ফটাঢোল

শ্ৰীযুত ৰথীন্দ্ৰ নাথ গোস্বামীৰ সৈতে অন্তৰঙ্গ আলাপ

এগৰাকী সাহিত্যিক,সফল প্ৰশাসনিক বিষয়াও আছিল, তেখেত বিজ্ঞানীও…’টম এণ্ড জেৰি’ক ঢুকি নোপোৱা দিনতে অসমৰ সাহিত্যপ্ৰেমীক ‘চিচিং’ নামৰ চৰিত্ৰ এটাৰে মোহাচ্ছন্ন কৰিবপৰা এগৰাকী সফল কথাশিল্পী৷ এই বৰ্ষৰ সাহিত্য অকাডেমী শিশু সাহিত্য বটাঁ বিজয়ী ৰথীন্দ্ৰ নাথ গোস্বামী দেৱক লগ কৰিছিলোঁ তেখেতৰ মনৰ কথা জানিবলৈ৷

ফটাঢোল: নমস্কাৰ৷ 

ৰথীন্দ্ৰ নাথ গোস্বামী: নমস্কাৰ৷

ফটাঢোল: নমস্কাৰ গোস্বামীদেৱ।মই ‘ফটাঢোল’ৰ তৰফৰপৰা আপোনাৰ লগত আপোনাৰ জীৱনৰ কৰ্ম- অভিজ্ঞতাৰ ভিত্তিত দুআষাৰ কথা পাতিব খুজিছোঁ।আশা কৰোঁ আপুনি সহায়-সহযোগ কৰিব।

ৰথীন্দ্ৰ নাথ গোস্বামী: নিশ্চয়।মই ‘ফটাঢোল’ গোটৰ সমূহ সদস্য-সদস্যাৰ লগতে আপোনাকো এই সংখ্যাৰ সাক্ষাতকাৰৰ বাবে মোক নিৰ্বাচন কৰাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ।

ফটাঢোল: শৈশৱকাল তথা আপোনাৰ ঘৰখনৰ বিষয়ে জানিবলৈ বিচাৰিম৷

ৰথীন্দ্রনাথ গোস্বামী: মোৰ জন্মস্থান যোৰহাট। দেউতা সাহিত্যাচার্য যতীন্দ্রনাথ গোস্বামীৰ জন্মস্থান টীয়কত। শিক্ষা, চাকৰি-সূত্রে বিভিন্ন স্থান ভ্রমণৰ অন্তত দেউতাই যোৰহাটৰ এই অঞ্চলত স্থায়ীভাৱে বাস কৰিবলৈ লয়। মোৰ মাতৃ অনুপমা গোস্বামীৰ জন্মস্থান গোলাঘাট জিলাৰ ঢেকিয়ালত; পণ্ডিত হেমচন্দ্র গোস্বামীৰ পৰিয়ালৰ। আমাৰ পৰিয়ালৰ সাতোটা ল’ৰা-ছোৱালীৰ মই কনিষ্ঠ। দুখৰ বিষয় যে মোৰ দাদা, মোৰ প্রিয় বন্ধু,  ৰবীন্দ্রনাথ গোস্বামীয়ে মধুমেহ ৰোগৰ জটিলতাৰ বাবে কেইবছৰমান পূর্বে এই পৃথিৱীৰপৰা বিদায় ল’লে। বর্তমান আমি, মানে মই, প্রিয়াক্ষী আৰু দুই পুত্র প্রথম-প্রহৰ ডেৰাডুনত থাকোঁ।  

ওপজা ঠাই বুলি ক’লে পোনছাটেই যোৰহাটৰ স্মৃতি মনলৈ আহে। বাইদেউ, দাদা, মা-দেউতাৰ ওপৰি মোৰ প্রতিবেশী বন্ধু-বান্ধৱবোৰে মোৰ শৈশৱ ৰঙীন কৰি তুলিছিল। মই বিশ্বাস কৰোঁ জীৱন-বাটত লগ পোৱা প্রতিজন ব্যক্তিয়ে আনজনক প্রভাৱিত কৰে। শৈশৱৰ সোণোৱালী দিনবোৰৰ কথা মনলৈ আহিলে চকুৰ আগত ভাঁহি উঠে মোৰ বন্ধুবোৰ, মই পঢ়া প্রাথমিক বিদ্যালয়খন, শান্তিপুৰ মইনা পাৰিজাত আৰু আন বহুতো। অন্যহাতে গৰম-বন্ধৰ সময়ছোৱাত ঢেকিয়ালৰ ককাৰ ঘৰ (মৌজাদাৰ) আৰু মাজে-সময়ে দেউতাৰ জন্মস্থান টীয়ক এই দুই স্থান ভ্রমণে জীৱনলৈ সুকীয়া মাত্রা কঢ়িয়াই আনিছিল। 

শিক্ষা জীৱন আৰম্ভ হৈছিল দৰঙীচুক প্রাথমিক বিদ্যালয়ত। বৰষুণ দিলে চালৰপৰা পানী পৰিবলৈ আৰম্ভ কৰা এই স্কুলঘৰটো মোৰ জীৱনৰ চিৰযুগমীয়া স্মৃতি আৰু সর্বোত্তম প্রতিষ্ঠান। স্কুলৰ ভালেমান স্মৃতি আজিও সজীৱ হৈ আছে। ৰাতিপুৱা স্কুলৰ বাবে খোৱা পানী আনিবলৈ যোৱা, মুকলিত থিয় হৈ নেওতা গোৱা, মন্ত্রীসভা গঠন আদিয়ে পঢ়াশালিৰ দিনবোৰ মধুময় কৰি তুলিছিল। বৰ বাইদেউ হেমী হাজৰিকা, সূর্য দাস বাইদেউ, মীনকান্ত মহন্ত ছাৰ আদিয়ে আমাৰ শৈশৱত প্রচুৰ প্রভাৱ পেলাইছিল। প্রাথমিক স্কুলৰ পাছত মই যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ত শিক্ষা লাভ কৰিছিলোঁ। শিক্ষা, সাহিত্য-সংস্কৃতি, ক্রীড়া, প্রশাসন আদি বিভিন্ন ক্ষেত্রত ঐতিহ্যমণ্ডিত এইখন বিদ্যালয়ত শিক্ষা লাভ কৰি যোৱা ছাত্রৰ অতুলনীয় বৰঙনি আছে। বিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে (১৯৬৩) প্রেৰণ কৰা শুভেচ্ছা বাণীত সেই সময়ৰ শিক্ষামন্ত্রী দেৱকান্ত বৰুৱাই বিদ্যালয়ৰ উচ্চ প্রশংসা কৰি উল্লেখ কৰিছিল—

“…এই অনুষ্ঠানখনিয়েই চামে-চামে আজি কেইবাপুৰুষো ধৰি অসমৰ শিক্ষা, সাহিত্য আৰু সংস্কৃতিৰ সৃষ্টিকর্তা সকলক জন্ম দি আহিছে। আজি এই স্কুলখন অসমৰ অন্যতম শ্রেষ্ঠ স্কুল।…”  

বিদ্যালয়ৰ ফুটবল দলটোৰ সফলতাই মোক গৌৰৱৰ অধিকাৰী কৰি তুলিছিল। খেলৰ জৰিয়তে আৱেগ, একতা, সম্প্রীতিৰ ডোল দৃঢ় হৈ পৰিছিল, প্রতিফলিত হৈছিল দুৰন্ত পজিটিভিটি। তেনে পৰিবেশৰ মাজেৰে আৰম্ভ হৈছিল ভৱিষ্যতৰ যাত্রা।

শৈশৱৰ মধুৰ স্মৃতিৰ অন্যতম হ’ল শান্তিপুৰ মইনা পাৰিজাত। ই আমাৰ শৈশৱলৈ এটা নতুন মাত্রা কঢ়িয়াই আনিছিল। ডাঙৰ-সৰু সকলো মিলি, নিয়মানুবর্তিতাৰ মাজেৰে দুঘণ্টামান সময় কেনেদৰে পাৰ হৈ গৈছিল গমকেই নাপাইছিলোঁ। লগতে আছিল মইনা পাৰিজাতৰ সৰু পুথিভঁৰালটো। এই মইনা পাৰিজাত মঞ্চতেই মই প্রথম কবিতা আবৃত্তি কৰিছিলোঁ, তর্ক আৰু আকস্মিক বক্তৃতাৰ প্রতিযোগিতাত অংশ লৈছিলোঁ। মোৰ মনত পৰে মইনা পাৰিজাতৰ বার্ষিক অধিবেশনৰ সময়ত অনুষ্ঠিত তর্ক প্রতিযোগিতাত প্রথমবাৰৰ বাবে অংশ লওঁতে ভৰি থৰ-থৰকৈ কঁপিছিল, পাছলৈ মই জিলা ভিত্তিক প্রতিযোগিতাত অংশ লওঁতে কঁপনিটো অলপ কমিছিল। মইনা পাৰিজাতখনে মোৰদৰে বহুতৰে শৈশৱত বিশেষ ভূমিকা পালন কৰিছিল। 

ফটাঢোল: আপোনাৰ কৰ্ম জীৱনৰ বিষয়ে জনাবচোন, ক’ৰ পৰা কেনেকৈ আৰম্ভ হৈছিল?

ৰথীন্দ্রনাথ গোস্বামী: ১৯৯৩ চনত মই তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ (অ’.এন. জি.চি) ভূতত্ত্ববিদ হিচাপে যোগদান কৰোঁ। ইয়াৰ পূর্বে অলপ সময়ৰ বাবে মই অসম প্রশাসনিক সেৱাৰ বিষয়া, মানে প্রথম শ্রেণীৰ এ.চি.এছ. হিচাপে ৰাজগড় চক্রৰ চক্র বিষয়া হিচাপে সেৱা আগবঢ়াইছিলোঁ। অ’ এন.জি.চি.ত যোগদান কৰি প্রথম পাঁচ বছৰ মই যোৰহাটত আছিলোঁ, তাৰ পৰৱর্তী বাৰ বছৰ মুম্বাইত। ইয়াৰে কেইবছৰমান মুম্বাই, পোৰবন্দৰ, গোৱা, বিশাখাপট্টনম আদি সাগৰীয় এলেকাত তেলৰ অন্বেষণত কটালোঁ।  তাৰ পাছত এবছৰৰ বাবে পাৰস্য সাগৰত তেলৰ সন্ধানত ব্রতী ভূতত্ত্ববিদ হিচাপে অ.ভি.এল. নামৰ আমাৰ প্রতিষ্ঠানটোত কর্মৰত আছিলোঁ। এইবোৰে মোক প্রচুৰ অভিজ্ঞতা প্রদান কৰিছিল। 

যোৱা তেৰ বছৰ ধৰি মই ডেৰাডুনত কর্মৰত। ভাৰতবর্ষৰ বিভিন্ন তৈলক্ষেত্রৰ ভূগর্ভত থকা তেলৰ হিচাপ-নিকাচ সম্পর্কীয় কাম। এই কামৰ বাবে তেল অন্বেষণ আৰু আহৰণৰ সুস্পষ্ট ধাৰণা আৰু সুদীর্ঘ অভিজ্ঞতাৰ প্রয়োজন। 

ফটাঢোল: সাহিত্যৰ জগতখনত কেনেদৰে প্ৰবেশ কৰিলে? 

ৰথীন্দ্রনাথ গোস্বামী: ১৯৮৪ চনৰ মে’ মাহত ‘মৌচাক মামা’ৰ সৈতে হোৱা এটা সাক্ষাতে মোৰ জীৱনটোক এটা সুকীয়া গতি প্রদান কৰিছিল। সেই সময়ত মোৰ মন-প্রাণ-কৈশোৰ বিদেশী পত্রবন্ধুৰ ৰোমাঞ্চে আৱৰি ৰাখিছিল। দ্বাদশ শ্রেণীৰ পৰীক্ষাৰ মাজতো মই সেইবোৰক লৈয়ে ব্যস্ত আছিলোঁ। তেনেতে লগ পালোঁ ‘মৌচাক’ৰ সম্পাদক শ্রীশান্তনু তামুলীক। কথা প্রসংগত বিদেশী পত্রবন্ধুৰ কথা ওলাল। তেখেতে অতি আগ্রহেৰে মোৰপৰা সকলো শুনিলে আৰু আহিবৰ সময়ত ‘মৌচাক’ৰ কপি এটা উপহাৰ দি পত্রবন্ধুৰ বিষয়ে এটা প্রবন্ধ প্রস্তুত কৰিবলৈ ক’লে। তেওঁক লগ পোৱাৰ আগলৈকে পত্রবন্ধুৰ বিষয়ে প্রবন্ধ লিখা কথাটো গভীৰতাৰে ভবা নাছিলোঁ। কেইমাহমান পূর্বে মোৰ এটা সৰু লেখা ‘বিজ্ঞান জেউতি’ত প্রকাশ পাইছিল আৰু ‘দৈনিক জনমভূমি’ত এটা ছদ্মনামৰ লেখা, বছ সিমানেই। তদুপৰি, মনতে ভাবিছিলোঁ হয়তো অলপদিনৰ পাছত ‘মৌচাক’তকৈ বয়সত ডাঙৰ (১৯৮২ চনত প্রথম প্রকাশ) আৰু গল্পকাৰ ড০ ভৱেন্দ্রনাথ শইকীয়াৰ সম্পাদনাত প্রকাশিত ‘সঁফুৰা’লৈ লেখাটো পঠাম। অৱশ্যে বিষয়টো প্রকাশৰ উপযুক্ত হয়নে নহয় সেয়া নিশ্চিত নাছিলোঁ।  

‘মৌচাক’ৰ প্রথমটো সংখ্যা হাতত তুলি লওঁতে মই ঘুণাক্ষৰেও ভবা নাছিলোঁ যে এমাহৰ পাছতে মই সেইখন আলোচনীৰ বাবে লিখিম বা ‘মৌচাক’ৰ জৰিয়তে সৃষ্টিশীল পৃথিৱীত প্রবেশ কৰিম। দ্বিতীয় সংখ্যাটো বজাৰলৈ অহাৰ পাছতেই মোৰ সাক্ষাৎ হয় সম্পাদকজনৰ সৈতে। দ্বাদশ শ্রেণী পৰীক্ষা দি উঠিছোঁ। ভৱিষ্যত সম্পর্কে মই এটা সিদ্ধান্ত মনে-মনে লৈ থৈছিলোঁ, সেয়ে দ্বাদশৰ পাছত কি পঢ়িম তাক লৈ মই বেছি চিন্তিত নাছিলোঁ। হাতত সময়ৰ অভাৱ নাই। সম্পাদকৰ নির্দেশ অনুসৰি দুদিনৰ ভিতৰতে ‘মৌচাক’ৰ বাবে প্রথমটো লেখা প্রস্তুত কৰি উলিয়ালোঁ। লেখাটো ছপা হৈ ওলোৱাৰ লগে-লগে অকণিহঁতৰ মাজত একপ্রকাৰ তোলপাৰ সৃষ্টি হ’ল। সেই যে আৰম্ভ হ’ল, তাৰ পাছত প্রতিটো সংখ্যাতে মোৰ লেখা নিয়মীয়াকৈ প্রকাশ পাবলৈ ধৰিলে। ‘মৌচাক’ৰ মূল লেখকৰ দৰে হৈ পৰাৰ বাবে মোলৈ ভালেমান ব্যক্তিগত চিঠি-পত্র আহিবলৈ ধৰিলে; বহুতৰে লগত চিনাকি হ’লোঁ। ক্রমান্বয়ে শিশু-উপযোগী নতুন লেখা প্রস্তুত কৰাটো মোৰ বাবে নিচাৰ দৰে হৈ পৰিল। ‘মৌচাক’ৰ সৈতে মোৰ সম্পর্ক কঁঠালৰ আঠা যেন হৈ পৰিল। তেনে সময়তে সম্পাদক শ্রীশান্তনু তামুলীয়ে মোৰ হাতত দুখন ইংৰাজী কিতাপ তুলি দি ক’লে………

‘‘ৰথীন, এই দুখন পঢ়ি এটা শিশু-উপযোগী বিজ্ঞান প্রবন্ধ প্রস্তুত কৰা।”

 লাহে-লাহে ই নিয়মীয়া হৈ পৰিল। তিনি বছৰৰ ভিতৰতে ‘মৌচাক মামা’ই মোক ক’লে –

‘‘ৰথীন, এতিয়া আমি এখন মাহেকীয়া বিজ্ঞান আলোচনীৰ পৰিকল্পনা কৰিব লাগে। তুমি ভাবা।‘’

মই উঠি-পৰি লাগিলোঁ। আৱিষ্কাৰৰ প্রথম কেইটামান সংখ্যা মোৰ লেখাৰেই ভৰি পৰিল। নতুন আৱিষ্কাৰ হৈ পৰিল মোৰ বাবে বিজ্ঞান-লেখাৰ কমাৰশাল।

তাৰ লগে-লগে আন এটা সংযোগ ঘটিল। সেই সময়ত শেহতীয় তথ্য, বিজ্ঞানৰ প্রগতি সম্পর্কে বেছি পঢ়িবলৈ পোৱা নগৈছিল। বিদেশী দূতাবাসবোৰলৈ চিঠি লিখি তেওঁলোকৰ দেশৰ বিজ্ঞানৰ প্রগতি সম্পর্কে জনাৰ আগ্রহ প্রকাশ কৰিলোঁ। মোৰ পত্রই ফল দিলে। নিয়মীয়াকৈ খবৰ পাবলৈ ধৰিলোঁ। তেনে কিছুমান পঢ়ি-মেলি বিজ্ঞানৰ মনোৰম তথা নতুন সংবাদ লিখি ‘দৈনিক জনমভূমি’ কাকতৰ বাবে দিলোঁ। ইয়াৰ পূর্বে কেইটামান লেখা কাকতখনত প্রকাশ পাইছিল। দেওবৰীয়া কাকতত সংবাদধর্মী লেখাটো সুন্দৰকৈ প্রকাশ পালে। দ্বিতীয় লেখা এটা দিবলৈ যাওঁতে শ্রীদুলাল শর্মা (দাদা)ক লগ পালোঁ। তেওঁ প্রস্তাৱ দিলে যে মই এই লেখাটো প্রতি দেওবাৰে নিয়মীয়াকৈ দিব পাৰোঁ। সেই সময়ত মোৰ বয়স বিশ বছৰ মান, এটা নিয়মীয়া স্তম্ভৰ অধিকাৰী হোৱাৰ কথা ভাবিবকে নোৱাৰি। প্রতিষ্ঠিত ব্যক্তিকহে নিয়মীয়া স্তম্ভ দিয়া হয়। দায়িত্ব লাভ কৰি মই উঠি পৰি লাগিলোঁ। অসমত উপলব্ধ নোহোৱা বিদেশী আলোচনীৰ সন্ধান কৰি মোৰ সমল গোটালোঁ। প্রায় তিনি বছৰতকৈ অধিক কাল এই দেওবৰীয়া শিতান প্রকাশ পালে। স্নাতকোত্তৰ শ্রেণী সম্পূর্ণ কৰাৰ পাছত সেই স্তম্ভ বন্ধ হ’ল। এই স্তম্ভই মোক বহুত নতুন কথা জনাত সহায় কৰিলে।

ফটাঢোল:  ‘চিচিং’ চৰিত্ৰটোৰ কথা মনলৈ কেনেদৰে আহিছিল? লগতে নিগনিটোৰ নাম ‘চিচিং’ ৰখাৰ আঁৰত কিবা কাহিনী আছে নেকি?

ৰথীন্দ্রনাথ গোস্বামী: ‘চিচিং’ নামটো মোৰ মনৰ নিভৃত কোণৰপৰা অহা। যেতিয়া মই নিগনি এটাৰ চৰিত্রৰ কথা ভাবিলোঁ নিজে-নিজে সেই নামটো আহিল। দ্বিতীয়বাৰৰ বাবে নামটো চিন্তা কৰিব লগা নহ’ল। নামটো মোৰ পছন্দ হৈছিল। সেইটো যে ইমান জনপ্রিয় হৈ পৰিব সেই সম্পর্কে কোনো ধাৰণা নাছিল। 

‘চিচিং’ মোৰ এটা পৰীক্ষা।মই সদায়ে এটা চৰিত্রৰ কথা ভাবো যাৰ নাম উচ্চাৰণ কৰিলে অকণিৰ মনত এখন স্পষ্ট ছবি ভাঁহি উঠিব। বিশ্বৰ আন সাহিত্যত থকাৰ দৰে অসমীয়া সাহিত্যত তেনে চৰিত্র নাই বুলি ক’ব পাৰি। ‘বুঢ়ী-আইৰ সাধু’ পঢ়ি তেনে চৰিত্র মানসপটত অংকন কৰিছিলোঁ, ‘ডেম পেহা’ৰ দৰে চৰিত্রই শিশুক আকর্ষিত কৰা দেখিছিলোঁ, এইবোৰে হয়তো মগজুৰ ক’ৰবাত ক্রিয়া কৰি আছিল। মোৰ লেখাবোৰ অকণিয়ে আগ্রহেৰে পঢ়া বুলি জনাৰ পাছত ভাবিলোঁ শিশুৰ বাবে নতুন কিবা এটা কৰোঁ। এটা আদর্শ চৰিত্রৰ সৃষ্টি হওক। মই যি ক’ব বিচাৰিছোঁ বা কিবা শিক্ষা দিব বিচাৰিছোঁ, তাৰে কিছু অংশ ‘চিচিং’ চৰিত্রৰ মাজেৰে প্রতিফলিত হওক। তাৰ পাছত বৈজ্ঞানিক চিন্তা-চর্চাৰ অংগ হিচাপে তাক বিকাশ কৰিলোঁ। সময়ৰ লগে-লগে চৰিত্রটো অধিক পৈণত হৈ পৰিল। 

‘চিচিঙ’ৰ আদৰ দেখি কেতিয়াবা মই আচৰিত হৈ পৰোঁ! এটা কাল্পনিক চৰিত্রই যে ইমান আদৰ লাভ কৰিব পাৰে সেয়া মোৰ আশাতীত! আনন্দৰ কথা যে ভালে সংখ্যক কণমানিয়ে ‘চিচিঙ’ক লৈ কাহিনী ৰচনা কৰিছে। সৃষ্টিশীল জগতত ‘চিচিং’ এক অনুপ্রেৰণা হৈ পৰাত মই নথৈ আনন্দিত হৈছোঁ। 

চিচিঙৰ ওপৰি মই ‘অংক জংক পংক’ কাহিনীবোৰ ৰচনা কৰোঁতে তীখৰ নামৰ চৰিত্রটোক জীৱন্ত কৰি তোলাৰ প্রয়াস কৰিছিলোঁ।   

ফটাঢোল:  আমি সৰুতে ‘মৌচাক’ত পঢ়িছিলোঁ ৰথীন মামাৰ নামেৰে আপোনাৰ বিভিন্ন লেখা, বহুত কথা জানিবলৈ পাইছিলোঁ। এই পুৰণি লেখাসমূহ ক’ৰবাত এক গোট হৈ আছেনে, আৰু যদি আছে সেইবোৰ আজিৰ শিশুৰ বাবে আকৌ এবাৰ প্ৰকাশ কৰিবলৈ কিবা পৰিকল্পনা আছে নেকি?

ৰথীন্দ্রনাথ গোস্বামী: কণমানিহঁতৰ বাবে লিখা কিছুমান লেখা গ্রন্থ আকাৰে প্রকাশ পাইছে। তেনে কেইখনমান হ’ল—’অংক জংক পংক’, ‘হ’বি’, ‘বিদেশী বন্ধুৰ দেশত’ আৰু ‘চিচিং’। ‘মৌচাক’ত প্রকাশ পোৱা আন লেখাসমূহেৰে আন দুখনমান গ্রন্থ প্রকাশ কৰিব পাৰি। বর্তমান মৌচাকত প্রকাশ পাই থকা ‘হেৰি পটাৰে কাণে কাণে কি ক’লে?’ নামৰ ভ্রমণ কাহিনীটো আৰু কেইটামান খণ্ডৰ পাছত সম্পূর্ণ হ’ব।  কোনোবাই আগ্রহ প্রকাশ কৰিলে বর্তমান বজাৰত দুর্লভ গ্রন্থ কেইখনৰ পুনৰ মুদ্রণৰ কথা ভাবিব পাৰোঁ।

ফটাঢোল: বৰ্তমান ম’বাইল ফোনৰ আসক্তি,ইউটিউব অথবা বিভিন্ন ডিজিটেল মাধ্যম! আপুনি ভাবেনে আজিৰ শিশুৱে ড’ৰেমন, পেপাপিগৰ দৰে মনোমোহা কাৰ্টুন এৰি শিশুৰ কাৰণে ৰচিত কিতাপসমূহ হাতত তুলি ল’ব? 

ৰথীন্দ্রনাথ গোস্বামী: ডিজিটেল মাধ্যম বা ইণ্টাৰনেট যুগে কণমানিহঁতক যে প্রচুৰ প্রভাৱিত কৰিছে, সেইটো সঁচা। কিন্তু একে সময়তে সমাজৰ প্রতিজন বয়োজেষ্ঠৰো দায়িত্ব আছে। কণমানিহঁতক তেনেদৰে এৰি দিব নোৱাৰি। একে সময়ত লেখকসকলে নিজস্ব কৌশলেৰে এনে কিছুমান সৃষ্টি কৰিব লাগিব, যি কণমানিহঁতক আখৰৰ জগতখনৰ প্রতি আকর্ষিত কৰিব। লেখক-চিত্রশিল্পী-প্রকাশক আৰু দায়িত্বশীল পিতৃ-মাতৃয়ে এই কাম সম্ভৱ কৰি তুলিব পাৰে, ডিজিটেল মাধ্যমে কঢ়িয়াই অনা প্রত্যাহ্বানৰ মাজতো ছপা আখৰৰ জগতখনক আদৰিব পাৰে। 

ফটাঢোল: অসমীয়া সাহিত্য জগতখনত কল্পবিজ্ঞানৰ ভৱিষ্যত সম্পৰ্কে দুআষাৰ ক’ব নেকি? শিশুৰ মানসিকতাত কেনেধৰণৰ উৎকৃষ্ট সাধন কৰিছে বুলি আপুনি ভাবে?

ৰথীন্দ্রনাথ গোস্বামী: কল্পবিজ্ঞানে শিশুক নতুন পৃথিৱীৰ সৈতে পৰিচয় কৰাব পাৰে, ভৱিষ্যতৰ বাবে সাজু কৰি তুলিব পাৰে। অসমীয়া ভাষাত কল্প-বিজ্ঞানৰ চর্চা হৈছে সঁচা, কিন্তু যি ৰূপত হৈ উঠিব লাগিছিল সেই পর্যায়লৈ উন্নীত হোৱা নাই। সমস্যাটো হ’ল আমেৰিকাৰ দৰে উন্নত দেশৰ পৰা চলচিত্রৰ ৰূপত প্রবেশ কৰা কল্পবিজ্ঞানে ভাষিক সাহিত্যসমূহক প্রভাৱিত কৰিছে। তাৰ মাজতো আমি চেষ্টা কৰি যাব লাগিব আমাৰ কণমানিহঁতৰ বাবে নতুন কিছু সৃষ্টিৰ বাবে। স্বদেশৰ মাটিৰ পৰা উদ্ভৱ হোৱা কল্পবিজ্ঞানে নিশ্চয়কৈ কণমানিহঁতৰ মানসিক উৎকর্ষ সাধনত প্রচুৰ প্রভাৱ পেলাব, ভৱিষ্যতৰ বাবে প্রস্তুত কৰি তুলিব।   

ফটাঢোল: ইংৰাজী মাধ্যম বা ব্যক্তিগত আৰু অসমীয়া মাধ্যমৰ বা চৰকাৰী শিক্ষার্থী দুয়োভাগকে একেধৰণৰ শিশু সাহিত্যই প্ৰভাৱিত কৰিব পাৰিব নে!

ৰথীন্দ্রনাথ গোস্বামী: ইংৰাজী মাধ্যমৰ ছাত্র-ছাত্রীসকল এটা দিশত সৌভাগ্যবান। তেওঁলোকৰ বাবে অজস্র গ্রন্থ আছে, তাৰ পৰা নির্বাচন কৰি ল’লেই হ’ল। অসমীয়া মাধ্যমত সেই সুবিধা নাই। কিতাপৰ সংখ্যা সীমিত, নির্বাচনৰ প্রশ্ন নুঠে। অসমীয়া মাধ্যমৰ শিশুহঁতক উপকৃত কৰিবলৈ আমি যথেষ্ট পৰিকল্পনাৰে আগবাঢ়িব লাগিব। ইয়াৰ বাবে চৰকাৰী পৃষ্ঠপোষকতাৰ প্রয়োজন হ’ব পাৰে। এটা কথা নিসন্দেহ যে ইংৰাজী মাধ্যমৰ কণমানিহঁতে যি সাহিত্যৰ সোৱাদ পায়, তাত নিজা মাটিৰ গোন্ধ প্রায় নাই বুলি ক’ব পাৰি। আমাৰ মাটিৰ গোন্ধ থকা সাহিত্য আমাৰ নিজৰ ভাষাৰ জৰিয়তে আহিব। চৰকাৰী স্কুলসমূহত পুথিভঁৰাল আন্দোলনৰ জৰিয়তে কণমানিহঁতক শিশু-সাহিত্যৰ প্রতি আগ্রহী কৰি তুলিব পাৰি।

ফটাঢোল: সৃজনীমূলক সাহিত্যৰ সৃষ্টি অসমীয়া সাহিত্যত হৈ আহিছে। তাৰ মাজতে কিন্তু শিশু-সাহিত্যৰ ক্ষেত্ৰখনত সিমান সৃষ্টি সচৰাচৰ দেখা নাযায়। য’ত নেকি আমি ভাবোঁ, শিশুসকল, যি কাইলৈৰ নাগৰিক হ’বলৈ গৈ আছে, সেই শিশুসকলৰ  মানসিক খোৰাক স্বৰূপ আমাৰ অসমীয়া শিশু-সাহিত্যৰ ভঁৰালটো সিমান চহকী নহয়। এই ক্ষেত্ৰত আপোনাৰ মতামত কি?

ৰথীন্দ্রনাথ গোস্বামী: সম্পূর্ণ একমত। আমাৰ ভাষাত শিশুৰ বাবে মানসিক খাদ্যৰ অভাৱ। এই অভাৱ দূৰ কৰিবৰ বাবে সকলো আগবাঢ়ি আহিব লাগিব। কিবা কাৰণত অসমত মৌচাক, সঁফুৰাৰ দৰে আলোচনীৰ জন্ম নোহোৱা হ’লে কি হ’লহেঁতেন, তাকে ভাবি আচৰিত হওঁ। এই আলোচনীকেইখনে শিশু-সাহিত্যৰ বাবে এটা পৰিবেশ সৃষ্টি কৰিলে আৰু ধাৰাবাহিকতা ৰক্ষা কৰিলে। এতিয়া লেখকসকলে দায়িত্ব সহকাৰে শিশুৰ বাবে সৃষ্টি কৰিলেহে সাহিত্যৰ ভঁৰাল চহকী হ’ব।

ফটাঢোল: শিশুৰ বাবে উপযোগীকৈ লিখিবলৈ কি কি কথাৰ ওপৰত বেছি গুৰুত্ব দিব লাগে? শিশু সাহিত্যই শিশুক কাল্পনিক জগত গঢ়াত অধিক মনোনিবেশ কৰিব লাগে নে এই বাস্তৱৰ পৃথিৱীৰ পূৰ্বাভাষ দিব লাগে।

ৰথীন্দ্রনাথ গোস্বামী: উত্তৰত মই যি ক’ম তাত সকলো লোক একমত নহ’ব পাৰে। এয়া মোৰ ব্যক্তিগত মতামত। মোৰ বোধেৰে এতিয়া শিশুয়ে কোনো পোনপটীয়া পৰামর্শ বা নীতিশিক্ষা ল’বলৈ ৰাজী নহয়। ইয়াৰ বাবে লেখকজনে কৌশলেৰে তেওঁলোকক সেই বিষয়ে জনাব লাগিব। উদাহৰণস্বৰূপে, এজন শিশুক মই যদি ক’ব বিচাৰোঁ যে ঘৰখন সুন্দৰকৈ ৰখাত তেওঁৰো ভূমিকা আছে, তেন্তে মই এটা চৰিত্র সৃষ্টি কৰিম য’ত সেই ভাল শিশুটিয়ে পঢ়া-শুনাৰ ওপৰি ঘৰৰ কাম-বনত সহায় কৰিব। এইটো এটা উদাহৰণহে।

কল্পনা নে বাস্তৱ! ই অতি কঠিন বিষয়। লেখাৰ কৌশলৰ ওপৰত সি নির্ভৰ কৰিব। আমাৰ কৌশল হ’ব কল্পনাৰ পৰা বাস্তৱমুখী গতি। অতি বাস্তৱ আৰু অতি কল্পনাতে অনবৰতে নাথাকি, মধ্যম পথেদি গতি কৰিলে শিশুৰ বাবে উপকাৰ হয়। কল্পনাৰ মাত্রা বৃদ্ধি পালে ক্ষতিকাৰক হ’ব পাৰে আৰু বাস্তৱৰ মাত্রা বৃদ্ধি পালে সাহিত্যৰ প্রতি আকর্ষণ হ্রাস পাব পাৰে। কণমানিহঁতৰ বাবে কল্পনাৰ মাত্রা অধিক হ’ব পাৰে , কিন্তু কিশোৰৰ বাবে বাস্তৱমুখী হ’লেহে সুফল পোৱা যাব। 

ফটাঢোল: আপোনাৰ প্ৰকাশিত গ্ৰন্থসমূহৰ বিষয়ে জনাবচোন৷ প্ৰথম কোনখন কিতাপ লিখিছিল? আপোনাৰ AI intelligence ৰ ওপৰত শিশুসকলৰ বাবে লিখা কিতাপৰ বিষয়ে দুআষাৰ জনাবনেকি?

ৰথীন্দ্রনাথ গোস্বামী: মোৰ প্রথম গ্রন্থ ‘হবি’ (১৯৯৫)। অসমীয়া ভাষাত হবি সম্পর্কীয় প্রথম পুথি। তেনে সমলৰ অভাৱ দেখি মই এইখন কিতাপ লিখি্ছিলোঁ। একে সময়তে ‘অংক জংক পংক’ প্রকাশ হৈ ওলাইছিল। তাৰ পাছত ‘বিদেশী বন্ধুৰ দেশত’ (১৯৯৭) নামৰ ভ্রমণ কাহিনী। এইখন আছিল অসমীয়া ভাষাত শিশুৰ বাবে প্রথম ভ্রমণ-কাহিনী। আন এখন গ্রন্থ ‘মহাসমুদ্রৰ সিপাৰে’ প্রান্তিক আলোচনীত ধাৰাবাহিক ৰূপে প্রকাশ হৈছিল। ৰ’টাৰী ইণ্টাৰনেশ্যনেলৰ শুভেচ্ছাৰ ৰাষ্ট্রদূত  হিচাপে আমেৰিকা ভ্রমণ কৰোঁতে স্থানীয় পৰিয়ালত থাকি লাভ কৰা অভিজ্ঞতাৰ বণর্না। এইখন গ্রন্থই অসম সাহিত্য সভাৰ হেম বৰুৱা সোঁৱৰণী বঁটা(১৯৯৯) লাভ কৰিছিল। 

মোৰ আন গ্রন্থসমূহ হ’ল: পোৱালমণি আৰু চিচিঙৰ দু:সাহসিক অভিযান (২০২০), চলমান মহাদেশ, গতিশীল পৃথিৱী (২০১৯), চিচিং (২০১৩), কিংকিনীৰ বিদ্ৰোহ(২০০২), বিজ্ঞানে আনিব জোৱাৰ (২০০১), আৰু, ৰথীন মামাৰ অংকৰ মজা (২০০৭)। ভ্রমণ কাহিনী হ’ল: আৰব সাগৰৰ টোকাবহী–সমুদ্ৰিকা (২০০১), হৃদয় শিখৰৰ প্রতিধ্বনি (২০০১), মুম্বাই-সাগৰ সীমনাত ৰৈ (২০০৮), আৰু,  ঈশ্বৰৰ উপত্যকাত(২০১৩)। একমাত্র গল্প সংকলন সংগ্ৰাম (২০০৫)। 

এ. আই. সম্পর্কীয় পোনপটীয়া লেখা মোৰ নাই। সেয়ে হ’লেও কিংকিনীৰ বিদ্রোহ কল্প-বিজ্ঞান উপন্যাসখনত বিশ বছৰ পূর্বে তেনে এক ধাৰণা দিছিলোঁ। 

ফটাঢোল: এজন সাহিত্যিক ৰাজনৈতিকভাবে কিমান নিৰপেক্ষ হৈ থকা উচিত! য’ত আজি সংবাদ মাধ্যমৰ নিৰপেক্ষতাৰ ওপৰত সততে প্ৰশ্ন উত্থাপন হয়, সাহিত্যিক এজন নিৰপেক্ষ হৈ থকা সম্ভৱনে!

ৰথীন্দ্রনাথ গোস্বামী: এইটো কঠিন বিষয়। পোনপটীয়া উত্তৰ হ’ল সাহিত্যিক এজন নিৰপেক্ষ হৈ থকা উচিত। কিন্তু একে সময়তে এটা প্রশ্ন আহে, কোনো ধৰণৰ ৰাজনৈতিক ধ্যান-ধাৰণা নোহোৱাকৈ সমাজত বর্তি থকাটো সম্ভৱ নে?  এটা কথা ঠিক যে কাৰোবাৰ বন্দনা বা কাৰোবাৰ প্রতি কটু দৃষ্টি, এই দুয়োটা ক্ষতিকাৰক। ৰাজনৈতিক দলবোৰৰো দায়িত্ব হ’ল, সাহিত্যিকসকলক নিজস্ব ধ্যান-ধাৰণাৰে চলিবলৈ সুযোগ প্রদান কৰিব লাগে।  

ফটাঢোল:  AI বনাম সৃজনীশীলতা- আপোনাৰ দৃষ্টিভংগী কি! বৰ্তমান CHAT GPT ত বিচাৰিলে কবিতাও পোৱা গৈছে৷ অনাগত দিনত ইয়াৰ তথ্যকোষ বা ডাটাবেছ যদি অত্যন্ত সবল হয় তেন্তে সৃজনীশীলতাৰ সততা(dignity of creativity)  বৰ্তাই ৰখা সম্ভৱ হ’ব নে?

ৰথীন্দ্রনাথ গোস্বামী: এইটো গভীৰ প্রশ্ন। সময়ে ইয়াৰ উত্তৰ দিব। মই বিচাৰোঁ যে সৃজনশীলতাত মানৱ শ্রেষ্ঠ হৈয়েই থাকক, অন্যথা আমি কেনে এক পৃথিৱীৰ সমুখীন হ’ব লাগিব সেয়া কল্পনাতীত।  

 

ফটাঢোল:  এইটো প্ৰশ্ন অলপ মনস্তত্বৰ লগত জড়িত৷ টেকন’লজিৰ উন্নতিয়ে জীৱন সহজ কৰিছে যদিও মানুহৰ মানসিক পৰিপক্কতাৰ ক্ষেত্ৰত ক’ৰবাত হেঙাৰ হৈ পৰিছে নেকি?  চিন্তাৰ উত্তৰণৰ বাটত বাধা হৈ উঠিছে নেকি? 

ৰথীন্দ্রনাথ গোস্বামী: টেকন’লজিয়ে প্রদান কৰা পৰিবেশৰ মাজলৈ আমি ক্রমান্বয়ে সোমাই গৈ আছোঁ। এই পৰিস্থিতি এৰাই চলিব নোৱাৰোঁ। এতিয়া প্রয়োজনীয় বিষয় হ’ল পৰিস্থিতিৰ সমুখীন হোৱা। সাময়িক ৰূপত বা পুৰণা প্রজন্মৰ দৃষ্টিভংগীৰে চাবলৈ গ’লে ই কিছু পৰিমাণে ক্ষতি নকৰা নহয়। কিন্তু মানৱ-সভ্যতাৰ জয়-যাত্রাৰ প্রেক্ষাপটত অবলোকন কৰিলে দেখা যায় যে এই পৰিবেশে আমাক নতুন দিনৰ বাবে প্রস্তুত কৰিছে। ইয়াৰ মাজেৰে চিন্তাৰ উত্তৰণ ঘটিব। আমি আশাবাদী হ’বই লাগিব।  

ফটাঢোল: আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি?

ৰথীন্দ্রনাথ গোস্বামী: কেইটামান পৰিকল্পনা আছে। সেইকেইটা সম্পূর্ণ কৰিব পাৰিলে অতি আনন্দিত হ’ম। ইয়াৰ লগতে জনপ্রিয় বিজ্ঞান পুথি কেইখনমানৰ চিন্তাই মনত পোখা মেলিছে। সমস্যাটো হ’ল দিনক-দিনে চাকৰিৰ দায়িত্ব তাৰ লগে-লগে ব্যস্ততা বৃদ্ধি পোৱাৰ বাবে সময়ৰ অভাৱ হৈছে। এইবোৰৰ মাজতো ‘হেৰি পটাৰে কাণে কাণে কি ক’লে’ শিশুৰ বাবে ভ্রমণ কাহিনীটো কেইমাহমানৰ ভিতৰত সম্পূর্ণ হৈ উঠিব। এইটো মোৰ আন এটা এক্সপেৰিমেণ্ট। 

ফটাঢোল: আপুনি নতুন চাম লেখক-লেখিকাক লৈ আশাবাদী নে? তেওঁলোকক আপুনি কিবা ক’ব বিচাৰিব নেকি?

ৰথীন্দ্রনাথ গোস্বামী: নতুন চামে কঢ়িয়াই আনিব নব্য ধ্যান-ধাৰণা। তেওঁলোক নতুন যুগৰ প্রজন্ম, আমাৰ সময়ৰপৰা বহু নিলগত। তেওঁলোকৰ সাহিত্যই ভৱিষ্যতৰ বাট দেখুৱাব লাগিব। নতুন প্রজন্মৰ সমস্যা, সম্ভাৱনা তেওঁলোকৰ ৰচনাৰ জৰিয়তে প্রতিফলিত হ’ব। সেই দিশৰপৰা মই আশাবাদী। 

ফটাঢোল: ছপা মাধ্যমৰপৰা ডিজিটেল মাধ্যমলৈ সাহিত্যৰ প্ৰসাৰ আৰু সম্প্ৰসাৰণ সম্পৰ্কে আপোনাৰ দৃষ্টিভংগী কি? 

ৰথীন্দ্রনাথ গোস্বামী: আজিৰ পৰা বিশ বছৰ পূর্বে (মে’,২০০২) ‘গৰীয়সী’ আলোচনীত এটা প্রবন্ধ লিখিছিলোঁ, সংবাদ মাধ্যম আৰু ইণ্টাৰনেট যুগ। সেই প্রবন্ধত মই কুৰি বছৰৰ পাছত হ’ব পৰা আজিৰ পৰিস্থিতিৰ বিষয়ে আলোকপাত কৰিছিলোঁ। সেয়া সঁচা হৈ পৰিল। ডিজিটেল মাধ্যমৰ সম্প্রসাৰণ হ’বই, তাক বাধা দিব নোৱাৰি। নতুন প্রজন্মই এই মাধ্যমক আকোৱালি লৈছে বা ল’ব। তেনে সময়ত মোৰ এটাই মাথোন চিন্তা যে ডিজিটেল মাধ্যমে সমান পৰিমাণে দায়িত্বশীল ৰূপত নিজ কতব্য পালন কৰিব লাগিব, অন্যথা প্রচুৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ’ব। 

ফটাঢোল: সফল পিতৃ,জীৱনসংগী, লেখক, বৈজ্ঞানিক- এই সকলোবোৰ ইমান সুন্দৰকৈ কেনেদৰে সহজ আৰু সম্ভৱ! 

ৰথীন্দ্রনাথ গোস্বামী: সফল হৈছোঁ নে নাজানো, কিন্তু মোৰ জীৱনৰ মূলমন্ত্র হ’ল কোনো ধৰণৰ জটিলতা নোহোৱাকৈ সৰল জীৱন-যাপন। প্রতিজন ব্যক্তিয়ে তেওঁলৈ অহা দায়িত্বসমূহ গুৰুত্ব সহকাৰে ল’লে মোৰ বোধেৰে সকলো সহজ হৈ পৰে। কেতিয়াবা সকলো কাম সমান গুৰুত্বৰে পালন কৰিবলৈ লৈ মানসিক চাপৰ সমুখীন নাই হোৱা বুলি ক’ব নোৱাৰোঁ। কিন্তু তথাপিও সকলো বিষয়ত নিষ্ঠা আৰু সৰলতাক সৰোগত কৰি চলিছোঁ। 

ফটাঢোল:  ‘ফটাঢোল’ অসম তথা বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসমীয়া ভাষী পাঠকৰ মাজত বহুল সমাদৃত এখন ব্যংগ আলোচনী৷ পাঠক সমাজলৈ কিবা এষাৰ আপোনাৰ ফালৰ পৰা! 

ৰথীন্দ্রনাথ গোস্বামী: ডিজিটেল যুগৰ সংযোজন ‘ফটাঢোল’ অসমীয়া ভাষাৰ উল্লেখযোগ্য আলোচনী। এই আলোচনীৰ জৰিয়তে আপোনালোকে ভাষা জননীৰ এক মহৎ সেৱা আগবঢ়াই আহিছে। তদুপৰি, অসমীয়া ভাষাত ব্যংগ আলোচনীয়ে ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা নাই। সেই দিশৰ পৰা আলোচনীখনৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ। আপোনালোকে এক মহৎ সেৱা আগবঢ়াইছে। ইয়াৰ সৈতে জড়িত আটাইকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।    

(‘ফটাঢোল’ গোটৰ তৰফৰপৰা এই সংখ্যাৰ ‘ফটাঢোল ই-আলোচনী’ৰ বাবে অসমৰ প্ৰখ্যাত শিশু সাহিত্যিক,বৈজ্ঞানিক তথা ভূতত্ত্ববিদ শ্ৰীযুত ৰথীন্দ্ৰ নাথ গোস্বামীদেৱৰ সাক্ষাৎকাৰটি গ্ৰহণ কৰিলে কাবেৰী মহন্তই)

☆ ★ ☆ ★ ☆

13 Comments

  • নিজৰ শৈশৱৰ মৌচাকৰ “ৰথীন মামা”.অশেষ ধন্যবাদ😍😍😍 বহু দিশ চুই যোৱা সাক্ষাৎকাৰ।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বৰ ভাল লাগিল পঢ়ি সাক্ষাৎকাৰ টো।

    Reply
  • ৰিণ্টু

    এই সাক্ষাতকাৰটোৰটোৰ বাবে আগ্ৰহেৰে বাট চাই আছিলো।

    অত্যন্ত সুন্দৰ, ভাল লাগিল

    Reply
  • Anonymous

    Bohut bhal lagil xakhatkar tu with dhuniy photo .. mone mone bohut kam kori thake kaberi ye ❤️

    Reply
    • কাবেৰী মহন্ত

      ধন্যবাদ স্নেহা, পঢ়ি চোৱাৰ বাবে

      Reply
  • আদিত্য বৰঠাকুৰ

    ভাল লাগিল সাক্ষাৎকাৰটো ।

    Reply
  • Mukunda Madhab Rajkhowa

    সাক্ষ্যাতকাৰটো পঢি বৰ ভাল লাগিল

    Reply
  • Kumkum Devi Sarmabaruah

    বৰ ভাল পালোঁ সাক্ষাৎকাৰটো পঢ়ি।

    Reply
  • Raju Kumar Nath Tezpur

    সাক্ষাৎকাৰটো পঢ়ি বৰ ভাল লাগিল।

    Reply
  • MINATI MAHANTA

    বহুত ভাল লাগিল পঢ়ি । গোস্বামীদেৱৰ সকলো ( যিখিনি এতিয়ালৈকে তেখেতৰ লিখনি পঢ়াৰ সৌভাগ্য হৈছে ) লিখনি যেতিয়াই পাওঁ পঢ়ি আহিছো ।
    ধন্যবাদ কাবেৰী ; তেখেতৰ বিষয়ে পঢ়িবলৈ
    আগবঢ়াই দিয়া বাবে ।

    Reply
  • নীলাঞ্জনা মহন্ত

    বৰ ভাল লাগিল দেই৷ ধন্যবাদ ফটাঢোলৰ সকলোকে৷

    Reply
  • Sanjeeb Hazarika

    ৰথীন দাদাৰ বিষয়ে বহু কথা জানিলো। বৰ ভাল লাগিল👍

    Reply
  • Anonymous

    সাক্ষাৎকাৰটো পঢ়ি ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *