পঞ্চপদী পদ্য-হেমেন ডেকা
১)
আত্মতৃপ্তি পায় নিজকে জাহিৰ কৰি৷
নিমাখিত শ্ৰোতা পালে মাৰে বাহাদুৰি!
কি কথাৰ বাহাৰ,
ফুটনি মাথোঁ সাৰ;
তেৰা যে ঘোচখোৰ সেৱক চৰকাৰী৷
২)
সদায় ভাত-কাপোৰৰে চিন্তা মনত!
জাতীয় ভাবনা বহু যোজন দূৰত৷
প্ৰতিপল থাকে ব্যস্ত,
জীৱন বিষাদগ্ৰস্ত;
জড় হ’লগৈ লাহে লাহে যন্ত্ৰৰ লগত৷
৩)
পুখুৰীত আছে বহু শ’ল-বৰালি৷
দেখোঁ সিহঁতৰ কেনে কেৰামতালি!
আমি পুঠি-খলিহনা
নিমাখিত ডৰিকণা;
সুযোগ পালেই হ’ল- থ’বগৈ গিলি৷
৪)
গছৰ তলত বহিলোঁ শুনি চাৰৰ কথা,
পাত এটিও লৰা নাই- ঘূৰিছে যেন মাথা!
বতৰৰ কালৰূপ,
দেখোঁ সব অন্ধঘোপ;
বেছিকৈ খোৱা বাবেহে হ’ল নেকি এই লেঠা?
৫)
হঠাতেই শুনিলোঁ এজনাৰ আকাশ বাণী
আমাৰ মুখবোৰেই হেনো একোপাট শনি
সদায় কৰোঁ খাওঁ খাওঁ
বেছিকৈ পেটত ভৰাওঁ
গতিকে হ’বই মূল্যবৃদ্ধি নেপাব আমনি৷
☆ ★ ☆ ★ ☆
2:34 pm
সত্য বচন