এবষ্ট্ৰেক্ট প্ৰেম -দীক্ষিতা বৰা
অধ্যায় এক :
অভিজ্ঞ হাতেৰে তুলিকা চলাই গৈছে পাৰ্থই। তাৰ তুলিকাৰ পৰশত ক্ষণে ক্ষণে ৰং সলাইছে সমুখৰ কেনভাচখনে। ওচৰতে থিয় হৈ চাই আছে অম্লানে। দুচকুত তাৰ অলেখ বিস্ময়। মানুহ কিছুমান আঁকিছে পাৰ্থই, আচৰিত মানুহ। ইখন মুখৰ চকু একোটা গৈ সিখন মুখৰ ওপৰত উঠিছে, চকুবোৰ যেন খোঁচমাৰি ওলাই গৈছে মুখৰ পৰিধি-পৰিসীমাৰ বাহিৰলৈ, একেখন মুখতে ভাগে ভাগে তিনি চাৰিটাকৈ ৰং। অলপ দিনৰ আগতেও ছবি এখন আঁকিছিল পাৰ্থই। কি আঁকিব সোধাত সি অম্লানক কৈছিল যে বৰষুণৰ এখন ছবি। বৰষুণত তিতা শাৰীৰ আচল আৰু মেলা চুলিকোছাৰে সেউজৰ মাজত ৰৈ থকা সুন্দৰী এগৰাকীৰ ছবি এখন চাম চাম বুলি ৰৈ থাকোঁতে অম্লানে দেখিছিল যে পাৰ্থৰ কেনভাচত সুন্দৰীৰ চিন মোকাম নাই, তাৰ ঠাইত আছে এদল মানুহৰ সমদল, তাকো পিঠি ফালৰ পৰা। ৰঙীণ ছাতি একোটা লৈ লৈ মানুহবোৰ গৈ আছে, বৰষুণত তিতি সিহঁত যেন গলি গৈছে, মিলি গৈছে ৰাস্তাৰ পানীত। পানী পৰি গলি যোৱা ছাতিকেইটা আৰু মানুহৰ পিঠি কেইখনত অম্লানে একো কলা বিচাৰি নাপালে। কিন্তু পাৰ্থই ক’লে সেয়া এবষ্ট্ৰেক্ট আৰ্ট।
“ই নিশ্চয় আকৌ সেই এবষ্ট্ৰেক্ট আৰ্ট বোলা বস্তুটোৱেই বনাইছে। এহঃ থ, মইনো কি বুজি পাম এইবোৰ।”
আমনি পাই আঁতৰি আহিল অম্লান। আহি নিজৰ বিছনাত উঠিল। প্ৰথমটো ক্লাছ আছে চাৰে ন বজাত, আৰু এতিয়া ‘মাত্ৰ’ আঠ বাজিছে। গতিকে এঘুমতি শুই ল’ব পৰা যায়। পাৰ্থৰ দৰে সেই ব্ৰহ্ম পুৱাতে উঠি লৈ ছবি আঁকি থকা কথাটোত সি এনেও কোনো যুক্তি বিচাৰি নাপায়। তেনেতে তাৰ চকুত পৰিল বিছনাৰ কাষতে থোৱা বাল্টিটোত। এক বাল্টি কাপোৰ তাত পৰহি মানৰ পৰাই ‘জীয়ন’ দি থোৱা আছে, মাকৰ ভাষাত। কাপোৰখিনি ধুই ল’ব লাগিছিল। কিন্তু এই সুন্দৰ ৰাতিপুৱাটো এইবোৰ তুচ্ছ কামত অপব্যয় কৰিব পাৰি জানো! ‘টোপনিৰ চিকুণ পুৱা’ বুলি চকু দুটা জপাই দিলে অম্লানে। অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ হোষ্টেলত তেতিয়াও দিনটোৰ বাবে হৈ চৈ বিলাক আৰম্ভ হোৱা নাই বৰকৈ।
ন বাজি যোৱাৰ পিছত খকমককৈ সাৰ পালে অম্লানে। ক্লাছলৈ ওলাবৰে হ’ল। কি পিন্ধিবনো চিন্তা কৰি ৰূমৰ ভিতৰত বান্ধি লোৱা ৰচীডালৰ পৰা চাৰ্ট এটা টানি আনিলে সি। যোৱা সপ্তাহত ‘মাত্ৰ তিনিদিন’ পিন্ধা, ‘চাফা’ই হৈ থকা চাৰ্ট সদ্যহতে সেইটোৱেই আছে, হওক লাগিলে এতিয়া আগষ্ট মাহৰ গেলা গৰম। আবেলি আহি কাপোৰখিনি ধুই পেলাবহি বুলি নিজকে সান্তনা এটা দি অম্লান ক্লাছলৈ বুলি ওলাই গ’ল।
ক্লাছ থকা বিল্ডিংটোৰ ওচৰ পাওঁতেই লগৰ এটাই দূৰৈৰ পৰাই অম্লানলৈ চাই হাত জোকাৰিলে। ল’ৰাটোৰ ওচৰত মানুহে জুম বান্ধি আছে, কিছুমান ল’ৰা ছোৱালী লগৰ, কিছুমান জুনিয়ৰ। অম্লানেও মুখত হাঁহি এটা ফুটাই, প্ৰতি সম্ভাষণ জনাই হাত জোকাৰিলে। “দ্য চ’ কল্ড চাহিত্যিক” মনতে ভোৰভোৰালে সি। ল’ৰাটোৱে কিবাকিবি সাহিত্য চৰ্চা কৰে, কবিতা গল্প লিখে, ৱাটচএপৰ ষ্টেটাছত সাহিত্য সমালোচনা লিখে। কিন্তু তাতকৈয়ো ডাঙৰ কথাটো হ’ল যে সি যি কৰে, সেয়া সকলোকে জনাই ফুৰে। এইটো কথাই অম্লানৰ সহ্য নহয় আচলতে। অৱশ্যে এটা কথা মানিব লাগিব, বাক চাতুৰ্য আৰু সংবেদনশীল ফেচবুক পোষ্টৰ জৰিয়তে সি ভালকৈয়ে এটা ফেন ফ’ল’ৱিং গঢ়ি তুলিছে। কোৱা বাহুল্য যে তাত ছোৱালীৰ সংখ্যাই অধিক। আজিও হয়তো সি কিবা এটা পোষ্ট কৰিছে, যিটোৰ কাৰণে তাৰ আশে পাশে মানুহৰ জুম। ক্লাছ ৰূম পোৱালৈ অম্লানে গম পালে যে, ‘যোৱা ৰাতি বৰপূজাৰীয়ে গল্প এটা লিখিছে ফেচবুকত, ইমান আচৰিত ধৰণৰ, লগৰ কোনেও সহজে ভাবি উলিয়াব নোৱৰা ধৰণে লিখিছে কাহিনীটো’… তাৰ কাৰণেই পুৱাই এই হৈ চৈ। মানুহৰ মুখে মুখে কথাবোৰ শুনি অম্লানৰো কৌতূহল হ’ল। ক্লাছৰ মাজতে ফেচবুকটো খুলি ল’লে, পঢ়ি পেলালে দীঘলীয়া গল্পটো। ‘ৱাহ বৰ বেলেগকৈ লিখিছে কিন্তু…’, সি ভাবিলে। কিন্তু অম্লানে মাজে মাজে খুলি চোৱা ফেচবুকৰ সাহিত্য গোটটোত বেলেগ বেলেগ সময়ত বেলেগ বেলেগ মানুহে লিখা গল্প দুটাৰ মুখ্য চৰিত্ৰবিলাক সি ইয়াত বিচাৰি পালে। কথাটো ঠিক বুজি নাপালেও অম্লানে তাক অভিনন্দন জনোৱাৰ কথা ভাবি পিছৰ ক্লাছটোৰ বাবে অৰ্চন বৰপূজাৰী, মানে সেই গল্প লিখা ল’ৰাটোৰ লগতে বহিবলৈ গ’ল।
: বৰ সাংঘাতিক গল্প লিখিছাহে বৰপূজাৰী,
অৰ্চন বৰপূজাৰীক সি ক’লে। “কিন্তু এই যে ওপৰতে হেশ্বটেগ এবষ্ট্ৰেক্ট গল্প বুলি দিলা, সেইটো মানে কি হে?”
মাতটো যথা সাধ্য সৰু কৰি বৰপূজাৰীয়ে উত্তৰ দিলে,
: তাৰ আচল মানেটো বিচাৰিবলৈ যোৱাৰ প্ৰয়োজন নাই আচলতে বুইছা। দুই তিনিটা গল্প মিলাই, তাৰ চৰিত্ৰ বিলাকক একেলগ কৰি মিলাই দিলেই হ’ল, সহজ ভাষাত এইটোৱেই আৰু এবষ্ট্ৰেক্ট গল্প।
: অ’ ৱাউ, হোৱাট এ কনচেপ্ট!
অম্লানে ক’লে।
“বেটা, তই ইমানৰে চাহিত্যিক বুলি মই জানিছিলোঁৱেই।” ভোৰভোৰনিটো অম্লানৰ মনতে থাকিল।
এম.টেকৰ ষ্টুডেণ্ট অম্লানহঁত, জুনিয়ৰখিনিৰ ক্লাছ কৰিব লাগে, পৰীক্ষাৰ বহি চাব লাগে, লেবৰেটৰীত কাম কৰিব লাগে। আগতে অৱশ্যে মনে মনে প্ৰফেছাৰক গালি পাৰি পাৰি সি এইবোৰ কাম কৰিছিল। কিন্তু বি.টেক ছেকেণ্ড ইয়েৰত লোৱা সেই বিশেষ ক্লাছটোৰ পিছৰ পৰাই কথাবোৰ সলনি হৈ গ’ল। সলসলীয়াকৈ জনা কথাবোৰো সেইদিনা বুজাবলৈ লওঁতে খোকোজা লাগিল তাৰ। পকা সুমথিৰা যেন মুখৰ বৰণেৰে, চৌদিশে সোণালী আভা বিয়পাই সেইদিনা সমুখতে বহি আছিল তাই। কেম্পাচত আগতে কেতিয়াও চকুত নপৰাকৈ কেনেকৈ আছিল বাৰু এই ছোৱালীজনী! আজিও তাইলৈকে মনত পেলাই লৰালৰিকৈ সিহঁতৰ ক্লাছটোলৈ বুলি খোজ আগবঢ়ালে অম্লানে।
দিনবোৰ গৈ থাকিল, ক্লাছবোৰ চলি থাকিল। নতুন চেমিষ্টাৰত আকৌ সেই সোণালী আভা বিয়পাই তাই আহি থাকিল, অম্লানে সিহঁতক বিজুলী শক্তিৰ গতিৰ কথাবোৰ ব’ৰ্ডত কাঁড়চিন দি আঁকি আঁকি বুজাই থাকিল। কিন্তু তাইৰ গভীৰ ক’লা দুচকুৰ দৃষ্টিয়ে যে কাঁড়ৰ দৰে তাৰ কলিজা হানি ধৰিছে, সেইটো কথাহে সি তাইক খুলি ক’ব পৰা নাই।
“এইক্ষেত্ৰত বৰপূজাৰীৰে সহায় ল’ব লাগিব” এদিন নিশা হোষ্টেলৰ চাদত বহি বহি অম্লানে ভাবিলে। পিছদিনাই বৰপূজাৰীক লগ কৰি সি তাৰ মনৰ কথাবোৰ কৈ পেলালে।
বৰপূজাৰী যিহেতু সাহিত্য চৰ্চাৰ লগত জড়িত মানুহ, গতিকে ছোৱালীজনীলৈ বুলি অম্লানৰ মনৰ কথাখিনিৰে সুন্দৰকৈ চিঠি এখন লিখি দিবলৈ অনুৰোধ জনালে। কিন্তু ছোৱালীজনী নহ’লেও অন্ততঃ তাইৰ ফটো এখনো নেদেখাকৈ অৰ্চন বৰপূজাৰীয়ে হেনো চিঠিখন লিখিব নোৱাৰিব। অগত্যা অম্লানে তাইৰ ৱাটচএপৰ ডিপিখন তাক দেখুৱালে। ‘বৰপূজাৰী… প্ৰেম পূজাৰী’ বুলি চ’ছিয়েল মেডিয়া একাউণ্টৰ বায়’ত লিখি থোৱা ল’ৰাটোক অম্লানে তাইৰ ফটোখন দেখুৱাবলৈ ইচ্ছা কৰা নাছিল, পিচে উপায়ন্তৰ হৈ হে…।
“হ’ব দিয়া, লিখি দিম। টেনচন নল’বা।” ভাবলেশহীন মুখেৰে বৰপূজাৰীয়ে ক’লে। তাৰ নিৰুদ্বেগ মুখলৈ চাইহে অম্লানে স্বস্তিৰ নিশাহ এৰিলে।
অধ্যায় দুই :
সন্ধিয়াৰ প্ৰায়-অন্ধকাৰ বেলকনিখনত অকলে বহি ডাঠ গাখীৰ চাহ একাপৰ আমেজ লৈ আছে কইলতা দাই। সচৰাচৰ আবেলি পৰতে ফুলনি বাগিচাখনত বহি তেওঁ গোলাপী চাহ একাপ খাই যদিও আজি অসময়ত অহা আবেলিৰ টোপনিটোৰ কাৰণেই চাহকাপ খোৱা পলম হৈছে। দিনটোৰ পৰিশ্ৰমৰ অন্তত এইকণ তেওঁৰ আছুতীয়া একাকী বিলাস। গধূলিৰ দবা কোবাইছে গাঁৱৰ নামঘৰত। কাপটো থৈ কইলতা দাই পূবফালে চাই দুইহাত জোৰ কৰি কপালত লগাই দীঘলীয়াকৈ সেৱা কৰিলে। জীৱনত যি পাইছে, যিমান উদ্গতিৰ পথ দেখিছে, সকলো সেই নেদেখাজনৰে লীলা। গতিকে ঈশ্বৰত তেওঁৰ ভাব ভক্তি অগাধ। সন্ধিয়াটো গাঢ় হৈ আহিল। কিন্তু আন্ধাৰ হোৱা নাই বাহিৰখন। আজি পূৰ্ণিমা, কথাটো ভাবোঁতেই কইলতা দাৰ মনতো ন-জোন এটা উজ্বলি উঠিল। ঘৰখন আজি উদং হৈ আছে, পৰিয়ালৰ মানুহবোৰ কইলতাৰ ভনীয়েকৰ ঘৰলৈ গ’ল, কাইলৈ ভাগিনীজনীৰ জন্মদিন। কইলতা কাইলৈ পুৱাই যাব। গধুৰ দায়িত্ববোৰ আনৰ ওপৰত এৰি যাওঁ বুলিয়েই গুচি যাবলৈ টান। লাইট নজ্বলোৱাকৈ জোনৰ পোহৰতে বহি বহি সেই নিঃসংগ সন্ধিয়া আন এটা পূৰ্ণিমাৰ ৰাতিলৈ মনত পেলালে কইলতাই।
দৰঙৰ যুৱ চামৰ মাজত কইলতা দা এতিয়া এজন একেবাৰে জনাজাত আৰু জনপ্ৰিয় ব্যক্তি। নিজৰ পৰিশ্ৰম আৰু চেষ্টাৰ বলত মাটিৰ পৰা আকাশলৈ উঠা মানুহ তেওঁ, আন বহুতকে দেখুৱাইছে আশাৰ বাট। গাঁৱত থকা বাৰী মাটিখিনিতে কল বাগান এখন খুলি সৰুকৈ ব্যৱসায় আৰম্ভ কৰা কইলতাই নিজৰ ব্যৱসায়ত ৰখা সততাৰ বাবেই কম সময়তে যথেষ্ট আগবাঢ়িল। বিভিন্ন ঠাইত খুলিলে কলৰ বাগান। কল তথা কল গছৰ পৰা বিভিন্ন সামগ্ৰী বনোৱা উদ্যোগবোৰত কেঁচামাল যোগানৰ বাবে দৰঙীয়া কইলতাৰ কল বাগান হ’ল উদ্যোগপতি সকলৰ প্ৰথম পছন্দ। ৰাজ্যখনৰ আটাইবোৰ বজাৰতে কইলতাৰ বাগানৰ কলৰ থোক উপলব্ধ হোৱাৰ উপৰিও দেশৰ আটাইবোৰ ৰাজ্যৰে মুখ্য বজাৰ সমূহত পোৱা যায় কইলতাৰ বাগানৰ হলমাৰ্ক যুক্ত কলৰ আখি। আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ কলক বিশেষ মান সম্পন্ন হিচাপে স্বীকৃতি দিয়াত কইলতাৰ অৱদান অতি বিশেষ।
কেইবছৰমানৰ আগৰ কথা। কইলতাৰ বাগানৰ নাম তেতিয়া দেশৰ ফলৰ বজাৰখনত ঠিক প্ৰতিষ্ঠিত হ’বলৈ লৈছে। তাৰ পিছতে কইলতাই চিন্তা কৰিছিল আন্তঃৰাষ্ট্ৰীয় বজাৰখনৰ কথা। সেই বিষয়ত জ্ঞান অৰ্জনৰ বাবে কইলতাই তেতিয়া অসমৰ বহু কেইজন চাহ ব্যৱসায়ী আৰু চাহ বাগানৰ মালিকৰ লগত যোগাযোগ কৰিছিল, শিকি আছিল আন্তঃৰাষ্ট্ৰীয় বজাৰত পৰিচয় গঢ়াৰ ফৰ্মূলা। ফলশ্ৰুতিত, পুঁজিপতি চাহ ব্যৱসায়ীৰ সমাজত দৰঙীয়া কইলতাও এজন চিনাকি ব্যক্তি হৈ পৰিছিল। অসমত নতুনকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰ এখনৰ কথা কলৰ জড়িয়তে গঢ়ি তোলাৰ চেষ্টা কৰি থকাৰ বাবে কইলতা তেতিয়া ব্যৱসায়ী সমাজৰ প্ৰশংসাৰ পাত্ৰ। সেই তেতিয়াৰ দিনৰে কথা। বাগানৰ ক্লাৱঘৰত এটা সুন্দৰ পাৰ্টিৰ আয়োজন হৈছিল। মুখ্য বিষয়ববীয়া সকলো সপৰিয়ালে আহিছিল। তাতেই কইলতাৰ চিনাকি হৈছিল বাগানৰ মেনেজাৰজনৰ জীয়েকৰ লগত। কি সৌন্দৰ্য সেই যুৱতীৰ। ভীমকল পাতৰ থোৰটোৰ দৰে পাতলীয়া সতেজ বৰণ। অমৃতসাগৰ কলৰ দৰে মৌ বৰষা সেই মাত। ক্লাৱঘৰৰ বাৰাণ্ডাত ৰৈ ভীমকলৰ চৰৱত এগিলাচ লাহে লাহে পি খাই আছিল কইলতাই। তেওঁৰ বুকুত যেন লাহে লাহে চিফুঙৰ সুৰ এটা বাজি উঠিছিল। আজন্ম ওজাপালিৰ সুৰৰ মাজত জী থকা কইলতাৰ বাবে সেই অনুভৱ আছিল একেবাৰে নতুন। বাহিৰত আকাশত তেতিয়া জোন জ্বলিছিল, ক্লাৱঘৰৰ মজিয়াত জিলিকিছিল আন এটা জোন। দূৰদৰ্শী কল ব্যৱসায়ী এজনৰ গাম্ভীৰ্য এৰি কইলতাৰ মন গৈছিল সেই যুৱতীৰ আগত এজন সাধাৰণ প্ৰেমিক ডেকাৰ ৰূপত কথা পাতিবলৈ। ফাগুন মহীয়া আবেলি বাগানৰ মাজে মাজে দুয়ো একেলগে খোজকাঢ়ি যাব, কইলতাই তাইক যেন ক’ব “ভীমকল গছ কেইডালৰ গুৰিটোৰ দৰে গপচ হৈ ৰওক আমাৰ এই প্ৰেম। ফাগুনৰ শুকান পাতবোৰ এৰি আমিও বসন্তৰ সপোন দেখোঁ আহা। জেঠ মহীয়া নামঘৰৰ বাৰ্ষিক সেৱা সবাহৰ বাবে মই কলখিনি আগবঢ়াম। ৰাইজৰ সেই আশীৰ্বাদ লৈ আমি একেলগে জীৱনৰ বাটত খোজ পেলাম। তাৰ পিছৰ বাৰিষাত পোটনিজানৰ কাষৰ কল বাগানখনলৈ গৈ একেলগে উজানৰ খলিহনা মাছ ধৰিম।”
ক’ম ক’ম বুলিও কথা কিছুমান নোকোৱাকৈ থাকি যায় কইলতাৰ। চেমিষ্টাৰ ব্ৰেকৰ শেষত ছোৱালীজনী হোষ্টেললৈ উভতি যায়। পিছৰবাৰ তাইক লগ পোৱালৈ কইলতাৰ বাগানৰ কলপুলি বিলাক ডাঙৰ হৈ কলডিল ওলায়।
অধ্যায় তিনি :
নিজাকৈ প্ৰেমপত্ৰ এখন লিখাৰ চেষ্টা কৰি থকাৰ বাবেই আজিকালি অম্লানৰ সাহিত্যৰ ক্ষেত্ৰত ৰাপ বাঢ়িছে। আনৰ সহায় নোলোৱাকৈ সেই সোণালী আভা বিয়পি থকা ছোৱালীজনীৰ বাবে কেৱল নিজাকৈ কিবা এটা লিখিবলৈ বুলি তাৰ হেঁপাহটো বাঢ়ি আহিছে। কিতাপ পঢ়াৰ উপৰিও সেয়ে ফেচবুকৰ সাহিত্য গোট কিছুমানত সক্ৰিয় হৈ পৰিছে অম্লান। ডিজিটেল মাধ্যমতে চিনাকি হৈছে বহু কেইজন ব্যক্তিৰ লগত। ভিন্ন বৃত্তিৰ, ভিন্ন বয়সৰ, ভিন্ন চিন্তাৰ মানুহৰ ভাব চিন্তাবোৰ পঢ়ি অম্লানৰ কলমটোৱেও অকণ অকণকৈ গতি কৰিবলৈ লৈছে। বন্ধত ঘৰলৈ যাওঁতে পেটৰ অসুখ হৈছিল অম্লানৰ। তাৰ বাবে মাকে পিটিকা বনাই দিয়া কাচ কলটোৱে তাৰ পেট সুস্থ কৰিবলৈ সহায় কৰাত কলটোৰ প্ৰতি নিজৰ কৃতজ্ঞতা জ্ঞাপন কৰি ফেচবুক গোট এটাত একলম লিখিছিল অম্লানে। মানুহবোৰে তাৰ প্ৰথম প্ৰচেষ্টাৰ যথেষ্ট শলাগ লৈছিল। নতুনকৈ চিনাকিও হৈছিল দুই এজন। তাৰে এজন আছিল কবি, ৰূপকধৰ্মী কবিতা লিখে তেওঁ। তেওঁৰ কবিতাত থাকে প্ৰেমৰ লগতে ভৱিষ্যতৰ সপোন। এতিয়া তেখেত এজন ধনী মানী মানুহ যদিও পূৰ্বৰ সাধাৰণ অৱস্থাটোক তেওঁ পাহৰি যোৱা নাই, অৱমাননাও কৰা নাই। প্ৰেয়সীৰ প্ৰতি কেতিয়াবা তেওঁ কবিতাৰে আবেদন জনাই যে দুয়ো ইটোৱে সিটোৰ আঙুলিবোৰকে পিন্ধিব, কাৰণে কবি যে দৰিদ্ৰ, সোণৰ কেৰু আঙঠি গঢ়াই দিবলৈ তেওঁৰ ইমান ধন নাই। হওক লাগিলে কবিজন এতিয়া পুঁজিপতি ব্যৱসায়ী, কিন্তু পাহৰি যোৱা নাই নিজৰ অতীতক। ল’ৰাজন বৰ ভাল লাগিল অম্লানৰ, চা চিনাকি হ’ল ভালকৈ। তেখেত এজন নামী ব্যৱসায়ী, দৰঙত ঘৰ। ফেচবুকৰ পাতৰ পৰা ৱাটচএপলৈকে বন্ধুত্ব বাঢ়ি আহিল দুয়োৰে।
———
সেই যে এটা জোনৰ আভালৈ মনত পেলাই অকলে বহি থকা পূৰ্ণিমাৰ সন্ধিয়াটো, তাৰ পিছৰে পৰাই ছোৱালীজনীলৈ সঘনাই মনত পৰি থাকিবলৈ ল’লে কইলতাৰ। তাৰ কাৰণ এটাও অৱশ্যে নথকা নহয়। কইলতাই কবিতা লিখা ফেচবুক গোট এটাত ল’ৰা এজনৰ লগত চিনাকি হৈছে তেওঁৰ। মহানগৰীত থাকি পঢ়ি এজন সু-অভিযন্তা হ’বলৈ গৈ আছে ল’ৰাটো, তাৰ সাহিত্যৰ প্ৰতি বৰ ৰাপ। দৰঙীয়া দাদা বুলি বৰ আদৰেৰে মাতষাৰ দিয়ে। কিন্তু তাৰ সাহিত্য-প্ৰীতিৰ অন্তৰ্নিহিত কাৰণটোৱেহে আৰু অধিক আকৃষ্ট কৰিছে কইলতাক। নিজৰ সপোন কুঁৱৰীৰ বাবে সি লিখিব বিচাৰে এখন নীলা খামৰ চিঠি, আজীৱন সযতনে ৰাখিব পৰাকৈ, হৃদয়ৰ সমস্ত আবেগ ঢালি লিখা এখন বিশেষ চিঠি। যিমানেই আঁতৰৰ মানুহ নহওক, সেই একেই প্ৰেমিক হৃদয়। গতিকেই তাৰ লগত ভালকৈয়ে দোষ্টি হ’ল কইলতাৰ, আৰু কথোপকথনৰ মাজত কৈ দিলে গুপুতে ৰখা হৃদয়ৰ কথা।
———–
দৰঙত আৰু গুৱাহাটীত, কল বাগানত আৰু ক্লাছ ৰূমত… দুটা প্ৰেমিক পক্ষী উৰি থাকিল নিজৰ নিজৰ ভাগে, নিজৰ নিজৰ আকাশত। কিন্তু কিমান দিনলৈ সেই মন বিহংগৰ মুক্ত বিচৰণ? যেতিয়ালৈকে ফাদিল নহ’ল যে দুয়োটা পক্ষীয়ে উৰি থকা আকাশ আচলতে একেখনেই। অম্লানৰ সেইদিনা মনত পৰিল ৰূমমেট পাৰ্থই অঁকা এবষ্ট্ৰেক্ট আৰ্ট কৰা পেইণ্টিংখনলৈ, চকু নাকবোৰ কোনোফালে খোচ মাৰি ওলাই গৈছে মুখমণ্ডলৰ পৰিসীমাৰ পৰা, এখন মুখৰ চকু গৈ আন এখনত উঠিছেগৈ, মুখবোৰ এখন আনখনৰ পৰা পৃথক কৰা কঠিন।
পৰিশেষ :
এটা নিৰ্দিষ্ট শুভদিনত নিজ নিজ সপোন কুঁৱৰীৰ ফটো এখন এখন ইটোৱে আনটোক দেখুৱাব বুলি ঠিক কৰিছিল অম্লান আৰু কইলতাই। কিন্তু দিনটো তেতিয়াহে অশুভ হ’ল, যেতিয়া দুয়োফালৰ পৰা ফটো একেখনেই আহিল। প্ৰথমে দুয়ো ভাবি উলিয়াব নোৱাৰিলে কি কৰা যায়। চিন্তাত যেন পাৰ নহ’ব দিন ৰাতি। হোষ্টেলৰ আলমাৰীত থকা আটাইবোৰ কাপোৰ ধুই শুকুৱাই পেলালে অম্লানে। কইলতাই ভাতৰ পাটত বহি বাতিতে এৰি আহিল ৰৌমাছেৰে ৰন্ধা কলডিলৰ জোল। দীৰ্ঘদিনীয়া চিন্তা আৰু আলোচনাৰ অন্তত দুয়ো থিৰাং কৰিলে যে সিহঁত দুয়ো নিজৰ মাজত শত্ৰুতা নকৰে। প্ৰেমৰ মহানতা হেনো ত্যাগতহে আছে… দুয়ো এই কথা মানি ল’লে। সিহঁতে সিদ্ধান্ত কৰিলে যে দুয়ো নিজ নিজ জগতত নিজৰ ধৰণে চলাই থাকিব প্ৰেমৰ সাধনা, শেষ বিচাৰ ভাগ্যৰ হাতত, শেষত দুয়ো নিৰ্বিবাদে মানি ল’ব যিয়েই হয় সেই সুন্দৰীৰ পচন্দ। কিন্তু বেচেৰাহঁতে তেতিয়ালৈকে জনা নাছিল যে সাহিত্যৰ গোটত সোমাই প্ৰেমৰ সাধনা কৰিবলৈ যোৱাটোত সিহঁতৰ ‘নেভিগেশ্যন’ৰ ভুল আছিল। সঠিক দিশ নিৰ্ণয় কৰিব জনা মানুহে তেতিয়ালৈ সেই গভীৰ ক’লা দুচকুৰ গভীৰতাত ডুবি সেই প্ৰেমৰ পূজাৰী হৈ উঠিছিল।
———-
আজি তাইৰ জন্মদিন। বাগিচাত বহি আবেলিৰ চাহকাপ খাই থাকোঁতে কইলতাৰ মনত পৰিল। ম’বাইলটো খুলি ফেচবুকত বিচাৰি চালে তাইক। নতুনকৈ আপলোড কৰা হৈছে এখন ফটো, ল’ৰা এটাৰ লগত। “অৱশেষত তেন্তে ইয়াৰে ভাগ্য সুপ্ৰসন্ন হ’ল!” দীঘলীয়া হুমুনিয়াহ এটা এৰি কইলতাই ভাবিলে।
সেই একে সময়তে অফিচৰ পৰা আহি জিৰাবৰ পৰত অম্লানেও বহু দিনৰ মূৰত তাইৰ একাউণ্টটো উলিয়াই ল’লে। ফটো দেখি তাৰ চকু কপালত উঠিল। অৰ্চন বৰপূজাৰীৰ লগত উঠা এখন ফটো তাই দি থৈছে। অম্লানৰ কাণৰ কাষত বাজিল বৰপূজাৰীৰ মাতটো… “আচল মানেটো বিচাৰিবলৈ যোৱাৰ প্ৰয়োজন নাই আচলতে বুইছা। দুই তিনিটা গল্প মিলাই, তাৰ চৰিত্ৰ বিলাকক একেলগ কৰি মিলাই দিলেই হ’ল।” তেন্তে…… তেন্তে এয়া এবষ্ট্ৰেক্ট প্ৰেম নেকি ? বৰপূজাৰী প্ৰেম পূজাৰীৰ এবষ্ট্ৰেক্ট প্ৰেম।
☆ ★ ☆ ★ ☆
2:52 pm
বৰা ডাঙৰীয়ানীয়ে এচাট লিখিলে আৰু দেই। উফ! একদম দিল গহ্বৰ ফুটি গৈছে।
6:54 pm
আপোনাৰ প্ৰশংসাৰ বাবে ধন্যবাদ জনালোঁ কলিতা ডাঙৰীয়া।
8:05 pm
তামাম৷ মূল চৰিত্ৰ দুটায়ে শেষলৈকে লেখাটোত দপদপাই থাকিল৷
8:40 pm
খুউব ধুনীয়া
7:16 pm
বৰ সুন্দৰ লেখা এটা পঢ়িলোঁ
8:57 am
বাপা ঐ