ফটাঢোল

গোলমাল-কৰৰী দেৱী

আজি এসপ্তাহ ধৰি বৰুৱানীৰ গাত তত নাই। তেখেতৰ স্বামীৰ ঘনিষ্ঠ বন্ধু নিৰঞ্জন হাজৰিকাৰ একমাত্ৰ কন্যা নিৰ্মালিৰ বিয়া যিহেতু। এসপ্তাহৰ পৰা বৰুৱানীৰ কেৱল ঘৰ আৰু বজাৰ। পিছে উপহাৰটো কি দিব সেই বিষয়ে সুধিলেই বৰুৱানীয়ে ভেকাহি মাৰি উঠে। বোলে “কিয় উপহাৰৰ বিষয়ে ইমানকৈ সুধি মৰিছা? সেইটোনো কিবা চিন্তাৰ বিষয়নে? এজাক মানুহৰ উপস্থিতিত দামী কিবা এটা দিলেও কিটো মনত থাকিব। গতিকে দিলেই হ’ল আৰু কিবা এটা।” 

বৰুৱানীৰ কথাত আচৰিত হয় তেওঁৰ স্বামী। এৰা, আচৰিত হোৱাৰে কথা। হাজাৰটকীয়া কাপোৰ, গহনা, বেগ, চেণ্ডেল বিয়াখনক উদ্দেশ্যিয়ে। অথচ উপহাৰটো ভালকৈ দিব নোখোজে। বৰুৱাৰ মতে লাগে কম দামীয়ে হওক, তথাপি এটা ভাল ব্যৱহৃত বস্তু হোৱা উচিত। কোনে দিছে জানিবই লাগিব বুলি কি কথাটো আছে। মুঠতে বস্তুটোৰ আদৰ হওক। কিন্তু বৰুৱানী বিপৰীত। পত্নীৰ লাওপাত কচুপাত হেন মুখখনৰ ওচৰত বৰুৱা সেই চাবি দিয়া পুতলাটোৰ দৰেই।অৱশ্যে সহকৰ্মী বিনোদ শইকীয়াই বৰুৱাক পৰামৰ্শ দি ক’লে, 

: দামী উপহাৰ এটা লৈ যাওক। মাথো উপহাৰটো কিনি খুব সোনকালেই ঘৰলৈ নাযাব। পত্নীয়ে যেতিয়া সাজোন-কাচোন কৰি ফোনৰ পিছত ফোন কৰি অতিষ্ঠ হৈ পৰিব, তেতিয়া ততাতৈয়াকৈ গৈ আপুনিও উৎপাতখন লগাই দিব। যাতে উপহাৰটো খুলি চোৱাৰ অৱকাশ নহয়।

বুদ্ধিমতেই কাম।

বৰুৱাই পোন্ধৰশটকীয়া ভাল টি ছেট এটাকে কিনিলে। পিছে ঘৰত গৈহে ভিজা মেকুৰীটোৰ লেখিয়া হৈ পৰিল। অৰ্থাৎ পত্নীক ফাঁকি দিব নোৱাৰিলে। খঙৰ ভমকত আগন্তুক পৰীক্ষাৰ অজুহাতত ধমকি মাৰি বিয়ালৈ যাবলৈ মানা কৰা দুই সন্তানক বৰুৱানীয়ে জোৰ জৱৰদস্তি উলিয়াই লয়। বৰুৱানীৰ মতে “পোন্ধৰশটকীয়া টি ছেট এটা উপহাৰ দি কেৱল আমি দুটায়ে খাম নেকি? মাছে-মঙহে সোপাকে স-পৰিয়ালে দকচি আহিম আকৌ। 

পিছে বিয়া ঘৰতহে হ’লগৈ পয়মালখন। কইনাৰ ওচৰলৈ গৈ উপহাৰটো দিব নাপাওঁতেই দুজনমানে আদৰে সাদৰে ৰিচিপচনৰ্ দিশে লৈ গ’ল। বৰুৱানীয়ে অৱশ্যে ভালেই পালে। পিছে আইটেম দেখি মূৰ গৰম। চৱ দেখোন নিৰামিষ। সেয়াও সামান্য আইটেম। ল’ৰা-ছোৱালী দুটাৰ জিভাত চিকেনৰ সোৱাদ শুকাই গ’ল, একেদৰে বৰুৱানীৰ জিভাত পাঠাৰ মাংসৰ সোৱাদ। বৰুৱাৰ অৱশ্যে আপত্তি নাই। গো-গ্ৰাসে গিলি গৈছে তেওঁ।

বৰুৱানীয়ে কইনাৰ সাত পুৰুষক কনজুচ সজাই  উছান হ’বলৈ দি আঙুলি ফুটাবলৈ ধৰিলে। পোন্ধৰশটকীয়া উপহাৰটিৰ কথাও আনি লোকচান হোৱা বুলি ভোৰভোৰাই উঠিল।

ৰিচিপচনৰ্ পৰা ওলাই আহি উপহাৰটো দিমনে নিদিম বুলি গুণাগঁথা কৰি থাকোঁতে কইনাৰ সম্পৰ্কীয় ছোৱালী এজনীয়ে নিজেই কাষ চাপি আহি ক’লে, 

: কইনাই চেঞ্জ কৰিবলৈ গৈছে। উপহাৰটো ইচ্ছা কৰিলে মোৰ হাততেই দি যাব পাৰে।

নিৰুপায় হৈ ছোৱালীজনীৰ হাততে উপহাৰটি দিলে বৰুৱানীয়ে। উপহাৰটি দিয়েই ঘৰমুৱা হয়। কাৰণ কনজুচসোপাৰ মুখ চাবলৈ ইচ্ছা নোহোৱা হৈ পৰে। বৰুৱানীৰ গোৱালগালিত বৰুৱাই গাড়ীৰ স্পীদ বঢ়াবলৈ ধৰে। হঠাৎ বিবাহ ভৱন এটাৰ সন্মুখত জাম লগাত বৰুৱাই সেইফালে ভুমুকিয়াই দেখে, তেওঁৰ বন্ধুবৰ নিৰঞ্জন হাজৰিকাই আদৰে সাদৰে অতিথি আদৰিছে। কেচটো কি জানিব খুজি তেওঁ উচপিচনিৰে ভৱনটোৰ দিশে ভালকৈ লক্ষ্য কৰি দেখে “বিমলা” বিবাহ ভৱন। 

অঁ, তেন্তে এডাল আ কাৰে য’ত কূটৰ ঘাই। তেওঁ যিটো বিবাহ ভৱনৰ সন্মূখত গাড়ী ৰখালে নাম আছিল “বিমল” বিবাহ ভৱন। সেয়া হয়তো কোনোবা মাৰোৱাৰী সম্প্ৰদায়ৰ বিবাহ আছিল। সেয়ে জগতৰ নিৰামিষ আইটেম।

ঘটনাৰ প্ৰকৃত ৰহস্য শুনি বৰুৱানীয়ে এইবাৰ “হেবাঙৰ জাত” বুলি বৰুৱাৰ চৈধ্য পুৰুষ উদ্ধাৰি গালি পাৰিবলৈ ধৰিলে।

পিছে বৰুৱাৰ ইমানখিনি কলিজা নাই যে পত্নীৰ চকুলৈ চাই কিবা ক’ব। অথচ খং এটাও উঠি আহে কিটিংকৈ। শেষত বৰুৱাই অসমীয়া স্বৰমাত্ৰাসমূহকে উৰাই ঘূৰাই গালি পাৰিবলৈ ধৰে। কেৱল সিমানেইনে, শেষলৈ চিঞৰি উঠে,” এই যুক্তাক্ষৰবোৰো অলপ নহয়। একেটা আখৰৰ যে কিমান পাকলগা কিটিপ। তাতোকৈ ইংৰাজীয়ে ভাল। ইংৰাজীয়ে ভাল।” 

বৰুৱানীয়ে মুখখন মেলি অবাক হৈ চাবলৈ ধৰে। বাবু আৰু মাইনাই আঙুলিৰে কাণৰ পৰ্দাত হেঁচা মাৰি ধৰিলে। আৰু আমাৰ বৰুৱাৰ মুখখন চলিয়েই থাকিল। মাজে মাজে তৰ্জন গৰ্জন। যেন  বিশ্বামিত্ৰৰ দ্বিতীয় সংস্কৰণহে।


☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *