ফটাঢোল

দীঘলীপুখুৰীৰ ব’টত 14 ফেব্ৰুৱাৰী-উজ্জ্বল দিপ্লু গগৈ

গুৱাহাটীলৈ 2009ত মাষ্টাৰ্চ কৰিবলৈ যোৱাৰ পাছত চিনিয়ৰৰ কাঢ়া নজৰৰ মাজত আমাৰ জুনিয়ৰ (PAHU)বোৰৰ মনৰ মাজত সোমাই থকা হিৰ’বিলাক আতংকতে তাপ মাৰি লুকাই আছিল৷ ফাঁকিফুকা দি কেতিয়াবা বাহিৰলৈ ফুৰিবলৈ ওলাই আহোঁ৷ ফুৰিবলৈ আহোঁ মানেনো কি আৰু! 6নম্বৰ চিটিবাছত উঠি কেতিয়াবা পাণবজাৰ পাওঁহি৷ ওচৰে-পাজৰে তহল দিওঁ, ফাঁচী বজাৰত সস্তীয়া স্পৰ্টিং, গেঞ্জি এইবোৰ কেতিয়াবা বিচাৰি ফুৰোঁ, নহ’লে ক’ৰবাত চিনেমা হলত সোমাওগৈ৷ অৱশ্যে প্ৰাগজ্যোতিলৈ যাব নোৱাৰিছিলোঁ, তাত কোনোবা নহয় কোনোবা চিনিয়ৰ/চুপাৰ চিনিয়ৰ গাৰ্লফ্ৰেণ্ডক লৈ ওলাইছিলগৈ৷ 

তেনেকুৱা সময়ৰে কাহিনী এইটো৷ সেইদিনা 14 ফেব্ৰুৱাৰী আছিল৷ আমি চাৰিটামান লগৰ ওলাই আহিলোঁ পাণবজাৰত কিতাপ কিনিম বুলি ফাঁকি মাৰি৷ মনত ধান্দা পাণবজাৰৰ ভেলেণ্টাইন ডেৰ পৰিৱেশ চোৱা৷ ঘূৰিলো মেলিলো, কোনোবা এটাৰ গাত দীঘলীপুখুৰীৰ ফুটপাথত সদায় ৰাস্তাৰ মানুহক টাৰ্গেট কৰি পিৰিককে বিষ্ঠা বিসৰ্জন কৰা চৰাইবোৰৰ এজনীয়ে ভেলেণ্টাইন সম্বলিত শুভেচ্ছাও দিলে৷ তাৰ গাটো চৰাই চৰাই গোন্ধাবলৈ লোৱাত সি দীঘলী পুখুৰীত সোমাই তাৰ পৰাই পানী অকণ লৈ চাৰ্টটো চাফা কৰা কথা কোৱাত আমিও টিকেট কাটি তাত সোমালোগৈ৷ বৈধ-অবৈধ সকলো প্ৰেমিক-প্ৰেমিকাৰ মেলা সেইদিনা দীঘলীপুখুৰীৰ পাৰত৷ চাৰ্টটো চাফা কৰাৰ পাছত বন্ধুৱে প্ৰস্তাৱ ৰাখিলে যে সোমালো যেতিয়া ব’টিঙকে নকৰো কিয়? আমিও হয়ভৰ দি টিকেট কাটিবলৈ আগবাঢ়িলো৷ সৰু ৰাস্তাটোৰে গৈ থাকোঁতে অনুভৱ কৰিলোঁ ভূমিকম্প আহিছে দীঘলীপুখুৰীত!!! যিমানবোৰ জোপোহা গছ আছে, প্ৰতিজোপা জোপোহা খন্তেক সময়ৰ পাছে পাছে লৰচৰ কৰে৷ প্ৰথমে সেয়া নৰ্মেল বুলি ভাবিছিলোঁ যদিও যেতিয়া বেঞ্চবিলাকত মেলি থকা ছাতিবোৰ লৰি থকা দেখিবলৈ পালোঁ, তেতিয়াই আমি ৰিখটাৰ স্কেলৰ প্ৰাবল্য বুজি পাই গ’লো৷ যি কি নহওঁক, আমি ফাঁকে ফাঁকে খোজ দি টিকেট কাটিলোগৈ নাওঁ চলাবলৈ বুলি৷ 

পেডেল ব’ট৷ চাৰিটা বহিব পাৰি৷ দুটাই পেডেল মাৰিব লাগে৷ আমিও চৌপাশৰ প্ৰকৃতিৰ নৈসৰ্গিক সৌন্দৰ্য্যৰ সোৱাদ লৈ প্ৰমোদবিহাৰ কৰি থাকিলোঁ৷ ভূমিকম্পৰ সেই আবেলিৰ পৰিৱেশটো অনন্য সুন্দৰ আছিল৷ মাত্ৰ আমি পানীত থকাৰ বাবে ভূখণ্ডত হৈ থকা কম্পনটো অনুভৱ কৰিব পৰা নাছিলোঁ৷ ব’টতে দুপাকমান মৰাৰ পাছতে লগৰ এটাই আঙুলিয়ালে, “সৌ ছাতিটোলৈ চাচোন, ভূমিকম্পৰ epicentre চাগৈ সেইটোৱেই৷ অথনিৰপৰা বৰ বেয়াকৈ লৰি আছে৷” 

বাকীকেইটাই এনেই কিৰিলি একোটা মাৰি দিলোঁ৷ হঠাৎ, এপিচেণ্টাৰ স্তব্ধ হৈ পৰিল৷ ছাতিটোৰ আঁৰৰপৰা ছোৱালী এজনী উলাই হঠাৎ লৰ দিলে৷ আমাৰ বিশেষকৈ মোৰ মুখৰ মাত সৰিল৷ এটাই মোলৈ চাই ক’লে, “গগৈ মা মনসা নহয় জানোঁ ব্বে?” 

মই নাওঁখনৰ তলত থকা পানীলৈ চাই মূৰ দুপিয়ালোঁ হয়৷ অৱশ্যে মই আকৌ মূৰ তুলি চাওঁ মানে ছোৱালীজনীয়ে দীঘল দৌৰ দি দীঘলীপুখুৰীৰ গ্যেইটৰফালে গৈ গৈছিল৷ 

                  ৷৷তাৰে দুদিনৰ আগৰ কথা৷৷

12 ফেব্ৰুৱাৰী৷ স্থান: মা মনসা হোটেল, পাণ্ডু বজাৰ৷ টেবুলত মাছৰ স্পেচিয়েল থালি লৈ মই আৰু এপিচেণ্টাৰ৷ দুয়োটাৰে লাজ! কি কথা পাতোঁ! কোনটো বস্তু খাওঁ! মাছৰ কাঁইট কেনেকৈ বাচি মুখলৈ নিওঁ! তাইৰ ভৰি দুটা টেবুলৰ তলত থকা বাবে গম পোৱা নাছিলোঁ মৃদু মৃদু সুখানুভূতিত তাইৰ ভৰি দুটা কঁপিছিলনে নাই, মোৰ কিন্তু কলিজাৰ কঁপনি ভৰিলৈকে বাৰুকৈয়ে বিয়পি পৰিছিল৷ ঠিক তেনেকুৱা সময়তে মোৰ লগত ব’ট চলাবলৈ যোৱা লগৰ অসভ্যকেইটাও তাত ভাত খাবলৈ সোমাইছিলগৈ৷ চকুৰে পিৰিকপাৰাককৈ জোকাই এটাই পাছফালৰ টেবুলখনৰপৰা মিহিকৈ ডাইলগ এচাটিও এৰিছিল, “আজি আমি হোটেলত মাছ খাইছোঁ, কেইবছৰমানৰ পাছত বৌৰ হাতেৰে বনোৱা মাছহে খাম আকৌ!!”

আকৌ 14 ফেব্ৰুৱাৰীলৈ ঘূৰি আহোঁ৷ সেইসময়ত ব’টখনৰ তলত সাঁতুৰি থকা দীঘলীপুখুৰীৰ মাছসোপাই ঢেকঢেকাই হাঁহিবলৈ লৈছিল, “বেটাহঁত মাছ খাবি হা, তাকো বৌয়েৰৰ হাতেৰে খাওঁ তহঁতে? খা এতিয়া মাছৰ মূৰাটো৷” ব’টখন কঁপি উঠিছিল, ভূমিকম্পৰ তৰংগ পানীলৈও বিয়পি আহিছিল৷ দীঘলীপুখুৰীৰ পানীত মোৰফালৰ দুটোপাল চকুপানী দান দিলোঁ, দূৰণিত দীঘলীপুখুৰীৰ গ্যেটখনেৰে তেতিয়ালৈ এপিচেণ্টাৰ আগন্তুক ফাগুনৰ ধূলিয়ৰি বাটত অদৃশ্য হৈ পৰিছিল৷

☆ ★ ☆ ★ ☆

One comment

  • ডলী তালুকদাৰ

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *