহি দিলোঁ। কাষৰজনে একো ভূ নাপাই জপজপাই উঠি সপোন দেখিছোঁ বুলি “হেৰা হেৰা” ক’বলৈ ধৰিলে। ময়ো গালি খোৱাৰ ভয়ত টোপনি ভাও দিলোঁ। ইজনে “এইসব” বুলি আকৌ শুলে। ইফালে মোৰ হাঁহিত আজলী বৌৰো হাঁহি উঠিল। ফোনতে শুনিলোঁ বৌক কোনোবাই শাহুৱেকে কৈছে –
“হাঁহিৰ কোবত তোৰ পেটৰ চিলাই নেফাতিলেই হ’ল।”
ইতিমধ্যে বাৰটা বাজিল। এইবাৰ ফোন থৈ মেচেজ এটা দিলোঁ।
“বাৰটা বাজিলে টেবলেট খাই শুই থাকক।”
“ওম খাবলৈ লৈছোঁ। তই পিচে কাইলৈ কি সপোন দেখিছিলোঁ বুলি কবি?”
মই ৰকড্ বৌ চকড্
☆ ★ ☆ ★ ☆