ফটাঢোল

ৰঙালাও প্ৰীতি-চিত্ৰলেখা দেৱী

: মাইনু, বাৰীৰ পাছফালে যাওঁ আহচোন। 

মামা চাকৰিলৈ বুলি ওলাই যোৱাৰ পাছত  মামীয়ে মোক ফুচ্ ফুচাই  ক’লে। এইবাৰ মেট্ৰিক পৰীক্ষা দিব লগা ইমনে ওচৰৰ কোঠাটোত পঢ়ি আছে, বোধকৰো সি নুশুনিবৰ বাবেই মামীৰ এই ফুচ্ ফুচনি। 

মই  ‘টেট’ৰ  শিক্ষয়িত্ৰী হিচাপে স্কুলত জইন কৰাৰ পাছত প্ৰথমবাৰৰ বাবে  মামাহঁতৰ ঘৰলৈ আহিছোঁ। আমাৰ আটাইবোৰ ভাগিনৰ মামাহঁতৰ ঘৰলৈ বৰ হেঁপাহ, বিশেষকৈ মামাতকৈও মামীলৈহে। মামীৰ অন্তৰখন মৰমৰ সাগৰহে যেন; তাতে তেওঁ বৰ ৰসাল। মামা আকৌ ওলোটা, যথেষ্ট  গহীন-গম্ভীৰ। মামাৰ আগত আমাৰ কথা ক’বলৈ ভয়েই লাগে। মামীয়েও মামা ঘৰত থকা সময়ত পৰাপক্ষত মুখখন বন্ধ কৰিয়েই ৰাখিব খোজে। মামা ওলাই যোৱাৰ লগে লগেহে মামীৰ আচল স্বৰূপটো প্ৰকাশ পায়। আমাৰ হাঁহিৰ কোবত ঘৰৰ টিনপাত উৰি যাওঁ যাওঁ হয়। কেতিয়াবা মামীয়ে এনেকুৱা অদ্ভুত কথা একোটা কয় যে আমিবোৰে ভেবা-চেকা খাই যাওঁগৈ। কালিৰেপৰা মোক কৈ আছে, 

: তই নহ’লে আমাৰ ওচৰৰ লম্বোদৰ স্কুলতে সোমাই ল,‌ মোৰো লগ এটা হ’ব। হেডমাষ্টৰ মোৰ চিনাকি, মই কৈ দিলেই হ’ব।  

তেওঁলোকৰ ঘৰৰ ওচৰত থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ অধ্যক্ষৰ নাম লম্বোদৰ (উপাধি নাজানে তেওঁ)।  মই বোলো, “মইচোন  চৰকাৰী স্কুলত চাকৰি পালোঁৱেই।”…  নাই! তেওঁ নুবুজে। মাজে মাজে কথাটো উনুকিয়াই থাকে। শেষত  মামাই খঙেৰে  ক’লে,

: হৌৰা, তুমি কাণেৰে নুশুনা নে কথা বুজি নোপোৱা?

তেতিয়াৰ পৰা পিচে মামীয়ে এইটো কথা আৰু মোৰ আগত উলিওৱা নাই। মামাৰ গালি খোৱাৰ ভয়তে চাগৈ।

মামীৰ বায়েক এগৰাকীয়ে বাতৰি-আলোচনী আদিত  লিখে, কিতাপো কেইখনমান প্ৰকাশ কৰিছে। তাকে মামাই কয় ,

: তুমি যে কথাকে বুজি নোপোৱা, একে ঘৰৰে এগৰাকীয়েচোন খনে খনে কিতাপ লিখিছে!

: লিখাই লিখি থাকক, সেইবোৰ আমি খামেই নে কাণতে পিন্ধিম? আমাৰ ঘৰৰ লেদেনা উকটিয়েই আজৰি নাই।

হয়ো, ঘৰ-সংসাৰ মামীয়ে অতি নিয়াৰিকৈ নিজৰ মতেৰে গঢ়ি তুলিছে। ঘৰৰ কাম-বন কৰি তেওঁৰ বায়েকে লিখা কিতাপকেইখন পঢ়িবলৈও আজৰি নাই। সেইবুলি আক’ তেওঁ বায়েকে উপহাৰ দিয়া কিতাপকেইখন আতৌ-পুতৌকৈ ড্ৰয়িং ৰূমৰ শ্ব’ কেছত আনে সহজে দেখাকৈ সজাই থ’বলৈ পাহৰা নাই। আলহি আহিলে প্ৰসঙ্গ উলিয়াই লৈ বায়েকৰ জহ এটা নমৰাকৈ নেৰে।

কালি গধূলি সময়ত কিছুসময় মামীৰ দেখা-দেখি  নাই। হওতে এবাৰ বাকচ, আলমাৰি আদি মচি-কাচি থকা দেখা যেন লাগিছিল, তাৰপাছত নাই চোন! মই কোঠাবোৰ, আনকি গা-ধোৱা ঘৰৰ ফালেও চালোঁগৈ। ক’তো নাই, অলপ চিন্তাও লাগিল, যি হে মানুহ! মামাও ঘৰত নাই। পঢ়িবলৈ বহা ইমনক মাতি কথাটো ক’লোঁ। সি বাৰীৰ পাছফালে গৈ “মা  মা কৈ” চিঞৰিবলৈ ধৰিলে। মামীহঁতৰ কোঠাৰপৰা মই ওলাই আহিবলৈ লওঁতে এচুকত থকা আইতাৰ প্ৰকাণ্ড কাঠৰ কাঁহী-বাতি থোৱা  পেৰাটোৰ ভিতৰত কিহবাই খট্ খটাই  থকাৰ দৰে শুনিলোঁ। মোৰ গা চেবালে। দৌৰি গৈ বাহিৰৰপৰা ইমনক মাতি আনি দুয়োটাই ভয়ে ভয়ে বাকচটোৰ গধুৰ ঢাকনিখন খুলিলোঁ। হে হৰি ! ভিতৰত চোন মামী কান্দি কান্দি বহি আছে! দুয়োটাই ধৰি তেওঁক বাকচৰ ভিতৰৰ পৰা উলিয়াই আনিলোঁ। পানী দুগিলাচ মান খাই লৈহে কথা ক’বলৈ মুখ মেলিব পাৰিলে। তেওঁ হেনো  বাকচৰ ঢাকনিখন কোনোমতে খুলি ভিতৰত সোমাই লৈ বাচন-বৰ্তনবোৰ থান-থিত লগাবলৈ লওঁতেই  কেনেবাকৈ সেইখন পৰি গৈ বাকচটো বন্ধ হৈ গ’ল। ঢাকনিখন ইমান গধুৰ যে ভিতৰৰপৰা ঠেলি কোনোমতে খুলিব নোৱাৰে। আমি নথকা হ’লে আজি তেওঁ সেইফালেই চেটেপ!  ঘৰত আকৌ এখন মহাভাৰত হোৱাৰ ভয়ত মামাৰ আগত আমি ঘটনাটো কোনেও নুলিয়ালোঁ।

পাছফালে মাতি  নিওঁতেই বুজিছোঁ,  কিবা এটা গণ্ডগোল  নিশ্চয় আছে। কাষৰ বাৰীখনলৈ আঙুলিয়াই মামীয়ে ক’লে,

: তাত ইমানবোৰ ৰঙালাও লাগি আছে দেখিছনে?  মোৰ গাটো সিৰসিৰাই গ’ল, লোকৰ বাৰীৰ ৰঙালাওত এওঁৰ চকু কিয়?

: নিদেয়ে বুইছ এটাও, ৰহ বাপেকে আজি, মজা দিম সিহঁতক। এইবেলি  সঁচাকৈয়ে ভয় খালোঁ। মামীৰ ৰঙালাও প্ৰীতিৰ কথা মই জানো। সেইবুলি…!  

: ব’লক মামী, ভিতৰলৈ যাওঁ, লোকৰ বাৰীলৈ চাবলৈ কি দৰকাৰনো!

মোৰ কথা নুশুনে তেওঁ, এটাও ৰঙালাও নিনিয়াকৈ তেওঁ আজি বোলে ঘৰ নোসোমায়।  দুপৰীয়াৰ সাঁজত এইখন বাৰীৰ ৰঙালাও খাবই খাব। বাৰীখনৰ গৰাকীয়ে তেতিয়াও তাত ঘৰ সজোৱাহি নাই। ওচৰত আন মানুহো নাই। উপায় নাপাই তেওঁৰ কথাত মান্তি হ’ব লগা হ’ল।  তেওঁৰ কথামতে লৰচৰ হ’ব নোৱাৰাকৈ মই জেওৰাখন ধৰি থাকিলোঁ আৰু তেওঁ  জেওৰাত বান্ধি থোৱা বাঁহৰ খুঁটাটোত ধৰি পাৰ হ’বলৈ জেওৰাত উঠিল। ইমান শকত মানুহজনীক মই জেওৰাত ভাল কৈ ধৰি ৰাখিব পৰা নাই। ভৰি এটা পাৰ কৰি আনটো পাৰ কৰিবলৈ লওঁতেই মেখেলাখন ক’ৰবাত লাগি ধৰিলে। তেওঁ এতিয়া ইফালেও যাব পৰা নাই , সিফালেও যাব পৰা নাই।

: মাইনু অ’, মৰিলোঁ আজি,  কিবা এটা কৰ। 

কন্দনামুৱা হৈ মামীয়ে মোক কাকুতি কৰিলে। ময়ো জেওৰাখন এৰি দিলেই তেওঁ জোকাৰ খাই সৰি পৰাৰ ভয়ত তেওঁক সহায় কৰিব পৰা নাই। তেনেতে ভূতৰ ওপৰত দানহ পৰা দি কাণৰ ওচৰতে যেন গাজনিহে মাৰিলে,

“হৈছে কি ইয়াত?”

মই  জেওৰা-চেওৰা এৰি ঘৰৰ ভিতৰলৈ ওভতি দৌৰিলোঁ। আচলতে মামাই কিবা কাগজ এখন এৰি থৈ যোৱাৰ বাবে বাটৰপৰা ঘূৰি আহিছিল। ভিতৰত আমাক নেদেখি আগৰ অভিজ্ঞতা মতে মনে মনে বিচাৰি থাকোঁতে বাৰীৰ পাছফালে আমাৰ মাত শুনিলে। তাৰপাছত…

আবেলি, মামা কামৰপৰা আহিছে,  পাছে পাছে এখন ঠেলা গাড়ীত এঠেলা ৰঙালাও। গোটেই ঠেলা ৰঙালাও   চোতালত দ’মাই থৈ ঠেলাৱালা যোৱাৰ পাছত মামাৰ গৰ্জন, 

: খা ৰঙালাও দুইজনীয়ে যিমান পাৰ; আৰু তহঁতৰ মিতিৰ-কুতুম কোনোবা চোৰৰ সঁচ আছে যদি সিহঁতকো মাতি আন। এজনী অগিয়ানী যেনিবা, ইজনী আক’ মাষ্টৰণী! মোৰ নাক-কাণ কাটি শেষ কৰিলি তহঁতি। এই সোপা খাই শেষ নকৰালৈকে কোনো ঘৰৰ বাহিৰ হ’ব নোৱাৰিবি….!

মই  সেইফালেই তাপ মাৰিলোঁ। পিচে,  মামী! তেওঁ বাৰান্দালৈ ওলাই  ৰঙালাওখিনি দেখি  যিহে চকুত জিলিকনি তুলিছে! মুখত সন্তোষৰ মিচিকনি,… হায় ৰে মামী!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *