ফটাঢোল

নষ্টালজিক কিচিম কিচিম-কৰবী দেৱী

উৎকট গৰমত প্ৰাণ যোৱাৰ অৱস্থা। কি টাউন, কি গাঁও সকলোতে একেই গৰম। যেন বেলিটো ইচ্ছা কৰিয়েই নামি আহিছে মানুহমখাক এশিকনি দিবলৈ।

নয়নে ইচ্ছা কৰিয়েই কলেজলৈ নগ’ল। পদূলিমুখৰ বকুল জোপাৰ তলতে কেইদিনমানৰ আগতে ককাকে বাঁহৰ চাং এখন বনাইছিল। তাতে বহি নয়নে মোবাইলটোকে খুঁচৰি আছিল।

: অ’ বোলো হাইঠা মাটিত পৰিল অৱশেষত। সেইদিনা ইমানকৈ মাতিলোঁ, হেৰৌ আহচোন চাঙখন বনাইছোঁ, এবাৰ বহি চা। নাই, তাৰ সময়েই নাই। মোৰ আগেদিয়েই ভটভটি চলাই গুচি গ’লি? এতিয়া একা?

: ককা, তুমি মোক ঠাট্ৰা কৰিছা?

: নাই কৰা।

: তেন্তে বেয়া পাইছা?

: নাই।

: তেতিয়াহ’লে কিয় ভোৰভোৰাই আছা ককা? সেইদিনা মোৰ ক্লাছ আছিল বাবেহে তেনেকৈ খৰখেদাকৈ গুচি গ’লোঁ।

: বাৰু সেইবোৰ বাদ দে। ক’চোন চাঙখনত বহি কেনেকুৱা লাগিছে?

: বিৰাট ধুনীয়া ককা। তুমিও চাগে ডেকা কালত এনেকুৱা উৎকট গৰমত চাঙখনতে বহিছিলা ন? 

নয়নে ককাকৰ মনটো ভালৰি লগাব খুজিয়েই ক’লে। 

: কেৱল গৰমতহে নে ? হেৰৌ আজৰি সময়খিনি এনেকুৱা এখন চাঙেই মোৰ বাবে সৰ্বস্ব আছিল বুজিলি। নহ’লেনো আইতাৰক পাওঁনে? 

: উৱা ককা। আইতাক চাবলৈকেহে মানে তুমি এনেকৈ খোঁপনি পুতি বহি লৈছিলা? 

: আৰু কি? 

ককাকে গপচত কয়। নয়নৰ জানিবলৈ ইচ্ছা যায় ককাকৰ প্ৰেম কাহিনী। ককাকক খাটনি ধৰোঁতে কৈছিল, কেনেকৈ আইতাকে ওলাওঁতে সোমাওঁতে পাক মাৰি মাৰি চায়। কেনেকৈ ককাকক দেখুৱাই হাঁচতীৰ পৰা তামোল এখন উলিয়াই পদূলিৰ তাঁতিৰ খুটাটোত গুজি থয়। আৰু যেতিয়া ঘৰত কথাবোৰ গম পাই চুবুৰীৰে ছোৱালী এজনী বোৱাৰী কৰি আনিবলৈ আপত্তি কৰিলে, কেনেকৈ ককাকে আইতাকক ধূতি পাঞ্জাৱী পিন্ধাই, মূৰত পাগুৰি এটা বন্ধাই ৰাস পূৰ্ণিমাৰ নিশা পলুৱাই আনি কৈছিল, 

“বাপজন সুদূৰৰ পৰা ৰাস চাবলৈ আহিছিল। এতিয়া ইমান ৰাতি উভতিবলৈ ভয় কৰিছে। সেয়ে মই আমাৰ ঘৰলৈকে লৈ আহিলোঁ। মোৰ কোঠাতে বিচনা ঠিক কৰি দিওঁ?” 

দেউতাক-মাকে একেবাৰতে সন্মতি প্ৰদান কৰি সেৱা সৎকাৰে  বাপজনক ভিতৰলৈ সোমাব দিলে। 

পিছদিনাহে উৰহী গছৰ ওৰ ওলাল। বোলে ই  বেটাই ভকতৰ ৰূপত সেই মৰতীজনীকহে আনিলে। কেইবাদিনলৈকে ককাকৰ পিঠিত ঔকিল পৰিয়েই থাকিল। সেয়াও পত্নীৰ আগতেই। 

: হাঃ হাঃ হাঃ, ককা সঁচানে ? 

নয়নে ককাকৰ প্ৰেম কাহিনী শুনি ঢেকঢেকাই হাঁহে যদিও, স্বগতোক্তি কৰি কয়, 

“কিমান গভীৰ আছিল আগৰ প্ৰেম ভালপোৱাবোৰ। যি ভাল পালে এজনীকেই পালে। বিয়া পাতি দিলেতো কথাই নাই। নিদিলে পলুৱাই হ’লেও লৈ আহে। অথচ বেলেগৰ নাম মুখলৈ নানে।  

অথচ সি যে ইমান বিপৰীত। একেখিনি মেচেজকে ফৰৱাৰ্ড কৰি কিমানজনীক যে সমানে সন্মোহিত কৰি ৰাখে, এইটো কেপাচিটি কেৱল তাৰহে নে? তাৰ লগৰ আটাইমখাৰে দেখোন! নয়নৰ নিজকে দোষী দোষী অনুভৱ হয়। 

: নয়ন শুনচোন ।

: কোৱা ককা।  

ককাকৰ মাতত সি সচকিত হৈ পৰিল। 

নয়নৰ কাণে কাণে ককাকে এইবাৰ ফুচফুচাই ক’লে, 

: নয়ন তই যে কালি কৈছিলি ফেচবুক নে কি সেইটোত  হেৰাই যোৱা প্ৰেয়সী, বন্ধু বান্ধৱী আদিবোৰকো  খুঁচৰি উলিয়াব পৰা যায়। কথাষাৰ সঁচানে? 

: সঁচা আকৌ।

:, তেন্তে পলম নকৰিবি। চাচোন চা, পদুমী, বকুলী, ফুলেশ্বৰী, জয়া, ৰাংঢালী। চাচোন চা। প্ৰথমে ইহঁত কেইজনীকে চা। পিছত বাৰু ক’ম দে আৰু..!

ককাকৰ কথা শুনি নাতি থৰ লাগিল…. 

বিপৰীতে নাতি পোনাকণে ঠেহ পাতিলে বুলি ভাৱি ককাকে পুনৰ ক’বলৈ ধৰিলে, 

: কৈছোঁ ৰহ, কৈছোঁ… ৰঙিলী, পমিলী, কণমাই….. 

: ককা, তোমাৰ লগৰ ল’ৰা বন্ধু নাছিল নেকি? সৱ ছোৱালীৰ নামেই যে! 

: হেৰৌ জুইলগা, মনে মনে ক। আইতাৰে শুনিলে কোনোবা সতীনীয়েকৰ ঘৰত থৈ নাহিলেই ৰক্ষা। 

নয়নৰ মুখখন মেলা হৈয়ে ৰ’ল। 

প্ৰযুক্তিবিদ্যাৰহে মানে সলনি হৈছে, বাকী সৱ দেখোন একেই, অৱশেষত নয়নে সেইকণেই জ্ঞান লাভ কৰিলে কলেজ ক্ষতি কৰি……!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *