ফটাঢোল

বেক চিটৰ মহিমা-প্ৰান্তৰ ভাগৱতী

আজিৰ পৰা পোন্ধৰ বছৰমান আগৰ ঘটনা। শ্ৰীমতীক নতুনকৈ বিয়া কৰাই আনিছোঁ। মিতিৰৰ ঘৰ ফুৰা কাম ইতিমধ্যে শেষ হৈছে। বিয়াৰ তিনিমাহমান হৈছিল। শ্ৰীমতীয়ে লাহে লাহে চেলোৱাৰ কামিজ আদি পিন্ধা আৰম্ভ কৰিছে। আগৰ বাইকখন পুৰণি হ’ল বুলি কৈ থাকে বাবে নতুন এখন হিৰহণ্ডা বাইক কিনিলোঁ। এদিনৰ কথা। আবেলি শ্ৰীমতীক প্ৰস্তাৱ দিলোঁ যে সন্ধিয়া অলপ টাউনৰ ফালে দুয়ো মটৰ চাইকেলত উঠি ফুৰি আহোঁ! তাৰ আগলৈকে শ্ৰীমতী মোৰ লগত বাইকত উঠাই নাছিল। গহনা, পাটৰ মেখেলা চাদৰ আদি পিন্ধি ফুৰিবলৈ যায় বাবে গাড়ীৰে ই ফুৰা-চকা কৰা হৈছিল। সেইদিনা মাও ঘৰত নাছিল। দুদিনমানৰ বাবে মামাৰ ঘৰলৈ গৈছিল। সেয়েহে বাইকত যাম বোলোঁতে শ্ৰীমতীয়ে লগে লগে ধুনীয়া চেলোৱাৰ কামিজ এযোৰ পিন্ধি মেকআপ কৰি সাজু হ’ল। আমাৰ ঘৰৰ পৰা টাউন পোৱাৰ আগেয়ে দুয়ো কাষে কিছুদৰ মুকলি পথাৰ। ফিৰফিৰিয়া বতাহত বাইকৰ পিছফালে শ্ৰীমতীক লৈ গৈ বৰ বেলেগ আমেজ লাগিছিল! তেঁৱো সোঁহাতেৰে মোক সাৱতি ধৰি দুয়োটাই প্ৰেমালাপ কৰি গৈছিলোঁ। শ্ৰীমতী বিয়াৰ আগেয়ে একেবাৰে খীন মিন আছিল। কোনোবাই যেন “শুকানী বাণ”হে মাৰিছিল। সেয়েহে বাইকত উঠি গৈ থাকোঁতে মই কৈছিলোঁ,

: বোলো আৰু অলপ জোৰকৈ সাৱতি ধৰিবা; নহ’লে কেনেবাকৈ বতাহৰ কোবত পৰি গ’লে সৰ্বনাশ হ’ব!

এইদৰে টাউনত চক্কৰ মাৰি টাউনৰ চানাৱালা এটাৰ ওচৰত ৰাখিলোঁ। এওঁ তিনিটামান টোপোলা বিভিন্ন কায়দাৰে মিক্স কৰা মিচল চানাৰ পেকেট‌ ল’লে। মই চানাৱালাক পইছা দি পুনৰ মটৰ চাইকেলত উঠি ষ্টাৰ্ট কৰি এওঁক ক’লোঁ “উঠা”!

তাৰপিছত পুনৰ ঘৰলৈ বুলি বাইক চলাই দিলোঁ। আহি আহি পুনৰ সেই মুকলি পথাৰখন পাওঁতে এওঁক ক’লোঁ,

: হেৰা! বতাহ লাগি ঠাণ্ডা লাগিছে গতিকে অলপ জোৰকৈ সাৱতি ধৰানা পিছফালৰ পৰা। মানুহ-দুনুহো নাই এই মুকলি ঠাইত।

পিচে এওঁ দেখোন মোক নধৰে। তাৰপিছত আকৌ এবাৰ কোৱাৰ পিছতো মোক নধৰা দেখি পিছলৈ চাই মোৰ চুলিৰ আগে জীউ উৰি গ’ল। “আৰে মানুহ জনী দেখোন নাই বেকচিটত!”

নানান আশংকা মনলৈ আহিল। লগে লগে বাইক ঘূৰাই পুনৰ টাউনলৈ বুলি ঢাপলি মেলিলোঁ। গৈ দেখোঁ চানাৱালাটোৰ পৰা কিছুদূৰ ঘৰৰ ফালে খোজকাঢ়ি আহি আছে শ্ৰীমতী। মুখখন ফুলা। অসম্ভৱ গহীন। মই বাইক ৰখাই বহুত কাকূতি মিনতিৰ অন্ততহে পুনৰ বাইকত উঠিছিল। আচলতে মোৰ গাতো  দোষ নাই। শ্ৰীমতী ইমানেই খীন মিন আছিল যে বাইকৰ বেক চিটত উঠিলে গমেই নাপায়। সেয়েহে তেওঁ মিচল চানাৰ পেকেট‌ লৈ বাইকত উঠিবলৈ টিকাটো বেক চিটত থ’বলৈ নৌপাওঁতেই  মই বাইক চলায়েই দিলোঁ আৰু গমেই নাপালো‍ঁ তেওঁ উঠিছিলনে নাই !

তাৰপিছত ঘৰত আহি এটা শব্দৰ অৰ্থ  ভালকৈ বুজি পালোঁ। 

কোনো কোনো মহিলাৰ ক্ষেত্ৰত এনেকুৱা নিশ্চয় হৈছিল। তেওঁলোকৰ পতিদেৱতাই পিছত কেনেকৈ মেনেজ কৰিছিল নাজানো মই কিন্তু সেইদিনা ঘৰলৈ আহি  “ৰণচণ্ডী” শব্দটোৰ অৰ্থ খুব ভালকৈ বুজি পাইছিলোঁ।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *