ফটাঢোল

বোবা-নাজিয়া হাচান

: ৰহমান দা, এই নাৰী জাতিক বুজিবলৈচোন বৰ কঠিনহে!

: হেৰা বিকাশ, বিয়া পতা তোমাৰ এবছৰেই হোৱা নাই দেখোন। এতিয়াই কপাল থুপাই নাৰীৰ মহিমা বুজিবলৈ গ’লে পগলাহে হ’বাগৈ! হৈছে কি?

: এ.. বিয়া নপতাকৈ আছিলোঁ জীৱনটো অনুপম অনুপম যেন বোধ হৈছিল হে দা। মিছাতে ডিঙিত ফুলৰ মালা এডাল ৰভা সজাই পিন্ধাই ল’লোঁ।

: উফ! হৈছে কি? সেইটো কোৱা।

: হৈছে কি মানে! মই মোৰ জীৱনসংগী গৰাকীৰ অন্তৰখন বুজি চিনি পাবলৈ ইমান কষ্ট হৈছে! নেজানো কি বিচাৰ বুদ্ধিৰে এজনী নিমাতি কইনাক ঘৰে পচন্দ কৰি মোৰ সংগিনী কৰি দিলে। ভগবানেহে জানে দিনবোৰ এতিয়া কেনেকৈ কাটিব মোৰ! 

: হাৰে! কি কোৱা! নিমাতি কইনা? এয়াতো তোমাৰ তেন্তে সৌভাগ্যৰ কথা!..

: এ দা, ধেমালি নকৰিব। মই বিৰাট চিৰিয়াছ বিষয় এটা আপোনাৰ সৈতে ডিস্কাছ কৰিবলৈ বুলি আহিছোঁ। 

: উম। কোৱা, প্ৰব্লেম কি?

: সংগিনীক ইমান হেঁপাহেৰে হনীমুনলৈ লৈ গ’লোঁ, সেই ঠাইৰ চিনবোৰ, খাদ্যবোৰ দেখুৱালোঁ, ঘূৰালোঁ, খুৱালোঁ, দিলোঁ কিন্তু একো লাভ নহ’ল মোৰ জানেনে! মানুহজনীৰ চকু মুখত হাঁহি, আনন্দ বা ভালপোৱা নোপোৱাৰ একো অনুভৱেই প্ৰতিফলিত হোৱা নেদেখিলোঁ হে দা! ইমান দিন হ’ল আজিলৈকে তেওঁ মোৰ সৈতে দিল খুলি না হাঁহিছে, না কিবা মোৰ সৈতে কথা পাতিবলৈ ইচ্ছা কৰিছে! অভিব্যক্তি এটাতো থাকিব লাগে ন মুখত!

: উম। আৰু?

: চাওক। মাক দেউতাকে ইমান আন্তৰিকতাৰে তেওঁক মোৰ হাতত গতাই দিছে। মোৰ দায়িত্ব এতিয়া তাইক সুখী কৰি ৰখাতো! ইমানবোৰ পইচা খৰছ কৰিছোঁ মনৰ পৰা তাইৰ হাঁহি আহি মুখত জিলিকক বুলি; তেওঁ নিজৰ পচন্দ অপচন্দবোৰ মোক জানিবলৈ সুবিধা দিয়ক বুলি; কিন্তু তেওঁৰ মুখত একো এক্সপ্ৰেশ্যনেই নাই হে ৰহমানদা! লাভ মেৰেজতো নহয়; একেবাৰে খাটি এৰেঞ্জ মেৰেজহে কৰিছোঁ দিয়কচোন। একো আতা-পাতায়ে পোৱা নাই মই। ঘৰৰ কাম-বন বিলাক তেওঁ ঠিকেই চম্ভালি গৈছে বাৰু; পিচে, অনুভৱ অনুভূতিবিলাক মানুহজনীৰ মুখত একো ধৰা নপৰে নহয়! ভালেই পাইছে নে বেয়ায়ে পাইছে মোৰ লগত সংসাৰ কৰি, মই ধৰিবই নোৱাৰিছোঁ! সেইদিনা মই তেওঁক মাত বোল কমকৈ কৰি, সন্ধিয়া ক’তো ফুৰাবলৈয়ো নিনিলোঁ, বোলো চাওঁচোন কিজানিবা অনুভূতিৰ কিবা প্ৰকাশ পায়েই। নাই! তেওঁৰ কোনো পাত্তাই নাই! মুখ থুপাই টিভি লগাই মনে মনে বহি টিভিহে চাই আছে। একো ৰিয়েকশ্যন নাই। হলত গৈ ৰঘুপতি চিনেমাও এদিন দেখুৱাই আনিলোঁ জানেনে? তথাপি তেওঁৰ অনুভৱৰ প্ৰকাশ শূন্য। এনেকৈ কিবা ভাল লাগে নেকি কওকচোন..!

: উম।

: কি হে ৰহমানদা! আপুনিচোন উম উম হে কৰি আছে! আপুনি অভিজ্ঞ মানুহ। কিবাটো উপায় জানিব ন? জীৱনসংগীজনীক যদি বুজিয়ে নাপাওঁ, সংসাৰখন আগবাঢ়িব কেনেকৈ মোৰ?

: হেৰা বিকাশ। সময়বোৰ বাগৰিবলৈ দিয়াহে। সঁচা ৰূপ যেতিয়া তেওঁৰ উদ্ধাৰ হ’ব; তেতিয়া তেওঁৰ এই ৰূপৰ মহিমাক স্মৰণ কৰি ডুবি মৰিবলৈ তোমাৰ মন যাব, পষ্টাই ফুৰিবা। ৰহস্যময়ী হয় এই সকল; তুমি বুজা নাই। লাহে লাহে সকলো বুজিবা  আৰু ভালকৈ বুজিবা। অধৈৰ্য্য কিয় হৈছা? নিমাতি হৈ আছে, এয়া ভাগ্যৰ কথা। থাকিবলৈ দিয়া তেনেকৈয়ে। বাটৰ কচু গাত ঘঁহিবলৈ এতিয়াই ইমান চেষ্টা কৰাৰ কোনো দৰকাৰ নাই। বিশ্বাস কৰা, নিমাতিৰ মাত ফুটিবলৈ বেছি সময় নালাগে কিন্তু। এই সময়খিনি যিমান পাৰা এনজয়হে কৰা, বুইছা বিকাশ?

: কি এনজয় কৰিমহে দা? তাইৰ মনটোক বুজি পালেহে এনজয় কৰিব পাৰিম মই!

: শুনা। প্ৰথম অৱস্থাত মোৰো ঠিক তোমাৰ দৰেই অৱস্থা হৈছিল। আমাৰ গৰাকীটো প্ৰথম অৱস্থাত আৰু মহান আছিল বুইছানে নাই! তেওঁ আকৌ নিমাতি কইনা নাছিল নহয়! প্ৰথম অৱস্থাত সকলোতে তেওঁ অমান্তি কইনাহে আছিল। আৰু এতিয়া..?

: অমান্তি কইনা! মানে?

: আৰে! তোমাৰ গৰাকীকটো তুমি ইফালে সিফালে লৈ গৈ খুৱাব, ফুৰাবয়ে  পাৰিছা ন, মোৰ গৰাকী আকৌ ক’তো যাবলৈয়ে মান্তি নহয় নহয় তেতিয়া! বস্তু বেহানিও একো নালাগে হে তেওঁক। মই ফুৰাবলৈ লৈ যাওঁ বুলিলে কয়, বোলে― “এহ! নালাগে, নাযাওঁ;  মই ফুৰি ঘূৰি একেবাৰে ভাল নাপাওঁ।” কিবা খোৱা বোৱা বস্তু মৰমতে মই তেওঁলৈ আনিলে কয়, বোলে― “এহ! কিনো দৰকাৰ আছিল এইবোৰ চিংৰা গোল্লা আনিবলৈ? মই লুচী ভাজি আবেলি বানাওঁৱেই দেখোন।”  চিনেমা চাবলৈ লগ ধৰিলেতো মূৰ হাত জোকাৰি মানা কৰে। মানে সকলোতে অমান্তি তেওঁৰ বুইছা! সেই কইনাজনীক বুজিবলৈ কমচেকম পাঁচ বছৰ লাগিছিলহে মোৰ; বুইছানে? পিছত সময়ে সেই ৰূপ তেওঁৰ এনেকৈ সলনি কৰিলে এতিয়া অমান্তি কইনাজনী গুচি ছোলে চিনেমাৰ সেই বাসন্তীজনী যে, সেইজনী হেন হ’লগৈ। 

: মাই গড! অ’ দা, পাঁচ বছৰ! ইমান লং টাইম লাগিছিলনে আপোনাৰ! পিচে এতিয়াতো আপুনি বৌক ভালকৈ বুজি পাই গৈছে ন?

: ধুৰ! এওঁলোকৰ মহিমা অলেখ! এটা ৰূপতে থাকিলেহে বুজি পাম! গোটেই জীৱন শেষ হৈ যাব বিকাশ। তথাপি বেজিৰ আগটোৰ সমানো বুজি নোপোৱা..!

: অ’ দা, কি কয় আপুনি? আপুনিয়েচোন মোক বিয়া পাতা, বিয়া পাতা বুলি মূৰটো খাই মাৰিছিল। কিহৰ বদলা ল’বলৈ এইদৰে ফচালে বাৰু মোক কওকচোন। শুনক দা, এতিয়া আপুনি মূৰ পুলুকা মাৰিলে নহ’ব কিন্তু। মোক হেল্প কৰক। নহ’লে ফিউচ্চাৰ মোৰ ডেনজাৰ জ’নত গৈ লাগিব ধৰিছে। আপুনি গম পাইনে?

: আৰে! মই নাপালে কোনে পাব। শুনা, ইমান দূৰলৈ গৈ নিগেটিভ বিলাক নাভাবিবা। তুমি আহিছা, লগতে হেল্প বিচাৰিছা,  নিজৰ দুখখিনি শ্বেয়াৰ কৰিছা, সেয়ে বাৰু মই তোমাক যিমান পাৰোঁ দিলছে হেল্প কৰিবলৈ চেষ্টাও কৰিম। বাকী তোমাৰ সংসাৰ যেতিয়া তুমিও অলপ মূৰ লগাই চলিব লাগিব।

: হ’ব দা, এতিয়া মই কি কৰা উচিত সেইটো কওক।

: সদ্যহতে তুমি এতিয়া একো টেনশ্যন ল’ব নালাগে। সময়বোৰ এতিয়া এনেকৈয়ে বাগৰিবলৈ দিয়া। কাৰণ এবাৰ যদি নিমাতিৰ মাত ফুটিবলৈ ধৰে নহয়, তোমাৰ কিন্তু এই সময় শেষ সময় হওক যেন বোধ হ’ব। বাকী বৰ্তমান তুমি যেনেকৈ চলি আছা তেওঁক তেনেকৈয়ে চলাই নিয়া। দেখা যাওক কি হয়!

: কিন্তু…

: একো কিন্তু চিন্তু নাই। আৰে তুমি বুজি পোৱা নাই; বিবাহিত সকলো পুৰুষেই এই বেদনাবোৰৰ বোজা বুকুত বান্ধিলৈ ঘূৰে। কিন্তু সন্মানৰ খাতিৰত কোনেও কাৰো সৈতে শ্বেয়াৰহে নকৰে। এনে দেখুৱাই যেন পৃথিৱীত তেওঁলোকতকৈ সুখী বিবাহিত পুৰুষ আৰু এই জগতত যেন জনমেই লভা নাই। ধেই! আমি যেন বুজিহে নাপাওঁ। পঁচিশটা বছৰ কম নহয় সংসাৰ কৰা। ভালেখিনি জ্ঞান হৈছে বুইছা। শুনা..

 

: কওক দাদা কওক..। বিকাশ আৰু অলপ চকীখন চপাই লৈ ৰহমান চাহাবৰ কাষত গৈ বহিল।…

 সময়ৰ খৰ গতিত বিকাশৰ বিয়াৰ এবছৰ পাৰ হ’ল। সিহঁতৰ জীৱনলৈ এজনী কন্যা সন্তানো আহিল।

: আৰে! বিকাশ দেখোন! কি খবৰহে? সৱ ঠিক-ঠাক নে? বজাৰ কৰিবলৈ আহিলা হ’বলা..?

: আছোঁ দিয়ক ৰহমান দা। ব্যস্ততাত আপোনাৰ সৈতে কথা পতিবলৈয়ো সময় নাপাওঁ আজিকালি। আপুনি ঠিকেই কৈছিল, সময়ৰ সোঁতে মোৰ জীৱন সংগিনীৰ নিমাত গুণভাগ একেবাৰেই উটুৱাই লৈ গ’ল। মই অফিচৰ পৰা গৈ বেগটো ঘৰত থওঁ কি নথওঁ, কেঁচুৱাটো কোলাত দিবলৈ তেওঁ লৰি আহি যায়। দিনটো তেওঁ বোলে কেঁচুৱা ঘৰ চম্ভালি পগলা হৈ যায়। সেয়ে, ৰাতি কেঁচুৱাৰ আধা দায়িত্ব মোৰ আৰু মই ঘৰ গৈ পোৱাত মোক চাহ পানী সোধাৰ আগত বেগটোহে খোচৰাত তেওঁ উবুৰি খাই পৰে। বোলে― বজাৰৰ লিষ্ট মেছেজত দিছিলোঁ যে, ক’তা? একো নাই দেখোন বেগত! কি মানুহ হে আপুনি, বজাৰ বন্ধ হ’ব, এতিয়াই যাওক বুলি মোনাটো হাতত গুজি ঘৰৰ পৰা মোক দৌৰাই পঠিয়ায়।  লিষ্টত যদি মাইনাৰ চেৰেলেক, ডাইপাৰ, গ্রাইপ ৱাটাৰ আদি থাকে; সেইদিনাটো মোৰ অৱস্থা আৰু শেষ। দিনটোত এশবাৰ ফোনিয়াই ফোনিয়াই ডিমাগ মোৰ ঘেগেলা কৰি দিয়ে! আজিকালি তেওঁৰ চকু মুখৰ স্পষ্ট অনুভূতিৰ প্ৰকাশত মোৰহে মুখৰ মাত হৰি থাকিল। তেওঁৰ সুৰে সুৰে জীৱন দায়িত্ববোৰ পালন কৰি গৈ আছোঁ দা! কেতিয়াবাতো  সন্দেহেই হয়, বোলো এইজনীয়েই সেই নিমাতি কইনাজনীনে মোৰ?

: বিকাশ, ভয় নাখাবা কথা এটা কওঁ।

: কওক দা। কিনো?

: এয়া তেওঁৰ সত্য স্বৰূপৰ আৰম্ভণিহে কিন্তু, বুইছা? এসময়ত তোমাকযে তেওঁ বোবা কৰি পেলাব পৰাকৈ ক্ষমতা অৰ্জন কৰিব সেইটো একেবাৰে খাটাং। কথাষাৰ তুমি মাথোঁ মনত ৰাখা আৰু সাজু থাকা।

: অ’ দা..!

: মই যাওঁ এতিয়া। ঔ টেঙা আৰু মাছ কিনি নিবলৈ বৌয়েৰাই মোক মেছেজ কৰি থৈছে, লগতে ফুল ঝাড়ু, ফেনাইল এইবোৰো। দেৰি কৰিব নোৱাৰি। বজাৰ বন্ধ হৈ গ’লে ঘৰৰ দৰ্জা দি সোমাবলৈ মোৰ মস্কিল হৈ যাব বিকাশ! আহিছোঁ..।

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *