ফটাঢোল

মহানন্দ বাপ-পূৰৱী কাকতী

চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছৰ পৰাই তেওঁৰ জীৱনত হঠাতে হোৱা সাংঘাতিক পট্ পৰিৱৰ্তনত নিজেই আচৰিত হৈ পৰে মহানন্দ কলিতাই। কিমান দিননো হৈছে অৱসৰ লোৱা! আঙুলিৰ মূৰত লেখিব পৰাকৈ গোটে গোটে তিনিটা মাহ হৈছেহে..! অৱসৰৰ পিছৰ জীৱনটো সুখকৰ হোৱাৰ বাবে আশীৰ্বাদ এটা ল’বলৈকে পিছদিনাই কোট-টাই এৰি প্ৰথমবাৰৰ বাবে ধূতি-কুৰ্তা পিন্ধি পত্নীৰ একান্ত অনুৰোধত তেওঁৰ সৈতে স্থানীয় নামঘৰটোৰ পৰা গৈ আহিল। এনেই কেতিয়াবা ক্ষন্তেকৰ বাবে ঘৰুৱা কিবা ধৰ্মীয় অনুষ্ঠানত ধূতি-কুৰ্তা পিন্ধাটো বাদ দি, সম্পূৰ্ণ সময় হাতত লৈ সেয়া প্ৰথমবাৰৰ বাবে মহানন্দ কলিতাই নামঘৰলৈ বুলি ওলাই গৈছিল। সম্পূৰ্ণ অসমীয়া সাজত গামোচাখন ডিঙিত লৈ নামঘৰৰ পদূলিমুখ পাওঁতেই ওচৰৰে যদিও চকুৰ চিনাকি বুলিহে ক’ব পৰা নন্দ কোঁৱৰে মাত লগালে,

: বোলো, বাপজনা, নামঘৰলৈ আহিলে। আহক, আহক। 

তেওঁৰ লগতে যোৱা, অথচ প্ৰায়ে লগ পাই থকা আইগৰাকীক কোঁৱৰ বাপে সেইদিনা দেখিলেনে নেদেখিলে আইগৰাকীয়ে ততকে ধৰিব নোৱাৰিলে। সেয়ে মাতষাৰ তেৱেঁই দিলে, 

: আজি লগতে লৈয়ে আহিলোঁ এখেতক…

মহানন্দ কলিতাই গৈ পায়েই কাৰোবাৰ এনে মধুৰ সম্ভাষণত আপ্লুত হৈ পৰিল।  হাত দুখনে গামোচাখন এনেই এবাৰ ওপৰ-তল কৰি ডিঙিটো সামান্য বেঁকা কৰি হাঁহি এটা মাৰিলে। নামঘৰৰ দুৱাৰডলিটো পাওঁতে মূৰটো সামান্য তললৈ কৰি সোঁ-হাতখনে ভগৱন্ত প্ৰভূলৈ সেৱা কৰাৰ ভঙ্গীমাত ভিতৰলৈ সোমাই গ’ল। লগে-ভাগে নামঘৰত প্ৰৱেশ কৰা কোঁৱৰ বাপক ক’বলৈ অৱশ্যে তেওঁ নাপাহৰিলে,

: হয়, অৱসৰ ল’লোঁ নহয়, সেয়ে বোলো নামঘৰৰ ৰাইজকে দেখা-সাক্ষাৎ কৰি আহোঁ। অৱশ্যে, মোৰহে অহা নহয়, এওঁটো আহিয়েই থাকে।

অৱশ্যে ‘এওঁ’নো কিমান আহে, সেয়া তেওঁ ভালকৈ নেজানে যদিয়ো সম্পূৰ্ণ জনাৰ দৰে কৈ পেলালে।

ওচৰ-চুবুৰীয়া হিচাপে মহানন্দ কলিতাৰ কথাটো সকলোৱে জানে আৰু অৱধাৰিতভাৱে মানিয়ো লয় যে তেওঁ এজন চৰকাৰী উচ্চ-পদস্থ বিষয়া যেতিয়া সময়ৰ বৰকৈ অভাৱ। কেনেকৈনো মাহেকে-পষেকে, সকামে-নিকামে উপস্থিতি দিব পাৰিব? 

নাই, একো দোষণীয় কথা নহয়। দস্তুৰমত তেওঁ অতি ব‍্যস্ত মানুহ। 

এতিয়াৰ পৰা আৰু তেওঁ একেবাৰে ৰাইজৰ হৈ পৰিল। 

সকলো ভকতে মহানন্দ কলিতাক আদৰি-সাদৰি কোনোবা এটা সময়ত কাঁহৰ বাটিত চাহ এটোপাও সেৱা এটা জনাই যাঁচিলেহি। মহানন্দ কলিতাৰ মনটোহে বৰ উচ্ পিচ লাগিল। সাধাৰণ প্ৰাৰ্থনা এটাও ভালকৈ মনত নথকা এই ‘অভকত’ মানুহটো কেনেকৈ হঠাতে ‘বাপজনা’ হৈ পৰিল! কৰোঁতে তেওঁ খুব বেছি কৰিলেনো কিটো? ধূতি-কুৰ্তা আৰু ডিঙিত গামোচাখনহে আঁৰি লৈছে! না কিবা নীতি-নিয়ম জানে, না প্ৰাৰ্থনা এফাঁকি সুৰ লগাই গাব জানে! জনাৰ নামত একোডালেইচোন নাজানে। তেওঁ ডেকাকালতে যি ধৰ্ম-কৰ্ম এৰিলে, বিবাহিত হোৱাৰ পিছৰ পৰাহে ঘৰুৱা সকাম-নিকামত ‘নিয়ম’ বুলি ক্ষন্তেক দেখা এটা দিয়েহি। সম্প্ৰতি তেওঁ ভকতীয়া ড্ৰেচটোহে পিন্ধিছে!

মহানন্দ কলিতাই কথাবোৰ মনতে পাগুলি থাকে।

সেই যে নামঘৰত ভৰি দিলে তেওঁ, তেতিয়াৰ পৰাই মহানন্দ বাপ টাকুৰি-ঘূৰাদি ফুৰা হ’ল। আজি বোলে অমুকৰ ঘৰত, কালিলৈ বোলে তমুকৰ ঘৰত নাম এভাগ আছে। তেওঁ নোযোৱাকৈ থাকিব নোৱাৰা হ’ল। পত্নী মালৱিকাই তেওঁক জোৰ কৰি পঠাই দিয়ে,

: যোৱাচোন যোৱা, নতুন লগ-সঙ্গ অলপ পাবা।

তেওঁৰমতে অৱসৰী সময়বোৰ নাযায় নুপুৱায়। সেয়ে তেনে মানুহে সদা ব‍্যস্ত হৈ থকা উচিত। 

এইখিনি সময়তে তেওঁক যদি কোনোবাই ভকত হিচাপে ভৰিত ধৰি সেৱা এভাগ কৰে, ভিতৰি ভিতৰি তেওঁ মৰি যোৱা যেন পায়। 

চেঃ, কি জীৱন পলকতে কি যে হৈ গ’ল..! 

তেওঁ কোনোদিনে সম্পূৰ্ণ আস্তিকো নাছিল আৰু কোনোদিনে নাস্তিকো নাছিল। নীতি-নিয়মৰ চাৰিবেৰৰ মাজত আৱদ্ধ হৈ থকা কাৰবাৰটোতহে তেওঁৰ অলপ অসন্তুষ্ট আছিল। বন্ধন বোলা শব্দটো একেবাৰে তেওঁৰ অপছন্দ। অতদিনে তেওঁ চৰাইৰ দৰেই উৰি ফুৰিবলৈ পাইছিল। গতিকে তেওঁ ওতঃপ্ৰোতভাৱে ধৰ্মীয় কৰ্মত কোনোদিনে জড়িত নহৈছিল। 

কিন্তু, হঠাতে তেওঁৰ এই বিশাল পৰিৱৰ্তন! নিজকেতো আৰু নিজে কেতিয়াও ফাঁকি দিব নোৱাৰি! কিবা যেন এক চক্ৰবেহুত তেওঁ সোমাই পৰিল। যিমানেই আঁতৰিব বিচাৰে, সিমানেই অধিক সোমাই পৰিছে। আনে বেয়া পাব বুলি ভাবি থাকোঁতে থাকোঁতেই মহানন্দ কলিতা সোনকালেই ‘মহানন্দ বাপ’ হৈ পৰিল। 

ইফালে মাক আৰু পত্নীৰ তেওঁৰ এই নতুন ৰূপটো দেখি আনন্দতে মন ফুলি উঠিছে। পত্নী মালৱিকায়ো কেতিয়াবা জোকাই চায়,

: আহক, বাপ, অন্ন ভাগি ধৰকহি।

তেওঁ ঘোপা কৰি চাই পঠিয়াই পত্নীলৈ।

সৌ সিদিনা এৰা কোট-পেণ্টকেইটাই তেওঁলৈ চাই মনে মনে যেন দুখ কৰি থাকে, তেনে যেন লগা হ’ল মহানন্দ কলিতাৰ। সেই চাকৰিৰ সময়চোৱাত কিমান মেল-মিটিং, কিমান পাৰ্টি চলিছিল সহকৰ্মী বন্ধুসকলৰ লগত! খোৱা-বোৱাৰ কোনো হিচাব নাছিল, যি মন যায় তাকে! ভাবিয়েই কলিতাৰ হাঁহি এটা ওলাল ওঁঠৰ ফাঁকেৰে। নৈশ পাৰ্টিবিলাকৰ কথাটো ক’বই নালাগে! ঘৰলৈ আহোঁতে এমোকোৰা জৰ্দা পাণ মুখত ভৰাইহে ঘৰ পায়হি তেওঁ। নহ’লে মালৱিকাই শুদাই নেৰে তেওঁক। এই তিনিমাহ একেবাৰে সেৰসেৰীয়া লাগিছে মনটো তেওঁৰ। গিলাচৰ খিট্-খাট্ মধুৰ শব্দবোৰ এতিয়া একেবাৰে অবৈধ। চিনাকি মুখবোৰ কাষত নাই। অচিনাকি মুখ কিছুমান কাষলৈ চাপি আহি হাতযোৰ কৰি কৈছে – “মহানন্দ বাপ…!”

তেওঁৰ মুখত কেতিয়াবা এই বাপ, আই শব্দবিলাক নুফুটে। আচলতে অভ‍্যাস হোৱাগৈ নাই এতিয়াও। আগতে মুখত সঘনে ফুটিছিল ‘হেল্ল, হাই, য়েচ ছাৰ, ন’ ছাৰ, এক্সকিউজ মি এই ধৰণৰ শব্দবিলাক।’

নিৰৱাচিন্ন চাকৰি জীৱনৰ মসৃণ গতিত ‘স্পীড ব্ৰেকাৰ’ এটা লাগিল পুনৰ নতুন জীৱন এটাৰ বাবে। তেওঁ এতিয়াও ধৰিব পৰা নাই এনেকৈ নাম-গুণ গাই থাকি ভালেই লাগিছেনে বেয়াই লাগিছে। আচলতে দোষ তেওঁৰ মনৰূপী ঘোঁৰাটোৰ। থাওকতে কিছু সময় যদি ভাল লগা দিশে যায়, পুনৰ দৌৰি বেয়া লগাৰ ফালে ধাৱমান হয়। 

‘ৰৈ থাক একে জেগাতে বলীয়া ঘোঁৰা’ – এনেকৈ নিজৰ মনটোক ধমকি এটাৰে আদেশ দিবলৈয়ো তেওঁৰ দৃঢ়তা নেথাকে। 

পত্নী মালৱিকালৈ অহেতুক খং এটা উঠে মহানন্দ কলিতাৰ। তেৱোঁতো মানুহজনৰ মনটো বুজা উচিত আছিল!

ঘৰলৈ আহিয়েই ফোনত বন্ধু-বৰ্গৰ লগত ঘণ্টা ধৰি কথা-বতৰা চলে- “ক’ৰবাত এদিন লগ হওঁ ব’লা, বন্ধু।”

ভাগ‍্য ভাল, সোনকালেই সু-খবৰ এটা পালে তেওঁ। লগৰ এজনৰে জীয়েকৰ শুভবিবাহ। তাতে সহকৰ্মী বন্ধুবৰ্গক লগ পাব পাৰিব। সেইদিনা মনৰ উৎসাহেৰে তেওঁ গা ধুবলৈ গৈ গাত পানী ঢালি ঢালি গাই থাকিল- “ৰাম হৰি ৰাম , ৰাম হৰি ৰাম হে…”

বিয়াৰ দিনটোত পত্নীৰে সৈতে সুন্দৰ সাজ-সজ্জাৰে দুয়ো পুৱাতে উপস্থিত হ’লগৈ। বন্ধু কেইবাজনো ইতিমধ্যে তাত নিজৰ নিজৰ পত্নীৰে সৈতে উপস্থিত হৈছিলহি। কইনাজনীয়ে ‘আংকল -আণ্টী’ আহিলে বুলি সাৱটি ধৰিলেহি। আচলতে সোনকালেই কইনাৰ দেউতাক-মাকে সকলোকে মাতি পঠাইছিল। পুৱাতে ভকত তিনিজনৰদ্বাৰা নাম এষাৰ গোৱাই কইনাক ঈশ্বৰৰ আশীৰ্বাদ এটি দিয়াৰ মন তেওঁলোকৰ। কিন্তু, সেইখিনি সময়তে ঘটনা এটা ঘটি গ’ল। এজন ভকতৰ হঠাতে গা বেয়া হোৱাৰ বাবে আহিব নোৱাৰাৰ কথাটো জনালে। কথাটোত সকলো চিন্তান্বিত হৈ পৰিল। এজন অন্য ভকত ইমান সোনকালে ক’ত পোৱা যাব ?- কইনাৰ দেউতাকৰ কপাল কোঁচ খাই পৰিছে চিন্তাত।

মালৱিকাইহে সকলোৰে চিন্তা ক্ষন্তেকতে এষাৰ কথাৰে নাইকিয়া কৰি পেলালে,

: দাদা, কিহৰ ইমান চিন্তা কৰিছে? আমাৰ এওঁ আছেই দেখোন। আজি-কালি এওঁ ভকত নহয়, নাজানে নেকি?

কেইবাযোৰা চকু মহানন্দ কলিতাৰ ওপৰত নিবদ্ধ হ’ল। তেওঁ একো নকৈ হাঁহি এটি উপহাৰ দিলে সকলোকে। ক’ৰবাত যেন হাঁহিটোৰ লগত গৰ্ব এটাও মিশ্ৰিত হৈ আছিল..! 

লৰালৰিকৈ তেওঁলৈ সাজটোও যোগাৰ ক’ৰা হ’ল।

মহানন্দ কলিতাই মিচিকিয়াই কইনাৰ গালতে লাহেকৈ থাপ্পৰ এটা মাৰি ক’লে,

: চিন্তাই নকৰিবা, মাই গাৰ্ল, মই আছোঁ নহয়।

এই সময়ত কিবা এটা অসীম আনন্দ অনুভৱ হ’ল তেওঁৰ। 

সময় গৈ আছে। মহানন্দ বাপ ভকতৰ নিৰ্দিষ্ট আসনত বহি পৰিল। তেওঁ আগ্ৰহেৰে সেৱা ধৰিলে বাকী দুজন ভকতক,

: একো নাজানো, বাপ। মই লগতহে আছোঁ কিন্তু।

মনটো বৰ ভাল লাগিছে তেওঁৰ। প্ৰিয় বন্ধুৰ জীৰ শুভবিবাহত কিবা এটা মহান উদ্দেশ্যত লাগিবলৈ পাই বৰ শান্তি অনুভৱ কৰিছে মহানন্দ কলিতাই,

‘ভকত হোৱাৰো তেন্তে এক বিশেষ সুখ আছে…!’

☆ ★ ☆ ★ ☆

2 Comments

  • Raju Kumar Nath Tezpur

    পঢ়ি বৰ ভাল পালো।

    Reply
  • কৰবী দেৱী

    বৰ সুন্দৰকৈ লিখিলে

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *