ফটাঢোল

হায়ৰান-গীতাৰ্থি গোস্বামী

বাইদেউ ৰচক – পচককৈ গেৰেজ এটালৈ গৈ ক’লে – “মোক 710 লাগে।”

মেকানিক আচৰিত। সেইটো কি বস্তু? 

“কিয় ইঞ্জিনৰ ওচৰত যে থাকে, গোল বস্তুটো, তাৰ ঢাকনিখন পৰি গ’ল।”

মেকানিক হায়ৰান। 

“আপুনি এই কাগজখনত আঁকি দিয়কচোন।” সৰু কাগজ এখনত বাইদেৱে আঁকি দিলে। নাই, মেকানিকে ধৰিব পৰা নাই। ওচৰতে থকা আন এখন গাড়ীৰ ওচৰলৈ বাইদেউক লৈ গ’ল। তেওঁ যিটো বস্তু দেখুৱাই দিলে, মেকানিক বেহুচ। 

বাইদেৱে অঁকা ছৱিখন ওলোটাই চাইহে ৰক্ষা। আচলতে বাইদেউৰ গাড়ীৰ তেলৰ টেংকীৰ ঢাকনিখন পৰি গৈছিল। য’ত লিখা আছিল -OIL. বাইদেৱে নিজে ওলোটাকৈ পঢ়ি ওষ্টাদি মাৰিবলৈ গৈছিল। 😆😅😂

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *