ফটাঢোল

টোপোলা-নাজিয়া হাচান

: হেৰা! ৰিটায়াৰটো ময়ো হৈছিলোঁ। কিন্তু অফিছত ফেয়াৰৱেলটোত পোৱা টোপোলাবোৰৰ বাহিৰে আন কোনো মানুহৰ পৰা আজিলৈকে মই এইদৰে টোপোলা পোৱাৰ সৌভাগ্য নহ’ল। তুমি বৰ ভাগ্যৱতীহে। মানুহে তোমাক ইমান আদৰ চেনেহ কৰে! মোক মানুহে ভালেই নাপাই বুইছা। 

হুমুনিয়াহ পাৰি শ্ৰীমান মজুমদাৰে তেওঁৰ শ্ৰীমতীক ক’লে।

শ্ৰীযুত ধীৰাজ মজুমদাৰ। চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা তেওঁৰ পাঁচ বছৰেই হ’ল। আজি দুদিনমান আগত তেওঁৰ জীৱন সংগিনী শ্ৰীমতী মিৰা মজুমদাৰেও চৰকাৰী চাকৰিৰ পৰা অৱসৰ পাইছে। মিৰা বাইদেউৰ অৱসৰৰ খবৰ ল’বলৈ তেওঁৰ ঘৰত এইকেদিন আলহী অতিথিৰ অগণিত আগমন; কেৱল আগমনেই নহয়, সবাৰে হাতত বাইদেউলৈ বুলি এটা মৰমৰ টোপোলাও। মানে লিখিত ভাষাত তেনে টোপোলাক উপহাৰ বুলিয়ে কয়। ভেড়াইটি টোপোলা। কোনোৱে গামোচা, কোনোৱে শৰাই, কোনোৱে গ্ৰন্থ, কোনোৱে উপন্যাস, কোনোবাই আকৌ টোপোলাত মিঠাই, ইত্যাদি। মুঠতে মানুহবোৰে মজুমদাৰবাইদেউৰ ঘৰৰ অধিকাংশ ঠাই মৰমৰ টোপোলাবোৰেৰে  এই দুদিন পূৰ্ণ কৰি তুলিছে। বাইদেউৰ আগন্তুক অৱসৰ জীৱনটোৰ বাবে শুভচিন্তকসকলৰ এনেহেন বিপুল শুভবোধত বাইদেউৰ অন্তৰাত্মা গৰ্বত ওফন্দি উঠাটো নিতান্তই স্বাভাৱিক। পিছে বাইদেউৰ মুখত তেনে কোনো অনুভূতিৰ ফটফটীয়া প্ৰকাশ কিঞ্চিটো দৃশ্যমান হোৱা নাই বাৰু, শ্ৰীমান মজুমদাৰেহে শ্ৰীমতীৰ মনোভাৱ সেইমতে উপলব্ধি কৰিছে। মজুমদাৰ ডাঙৰীয়াৰ মতে―বিষয় ভাগ একেবাৰেই এলাপেছা বিধৰ নহয়; দস্তুৰমত গৌৰৱ কৰিব পৰা এটা বিষয়। আজিকালিতো ঘৰলৈ অহা আলহী আৰু আলহীৰ হাতত দেখা এটা টোপোলা, যেন এক অভৌতিক সংঘটন। কোনেনো কাৰ খবৰ-খাটি লোৱাৰ আজিৰ সময়ত সময় আছে; তাতে আকৌ এইদৰে টোপোলা কঢ়িয়ায়? হোৱাই নোহোৱাই সকলোৱেইচোন আজি ব্যস্ত বুলিয়ে দাবী কৰে। মানুহৰ ঘৰলৈ আলহী-অতিথিৰ আগমন আজিৰ সময়ত তেনেই চূৰ্চুৰীয়া। বিনা মতলবত কাৰো ক’তো ৰ’বলৈয়ো বেলা কম। এনে এক পৰিস্থিতিত শুভবোধেৰে মজুমদাৰবাইদেউৰ ঘৰত এইদৰে যে অতিথি-আলহীৰ পদাৰ্পণ ঘটিছে এয়া বাইদেউৰ পৰম ভাগ্যৰ কথা।

বাৰাণ্ডাত থকা বেতৰ চকীখনত বহি মজুমদাৰ ডাঙৰীয়াই আপোন পাহৰি এই বিষয়টোকে চিন্তি আছিল; অৱসৰচোন তেঁৱো লৈছে, পিছে এইদৰে তেওঁলৈ টোপোলা লৈ মানুহৰ শুভকামনাৰ সোঁতনো ক’ত বৈছিল! শ্ৰীমতী মজুমদাৰ বৰ ভাগ্যৱতী। তেওঁক মানুহে কলিজাৰে ভাল পায়। মজুমদাৰক নাপায়।

আবেলিৰ আলহী দুজনমানক বিদায় দি বাইদেউ শ্ৰীমানৰ কাষৰ চকীখনত বহি সুধিছিল,

: হেৰি, আকৌ কি ভাবত ইমান বিভোৰ হয়নে?

: কিনো ভাবিবা আৰু? তোমাৰ আৰু মোৰ পাৰ্থক্যবোৰকে পখালি আছোঁ।

: ইস ৰাম! সেই ৰিটায়াৰৰ কথাভাগেইনে? কি যে সৰু ল’ৰা-ছোৱালীৰ নিচিনা নহয় আপুনিও! কথাটো আচলতে তেনেকুৱা একেবাৰে নহয়; যে আপোনাক মানুহে বেয়া পায়। কথাভাগ এনেকুৱাহে,  সৰুতে আমি আইতাৰ মুখত শুনিছিলোঁ, বোলে ―

টোপোলাৰ ঘৰলৈ টোপোলা যায়, 

ৰহ ৰহ টোপোলা তোলৈয়ো চাই।

: তাৰমানে?

: তাৰমানে এই টোপোলা অৰ্থটোৱে কেৱল বই-বস্তু, সা-সামগ্ৰীকে সামৰা নাই কিন্তু; আমি এজনে আনজনক ভাল-বেয়াৰ খবৰ সুধি মাত এষাৰ লগোৱা কাৰ্যভাগো এজনক দিয়া মস্ত ডাঙৰ টোপোলা এটাৰে সদৃশ; বুইছে? মইটো টোপোলা শব্দটোক তেনেকৈয়ে আজি পৰ্যন্ত মানি আহিছোঁ।

: কি বা ক’বলৈ বিচাৰিছা, তুমিহে জানা।

: অ! আপুনি বুজা নাই ন একো? নুবুজিবই।

: ভালকৈ বুজাই কোৱাচোন। বুজিম নহয় তেতিয়া।

: হেৰি, নিজৰ ছাঁটোৱেও হেনো এন্ধাৰত সংগ নিদিয়ে। গতিকে আমিবোৰে যেনেকৈ আনৰ লগত বহা-উঠা, আচাৰ- ব্যৱহাৰ কৰিম; সেইমতেহে আমিও আনৰ আদৰৰ সংগত বা নিসংগত থাকিব পাৰিম। আপুনি এতিয়া মোক চাই সৰু ল’ৰা-ছোৱালীৰ নিচিনা জ্বলিলে কি হ’ব?

: এহ! কিনো কোৱাহে? জ্বলা নাই ৰ’বা। অনুভৱহে কৰিছোঁ। ভুলটোনো মোৰ ক’ত হৈছে বুলি!

: হেৰি, মানুহে মানুহৰ সুখে দুখে মাত এষাৰ লগাবলৈ নিজৰ সাত কাম ইকাটি কৰি হ’লেও আগুৱাব লাগে। মঙহৰ নহ’লেও, কোনোবা চিনাকি চুবুৰীয়া অভাৱত আছে বুলি উমান পালে লৰি গৈ যি পাৰে সহায় কৰিবলৈ কলিজাখনক ডাঙৰকৈ গঢ় দিব লাগে। ফোনটো হ’ল বুলিয়ে সেইটোৰ সুবিধা নলৈ ঈশ্বৰে দিয়া পাৱযোৰৰ সহায়তহে  মানুহৰ ঘৰলৈ গৈ এখন্তেক বহি কথা-বতৰা এষাৰ পাতি আহিব লাগে। এই অফিচ, কাছাৰী ব্যৱসায়, বাণিজ্য আদিৰ বাহানা বনাই মোৰ সময় নাই, মোৰ আজৰি নাই,মই আজি নোৱাৰিম;এই বুলি মানুহৰ পৰা দূৰত্ব বজাই বজাই চলিবলৈ শিকিবলে তেনে মানুহক আনবোৰেও নিজৰ আদৰৰ পৰা বেঁকা কৰি ৰাখে।

: হেৰা! তুমি মোকেই কাট মাৰি মাৰি কথাবোৰ শুনাইছা নেকিহে?

: নাই! মইনো ক’ত কাট মাৰি কথা ক’ব জনা মানুহ হয়নে? আপুনিহে ভালকৈ বুজাই কোৱা বুলিছিল।

: ৱাহ। বেইছ ব্ৰিলিয়েণ্ট শিক্ষয়িত্ৰীহে তুমি। বেংকৰ মেনেজাৰকো মেনেজমেণ্ট শিকাই দিব পাৰিছা। মানিছোঁ দিয়া। হেৰা, ব’লা আজি বন্ধু বৰুৱাৰ ঘৰৰ পৰা এপাক ফুৰি আহোঁ।

: হয়নে! লেপটপ আৰু মোবাইলত আপোনাৰ কিবা কাম নাই জানো আজি?

: হেৰা!এইকেদিনত ল’ৰা-বোৱাৰীৰ চাকৰি কৰা ঠাইখনতো দুদিনমান থাকি আহোঁ ব’লা। সিহঁতে বহুত ভাল পাব। তুমিটো গৈয়ে থাকা। মই যে দেখায়ে নাই সিহঁতৰ চৰকাৰী ঘৰটো। ব’লা ব’লা পেকিং কৰোঁ আহা।

: মোৰ পেকিং কৰিবলৈ একো নাই। কাপোৰ-কানিৰ টোপোলা এটা সিহঁতৰ তাত অলৰেদি থৈয়ে আহোঁ মই। ৰ’ব, মই পিঠা দুটামানহে বনাওঁগৈ। বোৱাৰীয়ে মোৰ হাতৰ পিঠা ইমান ভাল পাই খায়! আপোনাৰ বেগৰ একাষত পিঠাৰ টোপোলাটো আতিব নহয়?

☆ ★ ☆ ★ ☆

3 Comments

  • কমলা দাস

    ভাল লাগিল পঢ়ি

    Reply
  • পূৰৱী কাকতী

    ময়ো ভাল লগাৰ ‘টোপোলা’ এটা দিলোঁ।

    Reply
  • DEBAJIT SHARMAH

    ভাল লাগিল বা৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *