ফটাঢোল

ড্ৰেকেন্সবাৰ্গলৈ গৈছিলোঁ-অগ্নিভ দত্ত 

জানুৱাৰী মাহৰ শেষৰ ফালে মন কৰিলোঁ যে মাৰ্চ মাহত এইবাৰ চাৰি দিনৰ বন্ধ এটা পৰিছে! সাধাৰণতে ফেব্ৰুৱাৰী, মাৰ্চৰ বন্ধত হয় কেপটাউনলৈ নহয় ওচৰৰে ক্লেৰেন্সৰ ফালে পাৰিলে এপাক মাৰি থোৱা হয়! এইবাৰো আৰু তিনিদিন ছুটি লৈ কেপটাউনৰ ফালেই যাম বুলি ভাবিছিলোঁ, কিন্তু এইবাৰ অলপ বৰষুণটো বেছি হৈ থকাৰ বাবে কেপটাউনৰ যাত্ৰাটো কেনচেল কৰি ঠিক কৰিলোঁ ‘ড্ৰেকেন্সবাৰ্গ যাম’! 

এনেকুৱা নহয় যে ড্ৰেকেন্সবাৰ্গ যোৱা নাই, আচলতে প্ৰায় ১০০০ কিঃমিঃ দীঘল পৰ্বত মালাৰে ড্ৰেকেন্সবাৰ্গ, গতিকে সেই ১০০০ কিঃমিঃৰ পশ্চিম অংশটোলৈ গৈছোঁ যদিও প্ৰকৃতিৰ সকলো উপাদানেৰে চহকী চেণ্ট্ৰেল ড্ৰেকেন্সবাৰ্গলৈ যোৱা হোৱা নাছিল! গতিকে চাৰিদিনৰ বন্ধটো চেণ্ট্ৰেল ড্ৰেকেন্সবাৰ্গৰ পৰ্বতমালাৰ মাজতেই প্ৰকৃতিৰ লগত উমলি আহিবলৈ ঠিক কৰিলোঁ! 

চেণ্ট্ৰেল ড্ৰেকেন্সবাৰ্গৰ উইণ্টাৰটন টাউনৰ পৰা ৫০ কিঃমিঃ দূৰত থকা অঞ্চলটোতেই থকাৰ সুবিধা হোৱাকৈ যথেষ্ট ৰিজৰ্ট আদিকে ধৰি বিভিন্ন সুবিধা আছে! আমি বিচাৰি আছিলোঁ এনেকুৱা এখন থকা ঠাই য’ত থাকিলে তাৰ পৰাই ওচৰৰ বিভিন্ন একটিভিটি কৰাৰ সুবিধা হোৱাৰ লগতে যাতে মন গ’লে ৰিজৰ্টখনৰ ভিতৰতো সময়বোৰ অতিবাহিত কৰিবলৈ সুবিধা হয়! 

“চান ড্ৰেকেন্সবাৰ্গ” ঠিক সকলো ফালৰ পৰা আমি বিচাৰি থকা সকলোবোৰ কামৰ বাবেই উপযুক্ত যেন লগাত তাতেই ৰূম বুক কৰি দিলোঁ! ৰাতিপুৱা ব্ৰেকফাষ্ট আৰু ডিনাৰ ৰিজৰ্টৰ ভিতৰতে কৰাৰ সুবিধা হোৱাকে বুক কৰিলোঁ, সময় হাতত থাকিব।

ইতিমধ্যে জানুৱাৰী, ফেব্ৰুৱাৰীত বৰ দূৰ নহ’লেও ২০০-২৫০ কিঃমিঃ ৰ ভিতৰত সৰু সুৰাকে অকণমান ইফালে সিফালে ফুৰাও হৈ গ’ল! কিন্তু ড্ৰেকেন্সবাৰ্গৰ সেই সৌন্দৰ্য্য উপভোগ কৰাৰ লোভকণ কম হৈ যোৱা নাছিল! ইতিমধ্যে মাৰ্চ মাহৰ নিৰ্দিষ্ট সময়খিনি পোৱাৰ লগে লগে বতৰ চাই দেখিলোঁ ড্ৰেকেন্সবাৰ্গত আমি যোৱা সময়খিনিত নিম্নতম তাপমাত্ৰা দুদিনমান মাইনাচত থাকিব আৰু সৰ্ব্বোচ ১৭ ডিগ্ৰীমান হ’ব! 

আচলতে এইখিনি সময়ত দক্ষিণ আফ্ৰিকাত গ্ৰীষ্ম কাল হয়, গতিকে গৰম কাপোৰৰ বৰ এটা প্ৰয়োজন নহয়, অৱশ্যে বৰষুণ আদি পৰিলে কিছু ঠাণ্ডা নপৰা নহয়! মাইনাচত তাপমাত্ৰা থাকিব বুলি দেখি লগে লগে কিছু গৰম কাপোৰ লগত লৈ যোৱা ভাল হ’ব বুলি আকৌ চুইটকেচ খুলি ভৰাই ল’ব লগা হ’ল! ৪৫০ কিঃমিঃ মানৰ দূৰত্ব যদিও ৰাস্তাটো পাহাৰীয়া হোৱাৰ বাবে যাত্ৰা সময় ৫ ঘণ্টামান হ’ব বুলি আন্দাজ কৰিলোঁ! গতিকে ৰাতিপুৱা যিমান পাৰোঁ সোনকালেই ওলোৱাটো ঠিক কৰি ল’লোঁ! 

শনিবাৰে ৰাতিপুৱা ৫ টাত ওলাই যোৱাটো ঠিক কৰি, আগদিনাই গাড়ীত সকলো বস্তু বাহিনী উঠাই সাজু কৰি থ’লোঁ! শুনিবলৈ কিবা লাগিলেও ক’ৰবালৈ ৰাতিপুৱা ওলাই গ’লে আমি ঘৰতে সুদাকৈ হ’লেও ভাত কেইটা খাই লওঁ! ৰাতিপুৱা ৪ টাতে গা পা ধুই গৰমে গৰমে ভাত, দালি আৰু কণী আলু পিতিকাৰে ভাত কেইটা যিটো তৃপ্তিৰে খোৱা হ’ল সেয়া খোৱাজনেহে বুজিব! ইতিমধ্যে লগত ফ্লাস্কত লাল চাহ আৰু লগত আগতেই সাজু কৰি থোৱা চেণ্ডুইচ টিফিনত ভৰাই লোৱা হ’ল যাতে ৰাস্তাত মন গ’লেই অন্ততঃ চাহকাপ আৰু একামোৰ চেণ্ডুইচ মাৰি ল’ব পৰা যাব! 

ঠিক ৫ বাজি যোৱাৰ লগে লগেই ঘৰৰ গেটৰ পৰা ওলালোঁ ড্ৰেকেন্সবাৰ্গলৈ বুলি! অৰ্নিয়ে এইবাৰ নোশোৱে বুলি ক’লে, ৰাস্তাৰ সৌন্দৰ্য্য উপভোগ কৰি যাব হেনো! ঘৰৰ গেটৰ পৰা ওলাই ১০ মিনিটো কিজানি যোৱা নহ’লেই, গাৰু-চাৰু সাজু কৰি লাহেকৈ আৰাম কৰি লৈ মানে টোপনি গ’লেই! ইফালে আমি লাহে লাহে ৰাস্তাৰ কাষত থকা গোমধান, চান ফ্লাৱাৰ আদিৰ খেতিৰ কিঃমিঃ জুৰি থকা খেতি পথাৰবোৰৰ মাজে মাজে আগবাঢ়িলোঁ! ইতিমধ্যে লাহে লাহে ৰাস্তাৰ কাষত নিজে নিজে গজি উঠা কিঃমিঃ ৰ পাছত কিঃমিঃ জুৰি ব্যাপ্ত হৈ থকা কচমচ ফুলবোৰ পোৱাৰ লগে লগে গাড়ী ৰখাই নামি ফটো চ্যুটো কৰি গৈ থাকিলোঁ!

১৫০ কিঃমিঃ মান প্ৰধান পথেৰে নগৈ এটা আচুতীয়া পথেৰে গৈ থাকি প্ৰধান পথত উঠিলোঁগৈ! সেই আচুতীয়া পথটো সুন্দৰ হ’লেও আগতে কেতিয়াও সেইটো পথ ব্যৱহাৰ নকৰাৰ বাবে ঘূৰি আহোঁতে সেইফালে নহাটো ঠিক কৰি থ’লোঁ! ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথত উঠাৰ পাছত ভাবিলোঁ ১০০ কিঃমিঃ মান গৈ য’তেই পেট্ৰল পাম্প পাম তাতেই গাড়ী ৰখাই অকণমান ফ্ৰেচ হোৱাৰ লগতে কফি একাপ খাই ল’ব লাগিব! নিজৰ চাহকাপ পাছত ক’ৰবাত একো নাপালে খাবলৈ হ’ব!

ইতিমধ্যে প্ৰায় দুঘণ্টা গাড়ী চলোৱাও হ’ল আৰু ভাত পানী খাই অহাৰ পাছত অলস অলস লাগি থকা মনটোকো অকণমান জোৰ দিবৰ বাবে কাঢ়া কফি একাপৰো দৰকাৰ হৈছিল, গতিকে সুবিধা পাই ‘ৰুইকাল’ বুলি ঠাইকণত ৰাস্তাৰ পৰা অকণমান সোমাই অতি সুন্দৰকৈ সজাই তোলা পেট্ৰল পাম্পটোত থকা ৰেষ্টুৰেণ্টখনত কফিৰ অৰ্ডাৰ দি ফ্ৰেচ হৈ ল’লোঁ! ফ্ৰেচ হৈ অৰ্দাৰ দিয়া কফিৰ টেক এৱে লৈ গাড়ীত বহিলোঁ! ইয়াৰ ওৱান ষ্টপ পেট্ৰল পাম্পবোৰত এখন বা তাতকৈ বেছি ৰেষ্টুৰেণ্টৰ লগতে সৰু সুৰা দোকানৰ লগতে সৰু চুপাৰ মাৰ্কেট এখনো প্ৰায়েই থাকেই!  জুবিন আৰু জিতুল সোনোৱালৰ ইটোৰ পাছত সিটো হিট গান বাজি গৈছে, দীঘলীয়া ৰাস্তাৰ বাবে যেন তাতকৈ বেলেগ একো নালাগে! 

অৰ্নি উঠি আকৌ শুলে আমি কফিৰ কাপত চুমুক দি কিনকিনীয়া বৰষুণ এজাকৰ মাজে মাজে জুবিনৰ “অনামিকা”, “পাখি” “শিশু” এলবামৰ লগতে জিতুল সোনোৱালৰ “নিৰিবিলি গধুলি” শুনি শুনি মাজে মাজে লাহেকৈ চিঞৰি গাই গাই আগবাঢ়িছোঁ “ৱৰ্ল্ড হেৰিটেজ চাইট ড্ৰেকেন্সবাৰ্গ” লৈ! ইফালে দেখিলোঁ বৰষুণজাকো অলপ গধুৰ হৈছে, গতিকে ভাবিলোঁ অকণমান আকৌ পেট্ৰলপাম্প এটাত ৰখাই অকণমান পেট্ৰল ভৰাই লোৱাৰ লগতে ৰঙা চাহ একাপ আৰু চেণ্ডুইচটো খায়েই লোৱা যাওক, ইফালে প্ৰায় ৩৫০ কিঃমিঃ অহাও হ’ল! 

গতিকে পেট পূজাকণো কৰি লোৱাই ভাল বুলি পেট্ৰল পাম্পত পেট্ৰল লৈ একাষত ৰখাই চাহ, চেণ্ডুইচ খাই আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ! ইতিমধ্যে আমি কোৱাজুলু নাটাল প্ৰদেশত প্ৰৱেশ কৰিলোঁ! কিছুসময় যোৱাৰ পাছত আকাশখন মুকলি হৈ পৰিল! চাৰিওফালে ৰৌদ্ৰজ্বল অথচ শান্ত সমাহিত প্ৰকৃতিৰ ৰূপে ড্ৰেকেন্সবাৰ্গ পৰ্বতমালাৰ সৌন্দৰ্য্যৰ যেন আভাসহে দি গ’ল!

ইতিমধ্যে আমি উইণ্টাৰটেইন টাউনখন পালোঁগৈ, তাৰপৰা আমাৰ স্থানডোখৰলৈ আৰু প্ৰায় ৪০ কিঃমিঃ, পাহাৰ আৰু সমতলৰ মাজে মাজে সৰ্পিল গতিৰে আগবাঢ়িলোঁ, অতি মনোমোহা পৰিবেশ! ইতিমধ্যেই পৰিবেশটোৱে মন প্ৰাণ মুহি নিছে, সেউজীয়া আৰু নীলা কেৱল! এনেদৰেই গৈ “চান” ৰিজৰ্ট পালোঁগৈ, অৱশ্যে তেতিয়াও কিছুসময় আছিল ৰূম পাবলৈ! ৰিজৰ্টতেই সৰুকে লান্স অকণমান কৰি ল’লোঁ, বৰ বিশেষ ভোক লগা নাছিল যদিও! খাই বৈ উঠি এপাক মাৰি উঠি আহোঁতেই ৰূম ৰেডি হ’ল! ৰূমৰ চাবি গটাই দিলে! 

ৰূমলৈ বস্তু আনি সুমুৱাৰ পাছতেই ৰূমৰ আগফালৰ দৰজাখন খুলি কেৱল চাই ৰ’লোঁ সন্মুখৰ দৃশ্যটোলৈ! নীলা আকাশ আৰু ড্ৰেকেন্সবাৰ্গ পৰ্বলমালাৰ কি এক শিহৰণকাৰী দৃশ্য! চায়েই ৰ’লোঁ কিছুসময় তেনেদৰে যেন হেঁপাহেই নপলাব! গ্ৰীস্ম কাল, বেলি লহিয়াবলৈ তেতিয়াও যথেষ্ট সময় আছে গতিকে ভাবিলোঁ অকণমান পাহাৰৰ মাজে মাজে ঘূৰিয়েই আহোঁ, তাতে বতৰটোও এতিয়ালৈ ইমান ফৰকাল হৈ আছে যেতিয়া! ড্ৰেছ পাতি সলনি কৰি ৰূমতে ফ্ৰেচ ত্ৰেচ হৈ ওলাই যাওঁতে অকণমান সময় লাগিল! 

ৰিজৰ্টৰ পৰা দুটা ফালে যাব পাৰি, এফালে চেম্পেইন ভেলীৰ ফালে আৰু আনফালে উইণ্টাৰটেইন টাউনৰ ফালে! আমি উইণ্টাটেইন চহৰৰ ফালেই ওলাই গ’লোঁ! কিছু সময় যোৱাৰ পাছত সৰু এডোখৰ স্থান পালোঁ, চকলেট ফেক্টৰী, ৰেষ্টুৰেণ্ট, বিয়েৰ প্ৰস্তুতকৰণ আদিৰে ভৰি আছে ঠাই টুকুৰা! এনেবোৰ ঠাই পৰ্য্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হয়! গাড়ীখন লাহেকৈ আগবঢ়াই নিলোঁ, কিছুদুৰত থকা পাৰ্কিঙত যথেষ্ট সংখ্যক গাড়ী দেখি ভাবিলোঁ সঠিক ঠায়েই হ’ব! 

গাড়ী পাৰ্ক কৰি ভিতৰলৈ সোমাই গৈ দেখিলোঁ খদম দমাই আছে চাৰিওফালে, বিশেষকৈ বিয়েৰ প্ৰস্তুতকৰণ আৰু আৰু তাতে বহি খাব পৰা অংশটো একেবাৰে উৎসৱমুখৰ হৈ আছে! অলপ ভীৰ বেছি কাৰণে আজি সেইফালে নাযাওঁ বুলি বাকীখিনি দোকান-পোহাৰ চাবলৈ আগবাঢ়িলোঁ! সৰু সৰু দোকান, কোনোবা এখনত হয়তো সেইখিনি ঠাইতে প্ৰস্তত কৰা চীজ আদিৰ দোকান, কোনোখন আকৌ মৌ, জাম আদিৰ, লগতে সৰু সৰু ক্ৰাফট! তাৰ মাজতেই “চকলেট ” ফেক্টৰীটো! সা-সজ্জা দেখি বাহিৰৰ পৰা ভাল লগাত তালৈকে, সোমাই গ’লোঁ! তাতো যথেষ্ট মানুহ যদিও অতি ভীৰ নহয়! 

তাতেই প্ৰস্তুত কৰা চকলেটৰ “টেষ্টিং”ৰ ব্যৱস্থা আছে, লগতে ৰেষ্টুৰেণ্টো আছে! ইটো সিটো খোৱাৰ অৰ্ডাৰ দি চকলেট টেষ্টিঙত লাগিলোঁ! বৰ ধুনীয়া প্ৰত্যেকবিধ চকলেট! ইতিমধ্যে খোৱাৰ প্লেট অহাত খাই বৈ ল’লোঁ লগতে কিছু চকলেট পেকিং কৰাই ল’লোঁ! তাৰ পৰা ওলাই আকৌ ইফালে সিফালে তাতেই অকণমান ফুৰা চকা কৰাত লাগিলোঁ, পৰিবেশটোৱে যিকোনো মানুহকেই আকৰ্ষণ কৰিব! সেউজীয়া সমতলভুমিৰে এক ষ্টানিং ভিউ সেইখিনিৰ পৰা! তাতেই বহি ৰ’লোঁ কিছুসময় আৰু প্ৰকৃতিৰ উপভোগ কৰাত লাগিলোঁ! 

তাৰ পৰা ওলাই গৈ কিছুদৰ এনেই অনাই বনাই গাড়ীখন আগবঢ়াই নিলোঁ, আধা ঘণ্টামান গৈ ৰিজৰ্টলৈ বুলি ঘূৰি আহিলোঁ ! ৰূমতেই ফ্ৰেচ হৈ চাহ একাপ বনাই লৈ আগফালে ওলাই বননিখনতেই বহি ল’লোঁ! ইতিমধ্যে নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ মানুহবোৰ ডাইনিং এৰিয়ালৈ যোৱা আৰম্ভ কৰিলেই! বৰ সোনকালেই খায় ইয়াৰ মানুহবোৰে সাধাৰণতে, আমাৰ অৱশ্যে দেৰিয়েই হয় ঘৰত থাকিলে, কিন্তু ইয়াত সিমান দেৰি নকৰোঁ,  তথাপিও আঠ বজাৰ আগতে খোৱা ক’তনো হ’ব, গতিকে আকৌ চাহত মনোযোগ দিলোঁ আগফালৰ পাহাৰখন চাই চাই!

ৰিৰ্জটখনৰ ভিতৰতেই অনেক কাম কৰিব পাৰি চুইমিঙৰ পৰা ট্ৰেকিঙলৈ, টেনিছৰ পৰা গল্ফলৈ সকলো সা সুবিধা আছে, কেইবাটাও চুইমিং পুলত তেতিয়াও  বহুতেই ৰিলেক্স কৰি আছে! দূৰৰ পৰা দেখি আছোঁ! কিছুসময় থাকি, গা ধুবলৈ সোমালোঁ, বাথ টাবত গাটো এৰি দিলোঁ, ঘৰত থাকিলে বাথ টাবত সোমাই থাকিবলৈ সময়েই নহয়, বহুত দিনৰ পাছত কিছুসময় তেনেকৈয়ে কটালোঁ! দিনটোৰ ঘূৰা ঘূৰিবিলাকৰ ভাগৰকণ যেন তেনেকৈয়ে কিছু নোহোৱা হৈ গ’ল! ইতিমধ্যে আঠ বাজিবৰো হ’ল, গতিকে খোৱা-বোৱাৰ ফালে লাহেকৈ ওলাই গ’লোঁ গোটেইকেইটা! 

বিভিন্ন প্ৰকাৰৰ ব্যঞ্জনেৰে ভৰি আছে, তাৰে কেইবিধমান প্লেটত লৈ খোৱা-বোৱা সামৰিলোঁ, অৱশ্যে কেঁকোৰাৰ বিশেষ আঞ্জাখনৰ জুটি নোলোৱাকৈ নাথাকিলোঁ!  খাই বৈ এপাক এনেই খোজ কাঢ়িবলৈ ওলাই গ’লোঁ! বাহিৰত ঠাণ্ডাও অকণমান আছে, অৱশ্যে জেকেট পিন্ধিয়েই লৈছিলোঁ! আকাশখন বাৰু ইয়াত একেবাৰে ফৰকাল হয়েই কিন্তু ইয়াৰ (ড্ৰেকেন্সবাৰ্গৰ) আকাশখন যেন আৰু ফৰকাল, ইমান ফটফটীয়াকৈ জিলিকি আছে তৰাবোৰ, আমি মুকলিত ৰৈ তাকেই চাই ৰ’লোঁ বহু সময়! আকাশখন বোলে সময় পালেই চাব লাগে, মনটো আকাশৰ দৰেই বহল হয় হেনো তেনে কৰিলে! 

এনেদৰে ঘূৰি কিছুসময় ৰূম পালোঁহি! ঘৰত ১ টা বজাৰ আগতে খুব কমেইহে শোৱা হয়, গতিকে কিছুসময় কথা বতৰা পাতি টিভি চিভি চাই অৱশেষত আৰু একো কৰিবলৈ নথকাত শুই পৰিলোঁ সোনকালেই! পিছদিনা ৰাতিপুৱাই ব্ৰেকফাষ্ট কৰি ওলাই যাম এটা বিশেষ প্ৰদৰ্শনীৰ বাবে! ১০ ঘণ্টামান শুলোঁ, ইমান সময় শোৱা নহয়েই সাধাৰণতে ঘৰত থাকিলে! গা পা ধুই ব্ৰেকফাষ্ট খাবলৈ গ’লোঁ, ইতিমধ্যে বিশাল হলটো প্ৰায় ভৰি পৰিছে! লাহে ধীৰে আৰামত নিজৰ পচন্দৰ বস্তুকেইটা লৈ খাই বৈ ল’লোঁ! তাৰ পাছত লাহেকৈ ৰৌদ্ৰজ্বল পুৱাটোত চেম্পেইন ভেলীৰ ফালে গাড়ী লৈ আগবাঢ়িলোঁ! 

সেইটো পাহাৰৰ শিখৰত অৱস্থিত “ফেলকন ৰিডজ”ত পৰ্য্যটকৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু, দৈনিক এবাৰকৈ অনুষ্ঠিত এটা বাৰ্ড শ্ব’ চাবলৈ উপস্থিত হ’লোঁগৈ! ইতিমধ্যেই যথেষ্ট মানুহ গোট খাইছে! আন মানুহৰ দৰেই আমিও মাটিতেই বহি ল’লোঁ! গ্ৰেগ আহিল, লগত এলিচন, ৰবিনা আদি আৰু তাৰ পাছৰ প্ৰায় এক দেৰ ঘণ্টা যেন সন্মোহিত হৈ ৰৈ গ’লোঁ বাৰ্ড শ্ব’টো চাই! চিলনী, ঈগল আদি বিভিন্ন চৰাইৰ সম্পূৰ্ণ প্ৰাকৃতিক পৰিবেশত প্ৰদৰ্শিত বিভিন্ন কাৰুকাৰ্য্যই সকলোকেই সন্মোহিত কৰি ৰাখিলে!

কি প্ৰচণ্ড শক্তি কি প্ৰচণ্ড গতি চিলনী, ঈগল আদিৰ, তন্ময় ৰৈ কেৱল উপভোগ কৰিলোঁ সেই সময়খিনি! পাছত গ্ৰেগৰ লগত কিছুসময় আছুতীয়াকৈ কথা পাতি গম পালোঁ সৰুৰে পৰা চৰাই চিৰিকতিৰ প্ৰতি থকা মৰমৰ বাবেই আজিৰ পৰা প্ৰায় ২৫ বছৰ আগতেই আৰম্ভ কৰিছিল এই কেন্দ্ৰটি! প্ৰায় ৪০ বিধ চৰাই থকা কেন্দ্ৰটিৰ যোগেদি শ শ চৰাই চিৰিকটিৰ বিভিন্ন চিকিৎসা আদিকে ধৰি বিভিন্ন প্ৰকাৰে সহায়ো আগবঢ়াই আহিছে! এইখিনিতে উল্লেখ কৰিব পাৰি যে প্ৰকৃতিয়ে দক্ষিণ আফ্ৰিকা যেন একেবাৰে “দিল”খুলি সকলো দিছে, তাৰ মাজতেই এই ড্ৰেকেন্সবাৰ্গ অঞ্চল বিভিন্ন প্ৰকাৰৰ ৫০০ বিধৰো বেছি বিভিন্ন প্ৰজাতিৰ চৰাইৰ বাবেও বিখ্যাত!

আচলতে প্ৰকৃতিৰ অনুপম উপহাৰ এই ড্ৰেকেন্সবাৰ্গ অঞ্চল কেৱল অপৰূপ সৌন্দৰ্য্যৰ বাবেই বিখ্যাত তেনে হয়, এই অঞ্চলটো ইতিহাসৰ বাবে এইকাৰণেও অতি গুৰুত্বপূৰ্ণ কাৰণ এই অঞ্চলতেই আজিৰ পৰা ৪০ হাজাৰৰ পৰা ১ লাখ বছৰৰ আগতে মানুহৰ বসতি আছিল বুলি কোৱা হয়! এই অঞ্চলটো “চান” জনগোষ্ঠীৰ গুহাত অঁকা বিভিন্ন চিত্ৰকলাৰ বাবেও বিখ্যাত! হাজাৰ হাজাৰ চিত্ৰকলা গুহাবোৰত দেখা যায়! আমাৰ এইবাৰ সেই অঞ্চল সমুহ চোৱা নহ’ব যদিও এই অঞ্চলৰ ঐতিহ্যই সকলোকে আলোড়িত কৰি তোলে সকলো সময়তেই! এই সকলোবোৰ কাৰণতেই ড্ৰেকেন্সবাৰ্গ হয়তো “ৱৰ্ল্ড হেৰিটেইজ চাইট “ৰ অন্তৰ্ভুক্ত! 

বাৰ্ডশ্ব চাই পুলকিত মনৰে তাৰ পৰা ওলাই আহি আমি এইবাৰ গ’লোঁ এখন মৌমাখি পালন কৰা  ফাৰ্মলৈ আগবাঢ়ি! তেওঁলোকৰ প্ৰায় ১০০০ খন মৌচাক বিভিন্ন অঞ্চলত থকা বুলি জনালে আৰু তাৰ পৰা বছৰি প্ৰায় ৮ টন মৌজোল ব্যৱসায়িক ভাবে উৎপাদন কৰে বুলি জনালোঁ ৰূৱানে! মৌমাখিৰ পৰা মৌজোললৈ গোটেই প্ৰক্ৰিয়াটো অৰ্নিৰ বাবেই নহয় মোৰ বাবেও হৈ পৰিল উপভোগ্য আৰু বহুতো নজনা কথা জনাৰ বাবে বিশেষ! তাৰ পাছত তাতেই থকা ৰেষ্টুৰেণ্টত কিবা অকণমান খায়ো ল’লোঁ, বিশেষকৈ তাৰ চীজ কেকটোৰ সোৱাদো ল’লোঁ! 

তাৰপৰা সেইদিনা আৰু বিশেষ কলৈকো নগৈ ৰিজৰ্টত আহি ৰিলেক্স কৰাটোকেই ঠিক কৰিলোঁ! চুইমিং পুলত অকণমান সময় কটাই লওঁ বুলি গ’লোঁ যদিও ইমান মানুহ থকাত সেয়া বাদ দি বিশাল ৰিজৰ্টখনৰ এটা অংশত থকা বান্ধটোৰ পাৰতেই ঘূৰি সময় পাৰ কৰিলোঁ! তাত  নৌকা বিহাৰ কৰাৰো সুবিধা কৰি থৈছে, লগতে মাছ ধৰাৰ বাবেও সুবিধা কৰি দিছে! নাৱেৰে গৈ বান্ধটোৰ আনফালে গৈয়ো মাছ মাৰিব পৰা যায়! তেনেদৰেই কিছুসময় কটাই ৰূমত গৈ গা পা ধুই ফ্ৰেছহৈ লৈ চাহ একাপকৈ বনাই খাই ল’লোঁ! 

অৰ্নিয়ে কিবা এক্সবক্স খেলিবলৈ যাওঁ বুলি কোৱাত লৈ গ’লোঁ যদিও সেয়া বন্ধ হোৱাত তাতেই থকা টেবল টেনিচ আৰু পুল গেম খেলি থকা কেইজনমানক পাই কথা বতৰা পতাৰ লগতে অকণমান তাকো খেলি ৰূমলৈ আহি নিশাৰ আহাৰৰ বাবে সাজু হ’লোঁ! খোৱা-বোৱা শেষ কৰি আকৌ খোজ কাঢ়িবলৈ গ’লোঁ অকণমান! কিন্তু ইতিমধ্যে এজাক বৰষুণ অহাত ৰূমলৈকে ঘূৰি আহিলোঁ! ৰীমাহঁত আজি কালিতকৈও সোনকালে শুবলৈ ল’লে,  লগত লৈ অহা কিতাপৰ কেই পৃষ্ঠামান পঢ়ি শুই থকাই ভাল বুলি পলম নকৰি শুই পৰিলোঁ!  

ৰাতিপুৱা সোনকালে উঠি সৰু ট্ৰেকিং এটাত যাম বুলি ঠিক কৰি থৈছিলোঁ, কিন্তু ৰাতি হ’লে সাত হাল বোৱাৰ দৰেই কথা, ৰাতিপুৱা টোপনিৰ উম ভাঙি আৰু ট্ৰেকিঙত যোৱাৰ মন একেবাৰেই নাছিল, ব্লেংকেটখন ভালকৈ লৈ আকৌ শুই পৰিলোঁ! লাহে ধীৰে ব্ৰেকফাষ্ট খাই গা পা ধুই আজিও চেম্পেইন ভেলীৰ ফালে ওলাই গ’লোঁ! আজিৰ উদেশ্যে সেইফালে থকা এটা শিৱমন্দিৰ চোৱা! সেই ঠাইখিনিত হিন্দু মানুহটো বাদেই ভাৰতীয় মানুহৰেই হয়তো কোনো অস্তিত্ব নাই তথাপিও ক’ৰপৰা কি ধৰণে এই মন্দিৰটো হ’ল জানিবলৈ মন গৈ আছিল! 

মন্দিৰ পাই তাতে লগ পালোঁ “চি জে” ক, আৰু “চি জে” ই ক’লে মন্দিৰ বনোৱাৰ গোটেই কাহিনীটো! “চি জে” এজন শ্বেতাংগ আফ্ৰিকান আৰু তেখেতে ভাৰতৰ বিভিন্ন তীৰ্থভূমি বহু বছৰ ধৰি ভ্ৰমণ কৰি আহিছিল! এনেদৰেই তেখেত শিৱভক্ত হৈ পৰে আৰু এদিন সপোনত তেখেতে এটা শিৱমূৰ্তি দেখে আৰু তাৰ পাছতেই সেই ড্ৰেকেন্সবাৰ্গ পৰ্বতমালাত থকা তেখেতৰ নিজা ভুমিত এইদৰে মন্দিৰটো গঢ়ি তোলে! মূৰ্তিটোও আকৌ তেখেতৰেই বন্ধু আন এজন শ্বেতাংগ আফ্ৰিকানে গঢ়ি তোলে! ২০১৯ চনত প্ৰথম শিৱমূৰ্তিৰ পাছত লাহে লাহে হনুমানৰ মূৰ্তি এভাগিও গঢ়ি তোলে! 

পূজা পাতল আগবঢ়াই আমি আকৌ ইফালে সিফালে কিছু ঘূৰা ফুৰা কৰিলোঁ! তাৰেই বিখ্যাত মিউজিক স্কুল এখনটো সোমাই আহিলোঁ! সেই অপৰূপ প্ৰকৃতিৰ মাজত মিউজিক স্কুলখনে যেন সোণত সুৱাগা কৰি তুলিছিল! তাত হোৱা ফাংচন চাবলৈ দক্ষিণ আফ্ৰিকাৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে বুলিও তাতেই গম পালোঁ! এইদৰে কিছুসময় ঘূৰি ফুৰি অৰ্নিয়ে অলপ সৰু সুৰা এক্টিভিটি কিছুমানো কৰাৰ পাছত সোনকালেই আহি ৰিজৰ্টৰ ৰেষ্টুৰেণ্টতে আহি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁহি! তাতেই জিৰাই সতাই খোজকাঢ়ি প্ৰকৃতিৰ সুধা পান কৰিবলৈ ধৰিলোঁ! সেউজীয়া কেৱল সেউজীয়া এয়াই যেন দক্ষিণ আফ্ৰিকাক কৰি তোলে অনন্য! 

গধূলি চাহকাপত বাহিৰতে বহি চুমুক দিয়াৰ লগে লগে বেলিটো কোন তলকত পৰ্বতমালাৰ মাজত ৰঙা ৰঙেৰে বিলীন হৈ গ’ল ধৰিবই নোৱাৰিলোঁ! আজি সন্ধিয়াটো ইয়াত শেষ, গতিকে মনটো অকণমান সেমেকিও উঠিল! ইতিমধ্যে ৰীমাই বস্তু বাহিনী কিছু সামৰাত লাগিল, আমিও ইটো সিটো কৰি দিলোঁ যদিও আমাৰ কামবোৰত ইটো সিটো গৰবৰ হয় গতিকে বৰ পচন্দৰ নহয় তথাপিও কৰাখিনি তেনেকৈয়ে মানি ল’লে)! কামখিনি অলপ আগবঢ়াই অৰ্নি আৰু মই পুলৰ ৰূমটোত সোমালোঁগৈ অৰ্নিৰ লগ দিবলৈ, অৱশ্যে তালৈ আৰু চাৰিটামান অৰ্নিৰ বয়সৰ ল’ৰা অহাত সিহঁতৰ লগতে খেলিবলৈ দি মই ইফালে ওলাই আহিলোঁ! 

ইতিমধ্যে নিশাৰ আহাৰো কৰিবৰ সময় হোৱাত ৰূমলৈ আহি ফ্ৰেচ হৈ খাবলৈ ওলাই গ’লোঁ! তাতেই চিনাকি হোৱা দুই এজনকো লগ পালোঁ, আকৌ ক’ৰবাত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈ ৰূমলৈ আহিলোঁ!  সকলো বস্তু সামৰি সোনকালেই শুই থাকিলোঁ ইটো সিটো কৰি! পিছদিনা ৰাতিপুৱা আৰামত উঠি গা পা ধুই ব্ৰেকফাষ্ট কৰি লাহে ধীৰে ঘৰমুৱা যাত্ৰা আৰম্ভ কৰিলোঁ, চাৰিদিনীয়া ভ্ৰমণৰ অন্ত পেলায়!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *