সুষুপ্তি-উপাসা ভাগৱতী
ৰাতিপুৱাই সাৰ পাই প্ৰথমেই মনলৈ আহিল কথাটো। একেজাপে মেচিনটোতহে ভৰি দিলে ‘পাদস্পৰ্শম ক্ষমশ্বমে’ বুলি । দুইকেজি বাঢ়িলহে দেখোন। কেনেকৈ?? এইকেইদিন পুৰা চাইকেল চলাইছে দেখোন !! কমক চাৰি বাঢ়িলহে । টিঙিচকৈ খঙটো উঠি গ’ল । ড্ৰেছিংখনৰ সন্মুখত থিয় হৈ নিজকে লক্ষ্য কৰিলে অলপ সময় । ঠিকেই আছে দেখোন । এনেয়ে দেখুৱাইছে। মেচিনটোতহে কিবা গণ্ডগোল আছে দেই । মানুহবোৰে যে এনেয়ে কয় পাই। হব যা ,যি হয় দেখা যাব । আকৌ আওকাণ কৰিলে কথাটো ।
ৰাতিপুৱাৰ চাহ কাপ বিনা চেনীৰেই খাই অৱশ্যে । ৰঙা চাহ । পিছৰ কেইকাপ পিছে একেবাৰে মলাই মাৰকে দুচামুছ চেনী দি মজাকে খাই ৰুটি ভাজিৰে সৈতে, লগত অৱশ্যে মিঠাই এটাও থাকে ।
সাত বাজিলেই ৰিকক উঠিবলৈ কৈ তাই আলু দুটা পিহি লৈ তেলত ভাজি ললে । ৰুটীখন বেলি মাজত সেইখিনি দি চেজৱান চাটনি আৰু চিজ দি মেৰিয়াই ৰিফাইনত লেটীয়াই ভাজি থলে দুখন । এখন এটা নিৰ্দিষ্ট জোখত কাটি টিফিনত বিস্কুট,কেকৰ লগতে ভৰাই দিলে । ই স্কুললৈ ভাত খাই নাযায় । সৰুৰে পৰা অভ্যাস গঢ় লৈ উঠিল ।ভাত খালে মাত্ৰ দুটেপাহে খায় ফলত প্ৰথম পিৰিয়দটো যাবই নাপাই পেটৰ ভিতৰত নিগনিয়ে দৌৰিবলৈ আৰম্ভ কৰি দিয়ে হেনো । সেইবাবে নিগনিৰ খেলখনৰ ভৰত পঢ়া লাদুগুটি হয়গৈ । তেতিয়াৰে পৰা টিফিনত যি দিয়ে সেয়াই ৰাতিপুৱা গাখীৰৰ সৈতে খাই স্কুল যায় । আজিও সি তেনেকৈয়েই খাই গ’ল। ইতিমধ্যেই তাই মিঠা বিস্কুট দুটাৰে বিনা চেনীৰ চাহকাপ খাই উঠিছিলহে তথাপি সি এৰি যোৱা পৰঠাখনৰ টুকুৰবোৰৰ সৈতে গিলাচৰ তলিত থকা গাখীৰকণ খাই বাচনবোৰ চিংকত ভৰাই থলেগৈ ।
বিচনা-পত্ৰ পাৰি লৈ দেখে নটা বাজিবৰে হ’ল। ততাতৈয়াকৈ দুয়োৰে বাবে ৰুটি ভাজি লৈ আহি খাই ললে। মানুহজন ইতিমধ্যেই ওলাই গৈছে । এইকন সময় তাই বৰ আৰামেৰে ফেচবুকখন মেলি লোৱাৰ সময় । মেলি লৈয়েই সেই ভিডিঅবোৰ চকুত পৰিল । ব্যায়াম কৰি কেনেদৰে পেট কমাব পৰা গাৰ মঙহ কমাব পৰা বিভিন্ন ক্ৰিয়া কলাপ। উসঃ তায়ো এনে মেদহীন শৰীৰ এটাৰ কল্পনাত উটি ভাঁহি ফুৰিলে । পিয়াহ লগা যেন অনুভূত হোৱাত চৰবত এগিলাছেৰে মিঠাই এটা মুখত ললে লগতে ভূজিয়া বিস্কুট দুটামানো।
সময়বোৰ কিদৰে পাৰ হ’ল ধৰিবকে নোৱাৰিলে ।মাজতে ঘৰ সাৰি -মচি বনকৰা মানুহজনী গলগৈ । ৰিকৰ স্কুল চুটি দিবৰে হ’ল ।কলিং বেলটো বাজোতেই দৰ্জা খুলি দি ভাত বাঢ়িবলৈ গ’ল । চিতল মাছৰ চৰ্চৰি আৰু ৰিকৰ বাবে মাংস ৰান্ধিছিল। তাই দুয়োটাই অলপ টেষ্ট কৰি চালে। ৰিকে এৰা মাংস,ভাতকন, মানুহজনে এৰা ভাজিখিনিও তাই খাই থলে। এৰিলে বৰ বেয়া পায় তাই।
বাচনখিনি যেনেতেনে ধুই বিছনাত বাগৰ দিলেগৈ টিভিটো খুলি ,পিছে চকু কত টিভিত থাকিব জাপ খাইহে গ’ল ।– হেৰা চাহ নুখুৱাবা নেকি হে ? কথাষাৰত খকমক কৈ উঠি চাহকাপ কৰি আনি সকলোকে যাঁচি নিজেও খাবলৈ ললে মানুহজনে লৈ অহা পপ,ক্ৰীম বন আৰু বিস্কুট আদিৰে । পুনৰ বহি বহি ফোনটো চাবলৈ আৰম্ভ কৰি দিলে । মাজে মাজে মনটো ৰাতি কি বান্ধিব সেইটোত সোমাই থাকিল । ৰিকক পঢ়িবলৈ কৈ দুই এবাৰ এটা দুটা কথা বুজাই দিলে । হাতৰ ফোনটো হাততে থাকিল । সি খাবলৈ লোৱা চিপছৰো ভাগ ললে ফোন চাই চাই । আজি চাইকেল খঙতে চলাবলৈ মন নগল তাইৰ । ইমান কষ্ট কৰাৰ পিছতো ওজন বাঢ়িছে ?? আজি নচলাও যাহ ।
মানুহজন ঘৰ পালেহি। আহিয়েই ইমান সময় পাকঘৰলৈ নোযোৱা বাবে খঙত ফাটি পৰিল । তাইও মুখেৰে আধাঘণ্টাত ভাত দি আছো বুলি ভাত ,ডালি ভাজি কৰি নিৰামিষ খাদ্যকে কৰিলে। পিছে মানুহজনে এপাকত গৈ দিম তিনিটা মগ এটাত সিজিবলৈ দিলে।তাইক সুধিছিল খাবানে বুলি ,শৰীৰটোৰ চিন্তাত নাখাও বুলি মুখলৈ অহাৰ পিছতো জিভাখনে কেতিয়া ‘ন’টো উহ্য কৰি থলে তাই গমেই নাপালে । ৰাতিও ভাতকেইটা খাই বিছনাত পৰোতে চিন্তাটো পুনৰ আহিল । সঁচাকৈ তাই শকত হৈছে নেকি? খোৱাটো… সাধাৰণভাৱেই খাইছে আৰু কামবোৰ নিজে কৰিয়েই আছে দেখোন । কেনেকৈ বাঢ়িছে বাৰু শৰীৰটো একেবাৰেই ধৰিব পৰা নাই । ভাবি ভাবিয়েই তাই টোপনিত ঢলি পৰিল । শৰীৰটোয়ে ইতিমধ্যেই আজিৰ দিনটোৰ দুশগ্ৰামমান চৰ্বি কোনখিনি ঠাইত থাপিলে ভাল হব সেই চিন্তাত কামত লাগিল ।
☆ ★ ☆ ★ ☆
10:10 am
এৰা,খোৱা বস্তুবোৰ পেলাই দিব নাপায় দেই।