ফটাঢোল

সম্পাদকীয়-কমলা দাস

: অ’ আইতা, কিমাননো আৰু ফোনটো চাই থাকা। আজি ষ্ট’ৰি এটাকে কোৱানা। 

স্কুল বন্ধৰ দিন এটাত হোমৱৰ্ক কৰি শেষ হোৱাৰ পিছত সন্ধিয়া নাতিয়ে আইতাকক আব্দাৰ ধৰিলে।

: কি ষ্ট’ৰি কম! মই একো ষ্ট’ৰি নাজানো নহয়।

: ইইই,,,, তুমি জানা দিয়া। মায়ে কৈছে তুমি হেনো মাহঁত সৰু থাকোঁতে বহুত ষ্ট’ৰি কৈছিলা। মোকো কোৱাচোন এটা। 

: মই সিহঁতক ষ্ট’ৰি কোৱা নাছিলোঁ অ’। সাধুহে কৈছিলোঁ। সাধুকথা, সাধুকথা হে কৈছিলোঁ।

: কি সাধুকথা! 

: তোমালোকে যে ষ্ট’ৰি বুলি কোৱা, আমি সাধুকথা বুলি কওঁ। 

: অ’ অ’! ষ্ট’ৰিক  তেতিয়াহ’লে তোমালোকে সাধুকথা বুলি কোৱা! ঠিক আছে এটা সাধুকথাকে কোৱা তেতিয়াহ’লে। 

: ঠিক আছে। ক’ম বাৰু। পিচে ক’ত ক’মনো!  মানে বিছনাত শুই শুই নে চোফাত বহি বহি।

: মাহঁতক ক’ত কৈছিলা তুমি! 

: তোমাৰ মাহঁত সৰু থাকোঁতে আমাৰ ঘৰৰ আগফালে এখন ডাঙৰ বাৰাণ্ডা আছিল। সন্ধিয়া সময়ত কিতাপ পঢ়া শেষ হ’লে  তাতে ঢাৰি এখন পাৰি লৈ আমি শুইছিলোঁ। জোনবাইজনীয়ে আমালৈ চাই হাঁহি আছিল। মই সাধু কৈছিলোঁ আৰু সিহঁতে জোনবাইলৈ চাই চাই  সাধু শুনিছিল। 

: ওৱাও! কি যে মজা আছিল ন’ আইতা! 

: অঁতো।  আমি সৰু থাকোঁতে পিচে গধূলি চোতালতহে ঢাৰি পাৰি শুইছিলোঁ। 

 : চোতাল কেনেকুৱা আছিল আইতা? 

আইতাক বিমোৰত পৰিল। চোতাল মানে কেনেকৈ বুজায় এতিয়া! থূলমূলকৈ বুজাবলৈ চেষ্টা কৰি ক’লে– 

: আমাৰ সময়ত মানুহবোৰৰ ঘৰ মাথোঁ এটা নাছিল। দুই তিনিটাকৈ  ঘৰ আছিল। ঘৰবোৰ অলপ দূৰে দূৰে মুখামুখিকৈ সজাইছিল। সেই ঘৰবোৰৰ মাজৰ মুকলি ঠাইখিনিকে  চোতাল বুলি কয়। মানুহবোৰে ঘৰৰ যাৱতীয় প্ৰায়বোৰ কাম চোতালতে কৰিছিল। গৰমকালি গধূলি আমি ঢাৰি-পাতি চোতালতে বহিছিলোঁ, শুইছিলোঁ। সাধুকথা শুনিছিলোঁ।  (আইতাকে মনতে ভাবিলোঁ- এনেদৰে বুজোৱাতো সঠিক হ’লনে বাৰু!)

একান্ত মনে আইতাকৰ কথা শুনি থকা নাতিয়ে ক’লে-–

: অ’ আইতা, আমাৰচোন এতিয়া বাৰাণ্ডাও নাই, চোতালো নাই!  মই ক’ত বহি সাধু শুনিম!   

আইতাকেও চিন্তা কৰিলে, হয়তো, আজিকালি নিৰলে অলপ বহিবলৈও অকণমান ঠাইৰ অভাৱ।  উপযুক্ত পৰিবেশ নাপালে সাধু শুনি মজা নালাগে। কৈয়ো ভাল নালাগে। ভাবি চিন্তি আগফালে থকা খুদ্ৰ বেলকনীখনৰ কথাই তেখেতৰ মনলৈ আহিল। নাতিক ক’লে—বেলকনীলৈকে যাওঁ ব’লা। তাৰ পৰা আকাশখনো দেখা পোৱা যাব। সাধু শুনি মজা লাগিব।

নাতিয়ে আনন্দতে জঁপিয়াই উঠিল। ঠিক আছে, ব’লা তালৈকে যাওঁ। 

আইতা আৰু নাতি ওলাই গৈ অকণমানি বেলকনীখনতে বহিলগৈ।  পিচে বেলকনীত জানো আমাৰ চেনেহৰ পৰিবেশটো পোৱা যায়! নাতিৰ সৈতে বহি আইতাই ওপৰলৈ চালে। মহানগৰীৰ কংক্ৰিতৰ অৰণ্যৰ মাজেদি দেখা পোৱা অকণমানি আকাশখনত জোনবাইজনীয়ে  দুখ মনেৰে শেঁতা হাঁহি এটাৰে সৈতে যেনেতেনে অকণমান দেখা দিছেহি। আজিকালি চহৰৰ ঘৰবিলাকৰ পৰা জোনবাইৰ পোহৰ উপভোগ কৰিবলৈ  পোৱাটোও ভাগ্যৰ কথা।

মজাৰ বৰ্ণনা দি ৰস লগাই আইতাকে সাধুকথা ক’বলৈ আৰম্ভ কৰিলে। ৰহণ লগাই কোৱা আইতাকৰ সাধু শুনি কল্পনাৰ জগতত বিচৰণ কৰি  নাতিল’ৰা টোপনি গ’ল। তাৰ গায়ে-মূৰে হাত বুলাই দি আইতাকে চুমা এটা খালে। 

শিশু সকলৰ এই যে সাধু শুনাৰ হেঁপাহটো! প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বিয়পি থকা শিশুৰ অনুসন্ধিৎসু মনবোৰ! পাৰিম নে আমি পিছৰ প্ৰজন্মলৈ বোৱাই নিবলৈ!  

আজিকালি বহুত শিশুৰে পিচে সাধু শুনিবলৈ সময় নাই। সিহঁতে নিজৰ কিতাপৰ বোজা চম্ভালিয়েই তৎ নেপায়। তাৰোপৰি স্কুলৰ পৰা কৰিব দিয়া হোমৱৰ্ক, প্ৰজেক্ট আদি কিবা নহয় কিবা কৰিব লগা থাকেই। তাৰ মাজতে যিখিনি সময় পায়, সিহঁতে ষ্ট’ৰি বুক, কমিকচ্ আদি পঢ়ে। টিভিৰ কাৰ্টুন চিৰিয়েলবোৰ চায়। সিহঁত সৰুৰে পৰাই ইমান ব‍্যস্ত যে আইতাক বা ককাকৰ লগত বহি সাধু শুনিবলৈ সময়েই বা ক’ত পায়! আজিকালি যৌথ পৰিয়ালটো বাদেই একক পৰিয়ালবোৰতো ককাক-আইতাক প্ৰায়েই লগত নাথাকে। যিসকল থাকেও, তেওঁলোকোৰো বহুতেই বিভিন্ন কামত ব‍্যস্ত হৈ থাকে। নাথাকিও উপায় নাই। ব‍্যস্ত নথকা ককা-আইতা সকলেও ব‍্যস্ত নাতিৰ সঙ্গ খুব কমেই পায়।  

কথা হ’ল–শিশু সকলে সাধু শুনাৰ প্ৰয়োজনীয়তা এতিয়াও আছে নে নাই! 

নিশ্চয় আছে।  সাধুকথা শৈশৱৰ অভিন্ন অঙ্গ। কল্পনা কৰিবলৈ শিকা, কথাত ৰহণ চৰোৱা, সাধুৰ জৰিয়তে নীতি শিক্ষা দিয়া, ভাল কামৰ ফল, বেয়া কামৰ ফল, সংবেদনশীলতা আদি বিভিন্ন ক্ষেত্ৰৰ উপকাৰীতা সাধুকথাৰ জৰিয়তে আমি শিশু সকলোক প্ৰদান কৰিব পাৰোঁ। অৱশ্যে সাধু কওঁতে এনে ধৰণৰ কোনো কথা উল্লেখ নকৰিলে ভাল হয় যি কথাই শিশু এটিক মানসিক ভাবে অস্থিৰ কৰি তুলিব পাৰে। তদুপৰি সাধুকথাবোৰ সময়ৰ সৈতে সংগতি ৰাখি ক’ব জানিলে ভাল হয়।  কাৰণ আমি আজি যিটো শুদ্ধ বুলি ভাবিছোঁ বা কৈছোঁ হয়তো পাছৰ প্ৰজন্মৰ দৃষ্টিত তাৰে কোনোবাটো ভুল বুলিও পৰিগণিত হ’ব পাৰে।  কাৰণ বিভিন্ন সময়, নানান ভাষা আৰু সমাজ এখনৰ দাপোন হিচাপে সাধুবোৰে এটা এটা জাতিক নিজস্ব ভংগীমাৰে প্ৰতিনিধিত্ব কৰি আহিছে।  শিশুৰ মাজত বাঢ়ি অহা বিদ্যায়তনিক ব্যস্ততা অথবা কৰ্মব্যস্ত অভিভাৱকৰ কমি অহা সময়কো আমি উলাই কৰিব নোৱাৰোঁ। তাৰ মাজেৰেই আমি শিশু সকলৰ মানসিক জগতখনক সুস্থ বাতাবৰণ দিবলৈ যত্ন কৰিব লাগিব। যাতে আমাৰ শিশু সকলে সৰুৰে পৰাই সুস্থ মানসিকতাৰে আগবাঢ়ি যায়।

আজিৰ শিশু কাইলৈৰ দেশৰ নাগৰিক। 

ফেচবুকত ময়ো ক’বলৈ গ’লে এটা সময়ত শিশুৱে আছিলোঁ।  অনুসন্ধিৎসু মন এটা লৈ  নিৰীক্ষণ কৰিছিলোঁ চাৰিওফালে। সেই জগতখন অলপ আয়ত্বলৈ অহাৰ পাছত কেইবাটাও গোটত সোমাই মোৰ হেঁপাহৰ লিখা-পঢ়া জগতখনত ব‍্যস্ত হৈ পৰিলোঁ। ভাল লগা সেইবোৰ গোটৰ মাজৰে  এটা ব‍্যতিক্ৰমী গোট আছিল- ‘ফটাঢোল’।  ফটাঢোলত  মোক মোৰ ছোৱালী পুস্পাঞ্জলী দাসে সুমুৱাই দিছিল। গোটটো ব‍্যতিক্ৰমী বুলি এই কাৰণেই কৈছোঁ, অন্য গোটত সাহিত্যৰ চৰ্চা হয়,  এইটো গোটত অকল হাস্য- ব্যংগ সাহিত্যৰহে চৰ্চা হয়।  মজাৰ মজাৰ ব‍্যঙ্গ লিখনিবোৰ পঢ়ি বৰ মজা পাইছিলোঁ। হাস্যৰসৰ সৃষ্টি সকলোৱে কৰিব নোৱাৰে। ই এবিধ উন্নত মানৰ সাহিত্য। মই যেতিয়া ফটাঢোল গোটত সোমাইছিলোঁ, তেতিয়া বহুতো ভাল ভাল লেখকৰ অতি উন্নত মানৰ হাস্য-ব‍্যঙ্গ লেখা পঢ়িবলৈ পাইছিলোঁ।   নিজেও চেষ্টা কৰিছিলোঁ লিখিবলৈ। লিখিছিলোঁও।  উন্নত মানৰ নিলিখিলেও, সকলোৱে উৎসাহ দিছিল। ভাল লাগিছিল। জীৱনটোত যেন নতুনকৈ হাঁহিবলৈ শিকিছিলোঁ।  আমাৰ শ্ৰদ্ধাৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱে, ল’ৰাৰ পৰা লাপুং বুঢ়ালৈকৈ হাঁহিবলৈ কৈ যোৱাৰ দৰে ইয়াত সকলোৱে তেনেকৈ হাঁহে। অৰ্থাৎ অকল দাঁত উলিয়াই হঁহায়ে নহয়, গোটৰ সদস্য সকলে মৰমৰ এনাজৰীৰে এনেদৰে বান্ধ খাই গৈছে যে ইজনে সিজনৰ বিপদে আপদে সহায়ৰ হাত আগবঢ়াই উবুৰি খাই পৰে।  ফটাঢোলৰ উল্লেখযোগ্য মানৱ দৰদী সহায়বোৰ হ’ল– বান পিড়িত ৰাইজক সাহায্য দান, ৰক্তদান কৰা আদি। কোনোবাই বিপদত পৰি সহায়ৰ বাবে আবেদন কৰিলে, ফটাঢোলৰ সদস্য সকলে তেখেতক সহায় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে।

সেয়ে মই গৌৰৱেৰে সদায়েই কওঁ যে ফটাঢোলৰ জড়িয়তে চিনাকি হোৱা মৰমৰ মানুহখিনি অকৃত্ৰিম। 

সেই হেন আমাৰ অতি আদৰৰ গ্ৰুপটোৰ জনপ্ৰিয় আলোচনীখনৰ সম্পাদিকা পদত মোক যোগ‍্য বুলি বিবেচনা কৰাৰ বাবে এডমিন পেনেলৰ আটাইলৈকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে পূৰ্ণ সহযোগিতা আগবঢ়াইছে।  যি সকলে লেখা দি আলোচনীখনৰ সৌষ্ঠৱ বঢ়ালে তেওঁলোককো আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আগলৈও সকলোৱে সদায় সহযোগিতা আগবঢ়াই আলোচনীখনৰ মান বঢ়াই যাব বুলি আশা কৰিলোঁ। যিসকলে ওতঃপ্ৰোত ভাৱে লাগি আছে, তেওঁলোকৰ প্ৰতি কৃতজ্ঞ। যিসকলে আগতে সম্পূৰ্ণ এক্টিভ আছিল, নিজৰ ব‍্যক্তিগত ব‍্যস্ততাৰ বাবে  সাময়িক ভাৱে সময় দিব পৰা নাই, তেওঁলোকেও হয়তো পিছলৈ আজৰি হৈ পুনৰ গোটটোত বা আলোচনীৰ বাবে সময় দিব পাৰিব বুলি আমি আশাবাদী। মোৰ, আপোনালোকৰ মৰমৰ গোটটো পুনৰ ফলে-ফুলে জাতিষ্কাৰ হৈ উঠক। সেই আশাৰে,

জয়তু ফটাঢোল।

সম্পাদিকা-ফটাঢোল ই-আলোচনী

ষষ্ঠ বছৰ, দ্বিতীয় সংখ্যা
☆ ★ ☆ ★ ☆

6 Comments

  • পূৰৱী কাকতী

    শিশুসকলৰ মানসিক উত্তৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি লিখা সম্পাদকীয়টো পঢ়ি ভাল লাগিল।

    Reply
  • Arabinda Goswami

    বৰ ভাল লাগিল।সুন্দৰ সম্পাদকীয়।

    Reply
  • দেবজিত শৰ্মা

    ভাল লাগিল পঢ়ি

    Reply
  • দেবজিত শৰ্মা

    সুন্দৰ সম্পাদকীয়

    Reply
  • Anonymous

    text

    Reply
  • মানসী

    ভাল লাগিল বাইদেউ৷আজিৰ শিশুসকলৰ বাবে তাহানিৰ সেই সাধুশুনাৰ পৰিৱেশ নাই যেন অনুভৱ কৰোঁ৷ মোবাইল ফোন,ভিডিঅ গেম আদিৰ প্ৰাদুৰ্ভাৱে সেই পৰিৱেশ সলনি কৰাত বহু পৰিমানে অৰিহনা যোগাইছে৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *