ফটাঢোল

বেচেৰা ৰুমালখন-মৌচুমী গগৈ

যোৱা মাহত ৰিমলীৰ দুবছৰীয়া জন্মদিন উপলক্ষে দীপা আৰু ৰজতে ঘৰতেই সৰুকৈ এটা পাৰ্টীৰ আয়োজন কৰিছিল। ওচৰ চুবুৰীয়াসকলক ভাত এসাঁজ খুওৱাৰ পৰিকল্পনা কৰি দুয়োজনে খুব সুন্দৰকৈ সকলোকে আপ্যায়ন কৰিলে।ঘৰৰ পৰা মাক আৰু ভনীয়েকো অহাৰ কাৰণে দীপাৰ ভালেখিনি সহায় হ’ল। পিছদিনাখন ঘৰখন চিজিল কৰোঁতে এখন ধুনীয়া গুলপীয়া ৰুমাল চোফাখনতে পৰি থকা দেখিলে। জন্মদিন খাবলৈ অহা কোনোবাই যে ৰুমালখন এৰি থৈ গ’ল সেইটো ধৰিব পাৰি দীপাই সেইখন টিভি টেবুলখনৰ কাষৰ ফালে  চকুত পৰাকৈ  থৈ দিলে, যাতে কোনোবাই বিচাৰি আহিলেও দি দিবলৈ অসুবিধা নহয়।

কেইদিনমান পিছৰ কথা। দীপাই ৰিমলীক ঘৰৰ কাষতে থকা পাৰ্কখনলৈ খেলিবলৈ লৈ গৈছিল। তেনেতে পাৰ্কত খোজ কাঢ়ি থকা বীণা বাইদেৱে দীপাক দেখি দৌৰি আহিল। সেইদিনা ৰিমলীৰ জন্মদিনলৈ যাওঁতে তেওঁ যে ৰুমালখন এৰি থৈ আহিল কথাটো ক’লেহি। দীপায়ো ৰুমালখন ভালদৰে থৈ দিছোঁ বুলি বাইদেউক জনালে। বীণা বাইদেউ যথেষ্ট সুখী হ’ল। লগতে পিছদিনাখন দীপাক ৰুমালখন পাৰ্কলৈ আহোঁতে লৈ আহিবলৈও সোঁৱৰাই দিলে। পিচে ঘৰলৈ গৈহে দীপা চিন্তাত পৰিল। কাৰণ সেই ৰুমালখন নিৰ্দিষ্ট ঠাইডোখৰৰ পৰা নিৰুদ্দেশ হৈছিল। দীপাই গোটেই ঘৰখনত  ৰুমালখন বিচাৰি চলাথ কৰিলে। ৰজতে অফিচৰ পৰা আহি দীপাক ইফালে সিফালে লৰা-ঢপৰা কৰি থকা দেখি ধেমালিতে ক’লে, 

: আজি ছোৱালীৰ জেগাত মাকে দৌৰাদৌৰি কৰি ফুৰিছা যে কথাটি কি?  

দীপাই ৰজতৰ কথাষাৰৰ কোনো প্ৰত্যুত্তৰ নিদি চোফাখনতে বহি পৰিল আৰু বীণা বাইদেউৰ ৰুমালখনৰ কথাটো বিৱৰি ক’লে। বীণা বাইদেউৰ স্বভাৱৰ কথা গোটেই চুবুৰীটোৰ মানুহৰেই জ্ঞাত। এতিয়া যদি ৰুমালখন দীপাই ঘূৰাই দিব নোৱাৰে তেন্তে সেই সৰু কথাটোকেই ৰহন লগাই বাইদেৱে সকলোৰে আগত কিদৰে পৰিৱেশন কৰে তাৰ কোনো নিশ্চয়তা নাই। ইফালে দীপাৰ কথাখিনি শুনি ৰজতৰ মুখৰ মাত নাইকিয়া হ’ল। কাৰণ তিনিদিনমানৰ আগতে ৰজতে অফিচলৈ যোৱাৰ সময়ত জোতাযোৰ মচিবলৈ একো কাপোৰ নাপাই টেবুলত থকা ৰুমালখনেৰেই জোতাযোৰ চফা কৰি সেইখনেৰেই নিজৰ এক্টিভাখনো ভালদৰে মোহাৰি ছীটৰ তলতে ভৰাই থৈছে। ৰুমালখনৰ অৱস্থাটো অনুমান কৰি ৰজতে নিজকে মনে মনে ধিক্কাৰ দিলে। এতিয়া এই কথাটো দীপাক কোৱা মানেই মতা মানুহৰ কামৰ ওপৰত যিখন দীঘল ৰচনাৰ পাতনি মেলিব, সেইখন শুনাৰ ধৈৰ্য্য আৰু সাহস বৰ্তমান ৰজতৰ ওচৰত নাই। গতিকে ৰজতে মনতেই এটা সিদ্ধান্ত ল’লে যে যেনে-তেনে সেই ৰুমালখন ক’ৰবাত ধোৱাই পৰিষ্কাৰ কৰি আনিব লাগিব। পিছদিনা অফিচলৈ সোনকালেই ওলাই ৰজতে  কেইবাখনো ড্ৰাই ক্লীনাৰ বিচাৰি বিচাৰি ৰুমালখন ধোৱাবলৈ বিচাৰিলে। কিন্তু সকলোতেই সি এটাই উত্তৰ পালে, 

“দাদা, ইমান সৰু ৰুমাল এখন অকলে ধুবলৈ আমাৰ অসুবিধা হয়। তাৰ লগত যদি আৰু কাপোৰ দিয়ে, তেন্তে আমি ধুই দিব পাৰিম।” 

একেটা উত্তৰেই শুনি শুনি অৱশেষত ৰজতৰ ৰুমালৰ ওপৰতেই খঙটো উঠি আহিবলৈ ধৰিলে। পুৰুষ আৰু মহিলাৰ ৰুমালখনৰ মাজত কিয় পাৰ্থক্য থাকিব লাগে। পুৰুষৰ দৰেই মহিলাৰ ৰুমালখনো ডাঙৰ কিয় নহয়। ইমান অকণমানি ৰুমালখন কি কামত লাগে ৰজতে ভাবি নাপালে।

 এইকেইদিন দীপাই পাৰ্কলৈও যোৱা নাই। যেতিয়াই সময় পাইছে তেতিয়াই কেৱল ৰুমালখন বিচাৰি ফুৰিছে। আলমাৰীৰ ভিতৰত, বিছনাৰ তলত, ফ্ৰীজত, এয়াৰ কুলাৰৰ ভিতৰত, পাকঘৰত আৰু যে ক’ত ক’ত বিচাৰিছে তাৰ হিচাপ নাই।দীপাৰ অৱস্থা দেখি ৰজতৰ বেয়াও লাগিছে কিন্তু ৰুমালখন ধোৱাই আনিব নোৱাৰালৈকে নিৰৱে থকাই ভাল হ’ব বুলি ৰজতে বিবেচনা কৰিলে। এদিন দীপাই ভাত বনাই থাকোঁতেই হঠাতে বীণা বাইদেউৰ ফোন আহিল। ফোনটো ৰিছিভ কৰাৰ লগে লগেই বীণা বাইদেউৰ মাতটো ভাঁহি আহিল,

: দীপা, মোৰ ৰুমালখন তুমি ঘূৰাই দিম বুলিও কিয় দিয়া নাই? পিছদিনাখন ৰুমালখন লৈ আহিম বুলিও নানিলা। 

দীপাই লাহেকৈ ক’লে,

: মানে বাইদেউ, আপোনাৰ ৰুমালখন মই য’ত থৈছিলোঁ তাৰপৰা হেৰাই গ’ল। মই সদায়েই বিচাৰি আছোঁ তথাপিও পোৱা নাই। আপোনাক মই বেলেগ এখন ৰুমাল দি থৈ আহিম।

দীপাৰ কথাষাৰ শেষ হ’বলৈ নাপালেই সিফালৰ পৰা বাইদেৱে ফোনতেই চিঞৰি উঠিল,

: কি কৈছা তুমি! মোৰ ৰুমালখন হেৰুৱালা। সেইখন মোৰ কিমান মৰমৰ আছিল। মই ইউ টিউবত চাই চাই সেইখনত ফুল কৰিছিলোঁ। সকলোৱেই মোৰ ৰুমালখনৰ প্ৰশংসা কৰিছিল।মোক বেলেগ ৰুমাল নালাগে বুজিছা। 

বুলি ফোনটো কাটি দিলে। দীপাৰ হাঁহিম নে কান্দিম যেন লাগিল। এখন সামান্য ৰুমালৰ কাৰণেই এতিয়া বীণা বাইদেৱে যে তাইক লগ পালেই কথা শুনাব সেইটো দীপাই ভালদৰেই উপলদ্ধি কৰিলে।

 কেইদিনমান পিছৰ কথা। দীপাই ৰিমলীৰ ওচৰতে বহি আছিল। তেনেতে ৰজতে সেই গুলপীয়া ৰুমালখন দীপালৈ আগবঢ়াই দিলে। দীপাই আচৰিত হৈ এবাৰ ৰুমালখনলৈ আৰু এবাৰ ৰজতৰ মুখলৈ চাই জাঁপ মাৰি থিয় হৈ ক’লে,

: আৰে ,তুমি এইখন ক’ত বিচাৰি পালা?মই  যে ইমান বিচাৰিও পোৱা নাছিলোঁ।তুমি ক’ৰ পৰা উদ্ধাৰ কৰি আনিলা এইখন।

 ৰজতে এইবাৰ গহীনকৈ উত্তৰ দিলে,

: চোৱা দীপা, এই সময়ত ৰুমালখন ক’ত পালোঁ, কেনেকৈ পালোঁ, সেইবোৰ ডাঙৰ কথা নহয়। আমি যে ৰুমালখন ঘূৰাই পালোঁ, সেইটোহে মেইন কথা। এতিয়া সেইবোৰ কথা পাতি সময় নষ্ট কৰাতকৈ বীণা বাইদেউক ফোন কৰি জনাই দিয়াগৈ যে তুমি ৰুমালখন বিচাৰি পালা।ৰজতে টেবুলত থোৱা অফিচৰ ফাইল এটাৰ লগতে ৰুমালখনো ভুলতে বেগত ভৰাই থৈছিল বুলি কৈ দিবা। 

দীপাইও ৰুমালখন ঘূৰাই পোৱাৰ আনন্দতে বাকীবোৰ কথা বাদ দি ফোনটোৰ ওচৰলৈ দৌৰ মাৰিলে। ৰজতেও দীপাৰ মুখত হাঁহিটো দেখি স্বস্তিৰ নিশ্বাস এৰিলে। যোৱাকালি পাচলি আনিবলৈ যাওঁতে নগেনৰ ইস্ত্ৰিৰ দোকানখন দেখি তাক এশ টকা এটা দি যেনেতেনে ৰুমালখন ভালকৈ ধোৱাই অনাৰ কাৰণেই আজি ঘৰখনৰ অশান্তিখিনি নাইকিয়া হ’ল। জীৱনত আৰু কোনোদিনেই মহিলাৰ ৰুমালত হাত নলগাওঁ বুলি ৰজতে শপত খালে আৰু মনটো ভাল লাগিবৰ কাৰণে  দীপা আৰু ৰিমলীক লৈ অলপমান ফুৰি অহাৰ কথা ভাবিলে।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *