আমাৰ লখিমী গাইজনী-কমলা দাস
মই বিয়া হৈ অহা সময়ত শহুৰৰ ঘৰত এপাল গাই গৰু আছিল। ঘৰত গাখীৰ-দৈ আছিল উভৈনদী।
খীৰতী গাই আছিল কেইবাজনীও। সিহঁতৰ গাৰ ৰং অনুযায়ী বিভিন্ন নাম আছিল। তাৰ ভিতৰত এজনী মূগা বৰণৰ গাই আছিল। তাইৰ নামটো আছিল লখিমী। অৱশ্য কামে-কাজে তাই নামটোৰ সৈতে খাপ খাই নপৰে যদিও তাইক লখিমী বুলি এইবাবেই ক’ব লাগিব, কাৰণ তাই আমাক যথেষ্ট পৰিমাণে গাখীৰ দিছিল। তাৰ বাহিৰে তাইৰ যিমানবোৰহে গুণ আছিল, সেই গুণবোৰৰ বাবে তাইক লখমা (লখিমীৰ বিপৰীত শব্দ!) বা নষ্টজাইতি, ডাংকাটি বুলি ক’লেও বেছি কোৱা নহয়। কিহৰ বাবে তাইৰ নাম লখিমী হৈছিল নাজানো। অৱশ্যে তাইৰ গাখীৰখিনি মিঠা আছিল। কথাতে কয় নহয়, গাই দুষ্ট, গাখীৰ মিঠা! তাইৰ অলেখ গুণৰ ভিতৰত কেইটামান উল্লেখ যোগ্য গুণ আছিল, এনেকুৱা—
আমাৰ অঞ্চলৰ ডন টাইপ হিৰোজনীৰ শিং দুটা আছিল সাধাৰণ গাই গৰুতকৈ অলপ দীঘল আৰু আগ দুটা আছিল জোঙা। যাৰ দ্বাৰা তাই মানুহৰ বাঁহৰ জপনা অনায়াসে খুলিব পাৰিছিল। জপনাখনৰ ঠিক মাজেৰে তাই শিং দুটা সুমুৱাই দি লাহেকৈ কাষলৈ ঠেলা মাৰি দিয়ে। ফলত মানুহে খোলাৰ নিচিনাকৈ সুন্দৰ ভাৱে তাই সোমাব পৰা বাট মুকলি হয়। মেকুৰী খোজেৰে তাই লাহে-ধীৰে সোমাই গৈ মানুহ ঘৰৰ গছ পুলি, শাকনি বাৰী আদিত যি থাকে সকলোবোৰ এফালৰ পৰা মহটিয়াই চাফা কৰি থৈ আহে। তাৰ ফলত আমি কাৰ কিমান গালি, শাওঁ-শপনি খালোঁ হিচাপ নাই।
লখিমী অলপ ওখ-পাখ আছিল বাবে কিছুমান ঘৰত তাই নোসোমোৱাকৈয়ে ৰাস্তাৰ দাঁতিৰ ফালে থকা চালিত যদি লাও, জিকা, কোমোৰা আদি বগাই থাকে, সেইবোৰ বৰ সুন্দৰ খাই আহিব পাৰে।
বাৰী লুটাৰ লগতে মাজে মাজে তাই ঘৰ লুটিবলৈও ভাল পাইছিল। এৰাল নিদিয়াৰ দিনাখন কাৰোবাৰ পাকঘৰ আদি খোলা থাকিলে তাই আৰামচে চাউল, দাইল, পাচলি আদি খাই অহাৰ লগতে পিঠাগুৰি ৰ’দত দিয়া থাকিলে সেইখিনিও খাই থৈ আহিবলৈ এলাহ নকৰিছিল।
তাই আমাক ইমানেই জ্বলাই খাইছিল যে এবাৰ তাইৰ দ্বাৰা সংঘটিত এটা ঘটনাৰ ফলত আমি কৰ্ট-কাছাৰী যোৱাৰ পৰা কথমপি হে বাচিছিলোঁ। ঘটনাটো আছিল এনেকুৱা–
আমাৰ পৰা কেইঘৰমান আঁতৰত, সেই ঘটনাটোৰ তিনি-চাৰি বছৰ মান আগতে মানুহ এঘৰ নতুনকৈ উঠি আহিছিল। সুন্দৰ ঘৰ এটা সজাৰ লগতে তেওঁলোকে ধুনীয়াকৈ বাৰী-বস্তিও পাতি, ঢেৰ কিবা-কিবি গছ পুলি লগাইছিল। নানা তৰহৰ ফুল আদিও ৰুইছিল। নতুন মাটিত সেইবোৰ লহপহকৈ বাঢ়ি দেখিবলৈ বৰ ধুনীয়া হৈ পৰিছিল। মানুহ ঘৰৰ মুনিহ-তিৰোতা দুয়োৱেই বাৰীখনত লাগি থাকিছিল। বাৰী পতা মানুহে বুজি পাব, তেনেদৰে নিজে আপদাল কৰি গছ পুলি আদি লগালে সেইবোৰলৈ কিমান মোহ জন্মে! প্ৰতিজোপা গছলৈ নিজৰ সন্তানৰ দৰে মায়া ওপজে। তাৰ পৰা কোনোবাই পাত এখিলা চিঙিলেও নিজে দুখ পোৱাৰ দৰে লাগে। কোনোবাই প্ৰশংসা কৰিলেতো কথাই নাই, গৰ্বত বুকু ফুলি উঠে।
তেওঁলোকৰ সেই হেন আটোম-টোকাৰীকৈ তোলা বাৰীখনলৈ আমাৰ লখিমীৰ বৰ চকু। কেনেবাকৈ হ’লেও কোনোবা ফালে তাত সোমাই এচেলেক মাৰিব পালেহে যেন তাইৰ ঘাঁহ হজম হয়। এৰাল দি থ’লেও যুঁজি-যুঁজি খুটি উভালি লৈ এৰালৰ সৈতে তেওঁলোকৰ বাৰীত সোমায়গৈ। তাইৰ দুষ্কৰ্মৰ সুবাদত সকলোৱে তাইক আমাৰ ঘৰৰ গৰু বুলি চিনি পোৱা হৈছিলগৈ।
সেইদিনা আমি ঘৰত নাই। দূৰৈৰ মিতিৰৰ ঘৰৰ সকাম উপলক্ষে ঘৰে-ঘৰোৱাহে আমি দিনতীয়াকৈ গৈছিলোঁ। লখিমীয়ে আমি নাথাকোঁতে কিবা খেলিমেলি লগাব পাৰে বুলি তাইক এৰাল দি থৈ গৈছিলোঁ। আমাৰ ঘৰত থকা বাইজনীক মাজে মাজে তাইক খুটি সলাই দিবলৈ বা পানী আদি খুৱাবলৈ দায়িত্ব দিয়া হৈছিল।
পিচে সেইজনী লখিমী হে! তাই নিজৰ মতেই চলিব। চেগ চাই দুপৰীয়া সময়ত খুটি উভালি এৰালৰ সৈতে তাই গৃহস্থই গম নোপোৱাকৈ চাৰিওখন ভৰিত সাৰে গৈ নতুন মানুহ ঘৰৰ বাৰীত সোমাই লহপহীয়া গছ পুলিবোৰ খাই তেনেই খাস্তাং কৰি পেলালে।
দুপৰীয়াৰ ভাত ঘুমটি মাৰি উঠি গৃহস্থই বাহিৰলৈ আহি দৃশ্য দেখি কপালে মূৰে হাত দিলে। হায় হায় কৰি চিঞৰি বাখৰি ঘৰৰ সকলোকে মাতি লখিমীক ধৰি বান্ধিবলৈ চেষ্টা কৰিলে। তায়ো বাঘৰ আগতেল খাইটিয়ে সহজে কাকো ধৰা নিদিয়ে। ফলত গৃহস্থই ধৰিবলৈ কৰা চেষ্টাত তাই বাৰীখনৰ চাৰিওফালে দৌৰা-দৌৰি কৰি বেছিহে ক্ষতি সাধন কৰিলে। বেছ কিছুসময় তেনেদৰে যুঁজি যুঁজি গৃহস্থই তাইক ধৰি, বান্ধি থৈ দিলে আৰু ল’ৰা এজনক আমাৰ ঘৰলৈ পঠিয়াই দিলে আমাক মাতিবলৈ। আমি সেই সময়ত ঘৰ আহি পোৱা নাছিলোঁ।
সন্ধিয়া আমি আহি ঘৰ সোমোৱাৰ পাছত ল’ৰাজনে পুনৰ আহি আমাক ঘটনাটো কৈ তেওঁলোকৰ ঘৰলৈ মাতিলে। আমাৰ ঘৰৰ বাইজনীয়ে ক’লে যে সি হেনো সেইবাৰৰ সৈতে চাৰিবাৰ আহিল আমাক মাতিবলৈ।
আমাক যিহেতু মাতিবলৈ আহিছে, গতিকে আমি তেওঁলোকৰ ঘৰলৈ যোৱাটো কৰ্তব্য বুলি ধৰি লৈ শাহু আই আৰু মই লৰালৰিকৈ গ’লোঁ। সন্ধিয়া সময় হোৱা বাবে তেওঁলোকৰ বাৰীখনৰ অবস্থা ভালদৰে অনুমান কৰিব নোৱিৰিলোঁ। আমি যাম বুলি তেওঁলোক ঘৰৰ বাহিৰতে আছিল। আমি সোমাই যোৱাৰ লগে লগেই তেওঁলোকৰ তিৰোতা মানুহগৰাকীয়ে আমাক ঠিকচে গালি দিলে। গৰু পুহি চম্ভালিব নাজানো আদি ঢেৰ গালি। বাচকবনীয়া গালিবোৰ খাই আমাৰ বেয়া লগাৰ লগতে খঙো উঠিল অলপ। (গালি খালে কাৰনো ভাল লাগিব!) আমি কিবা গৰুজনীক যাবলৈ দিছিলোঁ নেকি! অলপ বাক-বিতণ্ডা চলিল। শেষত তেওঁলোকে ক’লে যে আমি ইয়াৰ বাবে ৰাইজৰ ওচৰত বিচাৰ দিম। আমিও গুছি আহিবলৈ ল’লোঁ। এনেতে শাহুআইৰ চকু বান্ধি থোৱা গাইজনীৰ ওপৰত পৰিল। তেখেতে দেখিলে যে এইজনীচোন আমাৰ লখিমীজনী নহয়েই! তেওঁ মোক একো নকৈ ততাতৈয়াকৈ তাৰ পৰা লৈ আহিল।আহি থাকোঁতে ৰাস্তাত ক’লে, সেইজনী গৰু আমাৰ নহয়েই। খুড়ীয়েৰহঁতৰ হে। (এইখিনিতে এটা কথা উল্লেখ কৰি থওঁ যে আমাৰ খুড়ীহঁতৰো এজনী বাঘৰ আগতেল খোৱা গাই গৰু আছিল আৰু দেখিবলৈ সাইলাখ আমাৰজনীৰ সৈতে একেই। অন্যৰ কথা বাদ, মাহঁতৰ বাহিৰে আমিয়েই ভালদৰে চিনি নাপাইছিলোঁ।) মাৰ কথা শুনি মই আচৰিত! যদি আমাৰ গাইজনী নহয়েই তেন্তে আপুনি নক’লে কেলেই তেওঁলোকক!
ঘৰত আহি খুড়ীহঁতৰ আগত কাহিনীটো কোৱাৰ পাছত খুড়ীৰ সৰু ল’ৰাটোৱে গৈ গাইজনী লৈ আহিলগৈ।
পিছদিনা সেই মানুহ হাল আহিল গাই গৰু আৰু আমাৰ ওপৰত বিচাৰ দিবলৈ মহিলা সমিতিৰ সভাপতিৰ ওচৰলৈ। সভাপতিৰ ঘৰ আকৌ আমাৰ লগতে। মানে আমাৰ খুড়ীয়েই আছিল সভাপতি, যাৰ গাইজনী তেওঁলোকে বান্ধি থৈছিল!
আমি তেওঁলোকৰ আলেখ-লেখ দূৰৈৰ পৰাই চাই থাকিলোঁ। বহুত কিছু বাক-বিতণ্ডা চলিল। শেষত বাৰু খুড়ীয়ে বুজাই-বঢ়াই তেওঁলোকৰ দৰ্খাস্ত গ্ৰহণ নকৰাকৈয়ে তেওঁলোকক উভতাই পঠিয়ালে! তথাপিও খুড়ীয়ে নক’লে যে সেই গাইজনী তেওঁলোকৰেই আছিল বুলি!
☆ ★ ☆ ★ ☆
3:50 pm
বঢ়িয়া বাইদেউ 😁