ফটাঢোল

আমটো নাখাব প্লীজ-ৰঞ্জিত কুমাৰ শৰ্মা

: খালে খালে, মোৰ চাকৰিটো খালে ঐ৷ অ’ বাইদেউ, আমটো নাখাব প্লীজ৷ আপোনালোকে আমটো খালে মোৰ চাকৰিটো আৰু নাথাকে৷ প্লীজ, আমটো নাখাব৷

: হেৰি, কি খালে খালে কৰি আছে? কোনে ক’ত কি খালে?

নিশাৰ কামখিনি অঁতাই থৈ বিছনাত দীঘল দিয়া দময়ন্তীৰ চিলমিলকৈ টোপনি আহিছিলহে মাত্ৰ৷ গিৰীয়েকে টোপনিতে মুখেৰে ভোৰভোৰাই উঠাত তাই সাৰ পালে৷ কাটি হৈ শুই থকা গিৰীয়েক ৰামেশ্বৰৰ বাহুত সোঁহাতেৰে দুবাৰমান মৃদু ঠেলা মাৰি দময়ন্তীয়ে গিৰীয়েকক জগোৱাৰ চেষ্টা কৰিলে৷

: মোৰ চাকৰিটো নাথাকিব আৰু! নীলাক্ষী আৰু ডলী মেডাম, প্লীজ …!

টোপনিত লালকাল দি থকা ৰামেশ্বৰৰ মুখেৰে ওলোৱা শব্দকেইটা শুনি গিৰীয়েকেনো ক’ত আম খোৱাৰ কথা কৈ আছে সেয়া বুজি নাপালেও দময়ন্তীয়ে এইখিনি অন্ততঃ বুজি পালে যে গিৰীয়েকে সপোন দেখিছে৷ এইবাৰ দময়ন্তীয়ে গিৰীয়েকৰ বাহুত ধৰি জোৰকৈ জোকাৰি দিলে— 

: হেৰি, উঠকচোন উঠক৷

খপজপকৈ ৰামেশ্বৰে সাৰ পালে যদিও স্বাভাৱিক হ’ব পৰা নাছিল৷ ৰৈ থকা চাৰিচকীয়া গাড়ীৰ হেডলাইটৰ দৰে চকুদুটা গোল কৰি ৰামেশ্বৰে দময়ন্তীৰ মুখলৈ চাই থাকিল৷

: কি হৈছে? কোনে চাকৰি খোৱা কথা কৈছে? কিনো সপোন দেখিছিল? 

ঘৈণীয়েকে একেলেথাৰিয়ে সুধি গ’ল৷

ৰামেশ্বৰে চকুদুটা দুহাতৰ অনামিকা আঙুলিৰ পিঠিৰে সামান্য মোহাৰি ভাবিলে— অ’, দময়ন্তীয়ে ঠিকেই ধৰিছে৷ সি সপোনেই দেখিছিল৷ 

: সপোনেই দেখিছিলোঁ হে৷

ৰামেশ্বৰে ক’লে৷

: কি সপোন?

ঘৈণীয়েকৰ প্ৰশ্ন৷

: ক’ম ৰ’বা, চাওঁ ফোনটো দিয়াচোন৷ 

ৰামেশ্বৰে বিছনাৰ কাষতে থকা সৰু টেবুলখনত থোৱা ম’বাইল ফোনটো বিচাৰিলে৷

: এই মাজনিশা আকৌ ফোনটো কিয় লাগে?

: লাগে, দিয়াচোন৷

দময়ন্তীয়ে বাওঁ হাতখন মেলি খেপিয়াই টেবুলখনৰ পৰা ৰামেশ্বৰৰ ম’বাইল ফোনটো আনি ‘কী’ এটা টিপি সময়টো চালে৷ সময় এক বাজিবৰ হৈছে৷ ফোনটো গিৰীয়েকৰ হাতত দি দময়ন্তীয়ে সুধিলে— 

: এই ৰাতিখন কালৈ ফোন কৰে? কি হৈছেনো?

কোঠাটোত জিৰ’ ৱাটৰ বাল্ব এটা জ্বলি আছিল৷ অৱশ্যে সেই পোহৰো মুখ চিনিব পৰা আছিল৷ 

: কৈ আছোঁ ৰ’বা৷

ৰামেশ্বৰে বিছনাতে বহি লৈ ফোনটোত কণ্টেক্ট নম্বৰ এটা বিচাৰি উলিয়ালে আৰু ফোনকল কৰা বুটামটো টিপি ফোনটো কাণত ল’লে৷ দুবাৰমান ৰিং হোৱাৰ পাছত মদনে ফোনটো ৰিচিভ কৰিলে৷

মদন ৰামেশ্বৰে কাম কৰা অফিচটোৰ চকীদাৰ৷ অফিচ মানে এটা কোম্পানীৰ শাখা কাৰ্যালয়৷ ৰামেশ্বৰো চকীদাৰেই৷ দুয়ো কেতিয়াবা নিশা আৰু কেতিয়াবা দিনত ডিউটি কৰিব লাগে৷ দুয়োজন প্ৰায় একেই বয়সৰ যদিও মদন অবিবাহিত৷

: মদন, শুন৷ আমটো ভালকৈ থৈছনে? 

মদনে ফোনকলটো ৰিচিভ কৰাৰ লগে লগে ৰামেশ্বৰে সুধিলে৷

: থৈছোঁ থৈছোঁ৷ ভালদৰে থৈছোঁ৷ 

আনটো ফালৰ পৰা মদনে ক’লে৷

: বাৰু! চাবি দেই, কাইলৈ মই যোৱাত কিবা কাৰণত পলম হ’লেও ডলী আৰু নীলাক্ষী মেডামে অফিচ পোৱাৰ আগতেই যাতে আমটো ৰামপ্ৰসাদে লৈ যায়৷ ৰামপ্ৰসাদক আমটো দি কবি সি যেন আমটো ঠিকে-ঠাকে ‘বচ’ৰ ঘৰত দি থৈ আহে৷ মই গৈ পালে বাৰু ময়েই ক’ব পাৰিম৷ সি অৱশ্যে কথাটো জানেই৷ কিন্তু ৰাতিটো আমৰ সুৰক্ষাৰ দায়িত্ব তোৰ৷ কিবা খেলিমেলি হ’লেই বিপদ হ’ব৷

ৰামেশ্বৰে ক’লে৷

: হ’ব৷ তই দেখোন অফিচৰ পৰা যোৱাৰ সময়ত কথাখিনি বুজাই দিছই৷ যেনেকৈ কৈছ তেনেকৈয়ে হ’ব৷ ইয়াৰ বাবে আৰু মাজৰাতি ফোন কৰিব লাগেনে? সকলো হৈ যাব চিন্তা নকৰিবি৷

 অফিচতে থকা মদনে পুনৰ ক’লে৷

: ঠিক আছে, 

বুলি কৈ ৰামেশ্বৰে ফোনৰ সংযোগ কাটি দিলে৷

দময়ন্তীয়ে একো আঁতি-গুৰি নাপাই গিৰীয়েকক পুনৰ সুধিলে— 

: মই একো বুজা নাই৷ কাৰ আম, কলৈ পঠাব লাগে? এটা আমৰ বাবে কাৰ আৰু কিয় চাকৰি যাব? কি হৈছে মোক ক’বনে?

ৰামেশ্বৰে ফোনটো আগৰ স্থানতে থ’বলৈ ঘৈণীয়েকৰ হাতত দি ক’লে— 

: শুনা তেন্তে…৷

ৰামেশ্বৰে ঘৈণীয়েক দময়ন্তীক কোৱা কথাখিনি আপুনি বা মই ক’বলৈ হ’লে আমৰ আখ্যানটো এনেধৰণৰ— 

ৰামেশ্বৰ আৰু মদনে অফিচটোত চকীদাৰ আৰু পিয়নৰো কাম কৰিব লগা হয়৷ অফিচটো যিহেতু ব্ৰান্স অফিচ বা শাখা কাৰ্যালয়হে গতিকে কৰ্মচাৰীৰ সংখ্যাও সৰহ নহয়৷ অফিচটোত এজন ইন-চাৰ্জ মানে ‘বচ’ আছে৷ অফিচৰ গাড়ীৰেই বচক ঘৰৰ পৰা অফিচলৈ অনা-নিয়া কৰিব লাগে৷ গাড়ীচালক দুজন আছে৷ এজনৰ নাম ৰামপ্ৰসাদ৷ আজি ৰামপ্ৰসাদে অফিচ ছুটী হ’বৰ দুঘণ্টামান আগে আগে বচক গাড়ীৰে ঘৰত থ’বলৈ গৈছিল৷ অফিচৰ বচ যিহেতু গতিকে তেওঁ যেতিয়াই-তেতিয়াই অফিচলৈ আহিব পাৰে আৰু ঘৰলৈয়ো যাবও পাৰে৷ আহোঁতে-যাওঁতে অফিচৰ গাড়ীখন ইফালে-সিফালে দৌৰাই নিজৰ প্ৰয়োজনীয় কামো কৰিব পাৰে৷ ‘বচ’ৰ বাবে অফিচৰ নীতি-নিয়মৰ কি প্ৰয়োজন? সেইবোৰৰ দৰকাৰেই নাই৷ নিজৰ ইচ্ছানুসৰিয়েই যদি চলিব নোৱাৰে তেন্তে বচ হোৱাৰ মাদকতা ক’ত থাকিব? সেয়ে ৰামেশ্বৰ, মদন বা ৰামপ্ৰসাদৰ বচেও নিজৰ ইচ্ছামতে অফিচ চলায়৷ সেইবোৰ ডাঙৰ কথা নহয়৷ 

অ’, মূল কথাটো দেখোন ক’ৰবাতে থাকিল! ৰামপ্ৰসাদে আজি বচক ঘৰলৈ থ’বলৈ গৈ থকাৰ পৰাই আৰম্ভ হয় আম আখ্যানৰ৷ 

ঘৰলৈ গৈ থকাৰ সময়তে গাড়ীৰ ভিতৰৰ পৰা বচে কৰোবালৈ ফোন লগালে— “ৰামু, তই কালি কি আম দিছ? এটা আম পঁচা ওলাইছে৷”

সেইফালৰ পৰা ৰামু বোলাজনে কিবা কৈছিল যদিও ৰামপ্ৰসাদে নুশুনিলে৷ 

কিন্তু বচে পুনৰ কৈ উঠিল— “কালি সন্ধিয়া কিনাৰ বাবে তই সুযোগ ল’লি নহয়নে?”  সেইফালৰ পৰা ৰামুয়ে পুনৰ কিবা কৈছিল যদিও ৰামপ্ৰসাদে সেয়াও শুনাৰ উপায় নাছিল৷

এইবাৰ বচ গৰজি উঠিল— “মই গৰুক খুৱাবলৈ আম কিনিছোঁ নেকি? আমটো মই মোৰ ড্ৰাইভাৰৰ হাতত পঠাই দিম৷ সেইটো ৰাখি ভাল চাই বেলেগ এটা দি দিবি৷” 

কথাখিনি কৈ বচে ফোনৰ সংযোগ কাটিলে৷

ভয়ে ভয়ে ৰামপ্ৰসাদে সুধিলে— 

: কি হ’ল ছাৰ?

বচে কৈ গ’ল— 

: ফলৰ বেপাৰীটো যে, ৰামু? তয়তো জানই, মই তাৰ পৰাই বেছিভাগ ফলমূল কিনো৷ কালি সন্ধিয়া বজাৰলৈ আহোঁতে তাৰ পৰাই আম এক কিলো আৰু আপেল আধা কিলো লৈছিলোঁ৷ ভালকৈ মোৰো চোৱা নহ’ল৷ সি ’আম ভাল হ’ব ছাৰ’ বুলি কৈ আমে-আপেলে দি দিলে৷ ঘৰলৈ যোৱাৰ পিছতহে দেখিলোঁ, এটা আম পঁচিবলৈ ধৰিছে৷ বাইদেউৰাই আৰু মোকেই বকিছে, মই হেনো বস্তুবোৰ চাই-চিতি নিকিনো, বেপাৰীয়ে যি দিয়ে তাকেই লৈ লওঁ৷ আৰু এই বেপাৰীবোৰো কম নহয় দেই৷ এটা আম বেয়া বুলি কোৱাত সি বেপাৰী ৰামুয়ে কি কৈছে জাননে?

: কি ছাৰ?

ৰামপ্ৰসাদে সুধিলে৷

: এটা আমহে বেয়া ওলাইছে, সেইটো হেনো মই গৰুক খুৱাব লাগে৷ আৰে মই গৰুক খুৱাবলৈ আম কিনিছোঁ নেকি? 

‘বচ’ৰ এইখিনি কথা ৰামপ্ৰসাদে শুনিলে যদিও বচে খঙতে মুখৰ ভিতৰতে কোৱা শব্দকেইটামান নুশুনিলে৷

ঘৰৰ সন্মুখত গাড়ীখনৰ পৰা নামিয়েই বচে ৰামপ্ৰসাদক ক’লে— ‘অলপ ৰ’বি৷’

বচ গে’ট খুলি প্ৰথমে ঘৰৰ চৌহদত সোমোৱাৰ পিছত দুৱাৰ খুলি ঘৰৰ ভিতৰ পালে৷ অলপ পিছতে তেওঁ সৰু ক’লা পলিথিনৰ মোনা এখনত কিবা এটা ভৰাই বাহিৰলৈ ওলাই আহিল৷

পলিথিনৰ মোনাখন ৰামপ্ৰসাদক দি বচে ক’লে — 

: ইয়াত বেয়া আমটো আছে৷ পুৱা অফিচলৈ যাওঁতে লৈ যাব পাহৰিলোঁ৷ তই লৈ যা৷ যাওঁতে ৰামুক দিবি৷ সি ভাল আম এটা দিব, সেইটো ল’বি৷ আমটো অফিচলৈকে লৈ গৈ ভালকৈ থ’বি৷ কাইলৈ পুৱা মোক নিবলৈ আহোঁতে আমটো লৈ আহিবি৷

ৰামপ্ৰসাদে লওঁ-নলওঁকৈ মোনাখন লওঁতে ‘বচ’ৰ মুখলৈ চালে৷

: একো ভাবিব নালাগে৷ ৰামুক মই কৈ দিছোঁ৷ তোক যি কৰিব কৈছোঁ তাকে কৰ৷ পইচা গছত নালাগে নহয়৷ 

‘বচ’ৰ কাঢ়া নিৰ্দেশ, ড্ৰাইভাৰ এজনৰ জানো সাহস আছে ‘ফলৌ’ নকৰাৰ? ৰামপ্ৰসাদে মোনাখন লৈ গাড়ীত ভৰাই অফিচলৈ গাড়ী ঘূৰালে৷

অফিচলৈ ওভতাৰ পথত ৰামুৰ দোকানৰ ওচৰত গাড়ীখন ৰখাই ৰামপ্ৰসাদে পলিথিনৰ মোনাখন লৈ দোকানখনলৈ গ’ল৷ ‘বচ’ৰ সৈতে ৰামপ্ৰসাদে আগতেও কেইবাদিনো ৰামুৰ দোকানলৈ গৈছে৷ সেয়ে দুয়ো দুয়োকে চিনি পায়৷ ৰামপ্ৰসাদে ৰামুক আম থকা মোনাখন দি ক’লে— 

: ছাৰ নে ভেজা৷

ৰামুয়ে বিশেষ একো নক’লে৷ মোনাখনৰ পৰা আমটো উলিয়াই আঙুলিৰ মাজত লৈ ইফালে-সিফালে ঘূৰাই দুয়ো পিঠি দুবাৰমান চাই কাষতে থকা ডাষ্টবিনটোলৈ দলিয়াই দিলে আৰু তাজা আম এটা একেখন পলিথিনৰ মোনাতেই ভৰাই ৰামপ্ৰসাদৰ হাতত দিলে৷ ৰামুৱে মুখেৰে কিবা ভোৰভোৰাই আছিল যদিও ৰামপ্ৰসাদে কাণ নিদিলে৷ ৰামুৱে দিয়া আমটো লৈ সি উভতিল৷

অফিচত গাড়ীখন ৰখোৱাৰ পিছত ৰামপ্ৰসাদে আম থকা পলিথিনৰ মোনাখন লৈ গাড়ীখনৰ পৰা নামিল৷ অফিচত সোমায়েই ৰামপ্ৰসাদে ৰামেশ্বৰক একাষৰীয়াকৈ মাতি নি মোনাখন দি ক’লে— 

: এইখন ৰাখ৷ ইয়াত আম এটা আছে৷ কাইলৈ মই বচক আনিবলৈ যোৱাৰ সময়ত মোক দিবি৷ চাবি কিন্তু, আমটো যাতে মোনাতে থাকে৷

: কিন্তু ৰাতি যে মই নাথাকিম? 

ৰামেশ্বৰে ক’লে৷

: মদনক ভালকৈ বুজাই কৈ যাবি৷ আম যাতে নেহেৰায়৷ কালি পুৱাতো তই আহিবিয়েই৷

 ৰামপ্ৰসাদে ৰামেশ্বৰক বুজালে৷

মোনাখনৰ মুখখন এবাৰ মেলি ভিতৰলৈ চাই পঠাই ৰামেশ্বৰে ক’লে— 

: ঠিক আছে৷

: চাবি কিন্তু আম হেৰালে চাকৰি যাব৷ কোম্পানীৰ চাকৰি, বচ গৰম হ’লেই শেষ৷

 ৰামপ্ৰসাদে ৰামেশ্বৰক সতৰ্ক কৰি দিলে৷

চাকৰি থকা-নথকাৰ বিষয়টো ৰামেশ্বৰেও নুবুজা নহয়৷ আমৰ মোনাখন ৰামেশ্বৰে ‘বচ’ৰ অফিচ ৰূমতে থকা আলমীৰাত থৈ আলমীৰা ‘লক’ কৰিলে৷ অফিচ এৰাৰ সময়ত নিশাৰ ভাগৰ ডিউটি কৰিবলৈ অহা মদনক আলমীৰাটোৰ কাষলৈ লৈ গৈ ৰামেশ্বৰে আমৰ কথাটো তাক বুজাই দিলে আৰু আমটো যাতে মোনাখনতে থাকে তাৰবাবে সাৱধান কৰি থ’লে৷ মদনে ঠিকে-ঠাকে ৰাখিলে আমটো থাকিব৷ মদনৰ ওপৰত ৰামেশ্বৰৰ বিশ্বাস আছে৷ কিন্তু ৰামেশ্বৰৰ মনৰ আইনাত হঠাৎ দুখন ছবি প্ৰতিফলিত হ’ল৷ ছবিদুখন হ’ল কাৰ্যালয়টোৰ দুই মহিলা কৰ্মচাৰী নীলাক্ষী আৰু ডলীৰ৷ ৰামেশ্বৰৰ মনত এবাৰলৈ হ’লেও শংকা হ’ল— দুই মেডামে একো অঘটন নঘটায়তো? তাৰ হাতত মোনাখন দেখি এবাৰ নীলাক্ষী মেডামে- “ৰামেশ্বৰ কি আছে অ’ মোনাখনত”- বুলি সুধিছিলেই৷ ভাগ্যে ক’লা পলিথিনৰ মোনা, ভিতৰত কি আছে বাহিৰৰ পৰা দেখা নাপালে৷ ৰামেশ্বৰে ‘বচ’ৰ বস্তু’ বুলি কৈ থৈছিল৷ আমেই হওক বা কিবা টেঙাই হওক এইবোৰৰ প্ৰতি নাৰীৰ লোভ অলপ হ’লেও থাকেই৷ অৱশ্যে সেইবুলিয়েই ডলী বা নীলাক্ষী মেডামে আমটো খাই দিবনে? নিশ্চয় নিদিয়ে! ৰামেশ্বৰৰ মনত এবাৰলৈ শংকা বা সন্দেহ জাগিলেও দুই মেডামৰ ওপৰত তাৰ বিশ্বাসো আছে৷ আৰু আজি অফিচ ছুটীৰ পাছত কাইলৈও সিয়েইটো আনসকলতকৈ আগতেই অফিচলৈ আহিব লাগিব৷ গতিকে ৰাতিটো আমটো মদনে ভালদৰে ৰাখিলেই হ’ল৷

অফিচৰ চাবিকোছা মদনৰ হাতত তুলি দিয়াৰ সময়ত ভবা এই কথাখিনিয়ে ঘৰলৈ অহাৰ সময়তো আৰু ঘৰ পোৱাৰ পাছতো ৰামেশ্বৰৰ মনত দুই-এবাৰ খুন্দা মাৰিছিল৷ নিশাৰ আহাৰ খাই বিছনাত উঠাৰ সময়তো ৰামেশ্বৰৰ মনত ‘বচ’ৰ আমটোৱে খুন্দিয়াইছিল৷ সেয়ে হয়তো নিশা সপোনতো ৰামেশ্বৰে আমকাণ্ডকেই দেখিলে৷ দেখিলে মানে একেবাৰে ডলী আৰু নীলাক্ষী মেডামৰ হাতত কটাৰী আৰু আমটোকেই দেখিলে৷ সেয়ে চাকৰি যোৱাৰ আতংকত আমটোক ৰক্ষা কৰাৰ বাবে সপোনতে সংগ্ৰামত অৱতীৰ্ণ হ’ব লগা হ’ল ৰামেশ্বৰ৷ নিদ্ৰাৰত অৱস্থাতো তাৰ মুখেৰে ধ্বনিত হ’ল — “…আমটো নাখাব প্লীজ…৷”

☆ ★ ☆ ★ ☆

30 Comments

  • হাঁ হাঁ৷ ভাল পালোঁ পঢ়ি৷

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা৷

      ধন্যবাদ জনালোঁ৷

      Reply
  • Anonymous

    ভাল লাগিল 😊

    Reply
  • পূৰৱী কাকতী

    ভাল লাগিল 😊

    Reply
  • Anonymous

    ভাল লাগিল

    Reply
  • প্ৰাঞ্জল গোস্বামী

    বৰ ভাল লাগিল।

    Reply
  • hihuay หวย สล็อต ออนไลน์ เว็บไซต์ให้ลอตเตอรี่ เว็บไซต์หมีสีชมพู หมีแพนด้า เว็บไซต์ลอตเตอรี่ออนไลน์เชื่อถือได้ เว็บไซต์ตรง PG สมัครฟรี ไม่มีอย่างน้อย เริ่ม 1 บาท รับโบนัส จ

    Reply
  • ทางเข้าเล่นเกม appg pg slot ในโลกของเกมออนไลน์ที่เติบโตอย่างรวดเร็ว เว็บไซต์ appg pg slot กลายเป็นแพลตฟอร์มที่ได้รับความนิยมสำหรับผู้ที่หลงใหลในการเล่นสล็อต PGSLOT

    Reply
  • pg slot 6g เป็นเกมยอดนิยมสูงที่สุดในตอนนี้ แล้วก็ PG SLOT มีชื่อเสียงกันดีอย่างมากมายในแวดวง สล็อตเว็บไซต์ตรง ในขณะนี้มีเว็บ PG SLOT อย่างมาก โดยในแต่ละเว็บไซต์นั้นจะมีต้นแบบ

    Reply
  • 4king PG Slot สวัสดีทุกท่านที่หันมาอ่านบทความนี้! ความสนุกและความตื่นเต้นรอบ ๆ มากมายจะกำลังมองหาทางเข้าสู่ PG SLOT เกมสล็อตที่ทำให้คุณตื่นเต้นเต็มพิกัดในประเทศไทย

    Reply
  • สล็อต เพื่อไทย เว็บพนันที่ดังและเป็นที่นิยมอย่างล้นหลามในวงการเกมออนไลน์ pg slot ด้วยการให้บริการครบวงจรที่นำสมัยรวมทั้งน่าทึ่งทั้งยังในด้านเกมส์คาสิโน สล็อตออนไลน์ กีฬา

    Reply
  • สล็อตออนไลน์ 8b คือเกมสล็อตออนไลน์ที่มีชื่อเสียงมากในวงการคาสิโนออนไลน์ PG SLOT โดยเกมสล็อตเวอร์ชันนี้ถูกพัฒนาโดยค่ายเกม 8b ซึ่งเป็นค่ายเกมชั้น

    Reply
  • สล็อต 888 th สล็อต ยอดนิยมเยอะที่สุดก็อาจเป็นเกมสล็อตออนไลน์ เกมที่มาพร้อมทั้งความสนุกเพลินสำหรับในการได้กำไรสม่ำเสมอ PG สะดุดตาด้วยภาพกราฟิก แล้วก็เสียงประกอบกิจการพนัน

    Reply
  • 1234 slot สล็อตออนไลน์ฟรีเครดิตคุ้ม กว่าการเล่นสล็อตออนไลน์โทรศัพท์มือถือ ที่ไหนก็ ยังสามารถชี้แนะเพื่อนพ้องๆ ให้มาเล่น1234 PGSLOTรวมทุกค่ายเกมไว้ให้ท่านที่นี้แล้ว

    Reply
  • เล่นเกม PG Piggy สล็อต ตื่นเต้นที่สุดของเกมสล็อตเล่นและพบกับบทความที่ครอบคลุมทุกสิ่งที่คุณต้องรู้เกี่ยวกับเกมนี้ PG SLOT ร่วมสนุกกับหมูตัวน่ารักในการตามหาความมั่งคั่งและมีเวลาที่น่าตื่นเต้นกับประสบการณ์

    Reply
  • เล่นเกม สล็อต pg ของเกมออนไลน์ ในลักษณะของการเล่นแบบใหม่ พีจี ที่เล่นแล้ว ได้เงินจริง เล่นแล้ว มั่งมีในทันทีทันใด ลงทะเบียนเป็นสมาชิกใหม่ เริ่มที่เพียงแต่ 100 บาท แค่นั้น

    Reply
  • pg gold 88 เว็บไซต์สล็อตใหม่ปัจจุบันเว็บไซต์ตรงแตกง่าย วอเลท สล็อตเว็บไซต์ใหญ่รวมทุกค่าย พีจีสล็อตเว็บไซต์ตรง pgslot แตกหนัก 2023 รับวอเลท ฝากวอเลททรูมันนี่ใช้ง่ายๆไม่ยาก

    Reply
  • pg slot ทดลองเล่นได้ง่าย คุณพร้อมที่จะเริ่มต้นการเดินทางที่น่าตื่นเต้นผ่านอาณาจักรของเกมออนไลน์แล้วหรือยัง? อย่ารอช้า PG SLOT ทดลองเล่นเพื่อรับ! ในบทความนี้ เราจะสำรวจโลกที่น่าดึงดูดใจ

    Reply
  • apollo pg ได้เติบโตขึ้นอย่างเร็วตั้งแต่ปี 2021 มาจนกระทั่งปี 2022 นี้ มีการปรับปรุงสม่ำเสมอ pg พาเราไปสนุกเพลิดเพลินกับภาพสวยๆคมชัดไม่ขัดใจเล่นได้ทุกวันทุกเวลาทันทีลองเลย

    Reply
  • punbet999 slot เป็นเว็บไซต์พนันออนไลน์ที่นักพนันต่างๆปากทางเข้า pgslot สำหรับในการวางเดิมพันกับเว็บพนันออนไลน์ ชั้น 1 ของประเทศไทยไม่ว่าจะหน้าเก่าหรือคนใหม่ให้ความเชื่อใจ

    Reply
  • pg slot มีเกมส์มากมาย มีเกมส์มากมายเป็นสัญญาณแห่งความบันเทิงที่น่าตื่นเต้น ด้วยเกมให้เลือกมากมาย PG SLOT มอบประสบการณ์ที่ไม่มีใครเทียบได้สำหรับนักเล่นเกมทุกประเภท

    Reply
  • สล็อต แตก ง่าย ด้วยความมากมายหลากหลายของตัวเกมที่ได้มีการคัดสรรมาอย่างดีเยี่ยม pg ทำให้ไม่ยุ่งยากต่อการครอบครองรางวัลโบนัส หรือกล่าวได้ว่าเป็น ไม่มีความจำเป็นที่จะต้องมีแนวทาง

    Reply
  • pg dragon 789 การสมัครสมาชิกที่ pg slot เกิดเรื่องที่ไม่ยุ่งยากคุณเพียงแต่กรอกข้อมูลที่จำเป็นต้อง รวมทั้งชื่อผู้ใช้และก็รหัสผ่านที่คุณอยากได้ใช้เพื่อสำหรับการเข้าระบบง่าย

    Reply
  • ทางเข้า auto pgslot ประสบการณ์น้อยครั้งจะตรงกับความตื่นเต้นของเกม PG SLOT การเดินทางผ่านสิ่งมหัศจรรย์ทางดิจิทัลเหล่านี้เปรียบเสมือนการนั่งรถไฟเหาะที่น่าตื่นเต้น ซึ่งมีกราฟิกที่น่าดึงดูด

    Reply
  • โจ๊ก เกอร์ 123 เกมบนเว็บไซต์โจ๊กเกอร์ ของเรานั้นรวมไปด้วยเกมที่ได้รับความนิยม รวมถึงเกมที่ผู้เล่นทุกคนให้ความสนใจเป็นอย่างมาก pg slot ด้วยตัวเกมบนเว็บไซต์ของเราเป็นเกมที่เล่นง่าย

    Reply
  • วิธีเล่น pgzeedgame ระบบมาก่อนค่ะ โบนัสอยากทราบว่าเป็นเกมแนวไหน และมีความสนุกสนานอย่างไรบ้างนะคะวันนี้เรามาพูดถึงเกมออนไลน์ที่ได้รับความนิยมสูงสุดในขณะนี้ คือ PG SLOT แจกเครดิตซึ่งเป็นเกมที่น่าสนใจและท้าทาย

    Reply
  • เว็บ สล็อต ออนไลน์อันดับ 1 ในทวีปเอเชีย เป็นเว็บออนไลน์ ที่ดีเยี่ยมที่1ของไทย ระบบน่าไว้วางใจ pg slot เล่นได้ จ่ายจริง ไม่มีต่ำ ฝาก-ถอน เร็วทันใจเล่นง่ายไม่ยุ่งยาก ทำเงิน ได้จริง

    Reply
  • โปรโมชั่น pg slot มากมาย เล่นง่ายจ่ายจริง แตกจริง ต้อง pg slot เท่านั้น! เล่นสล็อต พีจีสล็อต เว็บไซต์ตรงผู้ให้บริการเกมสล็อตออนไลน์ชั้นหนึ่ง ทกลอง เล่น ฟรี พร้อมโบนัส

    Reply
  • บทความ pg slot แหล่งรวมบทความสล็อต เว็บไซต์พนันสล็อตออนไลน์ ที่ได้รับความนิยมที่มาพร้อมทั้ง PG Slot เกมสล็อตออนไลน์ ประสิทธิภาพ น่าเล่นที่ใครๆก็ต่างมีความสนใจอย่างยิ่ง

    Reply
  • เว็บ สล็อต 888 ฟรีเครดิต เป็นหนึ่งในเว็บไซต์ pg ออนไลน์ที่น่าสนใจสำหรับผู้เล่นที่ต้องการลองเสี่ยงดวงโชคโดยไม่ต้องใช้ของตัวเองก่อน โบนัสฟรีเครดิต เป็นทางเลือกที่ดีในการทดลองเล่น

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *