ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা

দেৱজিৎ দাৰ ফোন আহিল বিহুৰ কেইদিনমান পাছতে। “এইবাৰৰ সম্পাদক তুমি” বুলি কোৱাৰ লগে লগে মনলৈ আহিল ইমান গধূৰ দায়িত্ব পাৰিম জানো। প্ৰশ্নটো মনৰ পৰা সিফালে কেনেকৈ গম পালে নাজানো। লগে লগে অভয় বাণী “তুমি চিন্তা নকৰিবা আমি সকলো আছোঁ”। এই ফটাঢোলৰ আমি শব্দৰ ওপৰত মোৰ গভীৰ আস্থা। গোটে আত্মপ্রকাশ কৰিয়েই ২০১৭ৰ বান সাহাৰ্যৰ পৰা আজিলৈকে পোৱা গঢ় লোৱা আস্থা। 

জুন সংখ্যাৰ সম্পাদকৰ দায়িত্ব দিয়া বুলি ঘোষণা হোৱাৰ লগে লগে সমূহ জ্যেষ্ঠসকলৰ আশীর্বাদ আৰু শুভকামনা পোৱাৰ লগে লগে মনলৈ আৰু সাহস আহিল। নেপথ্যৰ এই সুধীবৃন্দক মই প্ৰতিবাৰেই আলোচনীৰ প্ৰকাশৰ সময়ত ধন্যবাদ জনাওঁ, এতিয়া প্ৰকাশ্যে পাই অধিক ভাল লাগিল। 

সকলোৱে বহুমূলীয়া সময়ৰ মাজতে সময় উলিয়াই লিখা পঠালে। সকলো লিখকলৈ মোৰ সশ্রদ্ধ প্ৰণাম। বানান টীমৰ সকলে সদায় বানান চাই দিয়ে, বিভিন্নজনে খবৰ কৰে লিখা আহিছেনে, কিবা সমস্যা পাইছা নেকি ইত্যাদি। 

অনুভৱ কৰিলোঁ লিখা অহাৰ লগে লগে প্ৰণীতা বা, দেবজিৎ দা, ৰিমঝিম বা আৰু অৰবিন্দ দা, লেখক বা লেখিকা আমি সকলোৱে এক পৰিয়াল হৈ পৰোঁ। ঘৰ ফটাঢোল য’ত আপোনালোক সকলো বিদ্যমান। পৰিস্মিতাবাৰ পিতৃবিয়োগৰ খবৰে মনত বৰ শোক দিলে। তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ। 

সাক্ষাৎকাৰৰ বাবে বহুতৰ মতক প্ৰাধান্য দি ৰথীন্দ্ৰনাথ গোস্বামীদেৱৰ নাম ভবা হ’ল। ব্যস্ততা ভৰা সংসাৰৰ মাজৰ পৰা কাবেৰী  মহন্তবাইদেৱে সাক্ষাৎকাৰ গ্রহণ কৰি দিয়াৰ বাবে সশ্রদ্ধ প্ৰণাম। দিগন্ত ভট্টাচার্যদাই বেনাৰৰ অলংকৰণৰ দায়িত্ব ল’লে। আপোনাৰ ওচৰত কৃতজ্ঞ হৈ ৰ’লোঁ দাদা। চন্দন বড়িদাই কাৰিকৰী দিশত সহায় কৰি বহু সময় প্ৰদান কৰিলে। অশেষ ধন্যবাদ আপোনালোকক।

 

চিনাকি পৰিচিতিৰ বাবে দেবজিৎ দাই কৈছিল “পুৰণি নীৰৱ সাধক এজনৰ পৰিচিতি আনা, দায়িত্ব তোমাৰ, হাস্য-ব্যংগ সাহিত্যৰ সৈতে সম্পর্ক থকা হ’লে ভাল হয়”। প্রথম মোৰ মনলৈ আহিছিল লিমাৰিকৰ এক নতুন নামকৰণ কৰি আপদীয়া পদ্য নাম দিয়া ড° প্ৰবীণ শইকীয়া ছাৰৰ নাম। মোৰ ভাতৃপ্রতীম শংকল দত্তৰ অৰ্কিডৰ হবি আৰু সাধনাই তেখেতৰ লগত ঘৰুৱা সম্পৰ্ক গঢ়িছিল। তাৰ উৎসাহতেই ছাৰৰ ঘৰলৈ গ’লোঁ। আমাৰ আলোচনী আৰু গোটৰ তেওঁ প্ৰশংসা কৰিলে আৰু সকলো তথ্য দিলে। শংকল দত্তলৈ মোৰ অশেষ ধন্যবাদ।

প্ৰণীতা বা, মই গোটত লিমাৰিক লিখাৰ পৰা মোৰ বাবে, হেমেন ডেকাদা আদি বহুতৰ বাবে অনুপ্ৰেৰণা আৰু সাহসৰ আকৰ। হেমন্ত ককতি দা ৰিন্টুদা, দিগন্তদা, অভিজিৎ দা,  নীলাক্ষীবা, কমলা বাইদেউ, বিজয় দা, ভাস্কৰদা আপোনালোকৰ অভিভাবকত্বত কিমান দূৰ সফল হৈছোঁ সেয়া অজ্ঞাত। যদি আগতকৈ কিবা ক্ষেত্রত বা কোনোবা অংশত সকলো সদস্যৰ আশাতকৈ  কম হৈছে সেয়াও মই সহৃদয়তাৰে গ্ৰহণ কৰিম। 

দেবজিৎ দাক ধন্যবাদ জ্ঞাপন কি দৰে কৰিম ভাবি পোৱা নাই। আপুনি আমাৰ সাহস। আপোনাৰ দিক দৰ্শন নাপালে মই হয়তু ভবা কিঞ্চিতকণো সেৱা এই আলোচনীলৈ  আগবঢ়াব নোৱাৰিলোহেঁতেন। 

সদায় কামনা কৰিম যে এই গোটৰ ন-পুৰণি সকলো সদস্য, জ্যেষ্ঠজনৰ আশীর্বাদ আৰু সকলোৰে সক্রিয়তা, সাহিত্য-চৰ্চাৰ এই অনুৰাগ, ভাতৃত্ববোধ, সম্প্ৰীতি সদায় বৈ থাকক। আলোচনী প্ৰকাশৰ সময়ত লিখা এষাৰ কথা সদায় মনত ৰাখোঁ “অসমীয়া ভাষাৰ হাস্য-ব্যংগ সাহিত্যৰ ইতিহাসত ফটাঢোলৰ অৱদান যেন জিলিকি থাকিব পৰা হয় “।

ধনজিৎ বৰুৱা

সম্পাদক

ফটাঢোল ই আলোচনী,

ষষ্ঠ বৰ্ষ, তৃতীয় সংখ্যা

6 Comments

  • মানসী

    ভাল লাগিল কথাখিনি

    Reply
  • তোমালৈ আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনালোঁ। এখন সুন্দৰ আলোচনী নিয়াৰিকৈ সম্পাদনা কৰি গোটক উপহাৰ দিলা। কথাখিনিয়ে মন ভৰালে।

    Reply
  • Arabinda Goswami

    তোমালৈ আন্তৰিক ধন্যবাদ আৰু অভিনন্দন।
    অলপ অলপকৈ সম্পূৰ্ণ আলোচনীখন পঢ়িম।
    ‘ফটাঢোল আলোচনী টিম’ৰ সৈতে কাম কৰাৰ এক সুকীয়া আনন্দ আছে।’সংখ্যাটোৰ আঁৰৰ কথা’ পঢ়ি ভাল লাগিল।

    Reply
  • ৰিণ্টু

    আন্তৰিক ধন্যবাদ আৰু অভিনন্দন ধনজিত

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *