উপন্যাসৰ সাৰাংশ-ৰঞ্জিত কুমাৰ শৰ্মা
দুবাৰমান গিৰীয়েকে বহি থকা ড্ৰয়িং ৰূমৰ ছোফাখনৰ কাষলৈ গৈও বনলতা বৰাই একো নোকোৱাকৈয়েই পুনৰ এপাক ঘূৰি ৰান্ধনীঘৰতে সোমালে৷ ৰান্ধনীঘৰত তেতিয়া বিশেষ একো কাম নাছিল৷ নিশাৰ আহাৰ ৰন্ধা হৈ গৈছে, খাবলৈহে বাকী৷ বাচন দুই-এপদ থান-থিত লগাই তেওঁ পুনৰ ড্ৰয়িং ৰূমলৈকে আহিলে৷ পাইচাৰী কৰাৰ দৰে গিৰীয়েকে বহি থকা ছোফাখনৰ আশে-পাশে খোজ পেলাই বৰানীয়ে পতিদেৱতাক মাতিবলৈ মুখখন মেলিবলৈ খুজিও ৰৈ গ’ল৷ পতিদেৱ সদানন্দ বৰা তেতিয়াও খবৰ কাগজখন মেলি লৈ তাত মূৰটো গুঁজিয়েই আছে৷ বৰানীৰ ধৈৰ্যৰ বান্ধ ছিগাৰ উপক্ৰম হ’ল৷
মতাবোৰে খবৰ কাগজখনতনো কি ইমান বিচাৰি পায় যে মূৰ তুলিব নোৱৰাকৈ সেইখনত নিমগ্ন হৈ থাকে? আজিকালি কাগজতনো কি ইমান ডাঙৰ খবৰবোৰ থাকে? কোনোবা ৰাজনৈতিক নেতা বা মন্ত্ৰী-বিধায়কে ক’ৰবাত ভাষণ দিছে, ৰাইজক প্ৰতিশ্ৰুতি দিছে বা হেজাৰটকীয়া চেক বিলাইছে, ক’ৰবাত আধাৰশিলা স্থাপন কৰিছে, শাসকীয় আৰু বিৰোধী নেতাই পৰস্পৰে পৰস্পৰক গালি-ইতিকিঙেৰে মুখচুপতি মাৰিছে, কোনোবা সংগঠনে ধৰ্ণা দিছে, ধৰ্মঘট কৰিছে, ৰাস্তাত টায়াৰ জ্বলাইছে বা বিবৃতি-সংবাদমেল দি জংগী আন্দোলনৰ হুংকাৰ দিছে, আৰক্ষীয়ে ক’ৰবাত চোৰাং বেপাৰী বা চোৰ-ডকাইত ধৰিছে, ক’ৰবাত আকৌ ভাং, গৰু-ম’হ ধৰিছে, ক’ৰবাত নাৰী ধৰ্ষণ, ক’ৰবাত হত্যাকাণ্ড… এইবোৰ খবৰেই দেখোন সদায় ছপা হৈ থাকে! মন্ত্ৰীৰ মুখ জিলিকি থকা বিজ্ঞাপনবোৰো ছপা হৈয়েই আছে৷ সেইবোৰকে সদায়েই ইমান মনোযোগ দি পঢ়িব লাগেনে?— মনত সৃষ্টি হোৱা এই প্ৰশ্নবোৰে বৰানীক অধিক অস্থিৰ কৰি তুলিলে৷
বৰানী অস্থিৰ হৈ পৰাৰ কাৰণ নথকা নহয়৷ তেওঁৰ এটা স্বভাৱ আছে৷ সেয়া হ’ল ক’ৰবাত কিবা ঘটনা-পৰিঘটনাৰ বিষয়ে শুনিলে বা দেখিলে বা পঢ়িলেও সেইবিষয়ে আনক ক’ব নোৱৰালৈকে তেওঁৰ মনটো শান্ত নহয়৷ এই স্বভাৱটো বিবাহসূত্ৰে বৰানীয়ে বৰাৰ জীৱনলৈকো যৌতুক হিচাপে লৈ আহিছে৷ বয়স বাঢ়ি অহাৰ লগে লগে আ-অলংকাৰ পিন্ধাই বৰানীয়ে তেওঁৰ এই স্বভাৱটোক অধিক জিলিকাবলৈ চেষ্টা কৰিছে৷ কিন্তু দিনক দিনে গিৰীয়েকটোৱেহে অৰ্ধাংগিনীৰ এই গুণৰ মোল নুবুজা হৈ আহিছে৷ বৰ্তমান ঘৰখনত প্ৰাণী বুলিবলৈ তিনিটাই৷ অষ্টম শ্ৰেণীত পঢ়া পুত্ৰ আৰু মাক-বাপেকহাল৷ কথাবোৰ ক’বলৈ সদায়েইতো আৰু পৰিয়ালৰ বাহিৰৰ লোকক পোৱা নাযায়, তাতেই আকৌ ভাৰাঘৰত থকা পৰিয়াল৷ সেয়ে বৰানীয়ে গিৰীয়েক সদানন্দ বৰাৰ আগতেই কথাবোৰ ক’ব বিচাৰে, মাজে-সময়ে কয়ো৷ আজিও তেওঁ সেই মন কৰিয়েই গিৰীয়েকৰ আশে-পাশে ঘূৰি আছে৷ কিন্তু গিৰীয়েক সদানন্দ বৰাৰহে সেইবোৰত মন-কাণ নাই, খবৰ কাগজ পঢ়াতেই মানুহজন ব্যস্ত৷ ইপিনে ক’ব খোজা কথাবোৰে বৰানীৰ পেটত সৃষ্টি কৰা চাপ ক্ৰমাৎ বাঢ়ি গৈ আছে৷ কণ্ঠনলীৰ মুখ নোখোলাকৈ থকাটো তেওঁৰ বাবে প্ৰায় অসম্ভৱ হৈ পৰিছে৷ কিন্তু গিৰীয়েকে মূৰ তুলি নোচোৱাত বৰানীয়ে কথাবোৰ বেকত কৰিব পৰা নাই৷
হঠাৎ বৰানীৰ মনত সন্দেহ হ’ল— গিৰীয়েকে বাৰু ইচ্ছা কৰিয়েই বৰানীক ‘ইগন’ৰ’ কৰি আছে নেকি? ঘৈণীয়েকজনীয়ে তেওঁৰ আশে-পাশে ঘূৰি থকা বুলি অনুমান কৰিও তেওঁ বাৰু ইচ্ছাকৃতভাবেই কাকতখন একান্তমনে পঢ়াৰ অভিনয় কৰি আছে নেকি? এনেবোৰ সন্দেহ মনলৈ অহাৰ লগে লগে বৰানীৰ কথাখিনি কোৱাৰ ইচ্ছাশক্তি আৰু অধিক জাগ্ৰত হ’ল৷ গিৰীয়েকে বহি থকা ছোফাখনৰ কাষতে থকা আনখন ছোফাত বহি বৰানীয়ে কণ্ঠনলী মুকলি কৰিলে,
: হেৰি, কথা এটা শুনিছেনে?
: কি কথা?
বাতৰি কাকতখনৰ পৃষ্ঠাত চকু থৈয়েই সদানন্দ বৰাই সুধিলে৷
: তাৰমানে আপুনি শুনা নাই?
: কথা মানে? এনেয়েইতো বহু কথাই শুনি থকা যায়৷ তোমাৰ কথাটো বা কি ক’ত কিয় বিখ্যাত কেনেকৈ জানিম? তুমি ক’লেহে ক’ব পৰা যাব শুনিছোঁ নে নাই!
গিৰীয়েকৰ মুখৰ শেষৰ বাক্যাংশই বৰানীক একপ্ৰকাৰ উৎফুল্লিত কৰা বুলিয়েই ক’ব লাগিব৷ মানুহজনে যে কথাখিনি শুনিব বিচাৰিছে সেয়া কম ভাগ্যনে? আজিলৈকে কত কিমান কথা ক’লে, কিন্তু পতিদেৱে শুনিলেনো কিমান? তেওঁ যদি দহটা বাক্য কয় তেন্তে তাৰ উত্তৰত পতিদেৱৰ মুখৰ পৰা তিনিটা-চাৰিটা শব্দহে ওলায়৷ কাচিৎহে এটা বা দুটা বাক্য মুখ ফুটি ওলাই আহে৷ যেন কথা ক’লে ধনহে ভৰিব লাগিব৷ এই হেন অল্পভাষী মানুহজনে যে আজি ঘৈণীয়েকৰ কথা শুনিবলৈ ওলাইছে! বৰানীৰ মনটো উগুল-থূগুল হৈ পৰিল৷
: আপুনি দেখোন কাকতখনকে আঁকোৱালি আছে৷ মোৰ কথা কাণত সোমাব জানো?
: কৈ থাকা, মই শুনি থাকিম৷
এইবাৰ বৰাই মূৰ তুলি ক্ষন্তেক ঘৈণীয়েকলৈ চালে৷ তাৰ পিছত তেওঁ কাকতখনৰ পৃষ্ঠা এটা লুটিয়ালে৷
: পুৱাই দেখোন কাকতখন পঢ়িছেই৷ এতিয়া আকৌ ইমান মনোযোগেৰে পঢ়ি আছে যে?
: নহয়হে, পুৱা পঢ়িবলৈ সময়নো ক’ত পাওঁ, হেডলাইনকেইটাহে ওপৰে ওপৰে চাওঁ৷
বৰাই কোৱা কথাষাৰ মিছাও নহয়৷ পুৱাই কাকতখন হকাৰে পদূলিত পেলাই থৈ যায় যদিও বৰাই পুৱাতেই কাকতখন নপঢ়ে, ওপৰে ওপৰে হেডলাইনবোৰহে চায়৷ জিলা সদৰত থকা কৰ্মস্থলীলৈ যাবলৈ বৰাই পুৱা ন বজাৰ আগতেই ঘৰৰ পৰা ওলাব লাগে৷ অ’ফিচলৈ যোৱাৰ আগতে পুতেককো বিদ্যালয়ত থৈ আহিব লাগে৷ প্ৰাকৃতিক কৰ্মৰ উপৰি আন কামো ওলাইয়েই থাকে৷ গতিকে পুৱা খবৰ কাগজখনৰ পাটবোৰ লুটিয়াই ওপৰে ওপৰে চাই থোৱাৰ দৰেহে হয়গৈ৷
: আপোনালোকে এই খবৰ কাগজত কি ইমান ৰস পায়হে? বিজ্ঞাপন, ৰাজনৈতিক নেতাৰ ভাষণ, বাকযুদ্ধ, সংগঠনৰ বিবৃতি আদিৰেই দেখোন কাকতবোৰ ভৰি থাকে!
বৰানীয়ে আকৌ সুধিলে৷
: এই ৰসৰ কথা তোমালোকে নুবুজিবা৷ কি ক’বলগা আছে কোৱা৷ মই শুনিম বুলি কৈছোৱেই দেখোন?
বৰানীয়ে ভাবিলে— আৰু পলম কৰিব নোৱাৰি, পতিদেৱে শুনিবলৈ মান্তি হোৱাৰ সময়তে কথাখিনি কোৱাই ভাল হ’ব৷
: আজি আপুনি অ’ফিচলৈ যোৱাৰ পাছত নিজৰা বাই আহিছিল৷
: কোন নিজৰা?
: কি কোন নিজৰা? নিজৰা বাইক চিনি নোপোৱাই হ’লনে? কলেজত আপোনাৰেই বোলে সহপাঠী আছিলহে? এতিয়া চিনি নোপোৱা দেখুৱাব নালাগে৷
: ইমান দিন হ’ল, সকলোৰে মুখবোৰ জানো মনত থাকে? আৰু তুমি নিজৰা বাই বুলি কোৱাৰ বাবেও থাওকতে ধৰিব নোৱাৰিলোঁহেঁতেন৷ আচ্ছা, তেওঁতো তোমাৰ পেহীৰ ছোৱালী, নহয়নে? বাৰু কিয় আহিছিল কোৱাচোন৷
বৰাই নিজৰা অধ্যায়ৰ মোখনি মাৰিবলৈ বিচাৰিলে৷
: লগত ভিনদেউ আৰু ছোৱালীজনীও আহিছিল৷ ভিনদেউৰো বোলে চাকৰি চাৰিবছৰমানহে আছে৷ তিনিও আজি ভিনদেউৰ ডিব্ৰুগড়ৰ ঘৰলৈ গৈছে৷ যোৱাৰ সময়তেই আমাৰ ঘৰতো সোমাই গ’ল৷ ছোৱালীজনী ডাঙৰেই হ’ল, বৰ মৰমলগা হৈছে৷ তাইকো বহুদিন দেখাই নাছিলোঁ নহয়৷ ল’ৰাটোৱে বোলে এইবাৰ ইঞ্জিনিয়াৰিঙৰ ফাইনেল দিব, সি যোৰহাটত হোষ্টেলতে আছে৷ ছোৱালীজনীক এইবাৰ কলেজত দিছে৷ তাইৰ হেনো শিক্ষকতা কৰাৰহে মন৷
: উপন্যাস কিয় মেলি আছা? অনুগল্প কোৱা৷
ঘৈণীয়েকৰ কথাৰ মাজতে বাতৰি কাকতখন ভাঁজ কৰি সামৰি সন্মুখৰ টি-টেবুলত থৈ সদানন্দ বৰাই ক’লে৷
: মই উপন্যাস মেলিছোঁ? চৈধ্য-পোন্ধৰ বছৰ আগতেতো মোৰ কথাবোৰ মন দি শুনিছিলে৷ তেতিয়া মোৰ কথাবোৰ উপন্যাস যেন লগা নাছিল নেকি? এতিয়া কিবা ক’লেই উপন্যাস হয়? এতিয়া চুটি গল্পও ভাল নলগা হ’ল, অনুগল্প ক’ব লাগে?
বৰানী গৰজি উঠিল৷
: তেতিয়া উপন্যাসবোৰ ৰোমাণ্টিক আছিল৷ এতিয়া ভৌতিক ভৌতিক লগা হ’ল৷
: অ’ মোৰ কথাবোৰ এতিয়া ভূতুনীয়ে কোৱা যেন লাগে, নহয়নে?
: আহ্, ধেমালিহে কৰিছোঁ৷ ধেমালিও বুজি নোপোৱা নে? কোৱা কোৱা, পৰৱৰ্তী খণ্ড কোৱা৷
বৰাই পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলালে৷
: নালাগে শুনিবলৈ মোৰ কথা৷ আমি ভৌতিক উপন্যাস শুনোৱা মানুহহে৷
বৰানী ঘপহকৈ ছোফাৰ পৰা উঠি থিয় হ’ল৷
: সৰ্বনাশ, এতিয়া নিশা ভাতমুঠিও ভালদৰে খোৱা নহ’ব বোধহয়!
মনত এই আশংকাই ক্ৰিয়া কৰাত বৰাই ঘৈণীয়েকক সোঁহাতখনত ধৰি পুনৰ ছোফাত বহুৱাই দি ক’লে,
: বহা বহা, তোমাৰ লগতেই যদি ধেমালি নকৰোঁ, কাৰ লগত কৰিম কোৱাচোন?
বৰানী ছোফাখনত বহিল যদিও মুখেৰে একো নামাতিলে৷
: মনে মনে থাকিলা দেখোন? কোৱা৷
ক্ষন্তেকৰ নিৰৱতা ভংগ কৰি সদানন্দ বৰাই ক’লে৷
: শুনি বেয়াও লাগিছে জানেনে?
বৰানীয়ে পুনৰ আৰম্ভ কৰিলে৷
: বেয়া লাগিবলগা কি হ’ল?
বৰাই সুধিলে৷
বৰা অলপ আচৰিতেই হ’ল৷ ঘৰলৈ অতিথি আহিলেতো ঘৈণীয়ে বেয়া পোৱা বুলি তেওঁ ইমান বছৰে কেতিয়াও শুনা নাই! দেখাও নাই৷ হঠাৎ শ্ৰীমতীৰ হ’ল কি? নিজৰা বায়েক দেখোন তেওঁৰ নিজৰেই পিতৃৰ ফালৰ অতিথি! নিজৰ ফালৰ অতিথি আহিলেও বেয়া পায়নে?
: বেয়া নালাগিবনে? বাইৰ দেওৰজনে বিয়া কৰোৱা তিনি বছৰমানহে হৈছিল৷ আমাকো দেখোন বিয়ালৈ নিমন্ত্ৰণ দিছিলে৷ আপোনাৰহে অ’ফিচৰ ব্যস্ততাৰ বাবে যাব নোৱাৰিলোঁ৷
বৰানীৰ কথাত আক্ষেপৰ সুৰ ফুটি উঠিল৷
: বেয়া লগা কথাটো কি হ’ল, সেইটো কোৱা৷
: সি বৰ লখিমী ছোৱালী বিয়া কৰিছিল জানেনে?
: তাতে তোমাৰ বেয়া লাগিবলৈ কি হ’ল? ভালহে কথা৷
বৰা বিৰক্ত হ’ল যদিও ঘৈণীয়েকক তাৰ উমান পাবলৈ নিদিলে৷
: দুখীয়া ঘৰৰ ছোৱালী হ’লে কি হ’ব? কাম-বনতো ভাল আৰু পঢ়া-শুনাতো চোকা৷ এম এ পাছ কৰা ছোৱালী৷ বাইৰ দেওৰটোৱে ব্যৱসায়হে কৰে৷ ঘৈণীয়েকৰেই চাকৰি এটা হয় যদি হ’ব বুলি হেনো সি আশা কৰি আছিল৷ কিন্তু চাওকচোন, ভগৱানৰো যে কি লীলা!
বৰানীয়ে হুমুনিয়াহ এৰিলে৷
ঘৈণীয়েকে প্ৰকৃততে কি ক’ব বিচাৰিছে তাৰ একো উৱাদিহ বৰাই ধৰিব নোৱাৰি ক’লে,
: কি হ’ল সেইটো কোৱা৷
: কালি বোলে দোকানৰ পৰা আহি থাকোঁতে চন্দনক কোনোবা উদণ্ড ল’ৰাই বাইকেৰে খুন্দিয়ালে৷
: কোন চন্দন?
: কোন হ’ব আৰু? বাইৰ দেওৰজন৷ তাৰেই নাম চন্দন৷
: তাৰ পাছত কি হ’ল?
: তাৰ বোলে বুকুৰ কামিহাড় ভাগিছে৷ গাটোতো কৰবাত কৰবাত আঘাত পাইছে৷ হাস্পতালত ভৰ্তি কৰাইছে৷ এতিয়াও হেনো হাস্পতালতে আছে
: চিৰিয়াছ নেকি?
: চিৰিয়াছেই বোলে৷ কেইদিনমান হাস্পতালত থাকিব লাগিব বোধহয়!
: ভাল হ’ব দিয়া৷ বেছি চিন্তা কৰিব নালাগে৷ ৰিষ্ট’ আছিল হয়তো, কি কৰিবা? কালি পুৱাই গোসাঁইঘৰত চাকি জ্বলাওঁতে চন্দনক সোনকালে ভাল কৰি দিবলৈ প্ৰাৰ্থনা কৰিবা৷
বৰাই বৰানীক সান্ত্বনা দিয়াৰ চেষ্টা কৰিলে৷
: অ’, আৰুনো কি কৰিম? তাকেই কৰিব লাগিব৷…বাৰু, বাবাই ভাত খাই কেতিয়াবাই শুলে৷ মই ভাত বাঢ়োঁ, গৰম পানী দুগিলাচ ঢালি লওকচোন৷
বৰানী ছোফাৰ পৰা উঠি ৰান্ধনীঘৰত সোমাল৷
বৰানীয়ে নুশুনাকৈ বৰাই নিজকে নিজে মনৰ ভিতৰতে বুজালে,
“সদানন্দ বৰা, কিবা বুজিলানে? মানে কথাটো হ’ল আমাৰ বনলতা বৰাৰ নিজৰা বায়েকৰ দেওৰেক চন্দন দুৰ্ঘটনাত আহত হৈ চিকিৎসালয়ত আছে৷ তেওঁৰ বুকুৰ কামিহাড় ভাগিছে৷ উপন্যাসখনৰ সাৰাংশ এইখিনিয়েই৷”
☆ ★ ☆ ★ ☆