মৰমৰ ঘামচি-উপাষা ভাগৱতী
জহকালি আহিলেই ভয়ত হয় ত্ৰস্ত।
ঘামচিক মই কেনেকৈ কৰোঁ নষ্ট।
গৰমত ছাটিফুটি প্ৰাণ,
ছাল কঁঠালৰ দৰে অসমান,
নিবাৰণৰ উপায় বিচাৰি খাইছোঁ বৰ কষ্ট।
নিমজ ছাল হ’ল যেন ভেকুলী খহুলা।
শিলগুটি দিয়া ৰাস্তাহে যেন চকলা চকলা।
ঘামৰ পিৰ্ পিৰণি,
ঘামচিৰ চিট্ চিটনি,
নেমু সানি গগণফালি হৈছে আজি পগলা।
আজি আছে নামঘৰত নাম।
বহিলগৈ ৰাইজৰ মাজত ৰাম।
ঘামচিৰ কোবত চাপৰি,
পৰেগৈ গালত লাহৰীৰ,
নামঘৰত মৰেল পুলিচৰ মাৰ ধিচুম ধাৰাম
মৰমৰ ঘামচিৰ গল্প আছে যে কিমান
বিদ্যুতৰ অন্তৰ্ধানত ঘামচিৰ পৰিছে উজান
শোকত উথলে প্ৰাণ,
ফটাঢোলে দিয়ক নিদান
লিমাৰিক লিখোঁতেই হৈ পৰিছোঁ অজ্ঞান।
☆ ★ ☆ ★ ☆
6:14 pm
😁😁ঘামচি বিধান
5:36 pm
ধন্যবাদ😊