ফটাঢোল

মাছতকৈ মূৰৰ চুলি প্ৰধান-ডলী তালুকদাৰ

 ( ১)
মানুহজনে তেতিয়া বাগানৰ চিকিৎসালয়ত চাকৰি কৰি আছে। কিছুদিন আগতে তেওঁৰ বৰহাট বাগানলৈ বদলি হ’ল পাৱৈ বাগানৰ পৰা। দুমাহমান হৈছে আমি তাত থাকিবলৈ লোৱা। এদিন হঠাতে দুপৰীয়া আমি ভাত খাই থাকোঁতে বড়া বাংলোৰ পৰা ( মেনজাৰৰ বাংলো) মালিজন দৌৰি আহিল আমাৰ বাংলোলৈ। ল’ৰাজন ভয়তে শেতা পৰি আহিছে। এওঁক কৈছে, “চাৰ সোনকালে ব’লক। আমাৰ বাংলোত কাম কৰা আয়াজনীক সাপে খুটিলে। আমি চাহ খাই আছিলো পিছফালে গেৰেজৰ কাষত হঠাতে তাইৰ ভৰিত জোৰকৈ কিবাই কামুৰি দি গুচি গ’ল। তাই চিঞৰ মাৰি দিয়াত পিছফালে চাওঁতে সাপ এডাল যোৱা দেখিছোঁ।”
এওঁ লগে লগে ভাত আধা খোৱাকৈ উঠি হস্পিতাললৈ গ’ল। তেনেতে ছোৱালীজনীক লৈ আনিলে হস্পিতালত। এওঁ যিখিনি কৰিব লাগে কৰি ডিব্ৰুগড় মেডিকেল কলেজলৈ পঠিয়াই দিলে দেৰি নকৰি। ডিব্ৰুগড়ৰ মেডিকেল কলেজৰ ডাক্তৰে চাই ক’লে যে আপোনালোকৰ ডাক্তৰে প্ৰধান চিকিৎসা কৰিছে। এতিয়া আপুনি বিপদমুক্ত। কিন্তু সৰ্পই দংশণ কৰা ঠাইখিনি অলপ কাটিব লাগিব। নহ’লে ইনফেক্সন হ’ব। দুমাহ মেডিকেলত থাকি চিকিৎসা কৰি সুস্থ হৈ ছোৱালীজনী আহিল। তাই আগৰ দৰে কামতো জইন কৰিলে। এদিন বাগানৰ মেনেজাৰ মি:  বৰাই আয়াজনীক ক’লে যে তই ইমান ডাঙৰ বিপদৰ পৰা বাচিলি। মৃত্যুৰ মুখৰ পৰা যে বাচিলি জাননে? আচলতে তোক আমাৰ হস্পিতালৰ ডাক্তৰ দাসে বচালে। মেইন চিকিৎসা তেঁৱে কৰিলে। গতিকে চাৰক ধন্যবাদ দিবি এটা আৰু ডিব্ৰুগড় মেডিকেলৰ ডাক্তৰ সকলোকো মনতে ধন্যবাদ দিবি। তাই লগে লগে ক’লে “চাৰ মই মৰাৰ পৰা বাচিলে কি হ’ব? মোৰ যে ইমান ধুনীয়া আঙুলিৰ আগটো কটা গ’ল। ডাক্তৰ চাৰক ধন্যবাদ কি জনাম আৰু। সেইটো আঙুলিত আৰু মই নখপলিচ লগাব নোৱাৰিম। বিছুৱাও পিন্ধিব নোৱাৰিম। মই চাৰক অলপ বেয়াহে পাইছোঁ।”
তাইৰ কথা শুনি মি: বৰাৰ মুখ মেল খাই গ’ল। তেখেত মানুহজন খুব ধেমেলীয়া আছিল। আবেলি এওঁক হস্পিতালত আহি  হাঁহি হাঁহি ক’লে “ডাক্তৰ আপুনি মোৰ বাংলোৰ আয়াজনীক এনেই কষ্ট কৰি বচালে। আপোনাৰ বাবে তাইৰ আঙুলিৰ আগটো কটা গ’ল। বেচেৰীয়ে এতিয়া জীৱনভৰ নখত পলিচ লগাব নোৱাৰিব নহয়।”
কথা শুনি হস্পিতালত থকা নাৰ্চ কোম্পাণ্ডৰ সকলোৱে হাঁহিত ৰ’ব নোৱাৰা হ’ল আৰু মোৰ মানুহজনৰ হাঁহিম নে কান্দিম অৱস্থা।
                           (২)
বৰহাট বাগানৰে ঘটনা। সেই বাগানখনত বহুত ৰসাল চৰিত্ৰ আছিল। খং উঠিলেও পিছত মনত  পৰিলে হাঁহি হাঁহি পেট বিষায়। আমাৰ বাংলোত এজন মালি আছিল বিশ্বজিৎ নামৰ। ওখ, খীণকৈ চুলিখিনি খুৰাই থয়। দাঁত এটা ভঙা ওপৰৰ পাৰিৰ। বেছি নাহাঁহে আৰু কথাও কম কয়। কাম দিনটো কৰে কিন্তু  এটা কামো সম্পূৰ্ণ নহয়। দুজন মালি বাবে এজন আগবেলা আৰু এজন পিছবেলা আহে। বিশ্বজিৎ আবেলি ৩টাত আহি ৰাতি ৮টাত যায়। আবেলি বাহিৰৰ কাম কৰি গধূলিৰ পৰা সি চকীদাৰৰ কামৰ লগতে দোকানত গৈ সৰু-সুৰা বস্তু অনা আৰু ৰান্ধনিজনক সহায় কৰে। মাছ- মাংস আনিলে সি বাচি-কুটি দিয়ে।
তেতিয়া মোৰ ছোৱালীজনীৰ জন্ম হোৱা দুমাহমান হৈছে। মানুহজনে মোক মাগুৰ, শিঙি মাছ খুৱাবলৈ যত্ন কৰিছে যদিও মই এই দুবিধ মাছ নাখাওঁ। ময়ো ছোৱালীজনীৰ খাতিৰত মাছ নাখালেও জোলখিনি কোনোমতে খাওঁ আৰু।  এজন চিনাকি মাছ বেপাৰীৰ পৰা আমি মাছ কিনো। তেওঁ ঘৰতে দি থৈ যায়। এদিন তেওঁ চল্লিশটা মাগুৰ মাছ দি গ’ল। মই বোলো ইমান মাছ কোনে খাব। তেওঁ ক’লে বাইদেউ একদম ঘৰৰ পুখুৰীৰ মাছ। চাওকচোন কেনেকৈ জপিয়াই আছে। ডাঙৰ ডেক্সি এটাত জীয়াই ৰাখক। এসপ্তাহতকৈ বেছিদিন খাব পাৰিব। মোক সহায় কৰা ছোৱালীজনীয়ে ডাঙৰ চৰিয়া এটাত মাছকেইটা থ’লে। তাৰ ভিতৰত আঠটামান মাছ মৰি গ’ল। মই তাইক ক’লো মৰা মাছকেইটা বিশ্বজিতক বাচি দিব কোৱা। ৰাতিলৈ বনাব আৰু এতিয়া দুপৰীয়া ভাতৰ লগত খাবলৈ তুমি দুপিচমান চাৰক ভাজি দিবা। বাকীকেইটা ঢাকনি দি থোৱা। মেকুৰীয়ে খাব নহ’লে। তাই গৈ বিশ্বজিতক ক’লে যে বাইদেৱে মাছকেইটা বাচিব কৈছে তোক। কথাকেইটা মুখেৰে ওলাবলৈহে পালে সি ভালকৈ নুশুনি চিধা চৰিয়াটো লৈ পিছফালে মাছ বচা ঠাইলৈ লৈ গ’ল। ইফালে মাছ ভাজিব ৰখি থকা ৰান্ধনিয়ে ইমান সময় আঠটা  সৰু মাছ কটা হোৱা নাইনে বুলি যেতিয়া বেহুলা নামৰ ছোৱালীজনী পিছফালে গৈ মস্ত চিঞৰ এটা মৰাত ময়ো ভয় খাই গৈ চালোঁ। দেখো বিশ্বজিতৰ হাতত এটা পটাগুটি আৰু কাষতে মাগুৰ মাছসোপা পৰি আছে। মূৰটো ঠেতেলা মাছবোৰৰ। চৰিয়াত চাওঁ যে দুটা আছে মাছ। মোৰ মূৰ ঘূৰি গ’ল অৱস্থা দেখি। বিশ্বজিত তই গোটেইসোপা মাছ ঠেতালি পেলালি যে? তোক চাৰে দিব আজি মজা। তোক মই মৰা মাছকেইটাহে বাচিব দিছিলোঁ। কথাখিনি ভালকৈ নুশুনাকৈ দৌৰ দিছিলি। বেহুলাই বকি আছে আৰু মোৰ কান্দিম নে তাক গালি পাৰিম নে হাঁহিম কি কৰো লাগিছে। এওঁ আহিল মই কথাখিনি ক’লো ভয়ে ভয়ে। মোকো গালি দিলে তুমি ভালকৈ নক’লা নেকি? ত্ৰিশটা মাছ খাবা এতিয়া অকলে বুলি কৈ ই ক’তনো, ভালকৈ কথা শুনি নলয় কিয় বুলি কৈ তাক মাতিলে। ৰান্ধনিজন আৰু বেহুলাই ক’লে চাৰ বিশ্বজিত নাই। বহুত সময় হ’ল। তাৰ চুটিৰ সময় হোৱা নাই। ঘৰতো ফোন কৰিলো যোৱা নাই বোলে। আমি চবফালে চালো নাই সি। ভয়ো লাগিল কথা শুনি। বিশেষকৈ মোৰ কিয়নো আবেলি গালিও পাৰিলো মই অলপ বেয়াকৈ। মানুহজনে, বেহুলা, ৰান্ধনিজনে তাৰ নাম লৈ চিঞৰি মতাত কিছু সময় পিছত সি মাত লগালে “মুই ইহা আছে আনাৰচ বাগানৰ মাঝে। খুব মহ আছে বেহুলা মৰ চব তেজ পি খাইছে ৰে।”  আমাৰ এখন সৰু আনাৰসৰ বাগান আছিল তাৰ মাজত সোমাই আছে। এওঁ আৰু মই বেহুলাক ক’লো মাত তাক। তাতে দুনীয়াৰ সাপ আছে। এই ৰাতিখন বিপদ হ’ব। সি মৰিব আৰু আমি ফচিম। তাক চবে মাতিলো মানে কাতৰে প্ৰাৰ্থনা কৰিলো যে তই ওলাই আহ বোপাই। সি নাহে কোনোমতে। শেষত কৈছে মই এটা চৰ্তত যাম চাৰে কথা দিব লাগিব মোক যাতে গালি নাপাৰে আৰু কামৰ পৰা নেখেদে। এওঁ ক’লে আহ গালি নাপাৰো আৰু নেখেদো। সি তথাপি নাহে। শেষত সি কৈছে “চাৰ আপোনাৰ মাথাৰ চুলিৰ শপত খাইকিনে কওক মোক গালি নাপাৰে। যদি গালি পাৰিবতো  আপোনাৰ চুলি সৰি তাকালা বনি যাব।”
এওঁ কৈছেও বোপাই মাগুৰ মাছতকৈ চুলি ডাঙৰ। মই মাছে নাখাওঁ কিন্তু চুলি সৰুৱাব নোৱাৰো তোক গালি পাৰি।”
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *