ফটাঢোল

ফটাপ্ৰশ্ন

(১) দেবজিত শৰ্মা

আপোনাক যদি এদিনৰ বাবে চীন দেশৰ মুৰব্বী বনাই দিয়ে, আপুনি প্ৰথম কি কি কাম কৰিব আৰু কিয় ?

উত্তৰঃ- গোবী মাঞ্চুৰিয়ান আৰু চাওমিন চিঙাৰা বনোৱা কেইটাক ভাৰতৰপৰা ধৰি নি জেইলত ভৰাম।


(২) জয়ন্ত কুমাৰ ডেকা

ফটাপ্ৰশ্ন_পুৰুষলৈ

এনেই মানে আপুনি কিমান কিলোৰ পৃথিৱী উঠাই আছে বা ভৱিষ্যতে কিমান কিলোৰ উঠাব ?

উত্তৰঃ- বলে নোৱাৰা শিলৰ ওজন জানি কি কৰিব ৰমেশ বাবু?

#ফটাপ্ৰশ্ন_নাৰীলৈ 

সেন্দূৰ‌ বা হ’ব লগা সেন্দূৰে কিমান কিলোৰ পৃথিৱী দাঙি আছে বুলি আত্মবিশ্বাসেৰে ক’ব পাৰে?

উত্তৰঃ- যিমানেই নহওক, ডাঙিবই লাগিব তেওঁ‌- নোৱাৰে যদি বিয়াই পাতিব নেলাগে। ইস বৰ একেবাৰে! 


(৩) ৰিপুঞ্জয় বৰা

বিবাহিত পুৰুষসকলে এনেকুৱা কি বস্তু দেখি দেখি বিৰক্ত হয় কিন্তু ইচ্ছা কৰিলেও কেতিয়াও ভাঙি দিব নোৱাৰে?

উত্তৰঃ- হৌৰি, বিবাহিত পুৰুষ কোনটো বস্তু দেখি বিৰক্ত নহয়, আৰু কোনটো বস্তু মৰিয়াই ভাঙিব নোখোজে (কিন্তু নোৱাৰে) আপুনিয়েই কওকচোন। মুঠতে এবাৰ যি বিয়াৰ নাগপাশত সোমাল তাৰ বাবে সমগ্ৰ চৰাচৰ জগতেই বিৰক্তিকৰ হৈ পৰে। 


(৪) ভৈৰৱ দাস

সুৰাৰ দাম বঢ়াই দিয়াৰ সলনি কমাই দিলে কি কি সুবিধা আৰু অসুবিধা হ’ব?

উত্তৰঃ- সুবিধাঃ- এস কি ক’ম, লাজেই লাগিছে নহয়!

অসুবিধাঃ-চৰকাৰৰ ৰাজহ কমিব, ফলত মধ্যাহ্ন ভোজনত গেলা চাউল আহিব।


(৫) ধনজিৎ বৰুৱা

লকডাউনৰ সময়ত এনে কি বিষয়ত গুৰুত্ব দিয়া হৈছিল যিটো এতিয়া আপুনি ” ধুইই  বাদ দে ” বুলি কয়?

উত্তৰঃ- কভিড বেমাৰটোকে। ধুই, সেইটো আৰু বেমাৰ বুলিব পাৰিনে?


(৬) দিম্পল কলিতা

মানুহৰ বয়সবোৰ যদি 50 বছৰীয়া হ’লহেঁতেন,  মানুহবোৰৰ কি কি সুবিধা আৰু কি কি অসুবিধা হ’লহেঁতেন?

উত্তৰঃ-

 সুবিধা – মাক জীয়েক দুয়োকে একেলগে লাইন মাৰিব পৰা হ’ব।

অসুবিধা- না মাক পতিব না জীয়েক, লাভৰ মূৰত পাব্লিক ঢুলাই খোৱাৰ সম্ভাৱনা।


(৭) ৰাজশ্ৰী শৰ্মা

জনপ্ৰতিনিধি সকলক যদি মৌখিক পৰীক্ষা এটাৰে আপোনাক বাছনি কৰাৰ সুযোগ দিয়ে।

আপুনি তেওঁলোকক কোন তিনিটা প্ৰশ্ন সুধি নিৰ্বাচিত কৰিব?আৰু কিয় সেইকেইটাই প্ৰশ্ন সুধিব?

উত্তৰঃ-

ক) কি?

খ) কিয়?

আৰু 

গ)কেনেকৈ?

মোৰ এইকেইটা প্ৰশ্নৰ উত্তৰ দিয়া বৰ কঠিন হব, আজিৰ দিনৰ বহু নেতাই ফেইল মাৰিব নিশ্চিতভাৱে।


(৮) অৰবিন্দ গোস্বামী

হলিউডৰ ৰাজকুমাৰ দা বুলি আপুনি কাক ভাবে?

– উত্তৰঃ- ৰাকু দা অদ্বিতীয়, অবিসম্বাদী, অপ্ৰমাদী, তেঁ‌ওৰ দৰে আন কোনো হ’ব নোৱাৰে।


(৯) শংকল দত্ত

মানুহক যদি ভোক বোলা বস্তুটো নিদিলেহেঁতেন, মানুহৰ কি সুবিধা আৰু অসুবিধা হ’লহেঁতেন?

উত্তৰঃ- সমস্যা বহুত বাঢ়িলেহেঁতেন আচলতে। এষাৰ কথা আছে- বোলে এজন মানুহ যদি ভোকত আছে, তেন্তে তেওঁৰ সমুখত এটাই সমস্যা! কিন্তু যদি কেনেবাকে পেটটো ভৰি গ’ল- তেনে তেওঁ‌ৰ সমুখত এশ এটা সমস্যা। 

এয়া বাৰু গ’ল অসুবিধাৰ কথা, সুবিধা বুলি ক’বলৈ গ’লে ভোক নেথাকিলে শাওনমহীয়া বোকা খচকি ভূঁ‌ই নুৰুই, ৰীলচ বনাই থাকিবপৰা গ’লহেঁতেন।

Leave a Reply

Your email address will not be published. Required fields are marked *