স্মাৰ্ট মিটাৰ-ঋতুপৰ্ণ শৰ্মা
: বৰুৱা খুৰা, আমাৰ ঘৰলৈ আহকচোন অলপ। সমস্যা এটা হৈছে। চুবুৰীৰ সকলো আমাৰ ঘৰতে গোট খাইছে।
: হৌৰা, কি হৈছেহে আকৌ! গৈ আছোঁ ৰ’বা।
হাজৰিকাৰ পুতেকৰ ফোনটো পাই জীৱন বৰুৱা লৰালৰিকৈ ঘৰৰ পৰা ওলাই আহিল। ঘৰৰ পৰা ওলাই অহাৰ সময়ত শ্ৰীমতীক ক’বলৈ নাপাহৰিলে-
: দেখিছা, মোৰ অবিহনে ৰাইজে কোনো সমস্যাৰ সমাধানেই কৰিব নোৱাৰে। এতিয়াও তেওঁলোক মোলৈকে বাট চাই আছে। কি বা সমস্যা হ’ল আকৌ!
বৰুৱাহঁতৰ চুবুৰীটোত প্ৰায় দহ-পোন্ধৰ ঘৰমান মানুহ। দৌৰা দৌৰিকৈ গৈ বৰুৱা হাজৰিকাৰ ঘৰ ওলালগৈ। হাজৰিকাৰ ঘৰত চুবুৰীৰ প্ৰায়বোৰ মানুহেই গোট খাইছিল। সকলোৰে মুখবোৰ উদ্বিগ্ন। কাৰণ বিদ্যুৎ বিভাগৰ লোক কেইজনমান আহিছে আগৰ মিটাৰবোৰ সলাই হেনো নতুনকৈ স্মাৰ্ট প্ৰিপেইড মিটাৰ লগাব। চুবুৰীৰ মানুহবোৰে এতিয়া সেইবোৰ লগাবনে নাই তাৰে সিদ্ধান্ত এটা ল’বৰ বাবে সৰু-সুৰা মিটিং এখনকে পাতিছে হাজৰিকাৰ ঘৰত। এইবোৰ ক্ষেত্রত বৰুৱাক সকলোৱে আগস্থান দিয়ে আৰু সেয়েহে আজি তেওঁ দিয়া সিদ্ধান্তকে সকলোৱে মানি ল’ব। বৰুৱাৰ বুকুখন দুই ইঞ্চিমান বাঢ়ি গ’ল। বাঃ ইমান সন্মান মোৰ! তেওঁৰ লগৰ এজনে বিদ্যুৎ বিভাগত কাম কৰে। তেওঁ তালৈ ফোন লগালে,
“আৎসা দাস, ভালে আছানে? বিশেষ কথা এটাৰ বাবে ফোন কৰিলোঁ। তোমালোকৰ ইলেকট্ৰিচিটি ব’ৰ্ডৰ পৰা মানুহ আহিছেহে, স্মাৰ্ট মিটাৰ লগাবৰ বাবে। কি কৰোঁ, লগাবলৈ দিওঁনে নিদিওঁ? পিছত আকৌ বহুত বিল আহিব নেকি?”
“নাই,নাই বৰুৱাদা। বিল বেছি নাহে। বিল নাহেই আৰু! ৰিচাৰ্জ কৰিব লাগিব, তাৰ পৰাই অলপ অলপকৈ কাটি থাকিব। এতিয়াই বিনামূলীয়াকৈ লগাই লওঁক। নহ’লে পিছত পইচা ভৰি লগাব লাগিব।”
দাসৰ কথাখিনি শুনাৰ পিছত সকলোৱে স্মাৰ্ট মিটাৰ লগাবলৈ দিলে। তাৰ মাজতে আকৌ বৰুৱাক ভাল নোপোৱা দুজনমানে কিন্তু স্মাৰ্ট মিটাৰ লগাবলৈ নিদিলে। এতিয়া বৰুৱাহঁতে গৰমত যেতিয়া দুদিনৰ মূৰে মূৰে ৰিচাৰ্জ কৰি তৰণি নাপাই তেতিয়া সেই স্মাৰ্ট মিটাৰ নলগোৱা কেইজনে মুখ টিপি হাঁহে। মাজতে এদিন দাসক লগ পাই বৰুৱাই সুধিলে,
: কি হে দাস! তোমাৰ ঘৰত পিচে স্মাৰ্ট মিটাৰ লগালানে নাই?
: নাই দাদা, এতিয়ালৈকে সেইটো লগোৱা নাই দিয়ক।
দাসে হাঁহি হাঁহি কয়।
: অ’, ইলেকট্ৰিচিটি ব’ৰ্ডত কাম কৰা মানুহ হৈয়ো স্মাৰ্ট মিটাৰ নলগোৱা আৰু আনক স্মাৰ্ট মিটাৰ লগাবলৈ উপদেশ দিয়া।
বৰুৱাই খঙেৰে ক’লে।
বৰুৱাক চুবুৰীৰ মানুহবোৰে আজিকালি ভাল চকুৰে নাচায়। লাইটৰ ৰিচাৰ্জৰ কথা ওলালেই সকলোৱে তেওঁকে জগৰীয়া কৰিব বিচাৰে। যেন পইচাবোৰ বিদ্যুৎ বিভাগে লোৱা নাই বৰুৱাইহে লৈছে। পিচে বৰুৱা জানো কম! এই সমস্যাৰো সমাধান দিলে তেওঁ ৰাইজক।
: বুজিছে হাজৰিকা, উপায় এটা পাইছোঁ। আমি যদি সকলোৱে ঘৰত সৌৰশক্তি ব্যবহাৰ কৰিবলৈ লওঁ আমি এই সমস্যাৰ পৰা মুক্তি পাম বুজিছে। মই ইতিমধ্যে এজনৰ সৈতে কথা পাতিছোঁ। চল্লিশ পঞ্চাচ হাজাৰমান খৰচ কৰিলে সুন্দৰকৈ হৈ যাব। মই ইতিমধ্যে সাঁচতীয়া পইচা অলপ বেংকৰ পৰা আনি থৈছোঁৱেই। আপোনালোকেও ইচ্ছা কৰিলে কৰিব পাৰে।
: চাওক বৰুৱা, আমি ইতিমধ্যে এবাৰ আপোনাৰ দিহা লৈ সমস্যাত পৰিছোঁৱেই । এতিয়া আকৌ নতুন লেঠা লগাই লোৱাত নাই। চল্লিশ পঞ্চাচ হাজাৰ টকা মুখৰ কথা নহয়।
কথাখিনি কৈ হাজৰিকা উচাট মাৰি গুচি গ’ল।
আজি ৰাতিপুৱাৰে পৰা বৰুৱা আৰু ঘৈণীয়েকৰ তয়াময়া ৰণ। এইকেইদিন গৰমত অতীষ্ঠ হৈ বৰুৱানীয়ে AC এটা ল’বৰ বাবে বৰুৱাক জোৰ দি আছে। পিচে বৰুৱাৰ গুৰুত্ব নাই। আজি সকলো সীমা চেৰাই গৈ বৰুৱানীয়ে কৈছে যে AC এটা লোৱাৰ বৰুৱাৰ ক্ষমতাই নাই। এনেয়েহে কথাত বৰমতা। এই কথাখিনিয়ে বৰুৱাক উত্তেজিত কৰি তুলিলে আৰু খঙৰ ভমকত তেওঁ সৌৰশক্তি উৎপাদন কৰিবৰ বাবে আনি থোৱা টকাখিনিৰেই AC এটা কিনি লৈ আহিল। পিছতহে তেওঁ অনুভৱ কৰিলে খঙৰ ভমকত এয়া তেওঁ কি কৰিলে! যিজন মানুহে এটা লাইট বেছিকৈ জ্বলিলেও লাইটৰ বিল বেছি উঠিব বুলি হুলস্থুল লগায়, সেই মানুহজনে AC লগাই কিদৰে বিদ্যুৎ খৰচ কৰিব! এচি নলগাওঁতেই দৈনিক দহ ইউনিট পাৰ হ’ব খোজে, এতিয়া এচি লগোৱাৰ পিছত দেখোঁ……! কথাবোৰ ভাবোঁতেই তেওঁৰ চাৰিওফালে থকা বস্তুবোৰ যেন ঘূৰিবলৈহে ধৰিলে। তেওঁ য’তে আছিল ত’তে বহি দিলে।
☆ ★ ☆ ★ ☆