ফটাঢোল

সংখ‍্যাটোৰ আঁৰৰ কথা

হঠাতে এদিন দেবজিত শৰ্মাৰ ফোন আহিল মোলৈ। স্ক্ৰীণত দেবজিতৰ নামটো দেখি অলপমান আচৰিতে হ’লোঁ। কিয়নো আমাৰ মাজত হুৱাটচএপত মাজে মাজে কামৰ কথা লৈ কথা-বতৰা চলে যদিও সাধাৰণতে ফোন কৰা নহয়। কিয়বা ফোন কৰিলে বুলি লগে লগে ফোনটো ধৰিলোঁ। 

তেওঁ মোৰ খা-খবৰ ল’লে। তাৰপাছত ক’লে যে বাইদেউ আপুনি এইবাৰ ফটাঢোল ই-আলোচনীৰ সম্পাদক হ’ব লাগে। প্ৰিয় গোটটোৰ, প্ৰিয় আলোচনীখনৰ সম্পাদক হ’বলৈ আগবঢ়োৱা প্ৰস্তাৱটো না কৰাৰ প্ৰশ্নই নুঠে। তথাপিও অলপ ভয় লাগিল কাৰণ ইয়াৰ আগতে মই আলোচনীখনলৈ লেখা দিওঁ বা কেতিয়াবা লেখা শ্বেয়াৰ কৰাৰ বাহিৰে আন একোতে জড়িত নাই। কামখিনি সুকলমে কৰিব পাৰিমনে নাই সন্দেহ প্ৰকাশ কৰি দেবজিতৰ আগত মনৰ কথা বেকত কৰিলোঁ। তেওঁ ক’লে “চিন্তা নকৰিব বাইদেউ। আমি সকলোৱে আপোনাক সকলো ক্ষেত্ৰতে সহায় কৰিম। আমাৰ পৰা পূৰ্ণ সহযোগিতা পাব আপুনি।”। দেবজিতৰ সেই কথাখিনিকে সাৰোগত কৰি সম্পাদকৰ দায়িত্ব ল’ম বুলি প্ৰতিশ্ৰুতি দিলোঁ।  আৰু সময়ত সেই দায়িত্বভাৰ গ্ৰহণ কৰিলোঁ।

আলোচনী এখনৰ সংখ‍্যাটোৰ আঁৰৰ কথা বুলি কওঁতে বহুত কথাই আহি পৰে। বহুতো লোকৰ কষ্ট, দায়বদ্ধতা, আৰু সদিচ্ছাৰ বিনিময়তহে এখন আলোচনী প্ৰকাশ কৰাটো সম্ভৱ হৈ উঠে। অৱশ্যে কষ্টবোৰ কিছুমানৰ ভাগত কম আৰু কিছুমানৰ ভাগত যথেষ্ট বেছিয়েই পৰে। 

প্ৰথমতেই মই উল্লেখ কৰিম লেখকসকলৰ কথা। যিসকল লেখকে প্ৰতিটো সংখ্যাৰ আলোচনীৰ বাবে লেখা পঠিয়াই, তেওঁলোক সঁচাকৈ ধন‍্যবাদৰ পাত্ৰ। কাৰণ অন্য আলোচনীলৈ দিয়া লেখা আৰু ফটাঢোল ই-আলোচনীলৈ লেখা দিয়াৰ মাজত পাৰ্থক্য আছে। সকলোৱে জানে ফটাঢোল ই-আলোচনীত প্ৰকাশ পোৱা সকলোবোৰ লেখাই ব‍্যঙ্গ হোৱাটো প্ৰথম চৰ্ত আৰু ব‍্যঙ্গ লিখাটো বৰ এটা সহজ কথা নহয়। তেওঁলোকে যে প্ৰতিটো সংখ্যাৰ বাবে এই কষ্টসাধ্য কামটো কৰি লেখা পঠিয়াই তাৰ বাবে তেওঁলোক শলাগৰ পাত্ৰ। যিসকল লেখকে নিয়মীয়াকৈ লেখা দি আহিছে, যিসকলে প্ৰতিটো সংখ্যাতে দিব নোৱাৰিলেও মাজে মাজে দি আহিছে, এই সকলোকে আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আগলৈও আপোনালোকৰ পৰা পূৰ্ণ সহযোগিতা পাম বুলি আশা কৰিলোঁ।

লেখাবোৰ অহাৰ পাছত প্ৰথম কামটো হ’ল বৰ্ণাশুদ্ধি। বৰ্ণাশুদ্ধিয়ে লেখাবোৰৰ সৌন্দৰ্য বঢ়ায় আৰু আলোচনীখনৰ মানদণ্ড তুলি ধৰে। 

নিজৰ নিজৰ সংসাৰৰ হাজাৰ কামৰ মাজতো প্ৰণীতা গোস্বামী বৰঠাকুৰ আৰু ৰিমঝিম বৰঠাকুৰে বৰ্ণাশুদ্ধিৰ কামখিনি আন্তৰিকতাৰে কৰি দিয়া বাবে তেওঁলোকৰ কামৰ শলাগ লৈছোঁ। এইখিনি সময়ৰ মাজতে প্ৰণীতা গোস্বামী বৰঠাকুৰৰ মাক ঢুকাল। নিজৰ জন্মদাত্ৰীক হেৰুৱাই তেখেত মানসিকভাৱে বহুত বহুত ক্লান্ত আছিল। তথাপিও  তাৰ মাজতে শ্ৰাদ্ধাদি হৈ যোৱাৰ পাছত তেখেতে আলোচনীখনলৈ থকা মৰম আৰু দায়বদ্ধতাৰ বাবে বৰ্ণাশুদ্ধিৰ কামখিনি কৰি দিয়ে। তাৰ বাবে তেখেতলৈ  অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতৰ মাতৃৰ স্বৰ্গত বাস হওক।

নিজৰ চাকৰি, সন্তান আৰু সংসাৰৰ অন্ত নোহোৱা অলেখ কামৰ মাজতো ৰিমঝিমে বৰ্ণাশুদ্ধিৰ কামখিনি কৰি দিলে। তেওঁকো আন্তৰিকতাৰে ধন্যবাদ আৰু মৰম যাঁচিলোঁ। 

মনতে বহুত ভয় আৰু শংকা লাগি আছিল। সময়মতে আলোচনীখন উলিয়াব পৰা যাব নে নাই বুলি! লিখাবোৰ সময়ত পাওঁনে নাপাওঁ! পিচে সকলোৱে নিজৰ দায়িত্ব বুজি পায়। মোৰ ভয় অমুলক আছিল। সময়ত সকলোৱে নিজৰ নিজৰ লেখাবোৰ জমা দিছিল। তাৰ বাবে তেওঁলোকৰ ওচৰত কৃতজ্ঞ। 

আৰাধনা বৰুৱা আৰু দিগন্ত ভট্টাচাৰ্যই সময়মতেই বেনাৰ বনাই দি নিজৰ দায়িত্ব পালন কৰিলে। তেওঁলোককো আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

চন্দন বড়িয়ে কভাৰ ফটো, যোগেশ ভট্টাচাৰ্যই চিনেমাৰ পোষ্টাৰৰ কামখিনি সুকলমে কৰি দিয়ে। তেওঁলোককো অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। 

ডলী তালুকদাৰৰ সহযোগিতা কৃতজ্ঞতাৰে স্মৰণ কৰিলোঁ। তেওঁৰ প্ৰতিও মৰম আৰু চেনেহ যাঁচিলোঁ। 

বৰ্ণাশুদ্ধিত সহায় কৰি দিয়া বাবে অৰবিন্দ গোস্বামীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

দেবজিতৰ কথা নক’লে গোটেই কথাখিনিয়ে আধৰুৱা হৈ ৰ’ব। তেওঁ আলোচনীখনৰ লাইখুঁটা স্বৰূপ। নিজৰ হাজাৰ কামৰ ব‍্যস্ততাৰ মাজতো আৰম্ভণিৰ পৰা শেষলৈকে দায়িত্ব সহকাৰে আলোচনীৰ কাম দেবজিতে চম্ভালি থাকে। তেওঁৰ সু-স্বাস্থ্য কামনা কৰিলোঁ। আশা কৰিলোঁ আগলৈকো তেওঁ এনেদৰে কাম কৰি যাবৰ বাবে অনুপ্ৰাণিত হৈ ৰওঁক। 

আৰু গোটেই আলোচনীখন সুকলমে আগবাঢ়িছেনে নাই, কেতিয়া কেনেকৈ কি কৰিব লাগে আদি কৰি প্ৰতিটো ক্ষেত্ৰতে চাৰিওফালে নজৰ ৰখা অভিজিত কলিতা, ৰিণ্টুমণি দত্ত আৰু হেমন্ত কাকতিৰ শলাগ লৈছোঁ। আগলৈকো তেওঁলোকে এনেদৰেই দিহা পৰামৰ্শ আগবঢ়াই যাব বুলি আমি আশাবাদী। লগতে এডমিন আৰু মডাৰেটৰ পেনেলৰ বিজয় মহন্ত, নীলাক্ষি কাকতি, ডিম্পল কলিতালৈও মৰম আৰু ধন্যবাদ জনালোঁ।

মই কৃতজ্ঞ ফটাঢোল ই-আলোচনী টিমৰ প্ৰতি। সকলোৰে পূৰ্ণ সহযোগিতা আৰু সদিচ্ছাৰ বাবেহে আলোচনীখন সৰ্বাঙ্গসুন্দৰ হৈ আপোনালোকৰ মাজলৈ ওলাই আহে। আশা কৰোঁ সকলোৱে সানন্দে আমাৰ মৰমৰ আলোচনীখন আঁকোৱালি ল’ব আৰু ভবিষ্যতলৈও মৰম আৰু সহযোগিতা আগবঢ়াই যাব।

সদৌ শেষত ফটাঢোলৰ সকলো সদস্য, আলোচনী টিম, লেখক-লেখিকা, আৰু আলোচনীৰ লগত জড়িত আটাইলৈকে মোৰ হিয়াভৰা মৰম, শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনালোঁ। সকলোৱে কুশলে থাকক। অনাগত দিনতো আমাৰ মাজৰ সম্প্ৰীতিৰ এনাজৰীডাল অটুট থাকক, তাৰেই কামনা কৰিলোঁ।

জয়তু ফটাঢোল

কমলা দাস

সম্পাদক ফটাঢোল ই-আলোচনী

মাৰ্চ সংখ্যা, 2023 ইংৰাজী চন

☆ ★ ☆ ★ ☆

6 Comments

  • ৰিণ্টু

    আপোনাৰ বহুমূলীয়া সময়খিনি খৰচ কৰি সুন্দৰ সংখ্যা এটি আমাক উপহাৰ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ বাইদেউ

    Reply
  • Arabinda Goswami

    এইটো শিতান পঢ়ি ভাল লাগে।আজিও পঢ়িলো,ভাল লাগিল।পিছে মোৰ নাম ওলাব বুলি ভবা নাছিলো। ॥জয়তু ফটাঢোল॥

    Reply
  • Arabinda Goswami

    এই শিতানটো পঢ়ি ভাল পাওঁ।আজিও পঢ়ি ভাল লাগিল।পিছে মোৰ নামটো ওলাব বুলি ভবা নাছিলো। ॥জয়তু ফটাঢোল॥

    Reply
  • Anonymous

    ভাল লাগিল

    Reply
  • কমলা দাস

    ধন্যবাদ জনালোঁ

    Reply
  • কৰবী দেৱী

    বৰ সুন্দৰ সম্পাদনা। অযুত অভিনন্দন জ্ঞাপন কৰিলোঁ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *