ফটাঢোল

হুকুম কৰৌ আকা-প্ৰান্তৰ ভাগৱতী

: হেৰা! শুনাচোন! 

পেপাৰ পঢ়ি থকাৰ পৰাই শ্ৰীমতীৰ মাতষাৰ শুনিলে,  শ্ৰীমতী আহি তেওঁৰ ওচৰ পালেহি। 

ক’লোঁ ….

: হুকুম কৰৌ আকা। যি বিচাৰিছা আনি দিম দিয়া!… 

( ইতিমধ্যে গম পাইছোঁ কিবা ড্ৰেচ চাগৈ পচন্দ হৈছে! অনলাইনত ) 

তেওঁ সুধিলে, 

: কি? ‘হুকুম কৰৌ আকা’  কৈছা যে?

: আৰে! তুমি “হুকুম কৰৌ আকা” ৰ কাহিনীটো শুনা নাই নেকি?

: কিনো সেইটো। সঁচাকৈ নাই শুনা।

এওঁ ক’লে। 

: শুনা তেন্তে…

“পুৰণি কাহিনী। এখন গাঁৱত এহাল আদহীয়া স্বামী-স্ত্ৰী আছিল। ল’ৰা ছোৱালী নাই তেওঁলোকৰ। বাপেকৰ দিনৰ মাটি আছে, বেলেগৰ হতুৱাই আধি খেতি কৰায়। ধান চাউলকেইটা বছৰৰ বাবে জোৰে। বাকী ঘৈনীয়েকে মানুহ লগাই শাক পাচলি কৰায় আৰু হাঁহ, কুকুৰা, ছাগলী আদি পুহি বাকী খৰচ উলিয়ায়। গিৰিয়েকটো মস্ত ধোদ আৰু ভঙুৱা। তাৰ গোটেই গাত বহুত নোম ! থাকে কিছুমান মানুহ তেনেকুৱা! বুকু, পিঠি, হাতত, ভৰিত  ডাঠ ডাঠ নোম! তাতে দিনতো কাম-বন একো নকৰি ওলাই গৈ ভোলানাথৰ প্ৰসাদ খাই বমভোলা হৈ থাকে।..সেয়েহে ঘৈণীয়েকেয়ে তাক নিজৰ বিছনাত শুবলৈ নিদিয়ে। গোটেই গাটো ঘাম আৰু ভাঙৰ গোন্ধ! 

ৰাতিপুৱাই গিৰিয়েকক গালি,

“একো কাম বন নাই। খালি বহি বহি খোৱা!”……

সেয়েহে এদিন তাৰ খং উঠি ঘৰৰ পৰা ওলাই গ’ল। ঘৈণীয়েকক শুনাই থৈ গ’ল, “আজি যদি কিবা টকা পইচা ঘটি আনিব নোৱাৰোঁ ঘৰলৈ নাহোঁ!”…

সেই বুলি সি ঘৰৰ পৰা ওলাই গৈ বহুত দূৰ পালেগৈ। ভাগৰো লাগিছিল। সেয়ে গছ এজোপাৰ তলত বহিবলৈ লওঁতে দেখিলে এটা সৰু বটল! 

সি বহি লৈ বটলটো হাতত লৈ খপটো খুলি দিলে।…… লগে লগে আচৰিত ধৰণে বটলটোৰ পৰা ধোঁৱা এসোপা ওলাই এটা “তপা জীনী” ওলাল! ঠিক “আলাদিনৰ জীনীটো টাইপ”..

সি সুধিলে, “হুকুম কৰৌ আকা”!

মানুহটোৰ প্ৰথমে মূৰ ঘূৰাই গৈছিল যদিও লাহে লাহে হুচত আহি ক’লে, “হেৰৌ, ভাং এচিলিম আনি দে”.. 

পিছ মুহূৰ্ততে হুকুম কৰৌ আকা ভাঙৰ চিলিম লৈ হাজিৰ! 

মানুহটোৱে ভাঙৰ চিলিমত টান এটা মাৰিছেহে! পুনৰ জীনীৰ মাত- “হুকুম কৰৌ আকা, “মই anytime কাম কৰি থাকিব লাগিব! নহ’লে আপোনাক মাৰি পেলাম! যদি মোৰ কাম নেথাকে!”

মানুহটোৱে লগে লগে Scotland ৰ হুইস্কি, চিকেনৰ আইটেম এগালমান তাক আনিবলৈ অৰ্ডাৰ দিলে। ” … কিছু সময়ৰ পাছতে” হুকুম কৰৌ আকা” সৱ লৈ হাজিৰ!… 

সি পেগ এটা ঢালি খাওঁতেই, “হুকুম কৰৌ আকা” ৰ পুনৰ প্ৰশ্ন? 

“হুকুম কৰৌ আকা”…

“ধেত তেৰি! ই দেখোন শান্তিয়ে নিদিয়ে। মোক ঘৰলৈ লৈ ব’ল!”‌

পিছ মুহূৰ্ততে সি ঘৰ পাই গ’ল।

ঘৰ পাই সি জীনীটোক ঘৈণীয়েকৰ লগত চিনাকি কৰাই দি ক’লে,  “হেৰা। এইটো বৰ কামৰ বস্তু আনিছোঁ। তোমাক যি লাগে কৈ দিয়া আৰু সি আনি দিব।”….

মাত্ৰ তাক এটা কাম শেষ হোৱাৰ লগে লগেই আন এটা কাম দিব লাগিব। নহ’লে বিপদ হ’ব।”….

চতুৰ ঘৈণীয়েকে লগত শুৱালকুছিৰ পাত-মূগাৰ কাপোৰ, কাঞ্জিবৰমৰ শাৰী, আদি বিভিন্ন ডিজাইনৰ কাপোৰ-কানি, গহনা, আদি জীনীৰ হতুৱাই অনালে  আৰু ঘৰটোও বনাই ল’লে।  আকৌ ক’লে যে, সিহঁতক ডেকা গাভৰু বনাই দিবলৈ আৰু লগতে ক’লে,  ল’ৰা ছোৱালীও যাতে হয়। জীনীৰ কৃপাত সিহঁত দুটা পুনৰ ডেকা গাভৰু হৈ পৰিল। পিচে ডেকা গাভৰু হ’লেইতো নিজে নিজে ল’ৰা ছোৱালী হৈ নেযায়!

ৰাতি ঘৈনীয়েকে জীনীটোক টান টান কাম দুটা মান কৰিবলৈ দিলে যাতে সি দেৰিকৈ আহি পাই আৰু ভাত পানী খাই দুয়োটা শুবলৈ গ’ল। ….

ঘৈনীয়েকে বোলে “আহা! আজি একেলগে শোওঁ!”

এইবুলি দুয়োটা বিছনাত পৰি ইটোৱে সিটোৰ কাষ চাপি গৈছিলহে তেনেতে বিছনাৰ আঠুৱাখন দাঙি তপা মূৰটো সুমুৱাই জীনীটোৱে ক’লে,  “হুকুম কৰৌ আকা!”… 

মানুহটোৱে খঙত জ্বলি পকি উঠিল। ধেৎ তেৰি! 

পিচে টেঙৰ ঘৈনীয়েকে অকণমান চিন্তা কৰি গিৰিয়েকৰ পিঠিৰ পৰা এডাল কেঁকোৰা দীঘল পাকখোৱা নোম টান মাৰি চিঙি আনিলে আৰু জিনীটোৰ হাতত দি ক’লে, “যা! এইডাল হাতৰ আঙুলিৰে একেবাৰে চিধা কৰি আনগৈ! চিধা নোহোৱালৈকে নাহিবি কিন্তু”…. 

জীনী যি নোম চিধা কৰিবলৈ গ’ল গ’লেই আৰু …..

সিহঁতৰ ল’ৰা ছোৱালী হৈ ডাঙৰো হ’ল। পিচে জীনী আৰু ঘূৰি নাহিল। 

শুনা মতে এতিয়াও জীনীটোৱে কেঁকোৰা নোমডাল হাতেৰে চিধা কৰিয়ে আছে কৰিয়ে আছে কিন্তু পিছ মুহূৰ্ততে পুনৰ ভাঁজ খাই যায়…..!”

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *