ফটাঢোল

হাস্যৰসৰ পৰিশীলিত প্ৰতিষ্ঠা : “বধাই হো”- ড০ দীপশিখা ভাগৱতী 

“Life is a tragedy when seen in close-up, but a comedy in long shot.”

                                                                                          – চাৰ্লি চেপলিন

পশ্চিমত গ্ৰীক ভাষাত ধ্ৰুপদী যুগৰ আৰম্ভণিৰ আগতেই শৈলীগত সূত্ৰেৰে “কমেডী”ৰ উত্থান ঘটিছিল, যাৰ প্ৰদৰ্শন হৈছিল এথেন্সৰ নাট্যশিল্পৰ গৃহভূমি ডাইঅ’নিছিয়া চহৰত। খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ শেষৰ ফালে গ্ৰীক ভাষাত কমেডীয়ে প্ৰাধান্য লাভ কৰিছিল আৰু খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ শেষৰ ফালে কমেডীৰ নতুন যুগ আৰম্ভ হৈছিল। এই কথা বহুতৰে জ্ঞাত যে কমেডীৰ আৱিষ্কাৰ হৈছিল হোমাৰৰ মহাকাব্য “দ্য ইলিয়াড”ৰ “ডিঅ’ছ আপাটে” শীৰ্ষক আখ্যান অংশৰ জৰিয়তে। ইয়াত কিছু পৌৰাণিক হাস্য-ব্যঙ্গৰ উল্লেখ আছে। “দ্য অডিচি”ৰ দৰে হোমাৰৰ ঈশ্বৰ সম্বন্ধীয় বিখ্যাত চিত্ৰখনে যথেষ্ট হাস্যৰ সৃষ্টি কৰিছিল। ফুলদানিত অংকিত চিত্ৰবোৰে ধ্ৰুপদী যুগৰ কিছু হাস্য চৰিত্ৰৰ বিষয়ে বৰ্ণনা কৰিছিল, যেনে ৰান্ধনী, খঙাল আৰু সুৰাশক্ত বৃদ্ধ, বৃদ্ধা আৰু চোৰ প্ৰকৃতিৰ দাস আদি। কিন্তু হাস্যৰসময় নাটকৰ অৰ্থত কমেডীৰ সন্ধান খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাতকৈ বেছি আগুৱাই নিব নোৱাৰি। কমেডী বা “কোম’ইডিয়া” শব্দটোৰ আক্ষৰিক অৰ্থ গ্ৰীক ভাষাত “পাৰ্টি (কম) গীত (-অইড-)”; অৰ্থাৎ কোনো এক পাৰ্টিত বা পাতলীয়া ধৰণৰ সমাবেশত তাত একগোট হোৱাসকলে গোৱা গীত, য’ত তেওঁলোকে দৰ্শক বা ৰাজহুৱা ব্যক্তিক জোকাইছিল, উপহাস কৰিছিল আৰু মূৰ্খ সজোৱাৰ দৰে আচৰণ কৰিছিল।

গতিকে গ্ৰীক ভাষাত হাস্য নাটৰ প্ৰণয়ন কৰা হৈছিল আৰম্ভণিৰ একক কথন, পেৰ’ড’ছ ( আৰম্ভণিৰ সমবেত সংগীত), এপিচ’ড আৰু কোৰাছৰ পৰ্যায়ক্ৰম ছন্দ আৰু এগ’নৰ (য’ত দুটা চৰিত্ৰই কোনো এটা বিষয়ত বিতৰ্ক কৰে) মাজেৰে। তাৰ পিছত কমেডীয়েও ট্ৰেজেডীৰ সাধাৰণ বৈশিষ্ট্যবোৰ ওলোটাকৈ প্ৰতিষ্ঠা কৰা আৰম্ভ কৰিলে। উদাহৰণস্বৰূপে, উচ্চ চৰিত্ৰসমূহক ভিত্তিচৰিত্ৰ কৰি লৈ পবিত্ৰ গীতবোৰক কুখ্যাত কোডাক্স নৃত্যৰ দৰে কামুক ষ্ট্ৰিপ-টিজলৈ ৰূপান্তৰিত কৰা হৈছিল। পুৰণি এথেন্সৰ কিছুমান কমেডী হ’ল: এৰিষ্ট’ফেনিছৰ দ্য ক্লাউডছ, নাইটছ, ফ্ৰগছ, ডাইঅ’নিছাছ, বাৰ্ডছ, লিডিয়ানছ, চিঅ’নিডছ, ইত্যাদি।

এথেন্সৰ এই ধাৰাটোৰ শেষৰজন মহান নাট্যকাৰ আছিল মেনাণ্ডাৰ। তেওঁৰ নাটকবোৰে প্ৰতিজন মানুহকে চুই গৈছিল আৰু জীৱন আৰু সমাজৰ ওপৰত চিন্তা-চৰ্চাৰ বাবে এইসমূহ আছিল অন্যতম শ্ৰেষ্ঠ বাহন।

ভাৰতত কমেডী (হাস্য)ৰ ধাৰণা পশ্চিমৰ ধাৰণাতকৈ বহুত বেলেগ। সুপ্ৰসিদ্ধ সূত্ৰকাৰ ভৰতমুনিয়ে বিবেচনা কৰে যে কমেডী (হাস্য) কেৱল কামোদ্দীপক (শৃংগাৰ)ৰ পৰাই উদ্ভৱ হৈছে (শৃংগাৰাদ্ধি ভৱেদ্ধাশ্য, -নাট্যশাস্ত্ৰ, ৬, ৪০)।

“হাস” মূলৰ পৰাই কমেডীৰ (প্ৰহসন) উৎপন্ন হৈছে। সেয়ে প্ৰহসনৰ উদ্দেশ্য হৈছে হাঁহিৰ উৎপন্ন কৰা। এইদৰে হাস্যৰ আৱেগে ইয়াত মূল আৱেগ গঠন কৰে। আচলতে প্ৰহসন হৈছে নাটকৰ আটাইতকৈ পুৰণি ৰূপ আৰু ভাৰতৰ নাট্যশাস্ত্ৰৰ আগতেও ইয়াৰ অস্তিত্ব আছিল। স্বৰ্গাধিপতি ইন্দ্ৰ আৰু তেওঁৰ পত্নী ইন্দ্ৰানীৰ মাজত হোৱা কথোপকথনৰ জৰিয়তে ঋক বেদত প্ৰহসনৰ কথা উল্লেখ কৰা হৈছে। কথোপকথনে হয়তো প্ৰহসনক নিখুঁত ৰূপ দিছিল। ভৰতৰ বক্তব্যৰ পৰা স্পষ্ট হয় যে প্ৰহসন হৈছে সংস্কৃত নাটকৰ ইতিহাসৰ আটাইতকৈ পুৰণি তথা জনপ্ৰিয় মঞ্চ বিকাশ প্ৰক্ৰিয়া। (সৰ্বলোকপ্ৰহসনাইৰ্বাধন্তে হাস্যাসংশ্ৰৈঃ–নাট্যশাস্ত্ৰ, XXXVI. ২৮)।

হাস্যৰসৰ এই ধ্ৰুপদী সূত্ৰক মূল আলম হিচাপে লৈ নিৰ্মাণ হৈছে অসংখ্য চলচ্চিত্ৰৰ। কোনোৱে সূত্ৰ অনুসৰণ কৰিছে, কোনোৱে নিজা শৈলীৰ সংমিশ্ৰণেৰে সৃষ্টি কৰিছে হাস্যৰসৰ মাজেৰে সমাজ তথা পৰিয়ালকেন্দ্ৰিক নানা সমস্যাক দাঙি ধৰা অসাধাৰণ স্ক্ৰীন ক্ৰাফটৰ। ২০১৮ বৰ্ষত নিৰ্মাণ হোৱা চলচ্চিত্ৰ “বধাই হো” (পৰিচালক: অমিত শৰ্মা) উৎকৃষ্ট কমেডী চলচ্চিত্ৰৰ এক অনুপম নিদৰ্শন, য’ত কোনো অশ্লীলতা, যৌনতাৰ উন্মুক্ত আচৰণ অবিহনেই পৰিচালকে মধ্যবিত্তীয় ভাৰতীয় পৰিয়াল এটিৰ এটা সূক্ষ্ম সমস্যা প্ৰতিষ্ঠা কৰিছে। পৰিয়ালটিৰ সদস্যসকল হ’ল: নকুল (আয়ুষ্মান খুৰানা), ৰেণী (চান্যা মালহোত্ৰা, নকুলৰ সহকৰ্মী তথা প্ৰেয়সী), জিতেন্দ্ৰ কৌশিক (গজৰাজ ৰাও, নকুলৰ পিতৃ), শ্ৰীমতী প্ৰীয়ম্বদা কৌশিক (নীনা গুপ্তা, নকুলৰ মাতৃ) আৰু আইতাকৰ ভূমিকাত অনন্য সুৰেখা চিক্ৰী।

“য়ে ভি কোই মাম্মী পাপা কি কৰনে কি চিজ হে?” ২৫ বছৰীয়া নকুলে এদিন হঠাতে গম পায় যে তেওঁৰ মাকে “এই বয়সত” পুনৰ গৰ্ভধাৰণ কৰিছে। স্বাভাবিকভাৱে চলি থকা পৰিয়ালটোলৈ হঠাতে এক অপমানজনক পৰিস্থিতি নামি আহে। তাতে মধ্যবিত্ত সমাজত এটা বয়সৰ পাছত পতি পত্নীৰ মাজৰ সহজ শাৰীৰিক সম্বন্ধক সুস্থ চকুৰে সাধাৰণতেই চোৱা নাযায়। সন্তান জন্ম দি ডাঙৰ-দীঘল কৰি পতি পত্নীৰ মাজত থকা সহজাত মানসিক শাৰীৰিক সম্বন্ধ এক যান্ত্ৰিক দৈনন্দিনতালৈ পৰ্য্যৱসিত হৈ পৰে। অথচ এই বয়সত, যেতিয়া সন্তান ডাঙৰ হয়, পিতৃ-মাতৃৰ পৰা আঁতৰি আহে, তেতিয়াই পতি পত্নীৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতাৰ প্ৰয়োজন অধিক হয়, যাতে কোনোৱে জীৱনৰ অতি পৰিপক্ক অৱস্থাত অকলশৰীয়া বা উপেক্ষিত অনুভৱ নকৰে। সুস্থ শাৰীৰিক সম্বন্ধই পতি পত্নীৰ সম্পৰ্ককো সুস্থ কৰি ৰাখে। এনেকৈ এদিন নকুলৰ মাতৃ গৰ্ভৱতী হয় আৰু খবৰটো জনা প্ৰত্যেকজনেই তেওঁলোকক উপহাস, ঠাট্টা, কটু কথা, নানা অশ্লীল কৌতুক আদিৰে জৰ্জৰিত কৰি তোলে। এই সমস্ত গহীন ঘটনাক পৰিচালকে এনে পৰিপক্ক আৰু দৃঢ় হাস্যৰে ফুটাই তুলিছে যে দৰ্শকে এক মুহূৰ্তৰ বাবেও চকু আঁতৰাই আনিব নোৱাৰে। তুলনামুলকভাৱে কম বাজেটত নিৰ্মিত “বধাই হো”ৰ ট্ৰেইলাৰত দেখুওৱা “মাম্মী পাপা কা মিশ্বেপ” কথাষাৰেই সমগ্ৰ চলচ্চিত্ৰখনৰ অসাধাৰণভাৱে হাস্য-ব্যঙ্গৰে ভৰা আঁহৰ কথা দৰ্শকক বুজাই দিয়ে। আয়ুষ্মান খুৰানাৰ এই কমেডী অৱতাৰ দেখি দৰ্শকে প্ৰথমে ভাবিব নোৱাৰিব যে এই একেজন অভিনেতাই “অন্ধাধুন”ৰ দৰে ছবিত, সম্পূৰ্ণ বেলেগ ধৰণৰ এটা চৰিত্ৰত ইমান শক্তিশালী অভিনয় কৰিছে। 

নকুলে যেতিয়া ৰেণীক বিয়া পতাৰ সিদ্ধান্ত লৈছিল, ঠিক সেই সময়তে মাকৰ এই পৰম অনাকাংক্ষিত খবৰে তেওঁক আন দহজনৰ দৰে লজ্জিত কৰি তুলিছিল, তেওঁৰ বন্ধু-বান্ধৱে তেওঁৰ গাড়ীৰ পাছফালে “বেবী অনবোৰ্ড”ৰ দৰে ঠাট্টাসূচক কথা লিখি থৈছিল, ৰেলৱেত টি টিৰ চাকৰি কৰা দেউতাকক পৰিয়াল পৰিজনে কৰা উপহাসৰ অন্ত নাছিল। কিন্তু মাক প্ৰীয়ম্বদাই কোনোপধ্যেই গৰ্ভৰ শিশুটিৰ গৰ্ভপাত কৰাবলৈ মান্তি নহ’ল। দিল্লীৰ পটভূমিত, অক্ষত ঘিলদিয়ালৰ শক্তিশালী চিত্ৰনাট্যৰে এই চলচ্চিত্ৰই আমাক বাসু চেটাৰ্জীৰ humane comedyলৈ লৈ যায়, য’ত মানৱীয় আবেগ অনুভূতিৰ সকলো দিশ উন্মোচন কৰাৰ ক্ষেত্ৰত “পৰিষ্কাৰ হাস্য”ৰ এক মুখ্য ভূমিকা থাকে। উদাহৰণস্বৰূপে চ্চোটি চি বাত, খত্তা মিঠা, ত্ৰীয়াচৰিত্ৰ ইত্যাদি। ফঁৰাচী চলচ্চিত্ৰ “লা পুলে”ৰ উদাহৰণো এই দিশত প্ৰযোজ্য, য’ত পৰিশীলিত হাস্যৰ মাজেৰে এটি সৰু পৰিয়ালৰ শিশু এটিৰ আবেগ অনুভূতিক প্ৰকাশ কৰা হয়। ২০১৭ বৰ্ষত মুক্তি পোৱা, আদ্ৰিয়ান মলিনা আৰু লী উনকৃকৰ চলচ্চিত্ৰ “ক’ক”য়েও প্ৰচুৰ হাস্য-ব্যংগৰ মাজেৰে দেখুৱাই পাৰিবাৰিক বান্ধোনৰ মহত্ত্বৰ কথা। উল্লেখযোগ্য যে ২০১৮ বৰ্ষত  “ক’ক” সন্মানিত হৈছিল দুটাকৈ একাডেমী বঁটাৰে।

চলচ্চিত্ৰত দেখুওৱা অনুসৰি ৰেণীৰ পৰিয়ালটোৰ সামাজিক অৱস্থান নকুলৰ পৰিয়ালটিতকৈ কিছু “উচ্চ”। ইতিমধ্যে ৰেণীৰ মাকে নকুলৰ মাতৃৰ গৰ্ভধাৰণৰ কথা গম পায় আৰু এদিন তেওঁৰ জন্মদিনৰ অনুষ্ঠানত তেওঁ ৰেণীক কৈ থকা কথা অলপ নকুলে শুনা পায়, যে নকুলৰ পৰিয়ালটো এনে এটা চাৰ্কাছ য’লৈ তেওঁৰ দৰে মানুহে টিকট নাকাটে, তেওঁলোকৰ “দৰে পৰিয়ালত এনে লজ্জাজনক কাণ্ড” কেতিয়াও নঘটে। 

“বধাই হো”ত এই সমগ্ৰ ঘটনাৱলীক এক ধনাত্মক গতি দিয়ে আইতাক, অৰ্থাৎ প্ৰীয়ম্বদাৰ শাহু মাক সুৰেখা চিক্ৰীয়ে। তেওঁ কয়, “পতি পত্নীৰ মাজত প্ৰেম থকাটো পাপ নেকি? পতি পত্নীয়ে একেখন কাঁহীৰ পৰা খাদ্য খালেই, ‘চেক্সী’ নোহোৱাকৈ সন্তান জন্ম হ’ব নোৱাৰে।” এই ছিৰিয়াছ শ্বটটোক এক হাস্যকৰ মাত্ৰা দিয়ে ওচৰতে থকা এজন সহায়কাৰীৰ সংলাপে, যেতিয়া তেওঁ কয়, “আম্মাজী, ৱো চেক্সী নেহি, চেক্স হোৱে হে”।

নীনা গুপ্তাই চলচ্চিত্ৰ আৰু টেলিভিছনত উজাৰি দিয়া তেওঁৰ অভিনয়ৰ সকলো বৈশিষ্ট্যপূৰ্ণ স্বাভাৱিক সহজতাৰে প্ৰিয়ম্বদাৰ চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ উপৰিও মন কৰিবলগীয়া যে তেওঁৰ figure physics কেনেকৈ ডিজাইন কৰা হৈছে আৰু তেওঁ কেনেকৈ অতি স্বাচ্ছন্দ্যৰে “বধাই হো”ত নিজকে কঢ়িয়াই নিছে। জীৱনৰ অভিজ্ঞতাই সুন্দৰকৈ ভৰাই থোৱা মমতাৰে ভৰা মুখ এখনত তেওঁৰ উজ্জ্বল সৌন্দৰ্য্যই দৰ্শকক তেওঁৰ প্ৰতি, তেওঁৰ পলমকৈ আহিবলগীয়া সন্তানটিৰ প্ৰতি কৌতুহলী আৰু শ্ৰদ্ধাশীল কৰি তোলে। গজৰাজ ৰাও তেওঁৰ মধ্যবিত্তীয় সংকোচেৰে সৈতে অথচ ৰোমাণ্টিক জীৱনসংগী হিচাপে ইমানেই বিশ্বাসযোগ্য, আৰু দুয়োকে একেলগে ইমানেই ভাল লাগে যে তেওঁলোকৰ মধুৰ ৰসায়নে কিংবদন্তি আমেৰিকান কান্ট্ৰী সংগীত শিল্পী ডন উইলিয়ামছে গোৱা ‘আই বিলিভ ইন ইউ’ৰ এই শাৰীকেইটা মনলৈ আনে: “But I believe in love / I believe in babies / I believe in Mom and Dad / I believe in you.”

কমেডী ড্ৰামা বুলিলে বহু চলচ্চিত্ৰত বহু অশ্লীল, যৌনগান্ধী, পৰস্পৰ বিৰোধী উপাদানৰ পয়োভৰ থাকে, ভাৰতীয় বা বিদেশী – যিয়েই নহওক। উদাহৰণস্বৰূপে হেই বেবী, মস্তি, হাউছফুল ইত্যাদি। কিন্তু “বধাই হো”ত বহু সুবিধা থকা স্বত্তেও পৰিচালকে এই ধাৰণাৰ আশ্ৰয় লোৱা নাই, বৰঞ্চ পৰিয়ালৰ সকলোৱে মিলি চাব পৰা এখন সংবেদনশীল, ছিৰিয়াছ অথচ প্ৰচুৰ হাস্য-ব্যাংগৰে ভৰা চলচ্চিত্ৰৰ নিৰ্মাণ কৰিছে, যাক মানৱীয় কমেডী বুলি একে আষাৰে ক’ব পৰা যায়। সমসাময়িক বলিউডৰ পৃথিৱীত চলি থকা একঘেয়ামী বহু ফিল্মৰ পৰা আঁতৰি, “পাৰিবাৰিক বান্ধোন”ৰ মূল্যবোধক উজলাই, “বধাই হো”য়ে কঢ়িয়াই আনিছিল হাস্য-ব্যংগ আৰু বিড়ম্বনাৰ মাজেৰে জীৱনৰ কিছু সূক্ষ্ম সত্য, ভাৰতীয় সমাজত “elderly couple”ৰ যৌন সম্পৰ্কৰ প্ৰতি সমাজৰ বৈষম্যমূলক দৃষ্টিভংগীৰ স্বৰূপ আৰু সংযত প্ৰেমৰ বহিৰ্প্ৰকাশ। অসাধাৰণ হৃষিকেশ মুখাৰ্জীৰ চলচ্চিত্ৰ গুদ্দী, আনন্দ, গোলমাল, চুপকে চুপকে, মিলী আদিয়ে যেনেকৈ মধ্যবিত্ত সমাজৰ বহু কঠোৰ কৰুণ কাহিনীক সংযত, অথচ “sharp and brilliant” কমেডিৰ যোগেৰে চেলুলয়ডত প্ৰতিষ্ঠা কৰিলে – যাক দৰ্শকে কাহানিও পাহৰিব নোৱাৰে, অমিত শৰ্মাৰ “বধাই হো” চলচ্চিত্ৰইও দীৰ্ঘম্যাদী হাস্যৰ আত্মাৰে চিত্ৰৰসিক দৰ্শকলৈ কঢ়িয়াই আনিলে শালীন হাস্যৰ বিশুদ্ধ শক্তি। 

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *