ফটাঢোল

ভাওনাৰ মাজৰ ভেকোভাওনা বা ফুচুৰী কালক্ৰমত হেৰাই যোৱা এক ধাৰা-ধনজিৎ বৰুৱা 

সত্ৰীয়া শৈলীৰ ভাওনাত বা সত্ৰৰ চাৰিবেৰৰ  অনুশাসনৰ মাজত যদিও ইয়াৰ প্ৰচলন নাছিল কিন্তু সাধাৰণতে প্ৰায় সকলো গাঁৱতে দেখা পাওঁ ভাওনাৰ মাজত ওলোৱা চহা গঞা  ৰাইজৰ দ্বাৰা পৰিৱেশিত “ভেকোভাওনা” বা “ফুচুৰী”। এতিয়াও কোনো লক্ষ্য আগত ৰাখি কোনো কৰ্ম সম্পাদন কৰাৰ পাছত বিফল হ’লে সমগ্র প্ৰক্ৰিয়াটো “ভেকোভাওনা  হ’ল” বুলি টিপ্পনী কৰা দেখা যায়। ৰাইজৰ স্থানীয় শিল্পীৰ দ্বাৰা কোনো চৰিত্ৰৰ ৰূপসজ্জা সম্পূর্ণ নহ’লে বা ৰাইজৰ মনোৰঞ্জন বা আন বিষয়ৰ সময়ৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি এই ধৰণৰ ফুচুৰী বা হাস্য-ব্যংগ অভিনয়ৰে ক্ষন্তেকৰ বাবে হাস্যৰস প্ৰদান কৰা হয়। 

ইয়াত থাকে সমসাময়িক ঘটনা প্ৰবাহ, আখ্যান কাহিনীৰ হাস্যকৰ  উপস্থাপন বা গাঁৱৰ কোনো আমোদজনক ঘটনা প্ৰবাহ। কিছু ক্ষেত্রত ইয়াৰ মানদণ্ড বৰ উন্নত হৈ পৰে আৰু মূল ভাওনাৰ ৰসাস্বাদনত কোনো প্ৰভাৱ নেপেলায়, কিন্তু কোনো কোনো ক্ষেত্রত ইয়াৰ মাত্রাধিকতাই ভাওনাপ্ৰেমী  লোকৰ মাজত বিৰূপ প্ৰভাৱ পেলায়। 

কালক্ৰমত ভাওনাৰ পৰিৱেশনৰ মাত্রা পৰিৱেশ ক্ষীণ হৈ দূৰ্বল হৈ আহিল। সেই সময়তে ভাওনাৰ প্ৰতিযোগিতা আৰু সমাৰোহ অনুষ্ঠিত হ’বলৈ আৰম্ভ কৰিলে। বিভিন্ন দীর্ঘ সময় লগা নাটসমূহ ছুটি হৈ আহিল আৰু তাৰ মাজত ফুচুৰী বা ভেকোভাওনা একেবাৰেই অপ্ৰাসংগিক হৈ পৰিল। লাহে লাহে সেই প্ৰভাৱ গাঁৱসমূহলৈকো বিয়পি গ’ল আৰু ফুচুৰী বা ভেকোভাওনা লুপ্ত হৈ আহিল। কিছু কিছু গাঁৱত আছে যদিও বহু লোকে আগৰ দৰে আকৰ্ষণ অনুভৱ নকৰা হ’ল। 

কিয় হ’ল, ভাল হ’ল নে বেয়া হ’ল তাৰ বিচাৰৰ আন বহু থল সুধীজনলৈ থ’লোঁ। এতিয়াও গাঁৱে গাঁৱে এনে লোক থাকে যি পৰিবৰ্তিত সময়ৰ সোঁতত নিজকে বিলীন কৰিলেও হৃদয়ত এক আশা লৈ ৰয় “কিবা এটা ভাবি উলিয়াও, ৰাইজখনক অলপ হঁহুৱাও”। সময়ৰ গতিত ভাওনাৰ বহু দিশ উন্নত হ’ল কিন্তু লাহে লাহে আমি হেৰুৱাই পেলাইছোঁ চহা গঞাৰ এই অনন্য দিশ যি একালত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৰাইজৰ মনোৰঞ্জনৰ।

সম্পাদক, ষষ্ঠ বৰ্ষ,তৃতীয় সংখ্যা
ফটাঢোল ই-আলোচনী
☆ ★ ☆ ★ ☆

14 Comments

  • Pranita Goswami

    সুন্দৰ সম্পাদকীয়। গুৰুত্বপূৰ্ণ বিষয়। লুপ্তপ্ৰায় বিষয়বোৰ ধৰি ৰাখিবলৈ যত্ন কৰিব লাগিব আমিয়েই।

    Reply
  • diganta bhattacharya

    সুন্দৰ সম্পাদকীয়

    Reply
  • ৰিণ্টু

    সুন্দৰ সম্পাদকীয়

    Reply
  • Himanku

    অতি সুন্দৰ ❤️💐

    Reply
  • অতি সুন্দৰ ❤️💐

    Reply
  • দেৱেন্দ্ৰ হাজৰিকা

    সঁচা অৰ্থত আমি শিপাৰ পৰা বিছিন্ন হৈ পৰিছোঁ যেন বোধ হয়। এটা উৎকৃষ্ট বিষয়ক সম্পাদনাৰ মেজত গুৰুত্ব দিয়াত ভাল লাগিল।

    Reply
  • সম্পাদকীয়ৰ বিষয় নিৰ্বাচন ভাল লাগিল৷ সুন্দৰ৷

    Reply
  • মানসী

    সম্পাদকীয়টো পঢ়ি ভাল পালো৷ গুৰুত্ব পাব লগা বিষয়৷সময়ৰ সোঁতত এনে কেতবোৰ বিষয় যেন ক্ৰমাৎ আমাৰ মাজৰ পৰা হেৰাই গৈছে৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *