ফটাঢোল

লাগে-নীলাঞ্জনা মহন্ত

মোক লাগে এখন কুকুৰৰ দৰে জিভা

অম্লজানৰ সৈতে নিবিড় সম্পৰ্ক ৰক্ষা৷


মোক গৰুৰ দৰে এদাল নেগুৰো লাগে

উখহা ৰঙা ঘাঁতে পৰা মহ খেদাবলে৷


মোৰ মুঠ চাৰিটামান ভৰি হ’লে আছিলে ভাল

নিজৰ ভৰিত নিজে ঠিয় দিওঁতে দুটা ভৰি বিষাল

আৰু কপালত এখন পৰ্দা থকাহেঁতেন

ফুটা কপালখন অনায়াসে ঢাকিলোঁহেঁতেন

লাগিছিলে মোক সাতবিধ জন্তুৰ বিশিষ্ট গলা

সপ্তস্বৰ সহজেই আয়ত্ত কৰি টানিবলৈ শুৱলা 

বহুত কিবাকিবিয়েই লাগে, কিন্তু লোভেইযে পাপ

পাপেই যে মৰণ, সেয়েহে সভয়ে থাকো মাৰি তাপ৷

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *