ফটাঢোল

যত্নৰ শেষত ৰত্ন-ৰিমঝিম বৰঠাকুৰ 

মনতেনো আজি কিদৰে নাচোন,

উলাহে নধৰে হিয়া দেখোন…

কালিৰে পৰা এইটো গানৰ কৰি সমীৰৰ মুখৰ পৰা নুগুচাই হ’ল। মুখত অনবৰতে লাগি থকা মিচিকিয়া হাঁহিটো সকলোৰে পৰা লুকুৱাব পাৰিলেও মাকৰ পৰা হ’লে সি লুকুৱাব নোৱাৰিলে। সদায় তাৰ আঁঠুৱাখন খুচিবলৈ অহা মাকে চেগ বুজি এনেই ফৰ্মূটি এটা দলিয়াই চাইছিল তাৰ গানৰ আৰু হাঁহিৰ মাজৰ ৰহস্য ফাদিল কৰিবলৈ। পিছে সফলহে হ’ব নোৱাৰিলে। মাকৰ ফৰ্মূটিটোৱে তাৰ মগজুত ঠিকেই টুকুৰিয়ালে। সেয়ে অলপ গপচ এটা দি মাকলৈ নোচোৱাকৈয়ে ক’লে,

: এইখন ঘৰত এতিয়া মই নিজৰ মতে গানো গাব নোৱাৰা হ’লোঁ, হাঁহিবও নোৱাৰা হ’লোঁ।

মাকক গহীনত উত্তৰটো দিলে ঠিকেই কিন্তু নিজক কিন্তু নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। বাৰে বাৰে সি তাৰ মৰমৰ নাজীতৰাজনী মানে মালবিকাই দিয়া মেছেজটোকে চাই আছে। তাই প্ৰায় এবছৰেই সময় ল’লে। ইমানদিনে তাইৰ লগত লাগোঁতে লাগোঁতে শেষত তাইৰ মন কুমলিল। সমীৰে তাইক গাৰ্লফ্ৰেণ্ড কৰিবলৈ কমখন কৰিছিলনে! সেই চাইকেলত হাফপেডেল মাৰি টিউচনৰ পৰা ঘৰৰ ওচৰত থ’বলৈ যোৱাখিনি আছেই। তাৰপিছত আকৌ সি স্কুটীখন কিনাৰ পিছত ২০ স্পীডত দি তাইৰ চাইকেলৰ পিছে পিছে আহি থকাখিনি তাই পাহৰিলে কেনেকৈ হ’ব! এনেই নকয় নহয় যত্ন কৰিলে ৰত্ন পায়। আৰু এটা আছিল নহয়! কষ্টৰ অসাধ্য একো নাই। তাৰ লগত সেয়াই হৈছে।

এইখিনিকে ভাবি থাকোঁতে আৰু এটা বেথাই তাৰ মনটো চুই গ’ল। আগতে যদি এনেকৈ পঢ়াৰ সময়তো যত্ন কৰিলে হেঁতেন, সি হয়তো গজেন ছাৰৰ পৰা অংকৰ ক্লাছত সকলোৰে সন্মুখত কাণচেপা খাই “অলগদ্ধ”, “জধামূৰ্খ”ৰ দৰে বিশেষণকেইটা শুনিবলৈ নাপালেহেঁতেন। বাকী দেউতাকৰ কথাটো ক’বই নালাগে সি যেন তেওঁৰ সাত জন্মৰ শতৰুহে! কেনে ৰুক্ষ ব্যৱহাৰ। কেতিয়াবা মাকক সমীৰে সুধিয়েই দিয়ে,

“দেউতাক আইতাহঁতে ব্যৱহাৰ নিশিকালেনে, নিজেই নিশিকিলে।”

তাৰ কথাত মাক একেবাৰে গৰম তেলত পানী পৰিলে চটচটাই ফুটি উঠাৰ গোটেইজনী একেবাৰে ফাটি-ফুটি উঠে,

“বোলে ভালকহে ভাল ব্যৱহাৰ কৰিব, দেউতাৰে জানো মোক কেতিয়াবা বেয়া ব্যৱহাৰ কৰে! দেউতাৰক ব্যৱহাৰ শিকাবলৈ আহিছে, চাওঁ মুখখন”

মাকৰ চটচটনিত সমীৰ সেইফালেই তাপ মাৰে। মানে মাক-দেউতাক দুয়োটা মিলি লৈছে তাক একেবাৰে এক আধ্যা পাৰিবলৈ।

বাৰু আজি আৰু সি সেই অতীত খুঁচৰি তাৰ হাত লেতেৰা নকৰে। সেইখন মহাভাৰত খুঁচৰিবলৈ গ’লে বহুত কিবাকিবিয়েই ওলাব। যিকোনো প্ৰকাৰে মালবিকাক কাইলৈ মনৰ কথাটো সৈমান কৰিছে। এনেকৈ যদি সি অতীত খুঁচৰোঁতে যদি কেনেবাকৈ পাপৰি, নীলাক্ষি, পবিতৰাহঁতৰ কাহিনীবোৰ ওলাই যায় সি কম লাজ পাবনে! তাৰে কোনোবা এজনী তাৰ লগত পতি দুদিনমান ভালপোৱাৰ আদান-প্ৰদান কৰিব পৰাকৈ লিলি চলা হ’লেও ক’বলৈ ভাল। প্ৰেমৰ প্ৰস্তাৱ দিবলৈ নৌপাওঁতেই যাৰ প্ৰেমত ঘূণে ধৰে, সেইবোৰক প্ৰেম নকয় ফটাপ্ৰেম কয়। পাপৰিয়েতো তাক ডাইৰেক্টেই কৈ দিছিল,

“টেঙা মৰ্টন দি প্ৰেমৰ প্ৰস্তাৱ দিবলৈ অহা ল’ৰাই প্ৰেমত টেঙাই পায়। তাত মৌ বিচাৰিলে নহ’ব নহয়।”

বাপৰে কেন্নে মুখ অ’। সেইটো কথা শুনাৰ পিছত আৰু ছেকেণ্ড ট্ৰাই বুলি একো কথাই নাথাকে।

বাৰু আগতে যি হ’ল, হৈ গ’ল। এতিয়া নতুন দিন, নতুন জীৱন। কাব্যিকতাৰে যদি ক’বলৈ যায়, “নতুন প্ৰভাতত নতুন দিগন্তৰ আগমনে, তাৰ নিজানবনত কুঁহিপাতে মেলিছে কুঁহ”।

বাপৰে কেনে এফাঁকি কবিতা! সেয়া তাৰ মনৰ পৰাই নিগৰিছেনে! এনেই কোনোবাই কৈ থৈ যোৱা প্ৰেমে মানুহক কবিলৈ ৰূপান্তৰিত কৰে। কোনেবা কৈছিল তাৰ এতিয়া মনত পৰা নাই। হয়তো কোনোৱে নক’বও পাৰে, এইটোও তাৰেই সৃষ্টি হ’ব পাৰে।

কথাবোৰ ভাবি ভাবি সমীৰৰ কেতিয়া টোপনি আহিল ক’বই নোৱাৰে। পিছদিনা এৱাৰ্ড বজাৰ বহুত আগতেই সি সাৰ পালে। এতিয়াও পাঁচঘণ্টা বাকী। অকণমান ব্যায়ামকে কৰা যাওক বুলি চোতাললৈ গৈ সি হাত-ভৰিকেইটাকে অলপ ইফাল-সিফাল কৰিলে। দিনে দিনে ওলাই অহা পেটটোলৈ চাইহে তাৰ মুখখন কোঁচ খাই আহিল। আজি যদি ৰিজাল্ট পজিটিভ হয় কাইলৈৰ পৰা সি ঘৰৰ ওচৰৰে জীমটোলৈ যাব। তাৰ মনটো অজানিতে কিবা এটা ভাল লাগি আহিল। অলপ ইফাল-সিফাল কৰি ঘড়ীটোলৈ চালে এক ঘণ্টা গৈছেহে। হ’ব ইমান দিন ৰ’লেই যেতিয়া এতিয়া এই চাৰিঘণ্টা একোৱেই নহয় তাৰ কাৰণে। এবাৰ ভিতৰত, এবাৰ বাহিৰ কৰিয়েই দুঘণ্টামান কটাই সমীৰ বাথৰূমত সোমাল গা ধুবলৈ। আজি তাৰ গা ধোঁতে অলপ সময় লাগিল। ডাড়ি-চুলি, দাঁত সকলোবোৰ খুঁটি-নাটি মাৰি সি পৰ্যবেক্ষণ কৰি ল’লে। কি ঠিক ক’ত কেনেকৈ খুঁত ওলাই যায় ক’বতো নোৱাৰি!

সময়তকৈ আধাঘণ্টা আগত গৈ সমীৰ সেই নিদিৰ্ষ্ট জেগাত উপস্থিত হ’লগৈ। সি পিচে বৰ বেছি দেৰি ল’বলগীয়া নহ’ল। আতঁৰৰ পৰাই ৰঙা স্কুটিখন দেখি তাৰ মনে উচাট-বিচাট কৰিলে। তাই স্কুটিখন পোৱা বেছিদিন হোৱা নাই। হ’লেও কমদিনতে ফাগুনৰ ৰাস্তাৰ ধূলি উৰুৱাই ধুনীয়াকৈ চলাব পৰা হ’ল। আহি থকা স্কুটিখনলৈ ৰ লাগি চাই থাকোঁতেই মালবিকা ‘ভছছছ’কৈ তাৰ ওচৰত ব্ৰেক মাৰি স্কুটি ৰখোৱা শব্দতহে তাৰ তভক ভাঙিল। স্কুটিখন ৰখাই তাই নৰ’লেই দৌৰি আহি তাক সাৱট মাৰি ধৰি 

“হেপ্পী কাউ হাগিং ডেই”

বুলি যিটোহে চিঞৰ মাৰিলে সমীৰৰ অত সময়ৰ জল্পনা কল্পনাৰ যতি তাতে পৰিল।

ল’ব কাহিনী এতিয়াও শেষ হোৱা নাই।

: দেই এইজনী জোখতকৈ বেছিয়েই ধেমালি কৰা।

: একো ধেমালি কৰা নাই, ব’হাগ বিহুলৈ বেছি দিন নাই। বিহুতে আমাৰ ঘৰলৈ আহিবা।

: কিয় বিহুত, মানে মই কিবা পজিটিভ ৰিজাল্ট আশা কৰিব পাৰোঁ নেকি মালো?

: ইয়েছ আজি কাউ হাগিং ডেইৰ শুভেচ্ছা দি গৰু বিহুৰ দিনা পঘা এডাল নিদিলে বেয়া লাগিব নহয় মৰমৰ সোণটো।

ইয়াতকৈ বেদনা লাগে নেকি জানমণি! এইজনী দেখোন পাপৰিতকৈও চাৰ। নাই নালাগে বন্ধু, এইবাৰৰ কোনো ছোৱালীকে প্ৰেমৰ প্ৰস্তাৱ নিদোঁ, ঘৰৰ পৰা যি চাই দিয়ে তাইকে বিয়া পাতিম অ’ জানমণি।

লাজে-অপমানে, জ্বৰে-বিষে সমীৰে মালবিকাক তাতে এৰি নিজৰ স্কুটীখন লৈ ঘৰমুৱা হ’ল। এতিয়া তাৰ মুখেৰে “মনতেনো আজি কিহৰ নাচোন”ৰ পৰা “এনেকৈয়ে ভাগেনে সপোনৰ” কলিটো বিৰবিৰাই ওলাই আছে।

☆ ★ ☆ ★ ☆

One comment

  • ডলী তালুকদাৰ

    ভাল লাগিল ৰিম

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *