ফটাঢোল

দহ পইচাৰ ‘ট্ৰেড-ইন্’ (৭০ দশকৰ স্মৃতি) -পংকজ কুমাৰ নেওগ

: ঐ পংকজ, দহ পইচা এটা আছেনে?

: আছে, বিছ পইচাই আছে।

: প্লিজ, দহ পইচা এটা দেচোন, বৰ চানাচুৰ খাবলৈ মন গৈছে!

: হেৰৌ, এই বিছ পইচা মোৰ চিটি বাছৰ ভাড়া; তই জানই দেখোন কাছাৰীৰ পৰা চানমাৰী কলনিলৈ চিটি বাছৰ ভাড়া বিছ পইচা!

: দোস্ত, এটা কাম কৰ! তই মোক দহ পইচা এটা দে আৰু তোক আজি মোৰ লগত গুৱাহাটী ক্লাৱলৈকে ৰিক্সাত  লৈ যাম।

: সঁচাকৈয়ে কৈছ নে?

: বিদ্যা মাইৰী, একেবাৰে সঁচা কৈছোঁ; স্কুল ছুটি হোৱাৰ পাছত মই তোক পাণবজাৰৰ পৰা গুৱাহাটী ক্লাৱলৈ ৰিক্সাত উঠাই নিম।

মন নাছিল যদিও ৰিক্সাত উঠিবলৈ পোৱাৰ লোভতে দহ পইচা এটা উলিয়াই কন্দৰ্পক দিলোঁ। স্কুলৰ গে’টৰ ওচৰতে ৰৈ থকা চানাচুৰৱালা এটাৰ পৰা ১০ পইচাৰ ‘সৱ মিছল’ কিনি কন্দৰ্পই একান্তমনে চোবাবলৈ ধৰিলে; ওচৰতে ৰৈ থকা মোক কেঁৰাহিকৈয়ো এবাৰ নাচালে বা চানাচুৰ অলপো নাযাচিলে ! কন্দৰ্প আৰু মই শ্ৰেণীৰ একেটা শাখাতে পঢ়িছিলোঁ। আবেলি ৩:৩০ বজাত ছুটিৰ ঘণ্টা মৰাৰ পিছত আমি দুয়ো লাহে লাহে পাণবজাৰৰ ফালে খোজ ল’লোঁ। এৱেঁই আছিল গুৱাহাটীৰ কটন কলেজিয়েট স্কুলত একেলগে পঢ়া বন্ধু কন্দৰ্প কুমাৰ গগৈ। পাণবজাৰৰ পুৰণি আৰু প্ৰখ্যাত ঘড়ীৰ দোকান এখন কন্দৰ্পহঁতৰ দেউতাকহঁতৰ আছিল। পাণবজাৰত তেওঁলোকৰ আৰু কিবা-কিবি ব্যৱসায় আছিল। স্কুললৈ অহা-যোৱা কৰিবলৈ দেউতাকে কন্দৰ্পৰ বাবে ৰিক্সা এখন ঠিক কৰি দিছিল। আমিবোৰ আছিলোঁ আধাবাট খোজকাঢ়ি আৰু আধাবাট চিটিবাছত ওলমি লেলাই ধেন্দাই স্কুললৈ অহা-যোৱা কৰা গোটৰ ছাত্ৰ। এদিনৰ বাবে হ’লেও আধা বাট ৰিক্সাত উঠি যাবলৈ পাম বুলি অপাৰ আনন্দ লভিলোঁ।

লয়াৰ্চ বুক ষ্টলৰ সন্মুখত ৰিক্সাখন ৰৈ আছিল। ৰিক্সাৱালাটোৰ চেহেৰা দেখি নিৰাশ হ’লোঁ; হাড়ে-ছালে লগা এজন আদহীয়া মানুহ! ৰিক্সাখনো আছিল ঠেক আৰু পুৰণি ঢঙৰ। কন্দৰ্প গৈ একেজাঁপে ৰিক্সাখনত উঠাত ৰিক্সাখন মেৰমেৰাই উঠিল। কন্দৰ্প আছিল ৰঙা-বগা থুলন্তৰ চেহেৰাৰ; আমাৰ শ্ৰেণীৰ আটাইতকৈ শকত-আৱত ল’ৰা। সি ৰিক্সাখনত বহি লোৱাৰ পিছত মইনো ছিটটোৰ কোনটো চুকত বহিম গুণা-গঁঠা কৰিবলৈ ধৰিলোঁ।

: ঐ পংকজ, ৰিক্সাত নবহ কিয়? কি ভেবা লাগি চাই আছ?

কন্দৰ্পৰ ধমকিত সম্বিত ঘূৰাই পালোঁ; মোৰ খীণ-মীন দেহাটি কোনোমতে ৰিক্সাৰ ছিটত হেঁচি-ঠেলি সুমুৱালোঁ। ৰিক্সাৱালাটোৱে কপালখনত দুবাৰমান সেৱা কৰি ৰিক্সাখন ঠেলিবলৈ ল’লে। আমাৰ গন্তব্যস্থল আছিল গুৱাহাটী ক্লাৱৰ চিটিবাছ আস্থান। ঠিক আস্থানটোৰ সন্মুখতে কন্দৰ্পহঁতৰ ঘৰ; ময়ো তাতে ৰিক্সাৰ পৰা নামি ৰিফাইনেৰীৰ ফালে যোৱা চিটিবাছ ধৰিব লাগিব। বেছ কিছু দূৰলৈ ৰিক্সাৱালাটোৱে ৰিক্সাখন ঠেলি নিলে; এটা নিৰ্ভৰযোগ্য ভৰবেগ (Momentum) লব্ধ হোৱাৰ পিছতহে পেডেলত ভৰি দি সি একেজাঁপে ৰিক্সাৰ ছিটটোত বহিল আৰু গতিবেগ কমাৰ আগেয়ে আপ্ৰাণ পেডেল মাৰিবলৈ ধৰিলে। কিন্তু বেচেৰাই কিমান আৰু পেডেল মাৰিব! ৰিক্সাৰ ভৰত আৰু বাটৰ ওখোৰা-মোখোৰা অৱস্থাৰ বাবে গতিবেগ লাহে লাহে কমি কপলিং ছিগা ৰে’লখনৰ দৰে হ’লগৈ! 

দীঘলী পুখুৰীৰ পাৰেৰে গ’লে কস্ম’ হোষ্টেলৰ  সন্মুখৰ ‘আপ্’টো উঠাব লাগিব বুলি ৰিক্সাখন নিউ হোষ্টেলৰ সন্মুখৰ বাটেৰে ঘূৰিল। সেই বাটেৰে গ’লে ডি.এচ হোষ্টেল পাৰ হৈ পুলিচ পইণ্টৰ বাওঁফালে জিলা পুথিভঁৰাল আৰু সংগ্ৰহালয়ৰ সমুখৰ পথটো ল’ব লাগিব। ৰিক্সাখন নিউ হোষ্টেলৰ সন্মুখ পাওঁতেই মোৰ অৱস্থা কাহিল হ’ল! কন্দৰ্পৰ থুলন্তৰ বাপুৰ নিষ্পেষণত মোৰ উশাহ-নিশাহ বন্ধ হোৱাৰ উপক্ৰম হ’ল; ৰিক্সাৰ এটা এটা মৰ ঠেকেচনিত ছিটৰ চুক এটাত অশেষ কষ্টৰে স্থাপন কৰা মোৰ পশ্চাৎদেশ বাৰে বাৰে পিচলিবলৈ ধৰিলে। প্ৰতিটো ঠেকেচনিত দেহ উফৰি যাওঁ যেন হ’ল। অলপ সময় যে ৰিক্সাৰ ছিটটোত হাত-ভৰি মেলি অলপ আৰামেৰে বহোঁ সেইটো কাৰো সহ্য নহ’ল, কন্দৰ্পৰ বিশাল দেহ, ওখোৰা-মোখৰা বাট আৰু বাটৰ গাঁতবোৰ, ৰিক্সাখনৰ ছেইনৰ কৰ্কশ শব্দ, ৰিক্সাৰ অবিশ্বাস্য শামুকীয়া গতি, সকলোৰে শৰীৰৰ পৰা নিৰ্গত গেলা গেলা ঘামৰ গোন্ধ এই সকলোবোৰে মোৰ বিৰুদ্ধে অসহযোগ আন্দোলন আৰম্ভ কৰিলে! এইদৰে আধা বহা আৰু আধা থিয় বা আঁঠু কঢ়া ভঙ্গীত থাকিব লগীয়া হোৱাত ভৰিত শিৰামূৰি ধৰিলে; আঁঠুৰো বিষ উঠিল। ইফালে গগৈদেৱে মৰতৰ  এই তুচ্ছ ঘটনাবোৰৰ অলপো কাণসাৰ নোপোৱাকৈ মহানন্দৰে নাসিকা গৰ্জন কৰি আহি আছে, তেখেতে তেতিয়া আবেলিৰ জলপানত মাতৃদেবীয়ে বিধে বিধে বনাই থোৱা লোভনীয় খাদ্যসম্ভাৰৰ সমাজিক দেখি আছিল চাগৈ!

ভয়ঙ্কৰ কুঁৱলি আঁতৰি অৱশেষত যেনেকৈ কোমল ৰ’দে ভুমুকি মাৰে, সেইদৰে হেঁচা, চেঁপা, থেকেচা, জোকাৰণি আদিৰ অন্তত কলখোৱা ধাতুৰ বাজ নোহোৱাকৈ গুৱাহাটী ক্লাৱ পালোঁহি। গগৈদেউ সুখনিদ্ৰাৰ পৰা সাৰ পাই ৰিক্সাৰ পৰা নামিল আৰু জপনা মেলি ঘৰ সোমাল। ময়ো চিটিবাছ আস্থানলৈ গৈ চানমাৰী কলনিৰ ফালে যোৱা চিটিবাছৰ বাবে অপেক্ষা কৰিবলৈ ল’লোঁ। অলপ গা আৰু ভৰিৰ বিষ আছিল যদিও নিয়মিত ভাবে পিছদিনা স্কুললৈ গ’লোঁ। কন্দৰ্পক দেখা পাই মাত লগালোঁ– 

“গুড মৰ্ণিং কন্দৰ্প”! 

সিফালৰ পৰা উত্তৰ আহিল– 

“গুড মৰ্ণিং পংকজ”! 

মই পুনৰ মাত দিলোঁ –

: শুন দোস্ত, তোৰ কেতিয়াবা আকৌ চানাচুৰ খাবলৈ মন গ’লে আৰু পইচা নাথাকিলে মোক ক’বি; মোৰ লগত পইচা থাকিলে তোক মই সদায় দিমেই! অনুগ্ৰহ কৰি কেৱল তোৰ সৈতে ৰিক্সাত উঠিবলৈ আৰু মোক লগ নধৰিবি!

: কিয় দোস্ত, কিয় তেনেকৈ ক’লি? 

কন্দৰ্প অলপ আচৰিত হ’ল।

: নহয় দোস্ত, এটা কথা মই এইমাত্ৰ ভাবি পালোঁ, বুজিছ?

: কি কথানো?

: চানমাৰীৰ ফালে থকা আমাৰ ক্লাচৰ বহুতো ল’ৰা আছে; তাৰে কিছুমানে সদায় আধাবাট খোজকাঢ়ি গুৱাহাটী ক্লাৱলৈ আহে আৰু তাৰ পৰাহে চিটিবাছ ধৰে। কেতিয়াবা কাছাৰীৰ পৰা উঠিবলৈ পইচা নাথাকিলে মই সিহঁতৰ লগতে নানা ধৰণৰ কথা পাতি গুৱাহাটী ক্লাৱলৈ খোজকাঢ়ি আহিব পাৰোঁ। আচল কথা কি জান দোস্ত? মই ৰিক্সাত উঠাতকৈ খোজ কাঢ়িবলৈহে বেছি ভাল পাওঁ।

কন্দৰ্পই ভ্ৰূ কুঞ্চিত কৰি প্ৰশ্নবোধক চাৱনি এটাৰে মোলৈ বহুত সময় চাই ৰ’ল।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *