কণ কবিতা-দিলীপ কুমাৰ শৰ্মা
১/
ফুটুকানি হাবি
সাপ-বেং পাবি,
পাৰ হ’ব খুজিলে
সাৱধানে যাবি।
২/
মাঘৰ উৰুকাত
মাৰি পানী-হিলৈ,
গৰম পানী পৰি
বিলেৰ হ’ল বিলৈ।
৩/
গগনৰ ফালে
চাই গগন,
গগনা বজাই
হৈছে মগন।
৪/
বনৰ টেকেলা
কেটেলা পহু,
কাঁইটেৰে বিন্ধি
দেখুৱাই বিহু।
৫/
চালনিত দেখি
কটা মাছৰ ফিছা,
খাবলৈ আহিল
তিনিডাল বিছা।
৬/
চালত ওপৰত
চালনিখন থৈ,
নমাবলৈ এতিয়া
বিচাৰিছে মৈ।
৭/
কেৰেলুৱাৰ ৰে’লৰ
বেয়া দহটা চকা,
শামুকত উঠি যোৱা
কৰিছে ব্যৱস্থা পকা।
৮/
সিদিনা ঘটিল
ডাঙৰ ঘটনা,
মনাহঁতৰ হেৰাল
মেলি দিয়া টনা।
(টনা: এবিধ ঠেক কাপোৰ)
৯/
টটঙা পুখুৰীৰ
বোকাত সোমাই,
ছাগলী এজনীয়ে
আছে বেলাটো বেবাই।
(টটঙা: পানী শুকাই তলি ওলোৱা)
১০/
সৰি পৰা আমৰ
জোকাৰি বালি,
আবেলি খালোঁ
টকালি টকালি।
১১/
টংকৈ কিহৰ
শব্দটো হ’ল,
সেইটো টং
কৰিব নহ’ল।
(পিছৰটো টং: মন কৰা, বুজ লোৱা)
১২/
চকাটো বেচি
পোৱা দহ টকা,
দি কিনিলোঁ
পুতাইলৈ টকা।
(পিছৰ টকাটো বাদ্যবিধ)
১৩/
তোৰ দৰে শ্ৰোতা
যেতিয়া পাইছোঁ,
ন কৈ সাধুটো
নকৈ নেৰিছোঁ।
☆ ★ ☆ ★ ☆